সৰ্বপল্লী ৰাধাকৃষ্ণণ
সৰ্বপল্লী ৰাধাকৃষ্ণণ এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আছিল(১৯৫২-১৯৬২)। পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল।
শিক্ষাজীৱন :- ৰাধাকৃষ্ণণৰ ৮ বছৰ বয়স হোৱালৈকে তেওঁ পিতৃ-মাতৃৰ তত্বাৱধানত থাকি শিক্ষা লয়। ইয়াৰ পিছত ১৮৯৬ চনত তেওঁক তিৰুপট্টিৰ 'লুথেৰান মিছন' স্কুললৈ পঠোৱা হয়। প্ৰাথমিক শিক্ষা সমাপ্ত হোৱাৰ পিছত ১৮৯৬ চনত তিৰুপট্টতি চহৰৰ 'হাৰ্মান্সবাৰ্গ ইভান্জেলিকেল লুথাৰেল মিশ্যন' স্কুলত নামভৰ্ত্তি কৰে আৰু ক্ৰমাৎ শিক্ষাজীৱন আগবঢ়াই নিয়ে। ছাত্র হিচাপে ৰাধাকৃষ্ণণ অতি মেধাৱী আছিল। পঢ়ি থকা সময়ছোৱাত প্ৰতিবাৰতে বৃত্তি পাবলৈও সক্ষম হৈছিল। দুখীয়া পৰিয়ালৰ আছিল বাবে সেই বৃত্তিৰ পৰা পোৱা মাননীকেইটাৰেই নিজৰ শিক্ষাৰ ক্ষেত্ৰৰ প্ৰয়োজনসমূহ নিজে পূৰাই ল'বলৈ চেষ্টা কৰিছিল। ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে এই শিক্ষানুষ্ঠানত থকাৰ পিছত ৰাধাকৃষ্ণণে ১৯০০ চনৰ পৰা ১৯০৪ লৈ ভেলোৰ কলেজ আৰু ১৯০৪ ৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে। আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ সমগ্ৰ কালছোৱা ৰাধাকৃষ্ণণে অতিবাহিত কৰে খ্ৰীষ্টিয়ান মিশ্যনেৰিসকলৰ মাজত। মিশ্যনেৰিসকলৰ দ্বাৰা পৰিচালিত এই শিক্ষানুষ্ঠানসমূহৰ কটকটীয়া নীতি-নিয়ম আৰু উচ্চ মানৰ শিক্ষাদানৰ মাজত ৰাধাকৃষ্ণণ ডাঙৰ হৈছিল। ৰাধাকৃষ্ণণৰ চৰিত্ৰ গঠনত তেওঁৰ পিতৃ-মাতৃৰ দৃষ্টিভংগীৰ প্ৰসাৰতায়ো যথেষ্ট অৰিহণা যোগাইছিল। সকলো ধৰণৰ অন্ধ সংস্কাৰৰ পৰা মুক্ত চমাইয়া পৰিয়ালে কোনো অপবাদলৈ ভয় নকৰি শিক্ষাগ্ৰহণৰ বাবে ৰাধাকৃষ্ণণক খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈ পঠোৱাটো সেই সময়ত অন্যান্য নিষ্ঠাবান ব্ৰাক্ষ্মণ পৰিয়ালসমূহৰ সন্তানসকলৰ ক্ষেত্ৰত প্ৰায় অসম্ভৱ কাৰ্য আছিল। বি.এ.পাঠ্যক্ৰমত গণিত, পদাৰ্থ বিজ্ঞান, ইতিহাস, জীৱবিদ্যা আৰু দৰ্শন - এইকেইটা বিষয়ৰ কোনটোক তেওঁ ‘অনাৰ্ছ’বিষয় হিচাপে ল’ব, তাক লৈ ৰাধাকৃষ্ণণ কিছু দোমোজাত পৰে। এনে সময়তে সেই কলেজৰ পৰাই ‘দৰ্শন’ত অ’নাৰ্ছ সহকাৰে পাছ কৰি ওলোৱা তেওঁৰ এজন সম্বন্ধীয় ককায়েকে ৰাধাকৃষ্ণণক কেইখনমান দৰ্শনৰ কিতাপ পঢ়িবলৈ দিয়ে। এই কিতাপকেইখনে তেওঁৰ ওপৰত যি প্ৰভাৱ পেলায়, তাৰ পৰিণতিত তেওঁ দৰ্শনতে ‘অনাৰ্ছ’ লোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ লগতে তেওঁ সংস্কৃত আৰু হিন্দী ভাষাও পঢ়িবলৈ লয়। কলেজীয়া শিক্ষা শেষ কৰাৰ পূৰ্বেই তেওঁ আটাইকেইখন বেদ আৰু উপনিষদ সম্পূৰ্ণৰূপে অধ্যয়ন কৰে। