Posts

Showing posts from August, 2023

মৌন স্বাধীনতা

Image
 মৌন স্বাধীনতা  @বেগম আছমা   মৌন ব্ৰতৰ ট্ৰেণ্ড চলিছে  আপুনি মই জনতা সকলোৱে মৌন  দেশত মৌনতাৰে লুণ্ঠণ চলে জনতা মৌন হৈ দৰ্শকৰ শাৰীত বহে  । জনতাৰ  কন্ঠত শব্দ নাই  ৰাষ্ট্ৰ নেতাৰ মন কি বাত  জনতাই চুপচাপ শুনে আৱাজ দিলেই ৰাষ্ট্ৰনেতা মৌন । পেটৰ ভোকৰ বাবে  চাউল -ডালি , তেল-নিমখ কিমান কি প্ৰয়োজন অথচ বজাৰ যুদ্ধক্ষেত্ৰ  মোনাত বুলেট এটা ভৰাই পিতৃ মৌন হৈ পৰে ।   দেশ বিক্ৰী হয় , ভেটি মাটি বিক্ৰী হয়, এই দেশত কি বিক্ৰী হোৱা নাই ?  স্বাধীনতাৰ নামত  দেশৰ স্বভিমান তিৰঙ্গাও বিক্ৰী হয়  অথচ জনতা মৌন। ন্যায় বিচাৰি ক'ত যাব ? অফিচ, আদালত, চৰকাৰ সকলোতে ভ্ৰষ্টাচাৰ  সঁচাক মিছা সজাই   মিছাক সঁচা সজাই বিক্ৰী কৰা হয়  আমি সকলো জানোঁ  সকলো বুজোঁ  অথচ আমি মৌন । উগ্ৰবাদে, সাম্প্ৰদায়িকতাবাদে  মিছিল পাতে হত্যা, সন্ত্ৰাস আৰু বৰ্ণবাদে  ৰাজপথ দখল কৰে গায়ক ,লেখক,  সুৰকাৰ সকলোৱে মৌন ।  সাম্যবাদ , সমাজবাদ ,জাতীয়তাবাদ সমন্বয় আৰু সহাৱস্থানক তলাবদ্ধ কৰি প্ৰশাসন আৰু প্ৰশাসকে  তেজ ৰঙা পতাকাবোৰ জ্বলাই দিয়ে   অথচ স্বাধীনতা মৌন ।  বুকুৰ তেজে লিখা দেশপ্ৰেমৰ   মান্যতা নাই  দেশপ্ৰেমৰ বাবে চাৰ্টিফিকেট লাগে চেল্ফি লাগে   দেশদ্ৰোহীয়ে চিঞৰি