Posts

Showing posts from September, 2023

সুস্থ চিন্তা

  ১আপোনাৰ মনৰ শক্তিক সম্পূৰ্ণৰূপে আৱিষ্কাৰ কৰিব পাৰিলেহে আপুনি সুখী জীৱনৰ সন্ধানত সফল হ'ব পাৰিব।অন্যথায় নোৱাৰে।-ট্ৰেমেন কেপট ২খুব বেছি চিন্তা কৰিলে এটা সাধাৰণ সমস্যাই জটিল ৰূপ ধাৰণ কৰে।এটা ডাঙৰ সমস্যা সমাধান কৰাৰ চেষ্টা কৰিলে অন্যান্য সৰু সৰু সমস্যাবোৰ সহজেই সমাধান হৈ যায়।- পেট ৰিলে ৩ আপোনাক ব্যতিব্যস্ত কৰা চিন্তাক মনৰ পৰা জোঁ‌কাৰি পেলোৱাৰ চেষ্টা কৰক।দুশ্চিন্তাৰ পৰা মুক্তি লভিবলৈ কোনো সৃজনশীল কামত আত্মনিয়োগ কৰক।-মাইকেল জৰডা

সমন্বয়ৰ সেঁতু

Image
          সমন্বয়ৰ সেঁতু সমন্বয়ৰ সেঁতু বুলিয়ে আৰম্ভ কৰিলোঁ যদিও সেই বিষয়ে পিছলৈ আলোচনা কৰিম। কাবেন্দ্ৰ চক্ৰৱৰ্তী ছাৰ নানকাৰগাঁও হাই স্কুলৰ প্ৰধান শিক্ষক হিচাপে কাম কৰিছিল । সেইখন স্কুলতে মই হাইস্কুলীয়া শিক্ষাৰ পাতনি মেলি ছাৰক প্ৰধান শিক্ষক হিচাপে তিনিবছৰ পাইছোঁ । কাবেন্দ্ৰ চক্ৰৱৰ্তী অকল এটা নামেই নাছিল সেই স্কুলৰ  মৰ্য্যদা আছিল । এই নাম শুনিলেই সন্মানত ছাত্ৰ ছাত্ৰীৰ শিৰ নত ( এই নত হোৱাটো লাজ অপমানত নহয় । ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ সন্মুখত শিৰ নত কৰি থিয়  হোৱা বা সন্মান দিয়াটো বুজোৱা হৈছে ।) হৈছিল । ছাৰ এজন ব্যক্তিত্ব সম্পূৰ্ণ ব্যক্তি আছিল। ভাল ব্যক্তিত্বৰ বাবেই হয়তো  স্কুলখন এক নীতি নিয়মৰ মাজত সুচাৰুৰূপে চলাই নিব পাৰিছিল । ছাত্ৰ ছাত্ৰীৰ লগত কোনো খং বা বেয়া ব্যৱহাৰ কেতিয়াও কৰা নাই তথাপিও  ছাৰৰ অনুশাসন  প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে মানি চলা দেখিছোঁ । স্কুলখন উন্নত কৰি  তোলাৰ লগতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত গঢ়াৰ সপোন ছাৰৰ সপোন আছিল । এই ক্ষেত্ৰত সফলতাও পাইছিল । কাবেন্দ্ৰ চক্ৰৱৰ্তী  ছাৰক স্কুলত গৈ ছাৰ হিচাপে পোৱাৰ আগতেই ঘৰুৱা সম্পৰ্ক হিচাপে লগ পাইছিলোঁ বহুবাৰ । মোৰ দেউতা (আব্দুল হুছেইন ) একেখন স্কুলত

সুস্থ চিন্তা

 1)ধৈৰ্যৰ শক্তি যেতিয়া বাঢ়ি যায় তেতিয়া কষ্ট দিয়োতাজন মূল্যহীন হৈ পৰে ।  2) বিশ্বাসঘাতক মানুহ এজনক বাৰ বাৰ ক্ষমা কৰিব কৰিলেও কিন্তু কেতিয়াও বিশ্বাস কৰিব নালাগে । সময় পৰিৱৰ্তন হয় কিন্তু মানুহৰ চৰিত্ৰ পৰিৱৰ্তন নহয়। 3)  আপোনবোৰ এটা ধাৰণা প্ৰকৃততে আপোনাৰ আপোন কোনেও নহয় । স্বাৰ্থ থাকিলেহে আপোনৰ মুখা পিন্ধি থাকে । 