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা এম.এ. ডিগ্ৰীৰ বাবে যুগুত কৰা ৰাধাকৃষ্ণণৰ গৱেষণা-গ্ৰন্থ (Thesis)- ‘The Ethics of the Vedanta and its Material Presuppositon’, দৰ্শন সম্পৰ্কীয় তেওঁৰ প্ৰথম গ্ৰন্থ হিচাপে ১৯০৮ চনত প্ৰকাশ পায়। সেই সময়ত ৰাধাকৃষ্ণণৰ মাত্ৰ কুৰি বছৰ বয়স। কিন্তু সেই বয়সতে ৰচিত তেওঁৰ এই গ্ৰন্থত ৰাধাকৃষ্ণণৰ দাৰ্শনিক চিন্তাৰ যি গভীৰতা পৰিলক্ষিত হয়, তাৰ মাজতেই দেখিবলৈ পোৱা যায় পৰৱৰ্তী কালৰ মহান দাৰ্শনিকজনকো।
কৰ্মজীৱন :- ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণে কৰ্মজীৱনৰ পাতনি মেলে এগৰাকী অধ্যাপক হিচাপে। ১৯০৯ চনৰ এপ্ৰিল মাহত মাদ্ৰাজৰ ‘প্ৰেচিডেন্সী কলেজ’ত অধ্যাপনা কৰি ছাত্র-ছাত্ৰীসকলৰ মাজত শিক্ষাৰ জ্যোতি বিলাবলৈ ধৰে। তাৰপিছত ১৮১৮ চনত মহীশূৰ বিশ্ববিদ্যালয়ে তেখেতক দৰ্শন বিষয়ৰ অধ্যাপক হিচাপে নিযুক্তি দিয়ে। নিজৰ মেধা গুণৰ বলত খুব সোনকালেই নিজৰ কৰ্মজীৱনত আগবাঢ়ি যাবলৈ সক্ষম হয়। তিনিবছৰ ‘মহীশূৰ বিশ্ববিদ্যালয়’ত অধ্যাপনা কৰাৰ পিছতেই ‘কলিকতা বিশ্ববিদ্যালয়'ৰ আমন্ত্ৰণক্ৰমে তেখেত দৰ্শন বিভাগৰ ‘King George V’ আসনৰ ‘Mental and Moral Science’ বিষয়ত যোগদান কৰে। কৰ্মজীৱনৰ এই সময়ছোৱাতেই তেখেতৰ বিভিন্ন বিষয়ক কেইবাটাও প্ৰবন্ধ প্ৰকাশ হৈ ওলাইছিল। ১৯২৯ চনত অধ্যাপনাৰ বাবে তেখেতে নতুনকৈ আমন্ত্ৰণ পাইছিল ‘মান্চেষ্টাৰ’ কলেজত। ইয়াত অধ্যাপনা কৰি থকা কালছোৱাতে তেখেতে 'অক্সফ'ৰ্ড বিশ্ববিদ্যালয়'ৰ ছাত্র-ছাত্ৰীসকলক পঢ়াবলৈ সুযোগ পায়। ১৯৩১ চনৰ পৰা ১৯৩৬ চনলৈকে ড° ৰাধাকৃষ্ণণে 'অন্ধ্ৰ বিশ্ববিদ্যালয়'ৰ উপাচাৰ্যৰূপে কাৰ্যনিৰ্বাহ কৰে। অহৰহ শিক্ষাজগতখনৰ সৈতে জড়িত হৈ থকা এইগৰাকী ভাৰতীয় দাৰ্শনিকে ১৯৩৯ চনৰ পৰা ভাৰত স্বাধীন হোৱা কাললৈকে 'বেনাৰস হিন্দু বিশ্ববিদ্যালয়’ৰ উপাচাৰ্য হিচাপে থাকি শিক্ষা বিলাই যায়।
তেখেতে পোৱা এৱাৰ্ড সমূহ হ’ল- ‘ভাৰত ৰত্ন’‘ওৰ্ডাৰ মেৰিট’‘ আদি