Posts

Showing posts from April, 2020

#ডায়েবেটিছ_আৰু_ইফতাৰ_২(#diabetes and efter)

Image
#ডায়েবেটিছ_আৰু_ইফতাৰ_২ ✍️ ডাঃ জাহিদ আহমেদ মুছলমান সকলৰ অন্যতম পবিত্ৰ মাহ ৰমজান, এই মাহত সম্পূৰ্ণ দিনটো ৰোজা (ছিয়াম) পালন কৰি সন্ধিয়া ইফতাৰৰ সময়ত আমি পৃথিৱীৰ সমস্ত খাদ্য বস্তুৱেই যেনে মূহুৰ্ততে খাই পেলাম এনেকুৱা এটা ভোকাতুৰ মানসিক অৱস্থা হয়গৈ। সেয়ে ধনী দুখীয়া সকলোৱে কমছেকম ইফতাৰৰ সময়ত যথাসম্ভৱ সুস্বাদু খাদ্য বস্তুৰ যোগাৰ কৰিবলৈ কেতিয়াও কৃপনালি নকৰে। কিন্তু ইফতাৰৰ নামত যিকোনো সুস্বাদু আৰু লোভনীয় খাদ্য খাবলৈ যোৱাৰ আগতে নিজৰ স্বাস্থ্যৰ ফালে লক্ষ্য কৰিবলৈ পাহৰিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা থাকিব। স্বাস্থ্যৱান মানুহ এজনে ইফতাৰৰ সময়ত সুস্বাদু খাদ্য গ্ৰহণ কৰোঁতে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই যদিও ডায়েবেটিজ বেমাৰত ভূগি থকা মানুহৰ কাৰণে ইফতাৰৰ সময়ত বহু চিন্তা কৰিবলগীয়া আছে। মই কোনো ডায়েবেটিজ বেমাৰৰ বিশেষজ্ঞ নহয় তথাপিও এটা কথা সদায় সকলোকে কওঁ যে ডায়েবেটিজ বেমাৰত ভূগি থকা মানুহে ৰোজা ৰাখিবলৈ ইচ্ছা কৰিলে সদায় এজন বিশেষজ্ঞ চিকিৎসকৰ লগত আলোচনা কৰিহে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী ৰোজা ৰাখিব। আৰু যদি আপুনি নিয়মিত ইনছুলিন লৈ আছে তেতিয়াহলে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ তো কেতিয়াও ৰোজা নাৰাখিব। আমি যে

#ছেহৰি(#seheri)_খাদ্য_সম্ভাৰ

Image
#ছেহৰি_খাদ্য_সম্ভাৰ           ✍️ ডাঃ জাহিদ আহমেদ       ইছলাম ধৰ্মাৱলম্বী মানুহৰ বাবে পবিত্ৰ ৰমজান মাহত ছেহৰি আৰু ইফতাৰ দুটা অতি গুৰুত্বপূৰ্ণ সময় আৰু এই সময়ত তেওঁলোকে উৎকৃষ্ট মানৰ খাদ্য বস্তু খোৱাৰ হাবিয়াস কৰে। ইয়াৰে সৰহ সংখ্যক মুছলমানে অকল ইফতাৰৰ খাদ্য বস্তুৰ ওপৰত খুব গুৰুত্ব দিয়া পৰিলক্ষিত হয় কিন্তু ছেহৰিত কি খাব লাগে, কি খাব নালাগে, কি খালে দিনটো সুস্থ সবল আৰু সুকলমে পাৰ কৰিব পাৰি সেই বিষয়ে খুব কমেইহে গুৰুত্ব প্ৰদান কৰে যাৰ কাৰণে গৰমৰ দিনৰ দীঘলীয়া ৰোজা পালন কৰোতে বহুতেই স্বাস্থ্যজনিত বিভিন্ন সমস্যাৰ সন্মুখীন হয়। ৰমজান মাহেই হওক বা অন্য মাহ, খাদ্য বস্তু সদায় নিজৰ স্বাস্থ্য আৰু ঋতুৰ লগত সংগতি ৰাখি নিৰ্বাচন কৰিব লাগে যদিও আমি ইয়াত সাধাৰণীকৰণ কৰি ছেহৰিৰ খাদ্য তালিকাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম।         ছেহৰি বাবে খাদ্য নিৰ্বাচন কৰোতে এটা গুৰুত্বপূৰ্ণ কথা মন কৰিব লগীয়া যে এই সময়ত খুব গুৰু খাদ্য (heavy meal) খাব নালাগে কাৰণ গুৰু আহাৰ খালে পাকস্থলীত হজম হওঁতে যথেষ্ট চাপ পৰে, ঠিকমতে হজম নহয়, পাকস্থলী গৰম হৈ উঠে, বদহজম, গেছ, টেঙা উগাৰ, বমিৰ ভাৱ আদি সমস্যাৰ সৃষ্টি হয় আৰু সেই কাৰণ

