Posts

চতুৰ বুঢ়ী আৰু চোৰৰ সাধুকথা

  চতুৰ বুঢ়ী আৰু চোৰৰ সাধুকথা এক দেশত আছিল এক সদাগৰ । সদাগৰৰ ঘৈনিয়েকজনী বৰ চতুৰ । এদিন সদাগৰজনে পুতেকক লগত লৈ বানিজ্য কৰিবলৈ বিদেশলৈ যায়। ঘৰত মাত্ৰ শাহু আৰু বোৱাৰী । সেই কথা এক কান দুই কান কৰি চোৰৰ কানত পৰিল।চোৰে সেই কথা শুনি ফুৰ্তি পালে। এইবাৰ মোটা অংকৰ বস্তু চোৰ কৰিব পাৰিব বুলি মনতে ভাবিলে। তেতিয়াৰ পৰাই চোৰে কেনেকৈ চোৰ কৰিব তাৰ চিন্তা আৰম্ভ কৰিলে। সদাগৰৰ ঘৰৰ চাৰিওফালে ঘোৰাফেৰা আৰম্ভ কৰি দিলে। চোৰৰ অস্বাভাৱিক চলন ফুৰন সদাগৰৰ চতুৰ ঘৈনিয়েকৰ চকুৰ পৰা সাৰি নগল। সেই দেখি শাহুৱেকে গৈ বোৱাৰীক কথাটো কলে । বোৱাৰীজনীও বৰ চতুৰ। পিছদিনা যেতিয়া চোৰে ঘৰৰ কাষেৰে যাবলৈ ধৰিলে তেতিয়া বোৱাৰীয়ে চোৰে শুনাকৈ কলে- 'মা , মই যে আপোনাক গহণা থবলৈ দিছিলোঁ , ক'ত থৈছে ? ' ' আমাৰ যে আখলৰ ছাই পেলাও , সেই ছাইৰ দমত লুকাই থৈছোঁ । কোনেও গম নাপাব। ' কথাষাৰ শুনি চোৰে বেচ আনন্দ পালে । চোৰে ৰাতিলৈ অপেক্ষা কৰি থাকিল। ৰাতিৰ আন্ধাৰ হোৱাৰ পিছত যেতিয়া মানুহবোৰ শুই পৰিছে তেতিয়া চোৰে পাকঘৰৰ পিছফালে থকা বাৰীখনত থৈ দিয়া ছাইৰ দম হাতেৰে লিৰিকি বিদাৰি তহিলং কৰিলে কিন্তু সোণ ৰূপৰ কোনো টোপলা নাপালে। সেইদিনা

নেমুৰ উপকাৰিতা আৰু অপকাৰিতাসমূহ-

  আমি সদায়ে দেখি থকা নেমু যে ভৰপুৰ গুণেৰে সমৃদ্ধ সেয়া হয়তো বহুতেই নাজানে । নানা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত নেমুৰ ভূমিকা গুৰুত্বপূৰ্ণ। তদুপৰি সৌন্দৰ্যবৰ্ধক আৰু সজীৱতাৰ কাৰক নেমু। উল্লেখযোগ্য যে নেমুত যথেষ্ট পৰিমাণে ভিটামিন ‘চি’ পোৱা যায়। মানৱ দেহৰ উপযোগী ভিটামিন ‘এ’, ‘বি’, আইৰণ, মেগনেছিয়াম, ফছফৰাছ, ছিলিকা আদি বিভিন্ন উপাদান নেমুত পোৱা যায়। নেমুত থকা ভিটামিন চিয়ে সৌন্ধৰ্যবৰ্ধনত সহায়  কৰে ।  উপৰি দাঁতৰ ৰোগ প্ৰতিৰোধৰ উপৰিও ছালৰ বেমাৰ ভাল কৰে। বমি, কোষ্ঠকাঠিন্য আদি ৰোগ নিৰাময়ত নেমুৰ স্থান অতুলনীয়। ইয়াৰ ওপৰিও নেমুৰ বহুত গুণ আছে। আহকচোন জানোঁ  নেমুৰ উপকাৰিতা আৰু অপকাৰিতাসমূহ- ১। পানী লগা অসুখত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয়। ২। মূৰ ঘূৰণি আৰু মূৰৰ বিষ হ’লে নাৰিকলৰ তেলৰ লগত নেমুৰ ৰস মিহলাই মূৰত লগালে ৰোগ উপশম হয়। ৩। চকুৰ উজ্জ্বলতা বৃদ্ধিৰ উপৰি চকুত ছানি পৰা ৰোগত গোল নেমুৰ ৰস অতি উপকাৰী। ৪। সৰু ল’ৰা-ছোৱালীৰ কৃমি নাশ কৰিবলৈ খালী পেটত গোল নেমুৰ ৰস আৰু গুটি পিহি খুৱাব লাগে। ৫। ইনফ্লুৱেঞ্জা, কলেৰা, জ্বৰ, ভাইৰেল জ্বৰ, স্নায়ু দুৰ্বল আদি ৰোগ প্ৰতিৰোধত নেমুৰ যথেষ্ট ঔষধি গুণ আছে। ৬। আম

