Posts

Showing posts from June, 2021

ৰানী অভায়েশ্বৰীৰ বিষয়ে নজনা কিছু কথা

Image
ৰানী অভায়েশ্বৰী  অসমৰ প্ৰতিপত্তি থকা মহিয়সী নাৰী আছিল৷ ৰানী অভায়েশ্বৰীয়েই অভায়াপুৰী বিজনীৰ ৰাজধানী পাতিছিল আৰু ইয়াৰ পৰাই শাসনভাৰ চলাই নিছিল  ৷ ৰাণী অভয়েশ্বৰীয়ে সম্পূৰ্ণ একুৰি চৈধ্য বছৰ কাল বিজনীত ৰাজত্ব কৰিছিল ৷সাধাৰণ এগৰাকী ছোৱালীৰ পৰা কেনেকৈ ৰাণী অভায়েশ্বৰী নাম পালে আৰু ৰাণীৰ পদত অধিষ্ঠিত হ’ল সেই বিষয়ে জানো আহক৷  আনুমানিক ১৭ শতিকাৰ শেষভাগত বিজনী ৰাজ্যৰ ৰজা আছিল কুমুদ নাৰায়ণ ভূপ বাহাদুৰ, যাৰ ৰাজধানী আছিল ডুমুৰীয়া ৷ তেওঁৰ ৰাণী আছিল সিদ্ধেশ্বৰী দেৱী ৷ অপুত্ৰক হোৱাৰ কাৰণে ৰজাই ৰাজকাৰ্য্যত ভালকৈ মনোনিবেশ কৰিব পৰা নাছিল আৰু প্ৰায়ে চিকাৰলৈ গুচি গৈছিল ৷ আৰু এনেকৈয়ে এদিন চিকাৰলৈ যাওঁতে হাচডুবা নামৰ বিল খনত জাকৈ বাই থকা অৱস্থাত অত্যন্ত ৰূপৱতী কিশোৰীগৰাকীৰ ওপৰত ৰজা কুমুদ নাৰায়ণৰ চকু পৰিল ৷ ৰজাই তৎক্ষণাৎ তাইৰ প্ৰাণিপ্ৰাৰ্থী হোৱাৰ সিদ্ধান্ত ল’লে৷ বৰ মহিষী সিদ্ধেশ্বৰী দেৱীৰ হেজাৰ বাধাক নেওচি কোনোবা এটা দিনত ৰজা কুমুদ নাৰায়ণে কিশোৰীগৰাকীক বিয়া পাতে ৷ এই বিয়া আছিল অদ্ভুত আৰু বিতৰ্কিত ৷ হিন্দু ধৰ্মৰ প্ৰথা অনুসৰি পৱিত্ৰ অগ্নিৰ সন্মুখত ৰাজ-পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰ সময়ত কিশোৰীগৰাকীৰ লগত ৰজা ক

তুমি উঠে দাঁড়াও

Image
  তুমি উঠে দাঁড়াও তোমরা শরীরের রক্ত দিয়ে ঘামের প্ৰতিটি বিন্দু ঝরিয়ে খেতের বুকে , নদীর ধারে কতোই বা লিখবে ইতিহাস ইতিহাস ও এখন পণ্য বাজারে নিলাম হয় উত্তৰ প্ৰজন্মই ডাকচে তোমায় তুমি উঠে দাঁড়াও নতুন ইতিহাস পাথরে লেখো ঐতো এখনো তোমার হাতে জ্বলছে  লেনিনের হাতুর কাঁচি তুমি কি পারবে না সম্রাজ্যবাদকে ভেঙে চুরে ধুলোয় মিশাতে ? আর কতো দিন বাচবে মাথা নিচু করে?  আর কতো দিন শুনবে অশ্ৰব্য গালিগালাজ বাপ দাদার রক্ত মাখা পবিত্ৰ ভূমিতে আর কতদিন সান্ত্বনা নিবে ইতিহাস বুকে চেপে? অন্ধকারে বসে সান্ত্বনা নেয়ার সময় এখন  আর নেই তুমি উঠে দাঁড়াও  বুকের ভিতর জমানো বারুদগুলো বিস্ফোরণ হতে দাও- শিরায়, শিরায় বয়ে যাক বিপ্লবের আগুন তুমি কী পারবেনা নিজের অধিকার টুকু কেড়ে নিতে? আর কতো দিন তোমার মুখের অন্ন কেড়ে  নিতে দিবে আর কতো দিন চোখের  জলে শুকনো রুটি  ভিজিয়ে খাবে তুমি যতোই ধৈৰ্য্য ধারণ করবে- ততোই তোমাকে অন্ধকারে চাপা দিবে এখন আর সেই সময় নেই তুমি উঠে দাঁড়াও অন্ধকার রাজ্য থেকে বের হয়ে ৰাজপথে ভীড়  কর  থর, থর কেঁপে উঠুক ৰাজভবন হাতুড়ীর  আঘাতে ভেঙে পড়ুক সব সিংহাসন আর কতো অন্যকে নিজের ত্ৰাণকৰ্তা বানাবে?  আর কতোই বা ভাগ্যকে দোষ দ

