Posts

Showing posts from August, 2021

ঠিকনা

Image
    ঠিকনা ----- এই যে চহৰখনত সু উচ্চ অট্টালিকা সুবিশাল আকাশ চহৰখনক জগাই ৰাখিবলৈ শাৰী শাৰী ষ্টীট লাইট তথাপি চহৰখন যেন কফিনৰ ফেক্টৰী চহৰখন কবিৰ বাবে অচিনাকি কবিজনক বিচাৰি নাহিব চহৰখনলৈ ইয়াত কবি  নাথাকে অতীতৰ শিপা খামোচা নৈ পৰীয়া চতিয়না জোপাৰ তলত কবিৰ ঠিকনা জোনাক নিশা ভাল পোৱা কবিয়ে জোনাকি আন্ধাৰকে বুকুত সাবটি  বহি থাকে নৈ খনৰ দৰেই অবিৰত ভাৱে হৃদয়ত বৈ থাকে  স্মৃতিবোৰ স্মৃতিবোৰে কথা নাপাতিলেও প্ৰিয়জনৰ চকুৰ ভাষাবোৰ নুপুৰৰ ৰুণঝুণ হৈ বাজে সেইবাবেই চাগে নুপুৰ কবিৰ প্ৰিয় ক্ৰমে বাটৰ দূৰত্ব বাঢ়ি গলেও আশাৰ চাকিগচি হাতত লৈ আজিও ৰৈ থাকে কবিয়ে প্ৰিয় চকুযুৰিৰ প্ৰথম চাৱনিলৈ যি চাৱনিত ডুবি গৈ ক্ৰমশ শৱদেহৰ পৰা  কবি হৈ জন্মিছিল বৰষুণ আহিলেই চঞ্চল চকুযোৰে হাঁহে যি চকুযোৰে প্ৰথম চাৱনিতেই বিনা চৰ্ততে ধৰা দিছিলহি প্ৰিয়জন হৈ প্ৰেমত চৰ্ত ক'ত থাকে চৰ্তহীনভাৱেই তৰোৱালৰ আঘাত বুকুত ধাৰণ কৰি নি:শব্দভাৱে যন্ত্ৰণা বহন কৰাই জানো প্ৰেম নহয়? কবিও নীৰৱে বহন কৰে প্ৰেমৰ নীলা নৈখন আৰু পাগুলিয়াই থাকে ৰুমিৰ প্ৰেমৰ কবিতা সন্ধিয়াৰ আকাশখনে গুনগুনালে কবিয়ে পুৰণি পোচাকযোৰে পিন্ধি ৰৈ থাকে একেলগে কিছুসময় খোজ কাঢ়ি যোৱাৰ  আশাৰে ..

আত্মসন্মান#self Respect

Image
আপুনি জানেনে সফল জীৱনৰ মূল চাবিকাঠি কি?  p-3  আত্মসন্মান নিজ সন্মানৰ প্ৰতি সন্মানবোধ থকাটোৱেই আত্মসন্মান । আত্মসন্মানে বিশ্বাসক দৃঢ় কৰে, আশাবাদী মনোভাৱ গঢ়ি তোলে, দায়িত্ববোধ থাকে , কঠিন পৰীক্ষাৰ সন্মুখীন হোৱাৰ বাবে প্ৰস্তুত কৰি ৰাখে। নিজৰ সম্পৰ্কে বিশ্বাস আৰু দৃষ্টিভংগী , আপুনি কেনে ধৰণৰ ব্যক্তি, নিজৰ ইতিবাচক দিশ আৰু ভৱিষ্যতৰ বাবে নিজৰ কি পৰিকল্পনা - সেইবোৰ সম্পৰ্কে ধাৰণা থকাই আত্মসন্মান । কেতিয়াবা দেখা যায় নিজৰ প্রতি আনৰ দৃষ্টিভংঙ্গী ভুল থাকে বাবে আত্মসন্মান লাঘৱ হয় আৰু হতাশ হ'ব লগা হয়। নিজৰ আত্মসন্মান দৃঢ় হলে আমি সেই দৃষ্টিভঙ্গীৰ বিৰুদ্ধে যুঁজ দিব পাৰি, কিন্তু আত্মসন্মান দৃঢ় নহলে আমি তাৰ দৃষ্টি ভঙ্গীৰ মতে মিলি যাওঁ বা তাৰ প্ৰলোভনত ভোল যাওঁ। আত্মসন্মান বৃদ্ধি কৰিবলৈ আত্ম বিশ্লেষণ কৰিবলৈ শিকক। আপোনাৰ শক্তিশালী দিশবোৰ ভাবক, যিবোৰৰ দ্বাৰা আপুনি সমাজ জীৱনত প্ৰশংসিত হ'ব বা হৈছে, নাইবা মানুহে আপোনাক কি ধৰনে ব্যৱহাৰ কৰিব বা মনত ৰাখিব সেই বিষয়ে ভাৱক। সেইবোৰ ভাবনাই আপোনাৰ আত্মসন্মান দৃঢ় কৰিব। নিজৰ অৱস্থান, যোগ্যতা আৰু মৰ্য্যাদা অনুসাৰে নিজৰ সন্মান বজাই ৰখাই আত্মসন্মান। নিজৰ সন্