#কৰোণা(#covid-19) আৰু কিছু ইতিবাচক চিন্তা

Image
বৰ্তমান সমগ্ৰ বিশ্বই কোভিদ-১৯ মহামাৰীৰ সতে যুঁজি আছে।মৃত্যুৰ সংহাৰত বিশ্বই চকুলো টুকিছে।সকলোৱে মানৱ সভ্যতাক ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থণাৰত। কোনেও কাৰো বিৰুদ্ধে মাত মতা নাই।এনেকি আমেৰিকাৰ দৰে শক্তিশালী দেশে চিৰবৈৰী চীনৰ সৈতে মত বিনিময় কৰিছে।যদিও গোটেই বিশ্বত বিয়পি পৰিছে -চীনে এই ভাইৰাচবিধ আবিষ্কাৰ কৰিছিল ৰাসায়নিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ। তথাপিও এই সময়ত বিশ্বৰ বিভিন্ন দেশে ঐক্যবদ্ধভাবে কোভিদ-১৯ সৈতে যুঁজ দিছে। ডক্টৰবোৰেও নিজৰ জীৱন সংকটত ৰাখি চিকিৎসা কৰি আছে।সিহঁতে বিচাৰ কৰা নাই ক'ৰ পৰা বেমাৰী আহিল,কোন জাতিৰ,কোন ধৰ্মৰ।সিহঁতে মানৱীয় ধৰ্ম পালন কৰি আছে। নিৰাপত্তা বাহিনীয়েও একে কাম কৰি আছে, অথচ আমি ঘৰত বহি বহি সাম্প্ৰদায়িকতা বিয়পাই আছোঁ‌। কৰোণা পজিটিভ ওলোৱা ভাৰতৰ প্ৰথমগৰাকী ব্যক্তি আছিল কনিকা কাপুৰ।বহুতেই দুখ প্ৰকাশ কৰিছে,সমবেদনা প্ৰ্কাশ কৰিছে,লগতে সংবাদ মতে তাইৰ পাৰ্টিত থকা পাঁ‌চ শ লোকৰ যাতে এই ভাইৰাছ বিয়পি নাযায় তাৰ বাবে প্ৰাৰ্থনা কৰিছোঁ‌ সকলোৱে। উত্তৰ পূৱৰ এজনীও ধৰা পৰাতেও দুখ প্ৰ্কাশ কৰিছোঁ‌। এয়াই আমাৰ মানৱতা।সকলো ঠিকে চলিল।ভাইৰাচ অহাৰ পিছতে ইমানদিনে চলি থকা

মৃত্যু(mirtyu)

Image
আদিমতাৰ পৰা উত্তৰ আধুনিকতা লৈ বান্ধি থোৱা সুতাডালৰ নামেই ভাইৰাচ এক নাবিকৰ দৰেই সূৰ্য তাৰ সাক্ষী হৈ গুচি যায় বিজাণুবোৰ উৰি আহি পৰে আমাৰ চকু মুখ আত্মাত ভাইৰাচে আমাক সেইদিনাই গ্ৰাস কৰিছিল যিদিনা আত্মাক অন্ধকাৰ পোতশালত কোনোবাই বান্ধি থোৱা আৰম্ভ কৰিছিল অথচ আমি সকলোৱে দেহৰ অস্ত্ৰপ্ৰচাৰ কৰি ফুৰিলো আমাৰ তেতিয়াই মৃত্যু হৈছিল যি মুহূৰ্তত আমাৰ সন্মুখত অনাহাৰী শিশু এটিয়ে শেষ নিশ্বাস এৰিছিল অথচ আমি মানৱতাৰ গীত গাই আছিলো 'মানুহে মানুহৰ বাবে যদিহে অকনো নেভাবে কোনেনো ভাবিব কোৱা . . . . .। পৃথিৱীৰ তেতিয়াই মৃত্যু হৈছিল যেতিয়া প্ৰৱল ভূমিকম্পত পৃথিৱী জহি খহি যোৱা আৰম্ভ কৰিছিল অথচ আমি মিলনত ব্যস্থ হৈ থাকিলোঁ মানুহবোৰে মানৱতা তেতিয়াই হেৰুৱাছিল যিদিনা প্ৰথম মাতৃএগৰাকীয়ে বৃদ্ধাশ্ৰমত ভৰি দিছিল অথচ ঘৰে ঘৰে শুই নিচুকনি গীত গাই থাকিলোঁ‌ 'আমাৰে মইনা শুব এ বাৰীতে বগৰী ৰুব এ' ধৰ্ম তেতিয়াই ধ্বংস হৈছিল যিদিনাই ধৰ্মৰ নামত প্ৰথমটো হত্যা হৈছিল অথচ আমি মন্দিৰ,মছজিদ,গিৰ্জা ঘৰবোৰত উচ্চ স্বৰত প্ৰাৰ্থনা গীত গাই থাকিলোঁ‌ কবিবোৰৰ তেতিয়াই মৃত্যু হৈছিল যিদিনা প্ৰথমজন কবিয়ে চিৎকাৰ