শেহতীয়া লেখা

বুলেট

ঃ জচিমুদ্দিনৰ ঘৰ হয়নে এইটো?
চোতালত পিৰা এটা বহি কিবাকিবি কাম কৰি থকা প্ৰায় ৭৫ বছৰীয়া মানুহজনক উদ্দেশ্যি আৰক্ষীৰ লোকজনে সুধিলে। কামৰ পৰা মূৰ তুলি আৰক্ষীৰ লোকজনক দেখি আগুৱাই গ’ল মানুহজনে। ওচৰ পোৱাৰ পিছত ক’লে— হয়, ময়েই জচিমুদ্দিন। কিবা কাম আছিল?
ঃ আপোনাৰ নামত ন’টিচ এটা আছে। —কথাখিনি কৈ হাতত থকা এজাপ কাগজৰ মাজৰ পৰা কাগজ এখিলা উলিয়াও আৰক্ষীৰ লোকজনে জচিমুদ্দিনলৈ আগবঢ়াই দিলে।
ঃ কিহৰ ন’টিচ? —প্ৰশ্নবোধক চাৱনিৰে তেওঁৰ হাতৰ পৰা কাগজখিলা ল’লে জচিমুদ্দিনে।
আৰক্ষীৰ লোকজনে লগত লৈ অহা বহী এখনত তেওঁৰ চহী এটা লৈ তৰিৎ গতিত অহা বাটেৰে গুচি গ’ল। 
চশমা অবিহনে পঢ়িব নোৱাৰে বাবে কাগজখিলা হাতত লৈ জচিমুদ্দিনে ঘৰৰ বাৰান্দাৰ ফালে অগ্ৰসৰ হ’ল। মনত হাজাৰটা প্ৰশ্নৰ খুদুৱনি। কিহৰ ন’টিচ হ’ব পাৰে? বাৰান্দাত থকা সৰু মেজটোৰ পৰা চশমাটো লৈ ন’টিচ খুলি ল’লে তেওঁ। আধাখিনি পঢ়াৰ পিছত আৰু পঢ়িব নোৱাৰিলে তেওঁ। মূৰটো আচন্দ্ৰাই কৰি উঠিল, শিল পৰা কপৌৰ দৰে ওচৰতে থকা চকীটোত বহি থাকিল।
৭৫ বছৰ বয়সত সাধাৰণতে আমাৰ সমাজত মানুহৰ জীৱনৰ শেষকাল বা বৃদ্ধ অৱস্থা ধৰি লোৱা হয়৷ বেছিভাগেই এই বয়সত বিভিন্ন বেমাৰত আক্ৰান্ত হৈ বিছনাখনকে আকোঁৱালী লোৱা দেখা যায়৷ বৰ্তমানে প্ৰায় মানুহে দেহত এণ্ডক্লাইন গ্ৰন্থিজনিত ৰোগত ভুগি থকা দেখা যায়৷ তেওঁৰ ক্ষেত্ৰত কিছু ভিন্ন, তেওঁ ডেকাৰ দৰেই চঞ্চল৷ মুখ মণ্ডলত বয়সৰ আচোঁৰ পৰিলেও এতিয়াও দেশ-দুনিয়াৰ খবৰ আলোচনাৰ অজুহাতত বজাৰত গৈ পুৱা আৱেলি চেনি দিয়া চাহ খায়৷ আকৌ দেহ মনক পবিত্ৰ ৰাখিবলৈ নামাজৰ লগতে পুৱা-গধূলি এক-দুই ঘণ্টাকৈ খোজ কাঢ়ে৷ নিয়মিতভাৱে ঘৰুৱা কাম বন কৰে৷ অৱশ্যে কিছুদিনৰ পৰা মনৰ অশান্তিৰ লগতে যুদ্ধক্ষেত্ৰত পোৱা কিছু আঘাতে উক দিয়ে৷ তথাপি মানুহজন কৰ্মঠ৷ সম্ভৱতঃ মানুহজনৰ শিৰাই শিৰাই ভাৰতীয় সেনাৰ অনুশাসন, নিয়মানুৱৰ্তিতা আৰু সাহসিকতা আজিও প্ৰবাহমান৷