উখুৱা চাউলৰ উপকাৰিতা

Image
আমাৰ অসমত প্ৰায় সকলোৰে প্ৰিয় ভাত । আমি সকলোৱে একে ভাত খাওঁ যদিও বেলেগ বেলেগ চাউলৰ ভাত খাওঁ । কোনোবাই ঘৰুৱা চাউলৰ ভাত খায় কোনোৱে বাসমতি চাউলৰ ভাত খায় । বহুতেই উখুৱা চাউলৰ ভাত খায় । অসমত উখোৱা চাউলৰ ভাত গাঁৱৰ সকলোৰে পৰিচিত । কিছুমানে আকৌ জহা চাউলৰো ভাত খায় কিন্তু জহা চাউল আৰু বজাৰত পোৱা বিভিন্ন ধৰণৰ দামী দামী চাউলতকৈ উখোৱা চাউলৰ ভাতহে আটাইতকৈ ভাল। ধান এবেলা পানীত  তিয়াই থৈ পিছলৈ সিদ্ধ কৰি  ৰ’দত শুকুৱাই উখুৱা চাউল প্ৰস্তুত কৰা হয়। এই চবি আমাৰ অসমৰ সকলোৰে পৰিচিত। গাঁৱৰ প্ৰায় ঘৰে ঘৰে আইতা , মা, বোৱাৰীসকলে কৰে। উখুৱা চাউলৰ ভাতটো ডাঙৰ হোৱাৰ বাবে বহুতেই খাবলৈ অশান্তি পায় যদিও কাম কৰা লোকসকলৰ বাবে এই ভাত যথেষ্ট উত্তম। উখুৱা চাউলত যথেষ্ট পুষ্টিকৰ গুণ আছে। গুণগত দিশত উখুৱা চাউল আৰৈ চাউলতকৈ উচ্চ উখুৱা চাউলৰ উপকাৰিতা-  ১)উখুৱা চাউল মধুমেহ ৰোগীৰ বাবে উপকাৰী।  ২)উখুৱা চাউলৰ ভাতে ৰক্তহীনতা প্ৰতিৰোধ কৰে। ৩)উখুৱা চাউলে হাড়, দাঁতৰ গঠন মজবুত কৰে। ৪)উখুৱা চাউলৰ ভাত খালে হজম শক্তি ভাল হয়। ৫)অৰ্শ ৰোগীৰ বাবে উখুৱা চাউল উপকাৰী। ৬)থাইৰয়ড থকা লোকে উখুৱা চাউলৰ ভাত খোৱাটো প্ৰয়োজন। ৭)মেদবহুলতা কমাবলৈ উখুৱা চাউল উ

