Posts

Showing posts from October, 2019

ৰ'দৰ ফুল

Image
ৰ'দৰ ফুল বুকুত বান্ধি জমি থকা ছাই বৰ্ণ  অম্বু বৰফাবৃত হিমালয় কিমান উদ্ভাসিত কৰিবা  ভাগ্যচক্ৰ হে বগা মৃগযূত উঠি উশাহ লোৱা। অপৰিমেয় বিলাপৰ বোজা সাগৰত দলিয়াই দি চক্ষুপল্লৱত আৰিয়া বান্ধি শৃংগমালা  বগাই হাঁকোটিৰে পাৰি আনা অমানিশাৰ দিব্য দিনমণি ।

গ্ৰহণ

Image
                        চৌদিশৰ পৰা পৃথিৱীক কলা ৰঙে চানি ধৰিছে৷ বেলিৰ পোহৰক কোনো দানৱে গিলি থৈছে যেন লাগিছে৷ গুল চাহেৰা আন্ধকাৰ কোঠা এটাত চটফটাই আছে৷সৈনিক পত্নী গুল চাহেৰা,কিন্তু এতিয়া তাইক সৈনিক পত্নী বুলি নকয়৷মানুহে বিধৱা বুলি মাতে৷ গুল চাহেৰাৰ ঘৰ পাহাৰেৰে আৱৰি ৰখা এখন ভিতৰুৱা অঞ্চলত৷ ৰাজআলিৰ পৰা বহুদূৰ কষ্ট কৰি খোজ কাঢ়ি যাব লাগে৷যি সকলৰ নিজা বাহন আছে সেই সকলৰ কথা বেলেগ৷ গাঁওখনৰ পৰা তিনি কিলমিটাৰমান দুৰত এখন বজাৰ আছে৷ অঞ্চলটোৰ প্ৰায়ভাগেই কৃষিজীৱি৷তাৰ মাজতে কিছুমান চাকৰিজীবি যদিও শিক্ষক শিক্ষয়েত্ৰিৰ বাহিৰে প্ৰায়ভাগেই বাহিৰত থাকি চাকৰি কৰে৷ অঞ্চলটোত শিক্ষাৰ প্ৰভাৱ পৰিলেও এতিয়ালৈকে শিক্ষাৰ পোহৰে সকলোৰে মন পোহৰাই তুলিব পৰা নাই৷ কিছুমানে পাহাৰৰ দাতিত সুবিধাজনক ঘৰ সাজি লৈছে৷ কিছুমানে পাহাৰৰ পৰা কিছু দূৰত ঘৰ সাজি পাহাৰৰ দাতিত খেতি কৰিবৰ বাবে ঠিক কৰি লৈছে৷ পাহাৰৰ নামনিত খেতিৰ উপযোগী কৰিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়৷ পাহাৰীয়া ঠাইবোৰ খেতি উপয়োগী কৰিবলৈ দ’কৈ খান্দি ল’বলগীয়া হয়৷ পাহাৰৰ একেবাৰে দাতিত থকা পথাৰবোৰৰ বিশেষ অসুবিধা হ’ল পথাৰৰ শস্য হ’লেই বান্দৰৰ উপদ্ৰৱ৷ পাহাৰৰ গছ বন কটাৰ ফলত আৰ

সৰ্বপল্লী ৰাধাকৃষ্ণণ

Image
সৰ্বপল্লী ৰাধাকৃষ্ণণ এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আছিল(১৯৫২-১৯৬২)। পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল। শিক্ষাজীৱন :- ৰাধাকৃষ্ণণৰ ৮ বছৰ বয়স হোৱালৈকে তেওঁ পিতৃ-মাতৃৰ তত্বাৱধানত থাকি শিক্ষা লয়। ইয়াৰ পিছত ১৮৯৬ চনত তেওঁক তিৰুপট্ট‍িৰ 'লুথেৰান মিছন' স্কুললৈ পঠোৱা হয়। প্ৰাথমিক শিক্ষা সমাপ্ত হোৱাৰ পিছত ১৮৯৬ চনত তিৰুপট্টতি‍ চহৰৰ 'হাৰ্মান্সবাৰ্গ ইভান্‌জে‍লিকেল লুথাৰেল মিশ্যন' স্কুলত নামভৰ্ত্তি কৰে আৰু ক্ৰমাৎ শিক্ষাজীৱন আগবঢ়াই নিয়ে। ছাত্র হিচাপে ৰাধাকৃষ্ণণ অতি মেধাৱী আছিল। পঢ়ি থকা সময়ছোৱাত প্ৰতিবাৰতে বৃত্তি পাবলৈও সক্ষম হৈছিল। দুখীয়া পৰিয়ালৰ আছিল বাবে সেই বৃত্তিৰ পৰা পোৱা মাননীকেইটাৰেই নিজৰ শিক্ষাৰ ক্ষেত্ৰৰ প্ৰয়োজনসমূহ নিজে পূৰাই ল'বলৈ চেষ্টা কৰিছিল। ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে এই শিক্ষানুষ্ঠানত থকাৰ পিছত ৰাধাকৃষ্ণণে ১৯০০ চনৰ পৰা ১৯০৪ লৈ ভেলোৰ কলেজ আৰু ১৯০৪ ৰ পৰা ১৯০৮ চনলৈ মা

Importance of Salah according to Quran and Hadith | Second pillar of Islam

Image
Salah is the second pillar of Islam after Shahadah (Faith). Muslims are required to pray five times a day. Being a Muslim it is obligatory on us to offer Salah five times daily. The prayers spread throughout the day at dawn, around noon, afternoon, sunset and in the evening. Salah has to be offered at the specific times mentioned above. Salah establish a direct relation of the believer to the creator Almighty Allah.  When Muslim prays no matter alone or in the congregation, they are standing in front of Allah Almighty without any discrimination.  When Muslims pray in the congregation they all stand together and at that time all are equal no matter how rich or poor is the one. Muslims start their day by cleaning themselves and then standing before their Lord Allah Almighty in prayer. The prayers or Salah consists of recitations from the Quran in Arabic and a sequence of movements like standing, bowing, prostrating, and sitting. All recitations and movements express submissi