Posts

Showing posts from April, 2021

অণ্বেষণ

Image
  অণ্বেষণ ঘূৰ্ণীবতাহৰ মাজত ঘূৰি ঘূৰি আমি আমাক হেৰুৱাই পেলাইছো নিৰ্ঘূম চহৰৰ কোনো এক ব্যস্ত গলিত য'ত  চুনামীৰ আঘাতত সদায় ভাঙি পৰে অট্টালিকাবোৰ সৰি পৰা নক্ষত্ৰবোৰৰ উচুপনিত বিমান বন্দৰবোৰো জহি খহি পৰে আৰু আমি বৃত্ত এটাৰ মাজত পাকঘূৰনি খাই থাকো আন্ধকাৰত পৰস্পৰে পৰস্পৰক বিচৰাৰ ব্যৰ্থ চেষ্টা কৰোঁ সৌৰজগতত ঈশ্বৰ কণা বিচৰাৰ দৰে আমিও নিজৰ অণ্বেষণ কৰো বলা নানা ৰঙী চোলাবোৰ খুলি থৈ শিশুৰ দৰে নগ্ন  হৈ খালী ভৰিৰে আগবাঢ়িম আমি বহু বছৰ আগতে আমি আমাক য'ত হেৰুৱাই থৈ আহিছো তাত নৈখন এতিয়াও বৈ আছে তাত আজিও নৈৰ বুকুত সংগোপনে নামি আহে জোনাক নৈয়েও বেপৰোৱা হৈ জোনাক গুজি লয় বুকুত যাৰ বাবেই নৈৰ বদনাম এটা আছে মই নৈ হৈ যাও যদি তুমি জোন হৈ নামি আহিবানে? নালাগে দিয়া , তুমি অৰণ্য হ'বা তোমাৰ আঙুলিবোৰ পথাৰত মেলি ধৰিবা আঙুলিবোৰত পোখা মেলিব , বৃক্ষ হ'ব , অৰণ্য হ'ব মই পাহাৰীয়া নৈ এখন হৈ নামি আহিম এসময়ত আমি আদিম হৈ যাম উভতি অহাৰ বাটবোৰ শেলুৱৈয়ে ধৰিব তাৰ পৰাই অৰণ্যৰ শিপা মেলি দিম তীখাৰ চহৰলৈ শিপা খামোচি উজাই আহিব উত্তৰ প্ৰজন্ম ।। .

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

Image
সামাজিক মূল্যবোধৰ আধাৰত সামাজত তিনিধৰণৰ শ্ৰেণী বিভাজন আছে ৷ সেয়া হৈছে ধনী শ্ৰেণী, মধ্যবিত্ত শ্ৰেণী আৰু দৰিদ্ৰ শ্ৰেণী ৷ সেইদৰে সামাজিক নেতৃত্বৰ ক্ষেত্ৰতো তিনিধৰণৰ শ্ৰেণীৰ মানুহ আছে ৷ প্ৰথম শ্ৰেণীটো নেতৃত্বকাৰী , দ্বিতীয়টোয়ে অনুসৰণ কাৰী আৰু নিৰপেক্ষ ৷ প্ৰথম শ্ৰেণীটোয়ে নেতৃত্বপ্ৰদান কৰে , দ্বিতীয়টোয়ে অনুসৰণ কৰে আনটো অৰ্থাৎ তৃতীয়টো নেতৃত্বও নকৰে আৰু অনুসৰণো নকৰে , মাত্ৰ জীয়াই থাকিবলৈ সংগ্ৰাম কৰে ৷ অৱশ্যে এই শ্ৰণীটোৱে পৰিস্থিতি অনুযায়ী অনুসৰণো কৰিব পাৰে ৷ নেতৃত্বপ্ৰদানকাৰী শ্ৰেণী হিচাপে জীৱন যাপন কৰাটো গৌৰৱৰ কথা , সেইবাবে এইটোও নহয় যে অনুসৰণকাৰী শ্ৰেণী হৈ থকাটো লাজৰ কথা ৷ এয়া ভৱাটো অনৰ্থক মাথোঁ, কিয়নো এজন ভাল অনুসৰণকাৰীয়ে এজন উৎকৃষ্ট নেতৃত্ব প্ৰদানকাৰী হ’ব পাৰে ৷ সাধাৰণতে এজন বুদ্ধিমান মানুহে প্ৰথমে অনুসৰণ কৰে , তাৰ পৰা ভাল বেয়া বিশ্লেষণ কৰি চায় , তাৰ পিছতহে ভাল গুণবোৰ গ্ৰহণ কৰে আৰু এটা সময়ত উৎকৃষ্ট নেতৃত্ব প্ৰদানকাৰী হৈ উঠে ৷ অনুসৰণ নকৰা কোনো মানুহ উৎকৃষ্ট নেতৃত্ব প্ৰদানকাৰী হ’ব নোৱাৰে ৷ এয়াও সত্য যে সকলো অনুসৰণকাৰীয়ে নেতৃত্বপ্ৰদানকাৰী শ্ৰেণীৰ সমকক্ষ হ’ব নোৱাৰে ৷ নেতৃত্ব প্ৰদান কৰিবলৈ সেই

