Posts

Showing posts from October, 2018

ক্ৰমশ: এগৰাকী নাৰী

Image
কোমল ভৰিৰৰ খোজবোৰ ভূমণ্ডলত পৰো নপৰোতেই সমাজে পিন্ধাই দিয়া পৰম্পৰা, সংস্কাৰৰ শিকলি চিঙি লেলিহান পোহৰৰ পম খেদি আন্ধাৰত আগবাঢ়িল ক্ৰমশ: এগৰাকী নাৰী৷ বাটত তয়াময়া যুদ্ধ চৌদিশে মহামাৰি দূৰ্ভীক্ষ ঘৰ সংসাৰত বিপৰ্যস্থ পথ তাৰ মাজেৰে বগা ঘৰাটি চেকুৰালে চিকমিক তৰোৱালৰ দুফাল হৈ৷ বহু বিনিদ্ৰ ৰজনীত অৱহেলিত দুচকুত হেজাৰ তৰাফুলৰ স্বপ্ন গুথি চনপৰা পথাৰ উৰ্বৰ কৰি সিচি যায় সৃষ্টৰ বীজ বীজবোৰ অংকুৰিত হয়  বতাহত বিয়পে ফুলৰ সুবাস৷৷

যুদ্ধৰ মৰণবেদিত ঈশ্বৰৰ আৰ্তনাদ

Image
হুটুঙা-হুটুঙ শব্দৰে লোহোৰা -লোহোৰ দুহাত মেলি পৰ্ণদাহ যেন দহি যায় গাওঁবোৰ,চহৰবোৰ ধুম-নাঙঠ কৰি, হিংস্ৰ মিচাইলবোৰো আকাশখন ধ্বংস কৰে। . যুদ্ধই সকলোকে মৰণবেদিত সজায় বিষ্ময়ত কপি উঠে গধূলি , ৰহস্যময় ভয়াবহতাৰ চেকা লৈ দিগন্তৰ বালিত মুৰ্চা যায় বেলি, ধ্বংসস্তুপ বতাহত ওলমি ৰয় আন্ধাৰৰ অসহায় চকুবোৰ প্ৰাৰ্থনাৰত হাতবোৰ। . কহুৱা-কোমল শিশুদেহৰ সুগন্ধি , লবনুকোমল দেহত গোলাপৰ পাহ যেন ওঁঠত হাঁহি , চাই ঈশ্বৰেও আত্মসমৰ্পণ কৰে, কিন্তু যুদ্ধই দৌৰি আহে হাঁহি আজুৰিবলৈ। যুদ্ধই নেদেখে কোন--- হিন্দু কোন -- মুছলমান কোন -- খৃষ্টান যুদ্ধই সোমাব পাৰে মদজিত,মন্দিৰ অথবা গীৰ্জাত। . হিৰোচিমাৰ পৰা পেলেষ্টাইনলৈ কাৰ্গিলৰ পৰা চিৰিয়ালৈ আফগানৰ পৰা আমেৰিকালৈ কত কাল কত দেশ ঘূৰি নাপালোঁ যুদ্ধই দিয়া শান্তিৰ বতৰা, মাথোঁ বিষ্ফৰণত কপি উঠিল মোৰ বিপ্ৰলব্ধ বিলাপ। . যুদ্ধৰ আখৰা কৰা সীমান্তৰ সৈনিকজনে কয় 'শতৰুৰ বুকু ভেদি আগবাঢ়ি যাম' সেই সৈনিকজনক কোনে কব মৃত্যুয়ে মৃত্যুৰ কথা কয়, কোনে দিব সেই মাতৃজনৰ বাৰ্তা ? যাক স্বাধীনতাৰ নামত উপহাৰ দিয়ে এটা কাঠৰ বাকচ, যাৰ মাজত যুদ্ধত ৰক্তাক্ত