নৱাব চিৰাজ

Image
 অনুজ্বল সূৰ্য্যৰ পোহৰ। আকাশত ঠায়ে ঠায়ে কলা মেঘ জমা হৈছে। ৰাতিপুৱাৰ পৰা কাউৰীৰ কা কা মাত শুনা গৈছে । নানা ইঙ্গিতে দিনটো দুঃ সংবাদৰ ইংগিত বহন কৰি আছে যেন লাগি আছে। তাৰ মাজতেই নৱাব চিৰাজ সোদলবলে গৈ গঙ্গাৰ পাৰত উপস্থিত হল। হঠাৎ নৈত পানী চাকনৈয়াৰ দৰে উথলী উঠি নৈ পাৰ ভাঙি পৰিল। সৈনিক সকলৰ বহুতেই যাত্ৰাৰ সময়ত এয়া শুভ লক্ষণ নহয় বুলি নবাব চিৰাজক কলে। নবাব চিৰাজৰ মনত কিছু শঙ্কা জাগিলেও সৈন্য বল আৰু নিজৰ ওপৰত বিশ্বাস ৰাখি সকলো শঙ্কা মনৰ পৰা আঁতৰাই পলাশীৰ আমবাগান অভিমুখে ৰাওনা হল। পলাশিৰ আম বাগানত উপস্থিত হৈ সকলোৱে মিলি যুদ্ধ জয়ৰ বাবে চালাত আদায় কৰিলে। মধ্য ৰাতি ক্লাইভে তিনিহাজাৰ দুশ সৈন্যলৈ গঙ্গা নদী পাৰ হৈ পলাশীৰ আমবাগানত প্ৰৱেশ কৰিলে। পঞ্চাশ হাজাৰ সৈন্যৰ সন্মুখত মাত্ৰ তিনি হাজাৰ সৈণ্য লৈ যুদ্ধ আৰম্ভ কৰিলে ক্লাইভে। ধনু কাঁড়, তৰোৱাল, বন্দুক - বাৰুদ লৈ ৰণ আৰম্ভ হল। অন্য যুদ্ধৰ দৰে এই যুদ্ধ আৰম্ভ নহল। এয়া যেন পুতলা খেল হে। নবাৱৰ যুদ্ধৰ মুখ্য সেনানায়ক দুজন ক্ৰমে মিৰ্জাফৰ আৰু ৰায়দুৰ্লভ যুদ্ধৰ পৰা বিৰত হৈ ৰ'ল । পুতুলাৰ দৰে মাজে মাজে যুদ্ধৰ অভিনয় কৰিবলৈ ধৰিলে । ক্লাইভ ৰ সৈন্যই নবা

প্ৰাচীন কামৰূপ ৰাজ্যৰ ভাগ আৰু গোৱালপাৰা জিলা

 প্ৰাচীন কালত গোৱালপাৰা জিলাৰ পৰিসৰ বৃহৎ আছিল । বাংলাদেশ আৰু পশ্চিমবংগৰ বহুখিনি অঞ্চল সামৰি বৰ্তমানৰ ৰংপুৰ , কোচবিহাৰ , জলপাইগুৰিকে ধৰি এক বৃহৎ অঞ্চল গোৱালপাৰা জিলাৰ অন্তৰ্ভক্ত আছিল । তেতিয়া এই বৃহৎ অঞ্চলৰ নাম ' ৰত্নপীঠ ' আছিল। গোৱালপাৰা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। প্ৰাচীন কামৰূপ ৰাজ্য চাৰিটা ভাগত বিভক্ত আছিল - ১,পশ্চিমে কৰতোৱা নদীৰ ( বৰ্তমান বাংলাদেশত) পৰা পূৱে সোণকোষ নদীলৈকে ৰত্নপীঠ ২,সোণকোষৰ পৰা ৰূপহী নদীলীকে কামপীঠ ৩,ৰূপহীৰ পৰা ভৰালী নদীলৈকে স্বৰ্ণপীঠ। 4, ভৰলীৰ পৰা দিকৰাইলৈ সৌমৰপীঠ। পশ্চমৰ সেই ৰত্নপীঠে অবিভক্ত গোৱালপাৰা জিলা । প্ৰাচীন কালত অসম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নামেৰে প্ৰসিদ্ধ আছিল । প্ৰাগজ্যোতিষপুৰৰ সীমা পশ্চিম কৰতোৱা নদী আৰু দক্ষিণে বংগোপ সাগৰলৈ বিস্তৃত আছিল । তেনেদৰে বৰ্তমান অসম , বাংলাদেশ আৰু ভূটান প্ৰাচীন কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল । সেই প্ৰাচীন কালৰ ব্ৰহ্মপাল (আ: ৯৯০ -১০১০) কামৰূপৰ ৰজা হয় আৰু পাল বংশৰ পাতনি মেলে। অৱশ্যে ব্ৰহ্মপালৰ আগতে বহুতো বংশৰ বহুত ৰজাই এই কামৰূপত ৰাজত্ব কৰিছিল। ব্ৰহ্মপালৰ পিছৰ ৰজা ৰত্নপালৰ সময়ত (১০১০-১০৪০) ৰাজ্যৰ পশ্চি

