Posts

Showing posts from July, 2021

আপুনি জানেনে সফল জীৱনৰ মূল চাবিকাঠি কি? p-2

Image
 আত্ম অনুসন্ধান  # find oneself # search oneself#descover oneself আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হ'ল নিজক বিচৰা অৰ্থাৎ আত্ম অনুসন্ধান। আমি খাই বৈ দিন ৰাতি পাৰ কৰি আছোঁ ঠিকেই কিন্তু আমি নিজক নিজে নাজানোঁ। আমি নিজক চিনি নাপাও বাবেই পৃথিৱীৰ সৌন্ধৰ্য্য আৰু সত্যৰ পোহৰক উপলব্ধি কৰিব নোৱাৰোঁ। সত্য আৰু সুন্দৰৰ উপলব্ধি কৰিবলৈ হলে প্ৰথমে আমি আত্ম অনুসন্ধান কৰিব লাগিব। আত্ম অনুসন্ধান কৰিব পাৰিলে পৰমাত্মাৰ সন্ধান কৰিব পাৰি। আত্ম অনুসন্ধানৰ দিশে আগবাঢ়ি যোৱা মানে আমি সত্যৰ সন্ধানত যোৱা। সত্যৰ পথত গলেহে আমি আমাক উন্নতি আৰু সফলতাৰ দিশে আগবঢ়াই লৈ যাব পাৰিম। সেয়ে চক্ৰেটিছে কৈছিল " know thyself"অৰ্থাৎ নিজক জানা । নিজক জানিব পাৰিলেই সৃষ্টিকৰ্তাৰ নৈকট্য লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে সৃষ্টিকৰ্তাই দিয়া শক্তিৰ মহত্ব বুজি উঠাৰ লগতে আমাৰ জীৱনটোযে মূল্যবান তাক উপলব্ধি কৰিব পাৰিব। আপুনি পোৱা মূল্যবান জীৱনটো অনাই বনাই থাকি , বেকাৰ জীৱন ভাবি ভাবি অভাৱত জীৱনৰ সময় অপচয় নকৰি নিজৰ জীৱনক মূল্য আপুনি দিব জানিব লাগিব। জীৱনক সদায় সূখী ৰাখিবলৈ চেষ্টা কৰিব লাগিব । তাৰ বাবে জীৱনত মহৎ উদ্দেশ্য থাকিব লাগিব । স