Posts

Showing posts from September, 2018

জীৱন আৰু জীৱিকাৰ সংগ্ৰামত চৰ-চাপৰিৰ নাৰীৰ জীৱনপঞ্জী

Image
নাৰী আৰু পুৰুষ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। নাৰীক বাদ দি মানৱজাতি বা সমাজ কল্পনাৰ অতীত, তথাপিও পুৰুষতান্ত্ৰিক সমাজত নাৰীৰ মূল্য একেবাৰে নিম্ন বুলি ক'লেও ভুল নহ'ব। প্ৰতিপলে পুৰুষৰ হাতত নাৰী শোষিত, নিৰ্যাতিত। অসমৰ চৰ-চাপৰিবোৰতো নাৰীৰ একেই অৱস্থা। কিছুক্ষেত্ৰত বেছিহে দেখা যায় বৈষম্য শোষণ আৰু নিৰ্যাতন। চৰ-চাপৰি কি? এয়াও হয়তো বহুতে নাজানে। চৰ হ'ল চৌপাশে পানীৰে আৱৰি থকা অলপ ওখ বালিচহীয়া ভূ-খণ্ড। সাধাৰণতে নদীৰ গতি পথ পৰিবৰ্তন হৈ কিছু অংশত বালি জমা হৈ ওখ ভূ-খণ্ডৰ সৃষ্টি হয়, সেই ভূ-খণ্ডক চৰ বুলি কোৱা হয়। আনহাতে চাপৰি বুলি কলে নৈপৰীয়া ভূ-খণ্ডবোৰক কোৱা হয়। চৰ-চাপৰিৰ মানুহৰ নৈখনক কেন্দ্র কৰিয়েই গঢ়ি উঠে চৰ-চাপৰিৰ জীৱন সংগ্রাম বা জীৱন প্ৰণালী। বালিচহীয়া ঠাইবোৰ কঠোৰ শ্ৰম আৰু সংগ্ৰামেৰে কৃষি উপযোগী কৰি কৃষি কৰাই চৰ-চাপৰিৰ মানুহৰ অন্যতম কাম। এই কৰ্মত নাৰীসকলে সমভাৱে কাম কৰে পুৰুষৰ লগত। এফালে পুষ্টিহীন শৰীৰ লৈ দিনযোৰা কৰ্মৰ সমাহাৰ আনফালে পুৰুষৰ শোষণ, চৰকাৰৰ শোষণ। চৰ-চাপৰিত দৰিদ্ৰতাই আৰু পুৰুষতান্ত্ৰিক মৌলবাদীসকলে ধৰ্মৰ দোহাই দি এনে সমাজ ব্যৱস্থা গঢ়ি তুলিছে য'ত নাৰীয়ে সেইবোৰ সহ্য ক

কবিতা - শতিকাৰ শপত

Image
সেইসকল ধ্বংসগামী যিসকলে সত্যৰ আসনত অসত্য প্ৰতিষ্ঠিত কৰি  খোজবোৰ ৰাজসিংহাসনৰ দিশে আগবঢ়ায় ৷ . শতিকাৰ শপত সেইসকল ধ্বংসগামী যিয়ে আত্মগুণ অৰ্জনৰ পৰা বিৰত থাকি মানৱতা হত্যাৰ চক্ৰান্ত কৰে  আৰু প্ৰাচুৰ্যৰ লালসাত  মাতাল হৈ থাকে ৷ . তুমি দেখিছানে  সিহঁতে শোচনাক আহাৰ দিয়া ? বা অনুভূতিক শিতানত স্থান দিয়া ? সিহঁতে গাৰুৰ তলত হেচি বিবেকক নিচুকনি নিয়ায়৷ . শতিকাৰ শপত সেইসকল ধ্বংসগামী যিয়ে যিসকল ঘৃণ্যবস্তবোৰৰ আকৰ্ষণনত অন্ধত্বক আকোৱালী লয় , জেদি পাপবোৰে  পোহৰ আগুচি ধৰে ৷ . শতিকাৰ শপত সেইসকল ধ্বংসগামী  যিসকলে ৰক্ষকৰ পদত  অধিষ্ঠিত হৈ ব্যভীচাৰ কৰে , ক্ষমতাৰ মোহাছন্নতাত পৰাভূত বিচাৰ ক্ষমতা ৷ . শতিকাৰ শপত সেইসকল ধ্বংসগামী যিয়ে. . . . . .৷