পুলিচ গৰাকীয়ে আহি তেখেতৰ হাতত দিয়া কাগজখিলা পঢ়াৰ পিছতে মানসিকভাৱে ভাগৰি পৰিল মানুহজন, বুকুত এসাগৰ যন্ত্ৰণাই উক দি উঠিল৷ নহ’বই বা কিয়? ১৮ বছৰ কাল অৰ্ধ সামৰিক বাহিনীত সেৱা আগবঢ়াই ভাৰত মাতৃৰ সুৰক্ষাৰ হকে কাম কৰিছে৷ সেনা-বাহিনীৰ পৰা অৱসৰ লৈ পুনৰ ৰাষ্ট্ৰীয়কৃত বেংক এটিতো সুৰক্ষা কৰ্মী হিচাপে কাম কৰিছে। ইমানখিনি কৰাৰ পিছতো তেওঁ ভাৰতৰ এজন সন্দেহজনক নাগৰিক! NRC-ত নাম নথকাক লৈও কিছুদিনৰ পৰা মনটো ভাৰাক্ৰান্ত মানুহজনৰ, তাতে আকৌ নোটিচটো? দূৰৈৰ পৰা পত্নীয়ে চাই আছিল৷ কিবা হোৱা যেন পাই ল’ৰালৰিকৈ কাষত আহি মাত লগালে— কি হ’ল আপোনাৰ? অস্থিৰ যেন লাগি আছে, কোন আহিছিল?
ঃ নাই ও, একো হোৱা নাই৷ —ঘৈনিয়েকে অযথা চিন্তা কৰি থাকিব আৰু সেইবোৰ লৈ উকিলৰ দৰে যুক্তি দি আলোচনা কৰিব বুলি খুলি ক’ব নিবচাৰিলে৷ অৱশ্যে যুক্তিবোৰ জচিমউদ্দিনে বেয়া নাপায়, কাৰণ তেখেতে জানে ৰাজনীতিত ডিগ্ৰি লোৱা স্ত্ৰীয়ে সচাঁ কথাবোৰে কয়৷ 
ঃ পুলিচ কিয় আহিছিল? হাতত এইখন কি? 
ঃ এইখন দিবলৈকে পুলিচ আহিছিল, মোৰ নামত সন্দেযুক্ত নাগৰিকৰ নোটিচ আহিছে৷
ঃ কি কয় আপুনি? আপোনাৰ নামত নোটিচ!....
ঃ এৰা!
ঃ আপোনাৰ নামতে যদি বিদেশীৰ নোটিচ আহে বাকী অশিক্ষিত দৰিদ্ৰ মানুহবোৰৰ কি হ’ব?
ঃ এইবোৰ লৈয়েতো ৰাজনীতিৰ বজাৰখন চলি আছে। সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰাৰ অচিলা এইবোৰ। ইমান দিনে সংখ্যালঘু মানুহ উৎকণ্ঠাৰে অপেক্ষা কৰি আছিল যে কেতিয়া আহিব ৩১ ডিচেম্বৰ৷ কিন্তু ২০১৭ চনৰ ৩১ ডিচেম্বৰ মাজৰাতি নাগৰিকপঞ্জিৰ প্ৰথম খচৰা আৰু ২০১৮ চনৰ ৩০ জুলাই তাৰিখে পূৰ্ণাঙ্গ খচৰা প্ৰকাশৰ লগে লগে স্পষ্ট হৈ গ’ল, নাগৰিকপঞ্জি উন্নীতকৰণ এক সুপৰিকল্পিত চক্ৰান্তৰ বাদে আন একো নহয়৷ তাৰ পিছত যিমান দিন গৈ আছে উগ্ৰ অসমীয়াবাদীৰ আধিপত্যৰ কণ্ঠ উগ্ৰৰ পৰা উগ্ৰতৰ হৈছে সংবাদপত্ৰ আৰু গণমাধ্যমত৷ চক্ৰান্ত কৰি এফালৰ পৰা পঠিয়াই আছে ‘ডি’ ভোটাৰৰ নোটিচ৷
ঃ তেন্তে টিভিত, বাতৰি কাকতত যে চৰকাৰে বিজ্ঞাপন প্ৰচাৰ কৰি আছে NRC নিৰপেক্ষ, ন্যায়সংগত আৰু সকলো মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্ত্বাবধানত চলি আছে?