নেলসন ম্যান্ডেলা আহে স্বাধীনতাৰ সপোন লৈ

Image
  নেলসন ম্যান্ডেলা আহে স্বাধীনতাৰ সপোন লৈ -------------------------------------- কাইলৈহেনো স্বাধীনতা দিৱস আমাৰ গাৱত দেখোন প্ৰতিদিনে স্বাধীনতা দিৱস ফুলবানুৰ মাকৰ খালী চৰুত সদায়ে স্বাধীনতাৰ গান বাজে ফুলবানুৰ মাকে পাকঘৰত গলেই ল'ৰা ছোৱালীহালে ঘেৰি ধৰি কয়- মা ভোক লাগিছে তেতিয়া ফুলবানুৰ মাৰ চকুৰে স্বাধীনতা  সৰি পৰে পোনাকেইটাৰ অসহায় মুখলৈ চাই ভিক্ষাৰ বাবে মোনাটো হাতত লয় তেতিয়া মোনাটি স্বাধীনতাৰ পতাকা হৈ উৰে ফুলবানুৰ মাৰৰ পেটৰ বিষ ডক্টৰে কৈছে পাত্থৰ হৈছে, অপাৰেশ্যন কৰাব লাগিব ফুলবানুৰ মাৰ মূৰত আকাশ ভাঙি পৰে নিজকে শান্তনা দি কয় - খালী পেট থকাতকৈ পাত্থৰে থাকক পাত্থৰৰ ওপৰতো লিখা আছে স্বাধীনতাৰ গান । স্বাধীনতাৰো নানান ৰূপ যেনে অফিচাৰৰ ঘূচ লোৱাৰ স্বাধীনতা প্ৰশাসনে মানুহক হত্যা কৰাৰ স্বাধীনতা চৰকাৰে দূৰ্নীতি কৰাৰ স্বাধীনতা বানপানীৰো স্বাধীনতা আছে যোৱাবাৰ ফুলবানুহঁতৰ ঘৰ ভেটিটোকে লৈ গল ফুলবানুৰ দেউতাও তিনিটা বছৰে ডিটেনশ্যোন কেম্পত বন্ধী উজাগৰি নিশাবোৰ অন্ধকাৰৰ মাজত চিৎকাৰ কৰে চিৎকাৰ শুনি নেলসন ম্যাণ্ডেলা আহে ফুলবানুৰ দেউতাক টোপনি নিয়ায় আৰু কয়- এদিন এই বাটেৰেই স্বধীনতা আহিব। ফুলবানু ৰাতি বিচনাত উঠি

আপুনি জানেনে সফল জীৱনৰ মূল চাবিকাঠি কি? p-4

Image
 নিজক কেনেকৈ ভাল পাব? (# how to love yourself) #self love আমি প্ৰত্যেকেই সুখৰ পিছে পিছে দৌৰি ফুৰো কিন্তু আমি নিজক ভাল পাব নাজানো ৷ কিন্তু সুখৰ প্ৰধান চাবি কাঠিয়েই হৈছে নিজক ভাল পোৱা ৷ নিজক সুখি ৰাখিব বিচাৰিলে প্ৰথমে নিজক ভাল পাব লাগিব । নিজক নিজে ভাল নাপালে আন হেজাৰজনে আপোনাক ভাল পালেও আপুনি সন্তুষ্ট তথা সুখি হ'ব নোৱাৰিব , আনহাতে নিজক নিজে ভাল পালে আন হেজাৰজনে আপোনাক বেয়া পালেও মনোকষ্ট নাপায় । আপুনি নিজক বহুত ভাল পাবলৈ হলে নিজৰ সৈতে সময় কটাব লাগিব , দৈনিক কমেও দহ মিনিটৰ পৰা এঘন্টালৈ নিজৰ সৈতে নিজে কথা পাতিব পাৰিব লাগিব। নিজৰ সময়খিনিত আনে মাতিলে বা কথা পাতিব বিছাৰিলে কোনো দ্বিধাবোধ নকৰাকৈ না বুলি কব পাৰিব লাগিব৷ নিজে ভাল নপোৱা কথা ,কাম বা আন কিবা নহওঁক কিয় বিনাদ্বিধাই না কৰিব পাৰিব লাগিব ৷ নিজক সুখি ৰখাৰ কাৰণে , প্ৰকৃতি বা আনক ভাল পাবলৈ হলেও প্ৰথমে নিজক ভাল পাব লাগিব। নিজক বুজিব লাগিব । নিজৰ স্বত্তাটো উপলব্ধি কৰিব পাৰিব লাগিব। আপুনি কলা হওক , বগা হওঁক বা বিকলাংগই নহওঁক কিয় আপুনি নিজক ভাল পাব জানিব লাগিব । অকল বগা বৰণৰ বা সু গঠণ থাকিলেই যে অকল ধুনিয়া বুলি ভাবি নিজক ভাল পাব আৰু ক’লা ব