চতুৰ বুঢ়ী আৰু চোৰৰ সাধুকথা
চতুৰ বুঢ়ী আৰু চোৰৰ সাধুকথা এক দেশত আছিল এক সদাগৰ । সদাগৰৰ ঘৈনিয়েকজনী বৰ চতুৰ । এদিন সদাগৰজনে পুতেকক লগত লৈ বানিজ্য কৰিবলৈ বিদেশলৈ যায়। ঘৰত মাত্ৰ শাহু আৰু বোৱাৰী । সেই কথা এক কান দুই কান কৰি চোৰৰ কানত পৰিল।চোৰে সেই কথা শুনি ফুৰ্তি পালে। এইবাৰ মোটা অংকৰ বস্তু চোৰ কৰিব পাৰিব বুলি মনতে ভাবিলে। তেতিয়াৰ পৰাই চোৰে কেনেকৈ চোৰ কৰিব তাৰ চিন্তা আৰম্ভ কৰিলে। সদাগৰৰ ঘৰৰ চাৰিওফালে ঘোৰাফেৰা আৰম্ভ কৰি দিলে। চোৰৰ অস্বাভাৱিক চলন ফুৰন সদাগৰৰ চতুৰ ঘৈনিয়েকৰ চকুৰ পৰা সাৰি নগল। সেই দেখি শাহুৱেকে গৈ বোৱাৰীক কথাটো কলে । বোৱাৰীজনীও বৰ চতুৰ। পিছদিনা যেতিয়া চোৰে ঘৰৰ কাষেৰে যাবলৈ ধৰিলে তেতিয়া বোৱাৰীয়ে চোৰে শুনাকৈ কলে- 'মা , মই যে আপোনাক গহণা থবলৈ দিছিলোঁ , ক'ত থৈছে ? ' ' আমাৰ যে আখলৰ ছাই পেলাও , সেই ছাইৰ দমত লুকাই থৈছোঁ । কোনেও গম নাপাব। ' কথাষাৰ শুনি চোৰে বেচ আনন্দ পালে । চোৰে ৰাতিলৈ অপেক্ষা কৰি থাকিল। ৰাতিৰ আন্ধাৰ হোৱাৰ পিছত যেতিয়া মানুহবোৰ শুই পৰিছে তেতিয়া চোৰে পাকঘৰৰ পিছফালে থকা বাৰীখনত থৈ দিয়া ছাইৰ দম হাতেৰে লিৰিকি বিদাৰি তহিলং কৰিলে কিন্তু সোণ ৰূপৰ কোনো টোপলা নাপালে। সেইদিনা