Posts

Showing posts from March, 2024

দেহক সুস্থ আৰু চালৰ যৌৱন ধৰি ৰাখিবলৈ কিছু খাদ্যৰ তালিকা

আমি সদায়  সুস্থ  আৰু যৌৱনময় হৈ থাকিব বিচাৰোঁ । প্ৰকৃতিৰ নিয়ম মতে সকলোৱে বৃদ্ধ/ বৃদ্ধা হ'বই  কিন্তু আমি ইয়াৰ গতিটো নিয়ন্ত্ৰণ কৰিব পাৰি । বয়সৰ চাপ পৰা বিষয়টো পৃথিৱীৰ কোনেও হয়তো নিবিচাৰে । সকলোৱে বিচাৰে নিৰোগী সুস্থ আৰু যৌৱনময় দেহ । ইয়াৰ বাবে নিয়মিত ব্যয়ামৰ লগতে আমাৰ খাদ্যাভাস সলনি কৰা । কিছুমান খাদ্য আমি সহজতে দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পৰি যিবোৰ খালে দেহক সুস্থ আৰু যৌৱনময় কৰি ৰাখিব পাৰি । দেহক সুস্থ আৰু চালৰ যৌৱন ধৰি ৰাখিবলৈ কিছু খাদ্যৰ তালিকা- ১) খেজুৰ - খেজুৰৰ গুনাগুণৰ বিষয়ে আমি সকলোৱে অৱগত । খেজুৰত কেলছিয়াম , পটাছিয়াম , প্ৰটিন, কাৰ্বহাড্ৰেইট আদি পোৱা যায় । ইয়াৰ ওপৰিও খেজুৰে দেহৰ কোষবোৰক অক্সিজেন যোগান ধৰিব পাৰে । দেহ সুস্থ ৰাখিবলৈ প্ৰতিদিনে তিনিটা বা চাৰিটা কৈ খেজুৰ খাব ।  2) বেদেনা /ডালিম - ডালিমত যথেষ্ট পৰিমাণে আইৰণ আৰু এন্টি-অক্সডেন্ট  ভৰপূৰ । ডালিমে দেহৰ কোষবোৰক অক্সিজেন যোগান ধৰাৰ লগতে কলেজেন সৃষ্টি হোৱাত সহায় কৰে যাৰ বাবে চামৰা সদায় উজ্জ্বল আৰু যৌৱনপ্ৰাপ্ত কৰি ৰাখে ।   3) তৰমুজ- যথেষ্ট পৰিমাণৰ পানী আৰু লাইকোপেন নামৰ এন্টী-অক্সিডেণ্ট ৰে ভৰপূৰ হোৱা বাবে এই তৰমুজ

ফাগুন

 ফাগুন উদাস মুহূৰ্তৰ হালধীয়া পাতবোৰ গছকি কোনোবাই  দুৱাৰত টুকুৰিয়ালে  অনুভৱৰ উত্তাপত বাগৰ সলাই কোন বুলি সোধাত কলে 'মই ফাগুন'  খিৰিকীৰে দেখিলোঁ দুহাতত ৰঙৰ সম্ভাৰ চুলিত বহুদিনৰ ধূসৰতা ওঁ‌ঠত বৰষুণৰ তৃষ্ণা শুকান কাঁইটৰ আচোৰত ফটা -ছিটা কাপোৰ  ঈশ্বৰৰ ঘৰত প্ৰৰ্থনাৰ পিছত চকুত জ্বলি উঠা বিশ্বাসৰ দৰেই দুচকুত সম্ভাৱনাময় আবেলিৰ  পোহৰ  আচৰিতভাৱে অনুভৱ কৰিলোঁ‌ সেই পোহৰৰ উত্তাপ ৰন্ধ্ৰে ৰন্ধ্ৰে দৌৰিবলৈ ধৰিলে যন্ত্ৰণাময় অনাহুত বিহ  অন্তহীন যাদুকৰী পোহৰৰ মুগ্ধতাত এতিয়া মই বন্দী এতিয়া মোৰ  প্ৰতিবাদ অৰ্থহীন অপচয় মাত্ৰ  তেওঁ‌ দুৱাৰ খুলি সোমাই আহিল ধুমুহা গতিৰে নিজ খেয়াল খুচি মতে দুগালত ৰঙবোৰ সানি দি বেৰত আউজি থিয় হৈ নিৰন্তৰ চাই ৰ'ল মোলৈ  তেওঁ‌ৰ ওঁ‌ঠে আওৰাই গল বিপ্লৱৰ গোপন মন্ত্ৰ পাবলো নেৰুদা,গুৱেভাৰাতকৈও দুৰ্দান্ত বিপ্লৱী বিপ্লৱী মানেইতো প্ৰেমিক যুগে যুগে প্ৰেমিকবোৰেই বিপ্লৱৰ ৰঙা নিচান উৰায়  ঘৰৰ প্ৰতিটো চুকত পৰি থকা নিৰ্জনতাবোৰত বাজি উঠিল বিপ্লৱৰ শ্লোগান বিষাদৰ পখিটোয়ে সাৰ পাই উৰি থাকিল এতিয়া মোৰ বুকুৰ শস্যডৰা খুটি খুটি খাব  বিপ্লৱী ফাগুনে  উকা বেৰত আউজি ৰৈ কলাফুল ওলাই থকা ভৰি দুখনলৈ চাই আছিল