Posts

Showing posts from February, 2019

নিষিদ্ধ প্ৰেম

Image
ঘড়ীয়ে টিং টিং টিং কৈ ৰাতি দহটা বজাৰ সংকেত দিলে৷ বাহিৰত ধুমুহা বৰষুণৰ আগজাননি দি বতাহজাকে বাৰ বাৰ খিৰকীত কোবাই গৈছে৷ খিৰিকীৰ কব্জাবোৰ বাৰ বাৰ কেৰকেৰাই উঠিছে৷ আনদিনা হ’লে জিয়াই ভয়ত প্ৰথমে খিৰিকী বন্ধ কৰি ললেঁহেতেন৷ আজি জিয়াৰ সেইফালে ধ্যান নাই ৷ জিয়াই গাৰুত মূৰ গুজি শুই আছে৷ আবেলিৰ পৰা তেনেকৈয়ে আছে৷ জিয়াই গুৱাহাটী কটন কলেজৰ ছাত্ৰী৷ ঘৰ ধুবুৰীত৷ জিয়াৰ দেউতাক এজন শিক্ষক৷ জিয়া পঢ়া শুনাত বৰ ভাল৷ হায়াৰ চেকেণ্ডাৰীত ৯০% পাই উত্তীৰ্ণ হৈছে৷ ডাঙৰ পৰিয়াল চলোৱা দেতাকৰ এটা চাকৰিৰ টকাৰে ডক্টৰ, ইঞ্জিনিয়ৰ আদি পঢ়াতকৈ চাইঞ্চত অনাৰ্চলৈ পঢ়াই ভাল বুলি গুৱাহাটী ঢাপলি মেলিলে৷ প্ৰায় তিনিবছৰে হ’ল জিয়াই ঘৰ এৰি এই হোষ্টেলত থকা৷ জিয়া বৰ ভাবুক ধৰণৰ, অমায়িক৷ কথাও খুব কম কয়৷ প্ৰয়োজনত কথা কয় নহলে কথা কমে কয়৷ অৱশ্যে গুৱাহাটি অহাৰ পিছত বহুখিনি পৰিবৰ্তন হৈছে৷ হোৱাটো স্বাভাৱিক৷ গুৱাহাটি মহানগৰীৰ মায়াজালত পৰিলে সকলোয়ে পৰিবৰ্তন হয়৷ এটা সময়ত মানুহৰ আগত কথা ক’বলৈ লাজ কৰা ছোৱালিজনী সকলোৰে লগত হাঁহি মাতি কথা ক’ব পৰা হ’ল৷ অকলে ক’ৰবালৈ যাব লাগিলে যাব পৰা হ’ল৷ প্ৰথমে প্ৰথমে ঘৰত যাবলৈ হ’লে দেউতাকে আহি লৈ গৈছিল৷ এতিয়া জিয়াই অকলে ঘৰল

স্বীকাৰউক্তি

Image
                  : ঐ কি হ’ল এনেকৈ বহি আছা যে? : নাই এনে কিবা ভাবি আছিলোঁ৷ : মই জানোঁ তই কি ভাবিছ ….. কৈ আগন্তুকে হাঁহিলে৷ : কি জানিলি? : তই প্ৰেমত পৰিলি, নহলেনো ইমান ভিৰৰ মাজত অকলে বহি ভাবি থাকনে? : নাই নাই মই প্ৰেমত পৰা নাই৷ কাৰোবাৰ চকুৱে আমনি কৰি আছে, কথা পাতি আছে , হাঁহি আছে৷ সেয়া প্ৰেম নে আকৰ্ষণ নে মোৰ ভুল? :চকু হ’ল মন সাগৰৰ ঢৌ, সাগৰত ঢৌ উঠিলে চকুত দেখাটো নিচ্ছিত৷ চকুয়ে কেতিয়াও মিছা কথা নকয়৷ তয়ে সুধি চা৷ : ঠিক আছে এতিয়াই গৈ কলাৰত ধৰি সুধিমগৈ ….. ধেমালিৰ সুৰত কৈ ৰিতিমাই হাঁহিলে৷ নিজে নিজে হাঁহি আগন্তুকৰ ফালে চকু ঘূৰাই চালে৷ নাই কোনো নাই , তাৰ মানে ইমান সময় ৰিতিমাই নিজৰ প্ৰতিবিম্বৰ লগতে কথা পাতি আছিল৷ : ধেৎ .. কৈ নিজৰ মূৰত হাতেৰে লাহেকৈ খুন্দা মাৰি নিজে নিজেই হাঁহিলে৷ ৰিতিমাই চাৰিওফালে ঘূৰি চালে ওচৰত কোনো নাইতো৷ নাই নাই কোনো নাই৷   বিয়াঘৰত মানুহৰে ভৰা যদিও এই ৰুমত কোনো নাই বৰ্তমান সকলোৱে বাহিৰৰ পেণ্ডেলত৷ তাইয়ো বাহিৰত ওলাল৷ বাহিৰত ওলাওতে সেই দুটি চকুয়ে আগভেটি ধৰিলে৷ এতিয়াই কথাষাৰ সুধিম বুলি মনস্তাপ লৈয়ে এখোজ দিওতেই ৰৈ গ’ল৷ ‘চকুৰ ভাষা মই কিয় পঢ়িব যাম? তাৰ চকুত