Posts

Showing posts from November, 2018

চ’ৰ চাপৰিৰ মিঞা জনগোষ্ঠীৰ খাদ্য সম্ভাৰ

Image
অসমৰ আন আন জনগোষ্ঠীৰ দৰে চ’ৰ চাপৰিৰ অসমীয়া মিঞা জনগোষ্ঠীৰো নিজা খাদ্য সম্ভাৰ আছে৷ কৃষিক্ষেত্ৰত জড়িত মিঞা জনগোষ্ঠীৰ বেচিভাগ মানুহে কৃষিকৰ্মৰ লগত সংগতি ৰাখি খাদ্য সম্ভাৰ প্ৰস্তুত কৰে৷ অথাৎ ঋতু অনুযায়ি শাক পাচলিৰ খেতি ভিন্ন ভিন্ন হয় আৰু তাৰ লগে লগে খাদ্য সম্ভাৰ পৰিবৰ্তন হৈ থাকে৷ চ’ৰ চাপৰিৰ খাদ্যৰ তালিকাত বিভিন্ন ধৰনৰ শাক পাচলি অন্তৰ্ভূক্ত৷ তাৰ ভিতৰত শাক অন্যতম৷ সেইবোৰ হ’ল-  ঢেঁকিয়া শাক,কচু শাক, হেলেঞ্চি শাক, কলমৌ শাক, জাতি লাউৰ শাক, ৰঙা লাওৰ শাক, লফা শাক, মূলা শাক, লাই শাক, সৰিয়হ শাক, বথুৱা শাক, খুতুৰা শাক, চেঙেচি টেঙা, লাইজাবৰি শাক, মধুসালেং শাক, মৰাপাট শাক, ধেমচি শাক,খেচাৰি শাক, আলুৰ শাক , পুৰৈ শাক, পালেং শাক আদি অন্যতম৷ আজি মই চ’ৰ চাপৰিৰ জনপ্ৰিয় শাক ঢেঁকিয়াৰ বিষয়ে আলোচনা কৰিম৷ঢেঁকীয়া এবিধ শাক জাতীয় বনৰীয়া উদ্ভিদ, ইয়াৰ ইংৰাজী নাম -  ফিডেলহেড ফাৰ্নচ্‌ (Fiddlehead ferns) ব'টানিকেল নাম -  ডিপ্লাজিয়াম এছকুলেন্টিয়াম (Diplazium escullentum)৷ বিজ্ঞানী সকলৰ মতে পৃথিৱীত প্ৰায় দহহাজাৰ ঢেঁকীয়াবৰ্গৰ প্ৰজাতি আছে। ভাৰতবৰ্ষৰ বিভিন্ন জনগোষ্ঠীয়ে ইয়াৰে প্ৰায় ২১ বিধ ঢেঁকীয়া প্ৰজাত

ৰাতিৰ বুকুত নিস্তব্ধ চহৰ

Image
দিনৰ পোহৰ হৰণ কৰা ৰাতিৰ বুকুত নিস্তব্ধ চহৰ, বাটবোৰ কবৰৰ মাজত বিধবাৰ বগা সাজ৷ মৃত্যুশয্যা কাষত জ্বলা চাকি ষ্টিটলাইটবোৰ, লাইটবোৰৰ বকুত বহু ৰহস্য অথচ বোবা! আকাশৰ বুকুত উজাগৰী নক্ষত্ৰপুঞ্জ কিছু খহি পৰে হয়তো যন্ত্ৰনাত। চহৰৰ মাজে মাজে জাবৰৰ দমৰ কাষত চৰ্মসাৰ কুকুৰবোৰৰ উজ্বল দুচকু আৰু কৰুণ ভূক ভূকনি। চহৰৰ মাজমজিয়াৰ বজাৰখন কিছু ভিন্ন আপুনি ,মই কিনিবলৈ ইয়াত একো নাই, ইয়াত বজাৰ বহে হিংসা ,সন্ত্ৰাস অমানৱীয়তাৰ, অভিসন্ধিবোৰ লহপহকৈ বাঢ়ে। আন্ধাৰত শিয়াললেখিয়া দাতবোৰ জ্বলি উঠে , নিলাম হয় ৰক্ত-মাংসৰ দেহ নিলাম হয় ভোকবোৰ। ক্ৰমাত বাঢ়ি অাহা  যমডাকিনীৰ চিঞৰত থৰ থৰকৈ কপে চহৰ৷