ঃ প্ৰকৃতপক্ষত এই তত্ত্বাবধান প্ৰত্যক্ষ নহয়, আচলতে অন্ধ অসমীয়াৰ আধিপত্যবাদৰ পূৰ্ব পৰিকল্পিত সিদ্ধান্তক বাস্তাবায়িত কৰাৰ বাবে গোটেই চৰকাৰ প্ৰশাসন একগোট হৈ সক্ৰিয় হৈ কাম কৰি আছে৷ যাৰ বাবে নাগৰিকত্বৰ প্ৰমাণ থকাৰ স্বত্তেও বিদেশী বুলি নোটিচ দি আছে৷ এই কথাও পোহৰলৈ আহিছে, কিছুমান সীমান্ত আৰক্ষীয়েও যধে মধে বিদেশীৰ নোটিচ দি আছে৷ NRC-ৰ ৰাজ্যিক সমন্বয়কে উচ্চতম ন্যায়ালয়ৰ দোহাই দি বিগত কেইমাহত নিজৰ ইচ্ছামতে নিয়ম তৈয়াৰ কৰি আছে আৰু নিজেই ভাঙি আছে৷ ৰাষ্ট্ৰীয় নাগৰিকপজ্ঞী প্ৰস্তুত আৰু উন্নতীকৰণ হৈ আছে ১৯৫১ চনৰ NRC-ৰ আধাৰত আৰু ১৯৭১ চনৰ মাৰ্চক ভিত্তিবৰ্ষ হিচাপে লৈ ১৪ বিধ লিগেচি ডকুমেণ্টছ হিছাপে চূড়ান্ত কৰি এন.আৰ.চিৰ. আবেদন গ্ৰহণ কৰি পৰ্যায়ক্ৰমে পৰীক্ষণৰ অন্তত চূড়ান্ত খচৰা প্ৰকাশ কৰিল, সংখ্যালঘুৰ বেছিভাগৰে নাম আহিছে যদিও ৪০,০৭,৭০৭ জনৰ নাম অন্তৰ্ভুক্ত নহ’ল৷ ইয়াৰ ভিতৰত বহুতৰে উপযুক্ত নথি পত্ৰ আছে৷ এনেকি স্বাধীনতা সংগ্ৰামীৰ সতি-সন্তানো আছে৷ ইমান গুৰুত্বপূৰ্ণ বিষয় এটাত যি সকলৰ নাম আহিছে তাতেও লাখ লাখ মানুহৰ নামৰ ভুল৷ এইবোৰ লৈ চাবা ৰাজনীতি ভৱিষ্যতলৈ চলি থাকিব। নহ’লে নেতাবোৰে ৰাজনীতি কৰিব কি লৈ? সংখ্যালঘু দৰিদ্ৰসকলোক হাৰাশাস্তি কৰি আকৌ ৰাইজৰ হৈ মাত মাতাই ইহঁতৰ লক্ষ্য৷ কিছুমানে সংখ্যালঘুৰ হৈ মাত মাতে আৰু উগ্ৰ হিন্দুত্ববাদী কিছুমানে উগ্ৰ অসমীয়াৰ হৈ৷
ঃহয় দিয়ক, পিছে কিছুদিন পঞ্চায়তৰ প্ৰমাণ পত্ৰ গ্ৰহণ নহ’ব বুলি মানুহৰ মাজত কিমান হুৱাদুৱা লাগিছিল, এতিয়া কি হ’ল?