মই তোমাৰ মাতৃ হ’ব বিচাৰোঁ

Image
মৃত্যুৰ ভাস্কৰ্য্যসানিত তোমাৰ মুখৰ মাধুৰ্য্যতাত টোপনিত লালকাল শিশুৰ মষৃণ মুখৰ সৌম্যতাও আজি ম্লান পৰিছে, তুমি মানৱীয়তাৰ নিদৰ্শন অন্তৰৰ মানৱতা আৰু পবিত্ৰতাই তোমাক উদ্বুদ্ধ কৰিলে মুক্ত আৰু কৃতজ্ঞতাৰে নিজকে উচৰ্গা কৰিৱলৈ, এতিয়াও তোমাৰ চকুৰ পুন্যপ্ৰভাত ভাতৃ জীয়াই ৰখাৰ হাবিয়াহ, কোনে চাব এই উজ্বলতা ? ফেচাঁবোৰে বেলিৰ পোহৰত অন্ধ ৰাতিৰ অন্ধাৰত চিকাৰী৷ কি নাম বাৰু তোমাৰ নাজিয়া নে নাজলিনা? যি নামেই নহওঁক মই তোমাৰ মাতৃ হ’ব বিচাৰোঁ হয়,মই তোমাৰ মাতৃ হ’ম, কোনো এক আবেলি চেৰি ফুলৰ সুবাসমিশ্ৰিত দ্বীপলৈ যাত্ৰা কৰিম জোনাক সনা ক্ষণ এটিত তোমাৰ বীজ থকা বীৰ্য্য সিচঁম মোৰ গৰ্ভত৷ মোৰ উশ্বাহ লৈ লহপহ কৈ বাঢ়িবা আৰু এদিন প্ৰসৱবেদনাত আত্মহাৰা হৈ পৰিম তুমি এমুঠি হাঁহিৰে সম্ভাষণ জনাবা মই শান্তৰে বুকুত সামৰি উৰাম বগা সেউজীয়া নিচান, পৃথিৱৰ ই প্ৰান্তৰ পৰা সিপ্ৰান্তলৈ খালি ভৰিৰে খোজ কাঢ়ি আমি  নিচান লৈ আগবাঢ়িম বিশ্ব ভাতৃত্বৰ দিশে৷ আমাৰ পথ অৱৰোধ কৰাসকল চিতা বাঘৰ দৰে তেজৰ গোন্ধ বিচাৰি যুদ্ধ কৰে ঈগলৰ দৰে সংগ্ৰামী আৰু নিজৰ লগত যুদ্ধ কৰি নিজে জয়ী হ’বলৈ শিকা নাই সিহঁত, প্ৰকৃতি

ফাগুনৰ ৰং দুহাতত লৈ আহানা তিতোঁ ফাগুনৰ বলিয়া বৰষুণত

Image
ৰিমঝিম ফাগুনৰ বলিয়া বৰষুণ এই আহানা বৰষুণত তিতোঁ বাকহীন অভিমানবোৰ সেউজহীন সপোনবোৰ  পাহৰি দুহাত প্ৰসাৰি দিওঁ দুয়ো একেলগে নৈ এখন উজাই যাওঁক বুকুৰ পৰা বুকুলৈ। পঞ্চ সুৰত বিভোৰ হৈ বৰষুণজাকে  দুৱৰিৰ বুকুত ঢৌ খেলিছে আমিও যাওঁ বলা নি:শব্দে নিৰৱে চঞ্চল ঢৌৱে ঢৌৱে কোমল খোজবোৰ বঢ়াই বুকুত উজাই আহা  কেচা সুবাসেৰে কবিতাৰ  এটি এটি শব্দ  সিয়াই। যাওঁ  বলা  কৃষ্ণচূৰা ফুলা আকাশত মই হম মেঘবালিকা আৰু তুমি... তুমি হবা মেঘমল্লাৰ হাঁহি হাঁহি সূৰ্য্যক্ৰান্তি আহিব বকেয়াদি ৰামধেনুৰ ৰংবোৰ হাতত লৈ, এৰা!বেহিচাপি সপোনবোৰ এনেকুৱাই আশাবোৰক খুদকন দি আন্ধাৰতো পাহাৰ বগায়। আজি বেহিচাপি হব দিয়ানা তুমিও হোৱা  আৰু শুনানা বৰষুণৰ  মধুৰ ৰাগ! টিপ টিপ টিপ টিপ পলাশৰ ৰং সানি বলা আমিও গুণগুনাও এটি  গান, বৰষুণে জীপাল কৰিব তোমাৰ নিভাজ চাওঁনি আৰু উষ্ম উশাহ যেন দুপৰীয়াৰ  ৰ'দ আৰু দক্ষিণা বতাহ বুকুত মেলি দি পোৱৰ দিম অনন্তকাল এই আহানা তিতোঁ ফাগুণৰ বলিয়া বৰষুণত ।৷