। । প্ৰশান্তি । ।

Image
প্ৰশান্তি হেৰুৱা পথাৰখন উৰ্বৰ কৰা উৰ্বৰ পথাৰত সোণগুটি সিঁচা ই তোমাৰ পথাৰত আঘোণৰ সপোন ৰচিব। সাৰুৱা পথাৰত ধুলি কনা, বিষাক্ত কীটে সুচনা কৰে ধ্বংসৰ যি তোমাৰ অনাকাংখিত। গৰ্বিত সৈনিকৰ দৰে অথবা মালিয়ে বাগিচাক পোহৰা দি ৰখাৰ দৰে তোমাৰ পথাৰৰ প্ৰহৰী হোৱা৷ .জাক জমক পথাৰখনত পুৱাৰ এমুঠি সজীৱতা লৈ প্ৰাত: ভ্ৰমনত যোৱা খোজে খোজে পাবা মনি মুকুতাৰ শ্ৰেষ্ঠ ৰত্ন উপহাৰ ।৷

চৰ - চাপৰিত শিক্ষাৰ গুৰুত্ব

Image
অসমৰ শিক্ষাৰ অগ্ৰগতি অতি লেহেমীয়া বাবে অসমৰ আৰ্থিক অগ্ৰগতিত্ত মন্থৰ আৰু সামাজিক ভেটিখনো দুৰ্বল, বিশেষকৈ অসমৰ চৰ চাপৰিত  বসবাস কৰা ইছলাম ধৰ্মাৱলম্বী সমাজত৷ এই ক্ষেত্ৰত নাৰী উল্লেখনীয়ভাৱে অনগ্ৰসৰ৷ অসমত মুঠ জনসংখ্যাৰ ৩৪.২২ শতাংশ ইছলাম ধৰ্মাৱলম্বীৰ মানুহ৷ তাৰে বেছি সংখ্যক মানুহৰে বসতি চৰ - চাপৰিত৷ এইসকলেই অসমৰ কৃষিক্ষেত্ৰৰ মেৰুদণ্ড বুলি ক’লেও ভুল নহ’ব৷ অসমত প্ৰায় ২,২৫১খন চৰ-চাপৰি আছে৷ তাতে প্ৰায় ৫০ লাখ মানুহৰ বসতি৷ কিন্তু এই মানুহখিনিৰ শিক্ষাৰ অভাব আৰু দৰিদ্ৰতাৰ বাবে আন সমাজৰ লগত খাপ খাই চলিব পৰা নাই৷ তেওঁলোক যেন আধুনিক দেশৰ একাষৰীয়া কৈ ৰখা আদিম মানৱ৷ সংগ্ৰহিত তথ্যমতে চৰ-অঞ্চলত ১৯ শতাংশ মানুহ শিক্ষিত৷ তাৰে ৪ শতাংশ নাৰী শিক্ষিতৰ হাৰ৷ ইয়াত শিক্ষিত বুলি ক’লেই উচ্চ শিক্ষিত নহয়; কিছুমান এম ই  বা এল পি স্কুলৰ  দেউনা পাৰ হোৱা, কিছুমান আছে মাথোঁ নিজৰ নাম লিখিব  পাৰা হোৱা৷ এইখিনিতে ক’ব বিচাৰো আমাৰ ভাৰতৰ শিক্ষিতৰ সংজ্ঞাটো দুখজনক তথা নিৰাশাজনক৷ নিজৰ নাম লিখিব বা স্বাক্ষৰ কৰাজনক নিৰক্ষৰৰ তালিকাত ধৰা নহয়৷ গতিকে দেখা যায় চৰ অঞ্চলৰ ১০-৮০ শতাংশ নিৰক্ষৰ৷ তুলনামূলকভাৱে ৯৫ শতাংশ নাৰীয়ে নিৰক্ষৰ৷ তেন্তে চ

