শেহতীয়া লেখা

হে উত্তৰ প্ৰজন্ম আমাক ক্ষমা কৰিবা



হে উত্তৰ প্ৰজন্ম
আমাক ক্ষমা কৰিবা
আমালৈ কঠোৰ নহবা
নকৰিবা কোনো খেদ
কাৰণ, আমি সেই প্ৰ্জন্ম
যাক শিকলিৰে বান্ধি থোৱা হৈছে
চাবুক মৰা হৈছে
আৰু . . . .!

হে  উত্তৰ প্ৰজন্ম
আমাক ক্ষমা কৰিবা
আমালৈ কঠোৰ নহবা, কাৰণ
আমাৰ মেৰুদণ্ড ভাঙি দিয়া হৈছে
এতিয়া আমি মাথোঁ
একো একোটি মেৰুদণ্ডহীন ছায়ামূৰ্তি
ক্ৰ্মে এনেকৈয়ে বিলিনহৈ
গৈ আছো ধূলিকনাৰ সতে,

হে  উত্তৰ প্ৰ্জন্ম
ধূলিসাৎ হোৱা দেখি
বিকৰ্থনা কৰি নাহাঁ‌হিবা,
যিদৰে আমাৰ কষ্টত কোনেও কন্দা নাই
কষ্ট আমাৰ বাবে
সন্মানহীন ঢৌত পি খোৱা মন্ত্ৰ,

আমি বৰষুণত বুৰোঁ‌
ৰ'দত শুকাও
শগুনে আমাৰ চকু ঘোকটে
শিয়ালে ৰৈ থাকে হাড়বোৰ চেলেকিবলৈ
তেজোত্তাপ বিহীন শৰীৰত
নিক্ষেপ কৰে গ্ৰেণাইট,

গোপনে বহন কৰো সক্ৰোধ তিক্ততা
সীমাহীন বিৰক্তিয়ে ঘেৰি থাকিলেও
সূৰ্যৰ দৰে ঘূৰি থাকো
কৰি যাও মৰ্মঘাতী জীৱন মৰণ সংগ্ৰাম,

হে  উত্তৰ প্ৰজন্ম
আমাক ক্ষমা কৰিবা
আমালৈ কঠোৰ নহবা,কাৰণ
ন্যায্য বিচাৰৰ দাবিৰ দৌৰত
আমাৰ ভৰিৰ চাল খহিছে
আমাৰ কন্ঠবোৰ কাটি দিয়া হৈছে
শ্বাস প্ৰশ্বাসো বন্ধকত

হে  উত্তৰ প্ৰজন্ম
তোমালোকৰ দৃষ্টিত
বৰ্ষিত হওঁ‌ক পুন্যপ্ৰভা
সেই প্ৰ্ভাৰে প্লাৱিত কৰিবা আন্ধাৰক
পুনৰুজ্জীৱিত কৰিবা জাতিৰ মান
তেহে নকৈ বব দেশৰ নৈ
শ্যামল হ'ব দেশৰ কানন।