ঃ সিহঁতে ভালকৈয়ে জানে মুছলমান নাৰীয়ে শিক্ষা-দীক্ষাত পিছ পৰা। গতিয়ে ইয়াক বাদ দিবলৈ চেষ্টা কৰিছিল, পিছত আকৌ মানিবলৈ বাধ্য হ’ল৷ এতিয়া আকৌ হাজেলাই নতুন বিষয় লৈ লাগিছে৷ ৰেচন কাৰ্ডকে ধৰি চাৰিখন নথি পত্ৰ বাদ দিয়াৰ দাবি জনাইছে৷ হাজেলাই জানে মুছলমান মানুহৰ হাতত ১৯৫১ চনৰ বা তাৰ পিছৰ ৰেচনকাৰ্ড মজুদ আছে৷ প্ৰথমে মাত্ৰ ১৯৫১ চনৰ এন.আৰ.চি প্ৰধান দলিল হিছাপে লোৱা হৈছে৷ কিন্তু অসমৰ কেইখন জিলাত ১৯৫১ চনৰ এন.আৰ.চি. আচলতে বিচাৰিয়ে পোৱা নাই৷ কাৰণ ১৯৫১ চনত অসমত মেঘালয়, মিজোৰাম আদি জিলাসমূহ পৰবৰ্তীকালত স্বতন্ত্ৰ ৰাজ্য গঠন কৰি বিচ্ছিন্ন হৈ যায়৷ সেইসময়ত মানুহবোৰ খণ্ডিত অসমৰ বিভিন্ন অঞ্চললৈ জীৱিকাৰ বাবে গুচি গ’ল আৰু বহুতে ইয়াৰ গুৰুত্বও বুজা নাছিল৷ ইয়াৰ প্ৰতিক্ৰয়া এতিয়া স্পষ্ট৷ তাৰ উপৰি ধৰ্মক লৈ বেয়া ৰাজনীতি চলি আছে৷ উগ্ৰ হিন্দুত্ববাদী সকলে ব্ৰিটিছৰ দিনৰ দৰে এতিয়াও সাম্প্ৰদায়িকতাৰ বিষ ঢালি আছে৷ ইয়াৰ মাজত কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰো জড়িত৷ সিহঁতৰ মতে যিকোনো প্ৰকাৰে হিন্দুসকলক বচোৱা হ’ব৷ এনেকি বাংলাদেশৰ পৰা হিন্দুসকলক আনিবলৈও উঠি পৰি লাগিছে৷ আচলতে এন.আৰ.চি. মুচলমান সকলক খেদিবৰ বাবে এক প্ৰচেষ্টা৷
ঃ এনেকৈ কেতিয়াও দেশত সুস্থিৰতা নাহিব আৰু দেশ সুস্থিৰ নহ’লে দেশৰ অগ্ৰগতি কেনেকৈ হ’ব? 
ঃ তুমি ঠিকেই কৈছা৷ চৰকাৰ আৰু সংগঠনৰ নেতাবোৰে দেশৰ উন্নতিৰ কথা কেতিয়াও নাভাবে, অকল নিজৰ তহবিল ভৰাৰহে লক্ষ্য৷ তোমাৰ ৮৩-ৰ আন্দলোনৰ কথা মনত আছে চাগে, উগ্ৰ অসমীয়াবাদী সংগঠন আৰু নেতাবোৰে কি কৰিলে সন্দেহযুক্ত নাগৰিকৰ নামত? 
ঃ সেইবোৰ কথা মনত পৰিলেই গাৰ নোম ডাল ডাল হয়, মাথোঁ মৃত্যুৰ বিভিষীকা৷ পিছে এইবোৰৰ মাজতো ৰাজনীতিনে? হায় মানৱতা! মৃত্যুৰ খেল খেলি মানুহে ৰাজনীতি কৰেনে?