বুলেট

Image
ঃ জচিমুদ্দিনৰ ঘৰ হয়নে এইটো? চোতালত পিৰা এটা বহি কিবাকিবি কাম কৰি থকা প্ৰায় ৭৫ বছৰীয়া মানুহজনক উদ্দেশ্যি আৰক্ষীৰ লোকজনে সুধিলে। কামৰ পৰা মূৰ তুলি আৰক্ষীৰ লোকজনক দেখি আগুৱাই গ’ল মানুহজনে। ওচৰ পোৱাৰ পিছত ক’লে— হয়, ময়েই জচিমুদ্দিন। কিবা কাম আছিল? ঃ আপোনাৰ নামত ন’টিচ এটা আছে। —কথাখিনি কৈ হাতত থকা এজাপ কাগজৰ মাজৰ পৰা কাগজ এখিলা উলিয়াও আৰক্ষীৰ লোকজনে জচিমুদ্দিনলৈ আগবঢ়াই দিলে। ঃ কিহৰ ন’টিচ? —প্ৰশ্নবোধক চাৱনিৰে তেওঁৰ হাতৰ পৰা কাগজখিলা ল’লে জচিমুদ্দিনে। আৰক্ষীৰ লোকজনে লগত লৈ অহা বহী এখনত তেওঁৰ চহী এটা লৈ তৰিৎ গতিত অহা বাটেৰে গুচি গ’ল।  চশমা অবিহনে পঢ়িব নোৱাৰে বাবে কাগজখিলা হাতত লৈ জচিমুদ্দিনে ঘৰৰ বাৰান্দাৰ ফালে অগ্ৰসৰ হ’ল। মনত হাজাৰটা প্ৰশ্নৰ খুদুৱনি। কিহৰ ন’টিচ হ’ব পাৰে? বাৰান্দাত থকা সৰু মেজটোৰ পৰা চশমাটো লৈ ন’টিচ খুলি ল’লে তেওঁ। আধাখিনি পঢ়াৰ পিছত আৰু পঢ়িব নোৱাৰিলে তেওঁ। মূৰটো আচন্দ্ৰাই কৰি উঠিল, শিল পৰা কপৌৰ দৰে ওচৰতে থকা চকীটোত বহি থাকিল। ৭৫ বছৰ বয়সত সাধাৰণতে আমাৰ সমাজত মানুহৰ জীৱনৰ শেষকাল বা বৃদ্ধ অৱস্থা ধৰি লোৱা হয়৷ বেছিভাগেই এই বয়সত বিভিন্ন বেমাৰত আক্ৰান্ত হৈ বিছনাখনকে

ঐতিহ্যমণ্ডিত যোগীঘোপা আৰু পৰ্যটনৰ সম্ভাৱনীয়তা

Image
যোগীঘোপা এখন ঐতিহাসিক প্ৰসিদ্ধ ঠাই৷ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত যোগীঘোপা৷ বঙাইগাঁও চহৰৰ দক্ষিণ সীমান্ত যোগীঘোপা৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ জলধাৰাই পবিত্ৰ কৰা যোগীঘোপাক যোগীপীঠ, পুণ্যতীৰ্থ বুলিও কোৱা হয়৷ যোগীঘোপাত দুগ্ধনাথ পাহাৰতে অজন্তা আৰু ইলোৰা সদৃশ প্ৰচীন কীৰ্তিচিহ্ন পাচঁটাকৈ গুহা বিৰাজমান৷ অৱশ্য ইয়াত ১৮ টা গুহা আছিল বুলি শুনা যায়৷ যদিও বৰ্তমান ৫টা গুহাৰহে অৱস্থিতি পোৱা যায়৷ ভাৰতৰ শৈল খোদিত পৌৰাণিক কলা বা দস্তুৰৰ অন্যতম উদাহৰণ এই পঞ্চগুহা অসমৰ অদ্বিতীয়৷ ৬০৫৫-৯০০০ খ্ৰী.ত অৰ্থাৎ ভাস্কৰ বাৰ্মাৰ ৰাজত্ব কালত এই গুহাবোৰ বৌদ্ধ ভিক্ষুসকলে শিলত খোদিত কৰি সজাইছিল ধ্যান কৰিবলৈ৷ পিছৰ পৰ্যায়তো গুহাবোৰত বহু যোগীয়ে যোগ কৰিছিল৷ উল্লেখিত যে উক্ত গুহাবোৰক স্থানীয় ভাষাত ঘোপা বুলি কয়৷ বাবেই সেই ঠাইৰ নাম যোগীঘোপা হৈছে৷ যোগীঘোপাৰ দুগ্ধনাথ পাহাৰত সেই গুহাবোৰ এতিয়াও আছে আৰু অশোকাষ্টমীৰ সময়ত এতিয়াও ইয়ালৈ সাধু সন্যাসী আহে৷ নান্দনিক দৃশ্যৰে ভৰা এই পাহাৰৰ পৰা লুইতৰ আৰু লুইতৰ বালি চাপৰিৰ দৃশ্যও চাবলৈ অতি মনোমোহা৷ এই দুগ্ধনাথ পাহাৰৰ ওচৰতে আছে গংগাৰ দৰে পবিত্ৰ স্থান ত্ৰিবেণী৷ য’ত তিনিটা নদী ক্