সুস্থ চিন্তা

১)কাৰোবাক আপোন বুলি ইমানো আপোন নকৰিব যে তেওঁ গুছি গ'লে আপোনাৰ মৃত্যুৰ কামনা কৰিব লাগে । 2) আপুনি কাৰোবাক ভাল পায় হৃদয়ৰ পৰা পাই থাকক কিন্তু কাৰোবাৰ ভালপোৱা পাবলৈ জোৰ কৰি নিজৰ আত্মসন্মান নষ্ট নকৰিব । 3) আপোনাক অৱহেলা কৰি থকাজনক বাৰে বাৰে আকোঁৱালি ল'বলৈ নাযাব নহলে নিজৰ অস্তিত্ব হেৰাই পেলাব।. 4) প্ৰত্যেকজন স্ত্ৰী বিয়াৰ এক দুই বছৰ পিছত প্ৰাক্তন হৈ পৰে কাৰণ তাৰ হৃদয়ত আন কোনোবাহে বাস কৰে ।

আশা

Image
আশা   জীৱনত আশা থকাটো জৰুৰী । জীৱন জয়ৰ বাবে আশা শক্তিশালী অস্ত্ৰ। যাৰ জীৱন জয় কৰাৰ আশা আছে সিয়েই জীৱন জয় কৰিব পাৰে , যাৰ আশা নাই সি নোৱাৰে কাৰণ কিবা এটা কৰাৰ বা পোৱাৰ আশা নাথাকিলে সেইজনে চেষ্টাও নকৰে সফল হ'বলৈ । এতিয়া ধৰক দুজন মানুহ বেমাৰ । এজনৰ জীৱনৰ প্ৰতি হেঁপাহ। তাৰ আশা বেমাৰ ভাল হ'ব । সেইমতে মন শক্তিশালী কৰাৰ লগতে বেমাৰৰ পৰা আৰগ্য লাভ কৰিবলৈ যিবোৰ চেষ্টা কৰিবলৈ আছে সকলোঁ কৰে কিন্তু যাৰ জীয়াই থাকিবলৈ আশা নাই তেওঁ মন দূৰ্বল কৰে। মনত নানান দূচিন্তা আনি ভৰাই থয় ,  কৰণীয়খিনি নকৰে তেতিয়া লাহে লাহে মানুহজন হেৰাই গৈ থাকে। আশায় মনোবল আৰু  ইচ্ছাশক্তি বৃদ্ধি কৰে । মনোবল আৰু ইচ্ছাশক্তিয়ে সফলতাৰ বাট কাটি দিয়ে। সেয়েহ প্ৰতিজন মানুহৰে আশা থকাটো দৰকাৰ কিন্তু অত্যধিক আশা আৰু অবাস্তৱ আশা থকাটোও বেয়া। নিজৰ সামৰ্থ অনুযায়ী আশা কৰা ভাল । সিমানখিনি আশা কৰক যিমানখিনি কৰ্ম কৰি সফল হ'ব পাৰিব। এতিয়া যদি ভাবি থাকে ' মই আম্বানি হ'ম তেন্তে ভাবি লওঁক আপুনি পাৰিব নে নাই । বাস্তৱ কিমান কঠিন । এইবোৰ সকলো ভাবিচিন্তি আশা কৰক । নিজে একো কৰ্ম নকৰি ডাঙৰ ডাঙৰ ডাঙৰ আশা কৰাটোও ভুল । এনেদৰে বহুত মানুহৰ জী