ঃ মানৱতা বৰ্তমান শুন্য, মানুহৰ মুখা পিন্ধি থাকিলেই মানুহ নহয়৷ ৰাজনীতিৰ নেতাবোৰো মানুহৰ মুখা পিন্ধি জনতাৰ জননেতা হয়, কিন্তু আঁৰত থাকে ভয়ঙ্কৰ চেহেৰা৷ ১৯৭৯ চনত মংগলদৈৰ সাংসদৰ মৃত্যুৰ পিছত উপ নিৰ্বাচনৰ সিদ্ধান্ত হয়৷ তাৰ পিছত ভোটাৰ তালিকাত নাম ভৰ্তি কৰা আৰম্ভ হয় পিছে এই তালিকাত অবৈধ বিদেশীৰ নাম সন্নিবিষ্ট হোৱাৰ অভিযোগ উত্থাপন কৰে আছুই আৰু অসম গণ পৰিষদে এই নাম সমূহ কৰ্তন নকৰালৈকে নিৰ্বাচন নহ’ব বুলি দাবি জনালে৷ কিন্তু সাংবিধানিক সংকটৰ বাবে কংগ্ৰেছে নিৰ্বাচন হ’ব বুলি ঘোষণা কৰিলে৷ সংগঠনৰ তীব্ৰ বাধা থকা স্বত্তেও কংগ্ৰেছে ৰাইজক প্ৰতিশ্ৰুতি দিলে জনসাধাৰণক সুৰক্ষা দিয়া হ’ব বুলি৷ এনেকি সেই সময়ৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়েও প্ৰতিশ্ৰুতি দিলে জনতাৰ সুৰক্ষাৰ৷ তদুপৰি নিৰ্বাচনৰ দুই এদিন আগত সংখ্যালঘু অধ্যুষিত অঞ্চলবোৰত প্ৰচাৰ কৰে যে ভোটদান নকৰিলে বিদেশী বুলি চিনাক্ত কৰা হ’ব৷ হোজা নিৰক্ষৰ জনতাই ভয়ত ভোটদান কৰিবলৈ যায়৷ সেয়াই আছিল কিছুমানৰ বাবে ক্ৰোধৰ কাৰণ৷ যাৰ বাবে নেলী, নগাবন্ধা, মুকালমুৱা, গহপুৰ, চাউলখোৱা আদি ঠাইত গণহত্যা সংগঠিত হয়৷ অকল নেলিতে ৬ ঘণ্টাৰ ভিতৰত শিশু-মহিলাসহ ১,৮১৯ জন মানুহক হত্যা কৰা হয়৷ কিন্তু প্ৰশাসনে এই বিষয়ে আগৰ পৰাই খবৰ পাইছিল যদিও একো ব্যৱস্থা লোৱা নাছিল৷ ইমান বছৰ হৈ গ’ল এই নিকৃষ্ট হত্যাকাণ্ডৰ, আজিলৈকে কোনো এটা চৰকাৰে সেই হত্যাৰ বিচাৰ নকৰিলে বা কোনো ক্ষতিপূৰণ নিদিলে৷ যিখিনি মানুহে অসমীয়া ভাষা আন্দোলনৰ সময়ত নিজৰ ঘৰুৱা বাংলা ভাষা বাদ দি লোকগণনাৰ সময়ত অসমীয়া ভাষা মাতৃভাষা বুলি লিখিলে অসমীয়া ভাষাৰ স্বাৰ্থত, সেইবোৰকে নিৰ্যাতন কৰা হৈছে আৰু হত্যা কৰা হৈছে৷
ঃ নিলিখা হ’লেই ভাল আছিল, তেতিয়াহে উপলব্ধি কৰিলেহেঁতেন নিজৰ ভাষা পৰিত্যাগ কৰি জাতীয় পৰিচয় কেনেকৈ হেৰাই যায়৷ এইটো আমি সকলোৱে জানো ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ক’ৰ্ট-কাছাৰী আৰু পঢ়াশালীসমূহত বাংলা ভাষা হৈ পৰিছিল আৰু অসমীয়া হৈ পৰিছিল বাংলাৰ উপভাষা৷ আনন্দৰাম ঢেকিয়াল ফুকন আৰু বহুতৰে প্ৰচেষ্টাত অসমীয়া ভাষাটোক আকৌ প্ৰথম ভাষালৈ পৰিবৰ্তন কৰে৷ 
