Posts

Showing posts from November, 2019

প্ৰেম পত্ৰ ৪

Image
১৩ তোমাৰ সেউজ উপতক্যাত সন্ধিয়াক গভীৰ কৰা কেঁচা পোহৰৰ ঠিকনা সেই ঠিকনা বিচাৰি নিৰ্জন বাকৰিৰে নিয়ৰ গচকি আগবাঢ়োঁ ১৪ তোমাৰ বুকুত ৰজনীগন্ধা ফুলিছেনে? আহ !কিযে উষ্ম সুবাহ জপনাখন খুলি দিয়া সুবাহত আকাশ গলি সৰিব কেকটাচৰ আচৰত চটফটাই থকা মৰুত পলস পৰিব৷ ১৫ আকাশো ধৰাৰ আজন্ম  প্ৰেমিক দুবাহু মেলি নিতে প্ৰেম নিবেদন কৰে ধৰাই নগ্ন বুকু উৎসাহিত কৰে আকাশ গলি সৰে আকাশৰ উষ্ম আলিংগনত  হৃদয়ে সেউজীয়া ৰহণ সানে ৷ ১৬ বিশ্বাসে পুৰঠ কৰা তোমাৰ আঙুলিবোৰত কি যে ব্যাকুল স্নেহাকৰ্ষণ  মাথোঁ  এক স্পৰ্শত প্ৰেমৰ মূৰ্ছনা বাজে ভায়েলিনৰ তাৰবোৰত৷

প্ৰেম পত্ৰ 3

Image
৯ জোৱাৰভাটাই আমাক গিলিব পাৰে আজি নহয় মৃত্যুক অৱহেলা কৰি মূহুৰ্তবোৰ প্ৰেমৰ নামত উৎযাপন কৰোঁ প্ৰেমৰ ভৰিৰ নুপুৰ বাজি উঠক আকাশৰ বুকুত৷ ১০ মৃত্যু চিৰশান্তিৰ নিৰ্মম বাস্তৱ প্ৰেম হাজাৰ মৃত্যুৰ নক্ষত্ৰ প্ৰেম নক্ষত্ৰতকৈও উজ্বল হয় যেতিয়া তোমাৰ চকুত শুই থাকে আৰু মই . ওলমি থাকোঁ তোমাৰ চক্ষুপল্লৱত  ৷    ১১ কি যে সাথৰ আন্ধাৰেওঁ নক্ষত্ৰবোৰৰ প্ৰেমত পৰে নক্ষত্ৰবোৰো আন্ধাৰৰ প্ৰেমত পৰে নহলেনো অহোৰাত্ৰি উজাগৰে থাকি দুয়ো প্ৰেমৰ মন্ত্ৰ আওৰায়নে? ১২ জোনাকীয়ে ৰাতিৰ বুকুতে কিয় নাচে? ফুলবোৰে কাৰ বাবে আৱৰণ খুলি নতুনকৈ সাজোন কাচোন কৰে? আচলতে ৰাতিটোৱে দুষ্ট প্ৰেমিক এয়া চঞ্চল বতাহেও জানে৷ (আগলৈ..)

প্ৰেম পত্ৰ2

Image
৫ এখোজ দুখোজকৈ আহিছা মোৰ নাঙঠ অৰণ্যত ওঁঠত মদাৰৰ  ৰং বুকুতো সৃষ্টিৰ অফুৰন্ত অনিমেষ অৰণ্যত এতিয়া ৰঙা জুই৷ ৬ ফাগুন হৈ বহিলাহি কাঞ্চন ফুলা খোপাত এতিয়া ধুমুহা বলিছে, চুলিৰ ভাজেৰেই ব’হাগ নামিব অথবা ব’হাগৰ প্ৰথমজাক বৰষু৷ ৭ আকাশ সেউজীয়া হ’ব ডাল পাত সকলো সেউজীয়া হ’ব সেউজীয়া এটি নৈ বব মোৰ প্ৰিয়তম তোমাৰ হৃদয়খনো সেউজীয়া হ’বনে?? -- ৮ দুপৰীয়া কমলাৰঙী ৰ’দত সাগৰীয় উপকূলত দুয়ো আকুল দৃষ্টি স্বপ্নবিভোৰ সাগৰীয় টৌবোৰ চাই থাকোতেই সময় গলি সৰিল ...৷