Posts

Showing posts from July, 2019

যেতিয়া মই বোকাৰ দৰে গলি সৰিছিলোঁ‌

Image
বহুযোজন বাট ভ্ৰমি থাকোতেই লগ পাইছিলোঁ তোমাক তুমি প্ৰাচীন নৌকা মই বিপাক সংশয়ত খোজ কঢ়া ক্লান্ত বাটৰুৱা যাক লৈ আহিছা সেই দ্বীপত যি গন্তব্যস্থল আছিল তোমৰ বুকুৰ ঢৌবোৰে দ্বীপৰ বাটবোৰ আবিষ্কাৰ কৰিছিল, তোমাৰ দুচকুৰ মায়াজালে সেউজীয়া পাতেৰে দলিচা সাজিছিল তাতে শুইছিলো মই অপলক নেত্ৰে চাইছিলা তুমি মই তোমাৰ চকুত দেখিছিলোঁ‌ তৰাফুলৰ আকাশ তেতিয়া দূৰণিত শৰতৰ সন্ধিয়াবোৰ জ্বলি আছিল, তোমাৰ উশাহবোৰ লতাৰ দৰে বগাইছিল মোৰ দেহত মোৰ আত্মাই শৰতৰ হালধীয়া পাতবোৰ বিসৰ্জন দিছিল সমূদ্ৰ তীৰত, তোমাৰ শৰীৰৰ ঘ্ৰাণ ছায়াঘন ৰজনীগন্ধাৰ ৰহঘৰা যাৰ উদ্দ্যশ্যে মোৰ খোজবোৰ প্ৰব্ৰজন কৰিছিল ৰহঘৰাত মোৰ চুমাবোৰ এটা এটাকৈ সৰিছিল মই দেখিছিলো চুমাবোৰত প্ৰাণ পাই উঠিছিল তোমাৰ হৃদয়ৰ কোঠাবোৰ, কোঠাবোৰে অভিবাদন জনাইছিল ক্ৰমাৎ সোমাই পৰিছিলোঁ‌ ভিতৰলৈ য'ত একাকাৰ হৈছিল ভূত ভৱিষ্যত বৰ্তমান সময়ৰ গতিও স্তব্ধ হৈছিল তোমাৰ ওঁ‌ঠত বাজি আছিল বৰষুণৰ গান যি গানত শান্ত সমাহিত হৈছিল প্ৰকৃতি আৰু মই বোকাৰ দৰে গলি সৰিছিলোঁ‌ . .. ..।

কাঠৰ দলং

Image
                ববুলৰ আজি স্কুললৈ যোৱাৰ মন একেবাৰে নাছিল৷ মাকক এৰি থৈ আজি যাব মন নাই যদিও মাকৰ মৰম সনা বুজনিত একপ্ৰকাৰ অনিচ্ছা স্বত্বেও সি সমনীয়াহঁতৰ লগত স্কুললৈ বুলি খোজ ললে৷ নৈপৰীয়া গাৱৰ লৰা বুবুল৷ লুইতৰ পাৰৰ এখন গাঁও৷গাওঁখন খৰালী কালত শুকায় আকৌ বাৰিষা কালত বানত তিতে৷ সেই গাৱৰে ল’ৰা বাবুল৷ ওচৰতে আৰু কেইবাখনো গাঁও আছে৷ গাঁওখনত ঘনে ঘনে আছে জুপুৰিবোৰ৷ গাঁও কেইখন মিলি এখন স্কুল৷ বৰ্তমান স্কুলৰ সময়ত সকলো ল’ৰা ছোৱালীবোৰ স্কুলত যোৱা দেখা যায়, যিটো কিছুদিন আগতে প্ৰত্যক্ষ নহৈছিল৷ দৰিদ্ৰ পৰিয়াল হোৱা বাবে পঢ়াৰ আগ্ৰহতকৈ দুপৰীয়া আহাৰৰ প্ৰতিহে আগ্ৰহ বেচি, তথাপিও প্ৰায়বোৰ ল’ৰা ছোৱালী স্কুললৈ আহোতে যাওতে একলগ হৈ হূলুস্থুলকৈ আগবাঢ়ি যোৱাটোও এক আনন্দ৷ এই আনন্দক কোনো আনন্দৰ লগতে ৰিজাব নোৱাৰি৷ গোটেই জীৱনতকৈ সেই সময়কণ অতুলনীয়৷ গাঁওবোৰৰ মাজেৰে কেচাঁ বাট৷বাটৰ একাষে ঘৰবোৰ আৰু আনকাষে বাটৰ তলত খেতিপথাৰ যদিও এতিয়া পানীৰে ভৰা৷   এসময়ত ইয়াত এখন নদী আছিল৷ নৈখনে গতি সলাই কিছু দূৰৈত গৈছে৷ খেতিপথাৰৰ পৰা গাঁওখন কিছু টিলা ঠাই৷ তথাপিও বানপানীৰ সময়ত গাঁওখনত পানীৰে ভৰি যায়৷ গাঁওখন পাৰহৈ অলপদূৰ আগবাঢ়ি বাটৰ দুয়োকাষে