অসমৰ সৰ্বাংগীন উন্নতিৰ অন্যতম অন্তৰায় সুৰা

Image
সু স্থ সমাজ সুস্থ দেশৰ ৰূপৰেখা। সুস্থ সমাজ এখন দেশৰ অগ্ৰগতিত সহায়ক। আমাৰ সমাজখন অশৃঙ্খল আৰু অসুস্থ হলে দেশৰ অগ্ৰগতিত প্ৰাচীৰ হৈ থিয় দিয়ে। সমাজত সুৰাই সদ্যজাত শিশুৰ পৰা বৃদ্ধলৈ সকলোকে এই ব্যাধিগ্ৰস্থ কৰি সমাজ অস্হিৰ কৰি তুলিছে। এই ব্যাধি শিলত শেলাই বঢ়াদি বাঢ়ি গৈ আছে। ই মানৱ সমাজ তথা দেশৰ বাবে অত্যন্ত বিপজনক।  সুৰা অতীতৰ পৰা চলি অহা এক পানীয়। অতীতত মানুহে প্ৰকৃতিক ভাবে ফলমূলৰ ৰস বা গছৰ পাতেৰে প্ৰস্তুত কৰিছিল আৰু নিদৃষ্ট কোনো উৎসৱত পান কৰিছিল। সময়ৰ সোতত ফলমূলৰ ৰসৰ লগত বিষাক্ত ৰাসায়নিক দ্ৰব্য মিশ্ৰিত কৰি সুৰাক বিষাক্ত কৰি তুলিছে আৰু ইয়াক দৈনন্দিন সেৱনৰ বাবে আসক্ত কৰিবলৈ দ্ৰব্য মিহলি কৰি ক্ৰমে সুৰাসক্ত কৰি মানুহক পঙ্গু কৰি তুলিছে। বহুজাতিক কোম্পানী সমুহৰ ওপৰিও দেশত দেশী সুৰা প্ৰস্তুত আৰু বিক্ৰী পূৰ্ণ গতিত চলি আছে। অসমো ইয়াৰ ব্যতিক্রম নহয়। বিদেশী সুৰাৰ দোকানেৰে অসম পৰিপূৰ্ণ, যাৰ বাবে অসমৰ খাটি খোৱা মানুহৰ পৰিশ্ৰমৰ কৌটি কৌটি টকা বিদেশত গৈ আছে। লগতে সুৰাসক্ত মানুহবোৰ পৰিয়াল তথা দেশৰ উন্নতিত প্ৰাচীৰ হৈ পৰিছে। অসমৰ গাওঁসমুহত কাঠফুলাৰ দৰে গঢ়ি উঠা সুৰাৰ ঘৰুৱা প্ৰস্ততকৰণ আৰু বি