নেতা

Image
  1 নিৰ্বাচন আহিলেই নেতা ওলায় পিন্ধনত বগা পাঞ্জাৱী- পায়জামা মূৰত গান্ধী টুপি টুপিটো পিন্ধিয়েই একো একোজন মহাত্মা গান্ধী হৈ পৰে টুপিৰে ঢাকে মাজৰাতিৰ অন্ধকাৰ । 2 পূৰ্বপুৰুষৰ হাড়েৰে বনোৱা হাৱামিঠাই বিলাই দিয়ে সভাবোৰত হাতে হাতে হাৱামিঠাই পাই আমি আদিম যুগৰ কেচুৱা হৈ পৰোঁ। 3 নিশাগ্ৰস্থ হৈ থকা আমাৰ বদ অভ্যাস নিশাৰ বাবেই বিবেক বন্ধকত থৈ দিও আমাৰ মগজুৰোৰ বাকচত ভৰাই চিল মোহৰ মাৰি থোৱা হয় । 4 ন্যায়ৰ দেৱীৰ দৰে চকুত কলা কাপোৰ বান্ধি আমি গণতন্ত্ৰ প্ৰতিষ্ঠা কৰোঁ আৰু নেতাবোৰে সত্যৰ আচ্ছাদন খুলি থৈ ৰাইজৰ সেৱক হোৱাৰ শপতগ্ৰহণ কৰে । 5 দিনটো অধিশ্বৰৰ অভিনয় কৰি যেতিয়া নেতাই ঘৰলৈ ওভতে তেতিয়া নিজৰ সতে সাক্ষাৎ কৰি নিজৰে সমীক্ষা পাতে নে কেতিয়াবা নে টক শ্বৰ দৰে চিঞৰে নিজৰ সতে? 6 দেউতা , দেউতা বুলি ল'ৰা -ছোৱালীহাল কাষলৈ আহিলে সিহঁতক অৰণ্য এখন উপহাৰ দিয়াৰ কথা ভাবেনে বাৰু নে মৰুভূমিত উট দিয়াৰ পৰিকল্পনা কৰে ? 7 নেতাই ভাত এগৰাহ মুখত দিওতে জনতাৰ ভোকবোৰ ওলমি থকা দেখি পেটৰ ভোকবোৰ গুচি যায়নে ? নে মৃত্যুমুখি চিঞৰবোৰক হাড় চোবোৱাৰ দৰে চোবাই গিলি দিয়ে ? 8 ঘৈণিয়েকে ৰুটিখন দিওতে যেতিয়া ভাৰতৰ মেপখন স্পষ্ট হৈ উঠে তেতিয়া কি ভা