ঃ ঠিকেই কৈছে, পিছে সিহঁতক বুজাবলৈ আমি আমাৰ মাতৃভাষা অসমীয়াক সংকটত ঠেলি দিব নোৱাৰো৷ পিছে হিন্দুত্ববাদী চৰকাৰে এন.আৰ.চি.ক লৈ ৰাজনীতিত কৰাত যি গতিত তৎপৰ, বাংলাদেশী হিন্দুসকলক আনি অসমত স্থান দিবলৈ আকৌ অসমত বাংলাভাষী হ’ব যেন পাইছোঁ, কাৰণ বাঙালিবোৰে যিকোনো পৰিস্থিতিত নিজৰ ভাষা বাদ নিদিয়ে৷ গতিকে এনেদৰে ধৰ্মীয় দৃষ্টিৰে এন.আৰ.চি কাম সম্পূৰ্ণ হ’লে দেশ বিভাজনতকৈয়ো বেছি বিপৰ্যয়ৰ আশঙ্কা আছে৷
ঃ জাতীয় সংহতিলৈ ডাঙৰ ডাঙৰ কথা কৈ থকা অসম বা ভাৰতৰ বুদ্ধিজীৱিসকলৰ বিবেক ইমান পক্ষাঘাত হ’লনে যে ধৰ্মতন্ত্ৰৰ বিষবাষ্পত মানৱাধিকাৰ খৰ্বৰ লগতে আধিপত্যবাদী সকলৰ হাতত দেশৰ অগ্ৰগতি স্থবিৰ সেয়া দেখা নাই! নে অন্ধ হ’ল?
ঃ দুই এজন বাদ দি বাকীবোৰ বৰ্তমান আৰ.এচ.এচ আৰু আধিপত্যবাদীসকলৰ অধীনত৷ এৰা! এইবোৰ বহু কথা৷ —জচিমউদ্দিনে ডাঙৰকৈ হুমুনিয়াহ এটা কাঢ়ি আকৌ ক’লে— মোক পানী এগিলাচ দিয়া। চিন্তা নকৰিবা, কি কাৰণে মোৰ নামত এই নোটিচ পঠিয়াইছে ৰাতিপুৱাই যাম অফিচলৈ৷
ঃ খুৰশেদক ফোন কৰি চাওঁকচোন এতিয়াই কোনো খবৰ ল’ব পাৰে নেকি? —পত্নীয়ে পাকঘৰলৈ গ’ল৷ খুৰশেদ সম্পৰ্কীয় ভতিজা৷ পেচাত উকিল৷ সামাজিক কামৰ স’তেও জড়িত৷ জচিমউদ্দিনে খুৰশেদক ফোন কৰি সকলো জনালে৷ পত্নীয়ে পানী আনি দি আকৌ পাকঘৰলৈ গ’ল বোৱাৰীয়েকৰ ওচৰত। জচিমউদ্দিনে পানী খাই উঠি নিজৰ কোঠাত গৈ পৰিচয় পত্ৰ হিচাপে স্কুল ছাৰ্টিফিকেটকে আদি কৰি তথ্য-পাতিবোৰ বিচৰাত লাগিল৷ হঠাৎ জচিমুদ্দিনৰ চকুত পৰিল গৰ্বেৰে চিকমিকাই থকা মেডেলবোৰলৈ৷ মেডেলবোৰে তেখেতক হাত ধৰি লৈ গ’ল অতীতলৈ৷
