আশা

আশা 

 জীৱনত আশা থকাটো জৰুৰী । জীৱন জয়ৰ বাবে আশা শক্তিশালী অস্ত্ৰ। যাৰ জীৱন জয় কৰাৰ আশা আছে সিয়েই জীৱন জয় কৰিব পাৰে , যাৰ আশা নাই সি নোৱাৰে কাৰণ কিবা এটা কৰাৰ বা পোৱাৰ আশা নাথাকিলে সেইজনে চেষ্টাও নকৰে সফল হ'বলৈ । এতিয়া ধৰক দুজন মানুহ বেমাৰ । এজনৰ জীৱনৰ প্ৰতি হেঁপাহ। তাৰ আশা বেমাৰ ভাল হ'ব । সেইমতে মন শক্তিশালী কৰাৰ লগতে বেমাৰৰ পৰা আৰগ্য লাভ কৰিবলৈ যিবোৰ চেষ্টা কৰিবলৈ আছে সকলোঁ কৰে কিন্তু যাৰ জীয়াই থাকিবলৈ আশা নাই তেওঁ মন দূৰ্বল কৰে। মনত নানান দূচিন্তা আনি ভৰাই থয় ,  কৰণীয়খিনি নকৰে তেতিয়া লাহে লাহে মানুহজন হেৰাই গৈ থাকে। আশায় মনোবল আৰু  ইচ্ছাশক্তি বৃদ্ধি কৰে । মনোবল আৰু ইচ্ছাশক্তিয়ে সফলতাৰ বাট কাটি দিয়ে। সেয়েহ প্ৰতিজন মানুহৰে আশা থকাটো দৰকাৰ কিন্তু অত্যধিক আশা আৰু অবাস্তৱ আশা থকাটোও বেয়া। নিজৰ সামৰ্থ অনুযায়ী আশা কৰা ভাল । সিমানখিনি আশা কৰক যিমানখিনি কৰ্ম কৰি সফল হ'ব পাৰিব। এতিয়া যদি ভাবি থাকে ' মই আম্বানি হ'ম তেন্তে ভাবি লওঁক আপুনি পাৰিব নে নাই । বাস্তৱ কিমান কঠিন । এইবোৰ সকলো ভাবিচিন্তি আশা কৰক । নিজে একো কৰ্ম নকৰি ডাঙৰ ডাঙৰ ডাঙৰ আশা কৰাটোও ভুল । এনেদৰে বহুত মানুহৰ জীৱন ধ্বংস হয়। এনে বহুত মানুহ দেখা যায় জীৱনত বহুত ডাঙৰ আশা কৰে যাৰ বাবে নিজৰ ফালে নাচায় বা সৰু কাম কৰিবলৈ মান্তি নহয় একেবাৰে ডাঙৰ কাম কৰি ডাঙৰ হ'ব । অভিজ্ঞতা নথকা বাবে সেইবোৰ কামত হাত দি বিফল হয়, শেষত গৈ দেখা যায় জীৱনত একো কৰিব নোৱাৰে। তেনেদৰে কোনোবা ব্যক্তি আপোনাৰ ভালপোৱাক অৱহেলা কৰি গুচি যোৱাৰ পিছতো আকৌ ঘূৰি আহিব আকৌ ভাল পাব বুলি আশা কৰি থকাটো সঠিক নহয় । ইয়ে আপোনাক মাত্ৰ কষ্ট দিব , গতিকে অকল কল্পনাত জীয়াই নাথাকি বাস্তৱক মনিব পৰাটোও  গুৰুত্বপূৰ্ণ। বাস্তৱক মানি লৈ নিজক ভাল পাবলৈ শিকক । আনকলৈ একো আশা নকৰিব। নিজৰ ওপৰত বিশ্বাস কৰক , নিজক লৈ আশা কৰক  তেতিয়াহে সফলতাৰ দৌৰত আপুনিও জয়ী হ'ব পাৰিব।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু