শেহতীয়া লেখা

কেঁথা ketha




কেঁথা - সকলোৰে পৰিচিত নাম৷কম বেছি পৰিমানে আমি সকলোৱে কেঁথাৰ বিষয়ে জানো বা ব্যৱহাৰ কৰি আহিছোঁ , কিন্তু উঠি অহা যুৱচাম অৰ্থাৎ নৱপ্ৰজন্মই ইয়াৰ বিষয়ে প্ৰায়ে নাজানে বা দেখা নাই৷ইয়াৰ পিছৰ চামে হয়তো কেঁথা কি নাজানিব গতিকে চৰ চাপৰিত ব্যৱহাৰ হৈ অহা কেঁথাৰ বিষয়ে কিছু লিখিম৷ 

কেঁথা চৰ চাপৰিৰ অতি লাগতীয়াৰ বস্তু ।আজিকালি কম্বলে কেঁথাৰ ঠাই ললেও চৰাঞ্চলত এতিয়াও কেঁথা  অত্যাৱশ্যকীয়  সামগ্ৰী ৷ প্ৰতি ঘৰে ঘৰে কেঁথাৰ ব্যৱহাৰ অন্যতম । চৰাঞ্চলত ঠাণ্ডাৰ পৰা পৰিত্ৰান পাবলৈ কেঁথা ব্যৱহাৰ কৰে । বিচনাৰ চাদৰৰূপেও কেঁথা পাৰি থোৱা হয়।যিসকল দুখীয়া  সিহঁতে তুলাৰ তোচক বনাব নোৱাৰে,মৰাপাটৰ বস্তা কাটি লৈ কভাৰৰ দৰে চিয়াই লৈ ভিতৰত খেৰৰ পুৰ দি তোচক বনাই লয় ।সেই তচকৰ ওপৰত কেঁচা পাৰি লয় শুবলৈ । অতীতৰে পৰা জীয়েকৰ বিয়াৰ সময়ত নক্সী কেঁথা কইনাৰ লগত দিয়া পৰম্পৰাও চলি আহিছে । লগতে শাহুয়েকে বোৱাৰীক নক্সী কেঁথা উপহাৰ দিয়াৰো প্ৰচলন আছে ।  নক্সী চলাই দি সৰুকৈ বনোৱা কেঁথা নামাজ পঢ়িবলৈ জায়নামাজ হিচাপে ব্যৱহাৰ কৰে ।ই বিশেষকৈ বগা কাপোৰ দি বনায় । এই জায়নামাজ বিধো জীয়েকক বা বোৱাৰীক উপহাৰ দিয়ে । কেঁথা এজনেও চিলাই কৰিব পাৰে নাইবা কেইবাজনো মিলি চিলাই কৰে । মহিলাবোৰে ঘৰত পিন্ধা কটনৰ শাৰীবোৰ কিছুদিন পিন্ধি পুৰণি হলে সেইবোৰ দি কেঁথা বনায় ।কিছুমানে ওপৰৰ তৰপটো দুই এদিন পিন্ধা কাপোৰো ব্যৱহাৰ কৰে , নাইবা নতুন কাপৰো ব্যৱহাৰ কৰে৷ কিছুমান কেঁথাৰ ভিতৰত পুৰণি আঠুৱাও ব্যৱহাৰ কৰে ।  কেইবাটাও  কাপোৰ এটাৰ ওপৰত এটা দি মিলাই লোৱা হয় । সাধাৰণতে বজাৰৰ পৰা ৰঙীন সূতা কিনি অনা হয় কেঁথা চিলাই কৰিবলৈ , সেই সূতাবোৰ দুই তিনিটা মিলাই লোৱা হয় । মহিলা সকলে ভৰি দীঘলকৈ মেলি দি সূতাৰ এটা মূৰ আঙুলিত মেৰিয়াই লৈ বাকী সূতাৰ মাজ অংশ  ভৰিৰ বুৰা আঙুলিত  এবাৰ মেৰিয়াই আনি আনটো মূৰ হাতৰ তলুৱাত ৰচী বনোৱাৰ দৰে পাগ দিয়া হয় । এনেকৈ দুয়োফালে পাগ দি , হাতৰ চাৰি আঙুলিত মেৰিয়াই খাৰুৰ দৰে কৰি উলিয়াই এটা মূৰত অলপ পাগ দিয়া হয় যাতে সূতাৰ পাগবোৰ খুলি নাযায় ।একে ধৰণেই কিছুমানে পুৰণি কাপৰৰ পাৰিৰ টান সূতাবোৰ উলিয়াই লয় ।সেইবোৰ দুই তিনিটা একলগ কৰি পঘাৰ দৰে মেৰিয়া লোৱা হয় ।প্ৰয়োজন অনুসাৰে সেইবোৰ  ব্যৱহাৰ কৰা হয় ।কাপোৰ অনুযায়ী পাচঁৰ পৰা ছয় তৰপ দিয়া হয় কেঁথা চিলাই কৰিবলৈ । কেঁথা সাধাৰণতে দীঘলে 5 হাতৰ পৰা 6 হাতলৈ হয় আৰু পথালি 4_5 হাতলৈ হয়। সৰু ল'ছোৱালীৰ বাবে সৰুকৈ বনোৱা হয় । কেথাৰ চিলাইবোৰ বিভিন্ন ধৰনে দিয়া হয়া।বেজি সূতাৰে চিধাকৈ চিলাই দি সাধাৰণ কেঁথা বনোৱা  হয় । আনহাতে বেজি সূতাৰে কিছুমান কেথাঁত বিভিন্ন ধৰণে নক্সা তোলা হয় । এইবোৰক নক্সী কেঁথা বুলি কয় । চৰ অঞ্চলত নাৰীবোৰ নক্সী কেঁথা বনোৱাত পাৰ্গত । চৰাঞ্চলত নাৰীবোৰে কোনে কিমান ধুনীয়াকৈ নক্সী কেঁথা বনাব পাৰে তাৰে নাৰী হাতৰ নিপুনতা চোৱা হয় ।  চৰ অঞ্চলৰ নাৰী হাতৰ কামত পাৰ্গত যদিও আন আন ৰাজ্যৰ মহিলা সকলৰ দৰে ব্যৱসায়ীক ভিত্তিত আগবাঢ়িব পৰা নাই৷ নাৰীয়ে কেঁথা চিলাই কৰাৰ জড়়িয়তে আত্মনিৰ্ভৰশীল হোৱাৰ সপোন দেখিলেও উপযুক্ত সুবিধা, শিক্ষা , অৰ্থ আৰু বজাৰৰ অভাৱ বাবেই আগবাঢ়়িব পৰা নাই৷  কেঁথা চিলাই কৰাৰ জড়িয়তে চৰ অঞ্চলত অৰ্থনৈতিক বিপ্লৱ সুচনা এতিয়ালৈকে হৈ উঠা নাই , যদিও আশাৰ কিৰণ এটি দেখা গৈছে৷সেই কিৰণটি আনঞ্জুৱাৰা মল্লা  মঞ্জুৱাৰা মল্লাই কিছু মহিলাক লগত লৈ কেঁথাক ব্যৱসায়ীক ভিত্তিত ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিবলৈ সক্ষম হৈছে৷ বজাৰৰ বাবে তেওঁ Amrapari  নামৰ ৱেবচাইট এটা খুলিছে ৷এই ক্ষেত্ৰত আমি আশা কৰিব পাৰি তেওঁ কেঁথাক ব্যৱসায়ীকভাৱে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিব আৰু চৰ অঞ্চলত অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিব৷