Posts

Showing posts from March, 2020

প্ৰেম পত্ৰ ৭

Image
২৫ সাগৰৰ উত্তাল ঢৌবোৰৰ মাজতো আছে নিৰ্জন দ্বীপ নিৰ্জনতাই প্ৰেমৰ স্বৰলিপি আৱৰায় নিৰ্জনতাৰ মাজতে বাজি থাকে অনুভৱৰ বৰ্ণিল আৱাহন৷ ২৬ তেজত লাগি থকা দুখৰ চেকালৈ নিতে খোজ কাঢ়ো সুখৰ চহৰ বিচাৰি সুখৰ চহৰত মৰিচিকাৰ দাপোন দাপোনৰ মাজতে দেখো ধূষৰিত চহৰৰ দুৱাৰ৷ ২৭ চিনাকী সুবাহৰ আঙুলিত ধৰি সোমাই যাওঁ তোমাৰ চহৰত নীল চৰাইৰ মাতত সাৰ পোৱা চহৰৰ চৌদিশে দেখোন প্ৰেমৰ দিগন্ত আহানা দিগন্তত ঘৰ এটি সাজো তোমাৰ মোৰ৷ ২৮ খিৰকীৰ ফাকেৰেই দেখিলোঁ এচুকত নীলা ঘা এটি আকাশে চুমাৰে  সাগৰৰ নীলাবোৰ চুহি লোৱাৰ দৰে ময়ো ওঁঠেৰে চুহি লওঁনে নীলাত্ব? ২৯ দুখবোৰকে মোক দিয়া দুখৰ সতেই উৎযাপন কৰোঁ ৰাতি দুখৰ দাহনতেই বাঁহী বজাবা মই স্বপ্নৰ  আলোক জ্বলাও........