সুস্থ চিন্তা

Image
  1) সুস্থ সমাজ বিচাৰিলে প্ৰথমে নিজৰ মানসিকতা সুস্থ কৰক , নিজৰ ঘৰখন সুস্থ কৰক । সুস্থ মানসিকতা আৰু সুস্থ ঘৰেই সুস্থ সমাজৰ মূল ভেটি। 2) নিজৰ ঘৰখনৰ পৰিৱেশ উন্নত কৰিব বিচাৰিলে প্ৰথমে নিজৰ মনোভাৱ , নিজৰ চিন্তাশক্তিৰ উৎকৰ্ষ কৰক ।  3) এজন মানুহ বয়সত ডাঙৰ হলেই তেওঁ ডাঙৰ হৈ নাযায় , চিন্তাচৰ্চা আৰু কৰ্মইহে মানুহক সৰু বা ডাঙৰ কৰে । 4) যিয়ে নিজৰ মাকক সন্মান কৰিব নাজানে , তেওঁ পৃথিৱীৰ আন কোনো মানুহকে সন্মান কৰিব নাজানে , এনেকি নিজকো সন্মান নকৰে । এনে মানুহৰ পৰা সদায় দূৰত থকাটোৱে শ্ৰেয়। 5) মইবৰ ভবা মানুহক কেতিয়াও মানুহে সন্মান নকৰে , আনহাতে হীনমান্যতাত ভুগি নিজৰ দোষবোৰ ঢাকি থৈ আনক দোষাৰোপ কৰি থাকিলেও মানুহে তাক ভাল নাপায় , সেয়েহ সদায় নিজৰ মানসিকতা উন্নত কৰাৰ চেষ্টা কৰক ।  

ভোক

Image
ভোক  ✍ বেগম আছমা  মানুহৰ ভোকৰ মৃত্যু নহয় আদিৰ পৰা অনাদিলৈ ভোক থাকিব কিছু ভোক দমন হৈ থাকে  কিছু ভোক সদায় জাগ্ৰত ।  বস্তিৰ ছোৱালীজনীৰ ভোক লাগিলে মাকে কয় - কাণ উনাই শুন  ছোৱালীজনীয়ে  কাণ উনাই শুনে ভোকাতুৰ কেছুৱাৰ কান্দোন  তাইৰ ভোক গুছি যায় ।  খেতিয়কৰ ল'ৰাজনৰ ভোক লাগিলে দেউতাকে কয় পথাৰক স্মৰণ কৰ ল'ৰজন ভাতৰ পাতত বহি পথাৰক স্মৰণ কৰে তাৰ ভোক গুছি যায় ।  বুকুত বিপ্লৱ স্পন্দিত ডেকাৰ ভোক লাগিলে সন্মুখত লেলিন আহি কয় অন্যায়ৰ পাৰ ভাঙি মুক্তিৰ গান শুনা লেলিনৰ মুষ্টিবদ্ধ হাত  আৰু উদত্ত  কন্ঠ শুনি তাৰ পেটৰ ভোক গুচি যায়।  সীমাহীন অভাৱ আচঁলত লৈ থকা  মাকৰ পেটত ভোকে চিঞৰি থাকিলেও মাকে সন্তানৰ চিঞৰ শুনে - মা ভাত দিয়া , ভাত দিয়া না মা ভোক লাগিছে,-- এই লাগামহীন ভোকৰ চিঞৰত  মাকৰ ভোক গুছি যায় ।  জ্ঞানী মানুহৰ ভোক লাগিলে  কিতাপবোৰ চবাই খায়  চাহত তিয়াই খায় বাতৰি কাকত  ভাতৰ পাতত বহি  সত্যৰ অপলাপ আৰু অন্যায়ৰ বাৰ্তা শুনি সিহঁতৰ ভোক গুছি যায় ।  বন্ধ কুঠৰিতো ভোকে  মানুহক আৱেদনময়ী কৰি তোলে যন্ত্ৰণা আৰু সন্ত্ৰাসভৰা ৰাতিৰ অন্তত  ভাতৰ পাতত বহিলেই  ঘৃণাৰ দৃষ্টিয়ে কাঢ়ি নিয়ে সিহঁতৰ ভোক ।  কাহানিও শেষ নহোৱা ভোক আছে ব