১৯৭১ চনৰ ৩ ডিচেম্বৰ৷ পাকিস্তানে হঠাৎ পূৰ্ব পাকিস্তান আৰু ভাৰতীয় ১১টা এয়াৰবেচত হামলা কৰে অপাৰেচন চেঙ্গিচ খাঁ নামেৰে৷ ভাৰতত লাগি গ’ল হুলস্থূল৷ তৎকালীনভাৱে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে যুদ্ধৰ ঘোষণা কৰে৷ লগে লগে ভাৰতীয় সেনা আৰু বাংলা স্বাধীনতাৰ পূৰ্বৰ পূব পাকিস্তানৰ মুক্তি যুজাৰুসকলক লৈ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হয়৷ লেফটেনেণ্ট জেনাৰেল জগজিৎ সিং আৰোৰাৰ নেতৃত্বত হামলাৰ প্ৰতি হামলা৷ পাঠানবোৰক ভাৰতৰ ভূমিত খোজ বঢ়োৱা চাই ভাৰতীয় সৈনিকবোৰ বোমা বাৰুদেৰে আক্ৰমণ কৰিলে৷ জচিমুদ্দিনে উচ্চস্বৰে ইয়া আল্লাহ বুলি কৈ ‘নায়ক’ৰ হিচাপে হাতত ‘এল-৭০’ লৈ আগবাঢ়ি গ’ল শত্ৰুক বিধ্বস্ত কৰিবলৈ৷ এফালৰ পৰা বহু পাকিস্তানী সৈন্যক ধৰাসায়ী কৰিলে আৰু বহু পাঠানক বন্দী কৰি গ’ল৷ হঠাৎ কৰোবাৰ পৰা এটা বুলেট আহি জচিমুদ্দিনৰ বুকু ভেদি গ’ল৷ লগে লগে সি যুদ্ধভূমিত ঢলি পৰিল৷ যুদ্ধ ভূমিত তেতিয়া তেজ আৰু তেজ, আকাশত মৃত্যুমুখি চিঞৰ সহশ্ৰ শিশু-মহিলাকে ধৰি বহুজনৰ৷
ঃ খুঢ়া, অ খুঢ়া…!
হঠাৎ কৰোবাৰ মাতত জচিমুদ্দিন চক খাই উঠি নিজৰ বুকুত হাত দি চালে৷ হয় সি জীয়াই আছে৷ ইমানপৰ ভাৱনাত নিজকে সেই যুদ্ধক্ষেত্ৰতে লৈ গৈছিল৷ এতিয়াহে তৎ ঘূৰাই পালে৷ মনত পৰিল চিকিৎসালয়ত মৃত্যুৰ স’তে যুদ্ধ কৰি নিজৰ জীৱন ঘূৰাই পাইছে৷
ঃ আচ্ছালামু আলাইকুম ওৱা ৰহমাতুল্লাহি ওৱা বৰকাতুহু৷
ঃ আলাইকুম আচ্ছালাম ওৱা ৰহমাতুল্লাহি ওৱা বৰকাতুহু৷ 
ঃ খুঢ়া আপোনাৰ কথা শুনি ৰাতিপুৱালৈ অপেক্ষা কৰিব নোৱাৰিলোঁ, এতিয়াই আহিলোঁ৷ এওলোক মোৰ বন্ধু, মিডিয়াৰ স’তে জড়িত৷ –খুৰশিদে লগত থকা ডেকা দুজনক পৰিচয় কৰাই দিলে৷
ঃ ভালে কৰিলা, বহা। –জচিমুদ্দিনে কাষত থকা চকীকেইখনত তেওঁলোকক বহিবলৈ ক’লে৷
ঃ খুঢ়া, আপোনাৰ হাতত এইবোৰ কিহৰ মেডেল? —খুৰশেদৰ লগত অহা সাংবাদিক বন্ধু এজনে সুধিলে৷
ঃ এইবোৰ ১৯৭১-ৰ যুদ্ধত সাহসিকতাৰ বাবে পোৱা মেডেল৷ এসময়ত এইবোৰ লৈ সদায় গৰ্ব কৰিছিলোঁ, আজি এইবোৰ চাই দুখ লাগি আছে৷
ঃ হয়, আপোনাৰ দুখ আমি বুজি পাওঁ৷ পিছে আপোনালৈ প্ৰৰণ কৰা ‘সন্দেহযুক্ত নাগৰিক’ৰ জাননীৰ বিষয়ে কি ক’ব?