শেষবোৰ কেতিয়াও শেষ নহয়

Image
  শেষবোৰ কেতিয়াও শেষ নহয় @ বেগম আছমা শেষবোৰ কেতিয়াও শেষ নহয় শেষবোৰে বনৰীয়া চৰাই হৈ বতাহৰ বিপৰিতে উৰে নিয়ৰতিক্ত ৰাতিৰ বুকুত পথাৰৰ শস্যবোৰ কুটি কুটি খায়। শেষবোৰ কেতিয়াও শেষ নহয় শেষবোৰ ন-বেলিৰ কিৰণ হৈ খিৰিকিৰে অধিকাৰবিহীনভাবে সোমাই আহে ডাইনিংৰ চকী এখন দখল কৰে আৰু ৰাতিপুৱাৰ চাহ কাপত চুমুক দিয়ে। শেষবোৰ আবেলিৰ পৰিত্যক্ত বাট এটি হৈ সোমাই আহে পদূলিলৈ পদূলিৰ শেৱালীজোপাৰ তলত দোলনা দোলে শেষবোৰে নতুনত্ব সন্ধান কৰে ন ৰং - ৰূপ লৈ তাঁতৰ পাতত বহে।

ঘোৰাৰ ডিম

ঘোৰাৰ ডিম এক দেশত আছিল এজন বব্বৰ( বুৰ্বক ) মানুহ আৰু এজন আছিল খুব টেঙৰ মানুহ। বুৰ্বক মানুহজনে এদিন ঘোৰাৰ ডিম কিনিবলৈ বজাৰলৈ গ'ল। টেঙৰ মানুহজনে এই কথা জানি বুৰ্বক মানুজনক মাতি নি কলে - মোৰ ওচৰত ঘোৰাৰ ডিম আছে। তোমাৰ লাগিলে দিব পাৰোঁ। সেইকথা শুনি বুৰ্বক মানুহজনে খুব আনন্দ পালে। সেই সুজগতে টেঙৰ মানুহজনে হাতত থকা চাল কুমোৰাটো দেখুৱাই কলে- মোৰ হাতত আৰু এটাই আছে ঘোৰাৰ ডিম। বৰ্বকজনে পলম নকৰি লগে লগে সেই কোমৰাটো কিনি ললে। কোমোৰাটোকে ঘোৰাৰ ডিম বুলি ভাবি মহা আনন্দত ঘৰলৈ ৰওনা দিলে। ঘৰ পাই কোমোৰাটো চৰাইৰ গোৰালৰ সন্মুখত উম দিলে। টেঙৰ মানুহজনে কোমোৰা কিনিলৈ আহোতে কৈ দিছে - ' ঘোৰাৰ দিম উমত দিয়াৰ নিয়ম আছে । সেইমতে নহলে ঘোৰাৰ পোৱালী নহয় । গতিকে মই কৈ দিও সেই মতেই উমত দিব। ডিমটো ঘৰলৈ নি প্ৰথমে এটা সৰু ফুটা কৰিব , তাৰ পিছত হাঁহ কুকুৰাৰ গৰালৰ সন্মখত থৈ পাটৰ বস্তাৰে ঢাকি থব। চতুৰৰ কথা মতেই বুৰ্বকজনে কোমাৰাটো ফুটা এটা কৰি গৰালৰ সন্মুখত পাটৰ বস্তাৰে ঢাকি থলে। কেইদিনমান যোৱাৰ পিছত কোমোৰা ভিতৰখন পচি গ'ল। এদিন পাহাৰৰ পৰা শিয়াল নামি আহিল কুকুৰা ধৰিবলৈ। শিয়ালে লাহে লাহে কোমোৰাৰ ওপৰেদি গৈ গোৰালত স