হে উত্তৰ প্ৰজন্ম আমাক ক্ষমা কৰিবা

Image
হে উত্তৰ প্ৰজন্ম আমাক ক্ষমা কৰিবা আমালৈ কঠোৰ নহবা নকৰিবা কোনো খেদ কাৰণ, আমি সেই প্ৰ্জন্ম যাক শিকলিৰে বান্ধি থোৱা হৈছে চাবুক মৰা হৈছে আৰু . . . .! হে  উত্তৰ প্ৰজন্ম আমাক ক্ষমা কৰিবা আমালৈ কঠোৰ নহবা, কাৰণ আমাৰ মেৰুদণ্ড ভাঙি দিয়া হৈছে এতিয়া আমি মাথোঁ একো একোটি মেৰুদণ্ডহীন ছায়ামূৰ্তি ক্ৰ্মে এনেকৈয়ে বিলিনহৈ গৈ আছো ধূলিকনাৰ সতে, হে  উত্তৰ প্ৰ্জন্ম ধূলিসাৎ হোৱা দেখি বিকৰ্থনা কৰি নাহাঁ‌হিবা, যিদৰে আমাৰ কষ্টত কোনেও কন্দা নাই কষ্ট আমাৰ বাবে সন্মানহীন ঢৌত পি খোৱা মন্ত্ৰ, আমি বৰষুণত বুৰোঁ‌ ৰ'দত শুকাও শগুনে আমাৰ চকু ঘোকটে শিয়ালে ৰৈ থাকে হাড়বোৰ চেলেকিবলৈ তেজোত্তাপ বিহীন শৰীৰত নিক্ষেপ কৰে গ্ৰেণাইট, গোপনে বহন কৰো সক্ৰোধ তিক্ততা সীমাহীন বিৰক্তিয়ে ঘেৰি থাকিলেও সূৰ্যৰ দৰে ঘূৰি থাকো কৰি যাও মৰ্মঘাতী জীৱন মৰণ সংগ্ৰাম, হে  উত্তৰ প্ৰজন্ম আমাক ক্ষমা কৰিবা আমালৈ কঠোৰ নহবা,কাৰণ ন্যায্য বিচাৰৰ দাবিৰ দৌৰত আমাৰ ভৰিৰ চাল খহিছে আমাৰ কন্ঠবোৰ কাটি দিয়া হৈছে শ্বাস প্ৰশ্বাসো বন্ধকত হে  উত্তৰ প্ৰজন্ম তোমালোকৰ দৃষ্টিত বৰ্ষিত হওঁ‌ক পুন্যপ্ৰভা সেই প্ৰ্ভাৰে প্লাৱিত কৰিব