ঃ কি ক’ম, মই বাকৰূদ্ধ! একেৰাহে ১৮-১৯ বছৰ দেশমাতৃক সেৱা কৰাৰ পিছতো সন্দেহ যুক্ত নাগৰিকৰ বিষাক্ত বুলেটৰ আঘাত প্ৰতিদান হিছাপে পাম বুলি ভবা নাছিলোঁ নিজৰ দেশতে আমি যদি বিদেশী হওঁ নিজৰ দেশ এৰি ক’লৈ যাম কোৱা? এই বিদেশীৰ ৰাজনীতিৰ মাজত কিমান মানুহ মাটি বাড়ি বিক্ৰি কৰি ভিখাৰী হ’ল, মৃত্যু হ’ল, আত্মহত্যা কৰিলে তাৰ খবৰ চৰকাৰে ৰাখিছেনে? তদুপৰি চৰকাৰে খুলি ৰাখিছে ‘ডিটেনচন কেম্প’ নামৰ জেলসমূহ! য’ত শিশু, মহিলাকে ধৰি ১০০ উৰ্ধৰ বৃদ্ধ বৃদ্ধা জেলত বন্দী। সেই সকলৰ আৰ্তনাদ শুনিও চৰকাৰ, প্ৰশাসন আৰু সংবাদ মাধ্যমৰ দুখ নালাগেনে? চৰকাৰে জেলত বন্দীসকলক জীৱ-জন্তু বুলি ভাবে৷ আচলতে চৰকাৰ-প্ৰশাসনৰ মানুহবোৰ ক্ষমতা পাই পশু হৈ যায় নহলে মানৱীয়তা দেখুৱালেহেঁতেনে৷ মানৱতাৰ ডাঙৰ ডাঙৰ কথা কোৱা দেশৰ জনতাও এতিয়া অন্ধ, বোবা৷ নহ’লে দেশত হৈ থকা অন্যায়-নিৰ্যাতনৰ বিৰুদ্ধে নিমাত নে?
ঃ আপোনাৰ ক্ষোভ আৰু দুখ আমি বুজি পাওঁ, পিছে এইবোৰ কথা বুজোতা চৰকাৰ, প্ৰশাসনত নাই। গতিকে অনুগ্ৰহ কৰি আপোনাৰ তথ্যবোৰ আমাক দিয়ক আমি সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ তথা প্ৰশাসনক জনাম আপুনি স্বদেশী হোৱাৰ প্ৰমাণ৷
ঃ স্বদেশীৰ প্ৰমাণ! এয়া চোৱা ভাৰত মাতৃৰ সুৰক্ষাৰ কাৰণে বুকুত কঢ়িয়াই ফুৰা গুলিৰ চিহ্ন, এয়া যথেষ্ট নহয়নে? —জচিমুদ্দিনে আবেগত কামিজৰ বুটাম খুলি গুলিৰ দাগবোৰ দেখুৱালে৷ কিছুসময় সকলোৱে মৌন হৈ পৰিল৷ জচিমুদ্দিনে নিজৰ আবেগক নিয়ন্ত্ৰণ কৰি ভোটাৰ আই ডি কাৰ্ড, স্কুলৰ চাৰ্টিফিকেট, ১৯৫১ চনৰ লিগেচি ডাটা উলিয়াই দিলে৷ ইতিমধ্যে বোৱাৰীয়ে চাহ লৈ আহি সকলোকে দিলে৷ চাহ খোৱাৰ পিছত কিছুসময় কথা পতি ৰাতি ৯ মান বজাত সিহঁত গ’লগৈ৷ লগে লগে খবৰ চৌদিশে বিয়পি পৰিল৷ চ’চিয়াল মিডিয়াত তোলপাৰ লাগিল ইয়াৰ প্ৰতিবাদত৷ সেইবোৰে জচিমুদ্দিনক শান্তি দিব নোৱাৰিলে৷ ওৰে ৰাতি আমনি কৰি থাকিল এবুকু যন্ত্ৰণাই৷