আমৰ গুণ আৰু বিগুণ

Image
  ভাৰতবৰ্ষত আম গছ কম বেছি পৰিমানে সকলো ঠাইতে পোৱা যায়৷ ভাৰত বৰ্ষত আম গছ চিৰ পৰিচিত৷ ইয়াৰ পাত আৰু ফল বিভিন্ন মাংগলিক কামত ব্যৱবাৰ কৰা দেখা যায়৷ বিশেষকৈ হিন্দু ধৰ্মৰ বিভিন্ন মাংগলিক কামত ব্যৱহাৰ হৈ আহিছে৷ আম সকলোৰে বাবে এটা সুস্বাদু ফল। আমক ফলৰ ৰজা বুলি কোৱা হয়। ভাৰতৰ বিভিন্ন ঠাইত আমক বিভিন্ন নামেৰে জনা যায়৷ যেনে- মহাৰাষ্ট্ৰত- আম্বাফল,কৰ্ণটকত - মাবিন ফল, তেলেগুত - মাবিড়ি, গুজৰাটত- আনৰো, হিন্দিত - আম, ইংৰাজীত - mango, শাস্ত্ৰীয় নাম- আম্ৰ, মধুদুত, ৰসাল ,মাকন্দ আদি নামেৰে জনাজাত৷ ভাৰতত প্ৰায়  ১০০০ প্ৰজাতিৰ আম পোৱা যায় ৷ ১০০ গ্ৰাম পকা আমত পোৱা খাদ্য উপাদানবোৰ হ’ল - কাৰ্বোহাইড্ৰেট- ৮৬.১%, কেৰটিন- ৪৮০০ ইউনিট, আঁহজাতীয় পদাৰ্থ- ১১%, খাদ্যপ্ৰাণ ‘গ’- ৪০ মিলিগ্ৰাম।. আমৰ ঔষধীয় আৰু অন্যান্য গুণবোৰ হ’ল- পকা আম আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী। পকা আম বীৰ্যবৰ্ধক, বায়ুনাশক, বলকাৰক, পুষ্টিকাৰক, ত ১) আমৰ পাত চাহৰ দৰে বনাই নাইবা ৰ'দত শুকোৱাই গুৰি  কৰি পানীৰ লগত খালে বহুমূত্ৰ ৰোগভাল হয়। কুমলীয়া পাত চবাই ও খাব পাৰে৷ ২) পকা পূৰঠ আমে হৃদযন্ত্ৰ সবল কৰে আৰু বীৰ্যবৰ্ধন কৰে। এটা পকা আমৰ ৰস ১৫০ গ্ৰাম গৰুৰ গাখীৰৰ লগত

মই মোক হত্যা কৰিলোঁ

Image
  মই মোক হত্যা কৰিলোঁ -------------------------------- মই মোৰ বিৰুদ্ধে যুদ্ধ কৰিলো তয়াময়া যুদ্ধ হ'ল আমাৰ মই মোক যুদ্ধত হৰুৱাই অৱশেষত হত্যা কৰিলোঁ মোৰ ভিতৰৰ আন্ধাৰবোৰ খেপিয়াই চাবলৈ নিজৰ শৱদেহ কান্ধত লৈ শৱ কটা ঘৰটোত নিৰ্ভয়ে সোমাই পৰিলোঁ কোঠাটোত এখন টেবুল তাৰ ওপৰতে ৰাখিলোঁ মোৰ সম্পূৰ্ণ  নগ্ন দেহ মই লক্ষ্য কৰিলোঁ মোৰ চাৰিওফালে বুকুত হেঁচা মৰা নিৰৱতা নিৰৱতা ফালি চোকা অস্ত্ৰৰে নিৰ্দয়ভাৱে মোক কাটি পেলালোঁ হাতদুখন তেজেৰে স্নান কৰিলে ঠিক ছগলী কটা কচাইৰ দৰে তেজবোৰ অসম্ভৱ কলা হৈ পৰিছে তেজবোৰ তুলাৰে মুচি মুচি ক্ৰমাত ভিতৰলৈ সোমাই পৰিল মোৰ হাত হাতত শগুনৰ ঠোঁটৰ দৰে বেঁকা অস্ত্ৰ চকুত বিবৰ্ধন গ্লাচ শগুনৰ ঠোটৰ দৰে অস্ত্ৰটিয়ে খুচুৰি খুচুৰি মোৰ কলিজা পালে নীলা ৰঙে কলিজা ঢাকি ধৰিছে মই নীলাখিনি মুচি মুচি ৰঙা কলিজাটো উলিয়ালো কলিজাৰ কাষতে দেখিলোঁ আন্ধাৰ বৃত্ত এটা ভিতৰত আন্ধাৰৰ তীব্ৰতাত মই কোঠাটোৰ খিৰিকী খুলি দিলো খিৰিকীৰে বেলিৰ পোহৰ সোমাই আহিল দেখা পালোঁ বৃত্তটোৰ মাজত অৱৰুদ্ধ এটা শুভ্ৰ পাৰ চৰাই আৰু এজাক পখিলা মই অন্ধকাৰখিনি আতৰাই বৃত্তটো ভাঙিলো মোৰ চাৰিওফালে উৰিবলৈ ধৰিলে শুভ্ৰ পাৰ চৰাইটি আৰু ৰঙীন পখিলাজাক

