Posts

Showing posts from July, 2022

অবিভক্ত গোৱালপাৰা জিলা ইতিহাস

Image
  অবিভক্ত গোৱালপাৰা জিলা ইতিহাস উজনিৰ আহোম ৰাজ্যত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ শাসন চলি থকাৰ সময়তে ১৭৬৫ চনত অবিভক্ত গোৱালপাৰা ইংৰাজৰ অধীনলৈ যায়৷ তাৰ আগৰ প্ৰায় তিনি বছৰ আহোমৰ অধীনত আৰু এশ বছৰ গোৱালপাৰা মোগলৰ অধীনত আছিল৷ ১৭৭২-৮৫ চনত  গৱৰ্ণৰ জেনেৰেল ৱাৰেণ হেষ্টিংছে জিলা নিৰ্ধাৰণ কৰোতে গোৱালপাৰাক ৰংপুৰ জিলাৰ মেপৰ ভিতৰুৱা কৰে৷ ৰংপুৰ মানে বৰ্তমান বাংলাদেশৰ গুৰুত্বপূৰ্ণ নগৰ৷ পৰৱৰ্তী গৱৰ্ণৰ জেনেৰেল কৰ্ণৱালিছৰ দিনত (১৭৮৬-৯৩) গোৱালপাৰাত থানা প্ৰতিষ্ঠা কৰা হয়৷ সেয়াই আধুনিক নগৰ পট্টনৰ লেখৰ আৰম্ভণি৷ ১৮২২ চনত ধুবুৰীৰপৰা গাৰোপাহাৰলৈকে ধৰি গোৱালপাৰাক এখন সুকীয়া জিলা হিচাপে স্বীকৃতি দিয়া হয়৷  ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পাছত গোৱালপাৰাক অসম প্ৰদেশৰ লগত সংযুক্ত কৰা হয়৷ ১৮৬৪ চনত ইংৰাজে ভূটান দুৱাৰ জয় কৰাৰ পৰৱৰ্তী দুবছৰৰ পাছত গোৱালপাৰাৰ লগত পূব দুৱাৰ সংযুক্ত কৰা হয় আৰু কোচবিহাৰ কমিচনাৰৰ অধীনলৈ নিয়া হয়৷ তাৰ দুবছৰৰ পাছত গোৱালপাৰাৰ আইনী কামকাজ অসম প্ৰদেশলৈ অনা হয়, কিন্তু প্ৰশাসন কোচবিহাৰৰ পৰাই চলি থাকে৷ ১৮৬৯ চনত গাৰোপাহাৰক গোৱালপাৰাৰপৰা আঁতৰাই পৃথক জিলা ঘোষাণা কৰা হয়৷ ১৮৭৪ চনত অসমক বেংগল প্ৰভিন্সৰপৰা পৃথক কৰি সুকীয়

খোজ (foodprint)

Image
 খোজ @Begum Asma ভৰিৰ খোজবোৰ ভৰিৰ পৰা ক্ৰমাত হেৰাই গৈ থাকে মাটি খামোচি থকা শিপাৰ দৰে ভৰি দুখনে খোজবোৰ ধৰি থাকিব বিচাৰে ভৰি দুখনৰো মমতা আছে মৃত্যু পৃথিৱী শ্ৰষ্ঠ উপহাৰ হলেও মৃত্যুক কোনেও আকোৱালী ল'ব নিবিচাৰে কিন্তু খোজবোৰৰ মৃত্যুলৈ ভয় নাই মৃত্যুমুখি খোজৰ সন্তানবোৰে হয়তো মৌন প্ৰৰ্থনা কৰে পৃথাৱীৰ শিল্প গৃহত খোজবোৰ ভাস্কৰ্য্য হৈ উঠক সূৰ্যৰ দৰে উজ্বল ভাস্কৰ্য হ'ব বিচৰা খোজবোৰ সূৰ্যৰ দৰেই গতি কৰে দৌৰি দৌৰি ভাগৰি পৰে ভৰি দুখন শতিকাৰ ভোকবোৰে টানি ধৰে ভৰিদুখনক ভোক আৰু তৃষ্ণা ভৰিত মেৰিয়াই খোজবোৰে অবিৰত গতি কৰে আকাঙ্খা খোজে প্ৰতি বাঢ়ি গৈ থাকে নতুন দিনৰ মৃত্যুঘন্টা বাজি থাকে পথৰ দাতিত চিতাগ্নিত জ্বলি থাকে সমাজ , সংস্কৃতি, দেশ আকাশত ভাহি থাকে চিতাভষ্ম ছাই ধোৱাময় পৃথিৱীৰ পথত খোজকাঢ়ি থাকোতেই শোকশোভাত ভাগ লয় খোজবোৰে অথচ দুৱাৰত ৰৈ থাকে নিলাজ সভ্যতা খোজৰ ভৰত বিবৰ্তনমুখী পথবোৰৰ কিমান উপপথ সৃষ্টি হ'ল উপপথবোৰৰো উপপথ সৃষ্টি হ'ল কিন্তু খোজবোৰ আদিম হৈয়ে ৰ'ল বনঘোৰাৰ চেকুৰত  পথবোৰোৰ চকু গজিল অথচ খোজবোৰ আজিও অন্ধ সভ্যতাৰ বিবৰ্তনত আজিও পশ্চাৎমূখী যাত্ৰা......৷