আপুনি জানেনে সফল জীৱনৰ মূল চাবিকাঠি কি? p-1

Image
 সফল জীৱনৰ মূল চাবি কাঠিয়েই হ’ল- আত্মবিশ্লেষণ#self analysis৷ আজিৰ মানৱ সমাজত ইমান বিশৃংখলাৰে ভৰি পৰিছে যে সমাজৰ ভাৰ সাম্যতা হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে। মানুহ সমাজ প্ৰিয় জীৱ। যাৰ বাবেই মানুহে সমাজ পাতি বাস কৰে। সমাজৰ প্ৰতিজন মানুহে যদি মানসিক, বৈদ্ধিক ভাবে উদ্ধুদ্ধ হয় তেন্তে আমাৰ সমাজ সুস্থ আৰু প্ৰগতিশীল হ'ব, সেয়েহে আমি প্ৰত্যেকেই নিজৰ তথা পৰিয়ালৰ প্ৰতিগৰাকী সদস্যৰ মনৰ জেউতি বঢ়াব লাগিব। প্ৰথমতে নিজৰ মনক আলোকিত কৰাৰ প্ৰয়োজন। আমাৰ মনক আমি আলোকিত কৰিবলৈ আত্মবিশ্লেষণ , আত্ম উপলব্ধি, আত্ম সন্মান, আত্মবিশ্বাস ৰ প্ৰয়োজন। মানুহে নিজৰ বুদ্ধিৰে সন্মুখৰ শত্ৰুক কেনেকৈ পৰাস্ত কৰিব তাৰ উপায় উলিয়াই শত্ৰুক পৰাস্থ কৰে কিন্তু নিজৰ ডাঙৰ শত্ৰুৰ কথা কেতিয়াও নাভাবে। আমি কেতিয়াও ভাবিয়ে নাপাও আমি নিজেই নিজৰ শত্ৰু। বদ অভ্যাস আৰু বেয়া ব্যৱহাৰ আমাৰ আটাইতকৈ ডাঙৰ শত্ৰু। এই দুটাক আমি প্ৰশ্ৰয় দিয়া মানে নিজকে নিজৰ বিৰুদ্ধে থিয় কৰোৱা। যেতিয়ালৈকে আমি এই বেয়া গুণবোৰক হৰুৱাব নোৱাৰো তেতিয়ালৈকে আমি নিজেই নিজৰ শত্ৰু। নিজেই নিজক ৰক্ষা কৰিব নোৱাৰিলে কোনেও আমাক ৰক্ষা কৰিব নোৱাৰে , গতিকে নিজকে এজন পৰাক্ৰমী সৈণিক হিচিপ

নিজকে সুস্থ আৰু স্বাস্থ্যবান কেনেকৈ ৰাখিব?

Image
  নিজকে সুস্থ আৰু স্বাস্থ্যবান  ৰাখিবলৈ আমি  healthy lifstyle গঢ়ি তুলিব লাগিব৷তাৰ বাবে আমি প্ৰথমে নিজক পৰিপাটি আৰু ধুনীয়া কৈ ৰাখিব লাগিব৷নিজক ধুনীয়া ( ধুনিয়া বুলি অকল বগা বা সুগঢ়ি বুজোৱা নাই , এই পৃথিৱীৰ সকলোৱে ধুনীয়া৷) কৰি ৰাখিবলৈ প্ৰথমে আমি নিজকে ভাল পাবলৈ শিকিব লাগিব । নিজক ভাল পালেহে নিজৰ প্ৰতি ন্যায় কৰা হ'ব। নিজক ভাল পাব নাজানিলে আপুনি সু স্বাস্থ্যৰ (healthy health) গৰাকী হ'ব নোৱাৰে । নিজক ভাল পাব জানিলেহে আনকো ভাল পাব পাৰিব। বৰ্তমান প্ৰতিযোগীতাৰ বজাৰত আমি নিজক যন্ত্ৰ কৰিহে ৰাখো, নিজৰ বাবে অকনমান সময় উলিয়াব নোৱাৰোঁ। অৱশ্য নিজক কামৰ মাজত ব্যস্ত ৰাখিব পৰাটো ভাল অভ্যাস তথাপিও নিজক ভাল পাবলৈ হলে প্ৰথমে নিজৰ বাবে অকনমান সময় উলিয়াই লওক। নিজৰ লগত কথা পাতক, নিজক প্ৰফুল্ল কৰি ৰাখিবলৈ গান শুনক,কিতাপ পঢ়ক। তাৰ পিছত ভাৱক মোৰ এনে কি গুণ আছে যিটো মোৰ অস্তিত্ব গঢ়াত সহায় কৰিব , লগতে সমাজৰো উপকাৰ কৰিব ।মই মানুহৰ বাবে, সমাজৰ বাবে কিবা কৰিম৷মই এই ক্ষেত্ৰত এদিন সফল হমেই৷ যেতিয়া এনেবোৰ চিন্তা চৰ্চা কৰিব তেতিয়া আপোনাৰ মন ভাল লাগিব। যেনেকৈ সুস্থ শৰীৰতহে সুস্থ্য মন থাকে তেনেকৈ শৰীৰ সুস্থ্ ৰাখিবল

কেঁথা ketha

Image
কেঁথা - সকলোৰে পৰিচিত নাম৷কম বেছি পৰিমানে আমি সকলোৱে কেঁথাৰ বিষয়ে জানো বা ব্যৱহাৰ কৰি আহিছোঁ , কিন্তু উঠি অহা যুৱচাম অৰ্থাৎ নৱপ্ৰজন্মই ইয়াৰ বিষয়ে প্ৰায়ে নাজানে বা দেখা নাই৷ইয়াৰ পিছৰ চামে হয়তো কেঁথা কি নাজানিব গতিকে চৰ চাপৰিত ব্যৱহাৰ হৈ অহা কেঁথাৰ বিষয়ে কিছু লিখিম৷  কেঁথা চৰ চাপৰিৰ অতি লাগতীয়াৰ বস্তু ।আজিকালি কম্বলে কেঁথাৰ ঠাই ললেও চৰাঞ্চলত এতিয়াও কেঁথা  অত্যাৱশ্যকীয়  সামগ্ৰী ৷ প্ৰতি ঘৰে ঘৰে কেঁথাৰ ব্যৱহাৰ অন্যতম । চৰাঞ্চলত ঠাণ্ডাৰ পৰা পৰিত্ৰান পাবলৈ কেঁথা ব্যৱহাৰ কৰে । বিচনাৰ চাদৰৰূপেও কেঁথা পাৰি থোৱা হয়।যিসকল দুখীয়া  সিহঁতে তুলাৰ তোচক বনাব নোৱাৰে,মৰাপাটৰ বস্তা কাটি লৈ কভাৰৰ দৰে চিয়াই লৈ ভিতৰত খেৰৰ পুৰ দি তোচক বনাই লয় ।সেই তচকৰ ওপৰত কেঁচা পাৰি লয় শুবলৈ । অতীতৰে পৰা জীয়েকৰ বিয়াৰ সময়ত নক্সী কেঁথা কইনাৰ লগত দিয়া পৰম্পৰাও চলি আহিছে । লগতে শাহুয়েকে বোৱাৰীক নক্সী কেঁথা উপহাৰ দিয়াৰো প্ৰচলন আছে ।  নক্সী চলাই দি সৰুকৈ বনোৱা কেঁথা নামাজ পঢ়িবলৈ জায়নামাজ হিচাপে ব্যৱহাৰ কৰে ।ই বিশেষকৈ বগা কাপোৰ দি বনায় । এই জায়নামাজ বিধো জীয়েকক বা বোৱাৰীক উপহাৰ দিয়ে । কেঁথা এজনেও চিলাই কৰিব পাৰে নাইবা কেইবাজনো মিলি