প্ৰেম পত্ৰ১

Image
. . ১ তোমাৰ চকুত ভাপোৱাৰ উষ্ম আদৰণি পত্ৰ পত্ৰটি পঢ়ি পঢ়ি ক্ৰমশ: মই বিলিন হৈ যাওঁ নিৰ্বাক শব্দমালাৰ মাজত৷        ২ ৰাতিৰ বুকুত জাগ্ৰত অৰন্যবোৰ পাৰ হৈ   তুমি আহি বহিছা পদুলিমূৰৰ কেঁকুৰিত, অ মোৰ ফাল্গুজোন মোৰ বুকুতো শিমলু ফুলিছে৷        ৩ আকৌ শিমলুৰ ৰঙেৰে তুমিও হৈ পৰা ৰঙীন মানুহে তোমাক ৰক্তব জোন   ৰঙা জোন বা আন্য নামেৰেও জকাব   সেয়া সিহঁতৰ বদ অভ্যাস৷      ৪ প্ৰেম একুৰা জুই   প্ৰেমৰ জুইৰে জ্বলাই দিম শব্দহীন আমানিশাৰ আন্ধাৰক , জুইৰ উত্তাপত গলি সৰিব আকাশ তাতেই সিঁচিম শাওঁণৰ বীজ ৷৷

চৰ-চাপৰিৰ জনপ্ৰিয় খেলসমূহ

Image
মানুহৰ আমোদ-প্ৰমোদৰ অন্যতম মাধ্যম হৈছে খেল-ধেমালি৷ পৃথিৱীৰ সকলো মানুহে ভিন ভিন খেল-ধেমালিৰ জৰিয়তে আমোদ-প্ৰমোদ কৰা দেখা যায়৷ পৃথিৱীৰ সকলো দেশৰ মাজত বা জাতি-জনগোষ্ঠীৰ মাজত নিজৰ নিজৰ থলুৱা ভিন ভিন খেল-ধেমালি থকা আছে৷ অসমতো ইয়াৰ ব্যতিক্রম নহয়৷ অসমতো বহুত জাতি-জনগোষ্ঠীৰ সমষ্টি, প্ৰত্যেক জনগোষ্ঠীৰ মাজতে নিজ নিজ থলুৱা খেল থকা দেখা যায়৷ চৰ-চাপৰিৰ মিঞা (মুছলমান) জনগোষ্ঠীৰ মাজতো বহুত খেল-ধেমালিৰ প্ৰচলন আছে৷ তাৰে কিছু খেল সম্পৰ্কে তলত উল্লেখ কৰা হ’ল— ১। নাও খেল : নাও খেল চৰ অঞ্চলৰ জনপ্ৰিয় খেল৷ এইখেলবিধ বিশেষকৈ আগষ্ট মাহ বা স্বাধীনতা দিৱসত খেলা দেখা যায়৷ নাও খেল বিশেষকৈ চৰ অঞ্চলৰ দেৱানী বা মাতব্বৰসকলৰ মাজত প্ৰতিদ্বন্দ্বিতামূলকভাৱে খেলা হয়৷ বিভিন্ন চৰৰ মাতব্বৰ বা দেৱানীসকল প্ৰতিটো গ্ৰুপৰ প্ৰধান হয়৷ প্ৰতিজন দেৱানী বা গ্ৰুপৰ এটা এটাকৈ নাও থাকে৷ নাওসমূহ কাঠেৰে তৈয়াৰী৷ নাওসমূহক বিভিন্ন ৰঙেৰে সজাই তোলা হয়৷ কিছুমান নাও ময়ূৰ চৰাইৰ দৰে সজা হয়, সেই নাওসমূহক ‘ময়ূৰ পঙ্খী’ নাও বুলি কোৱা হয়৷ নাওবোৰত প্ৰেৰণাদায়ক গীত বা শ্লোগান গোৱাৰ বাবে এজন বা দুজনকৈ মানুহ থাকে, তেওঁক ‘ডাকভাঙ্গা’ বুলি কোৱা হয়৷ এখন নাৱত

স্বাধীন ভাৰতৰ স্বপ্ন

Image
১৯৩৯ চন, গোৱালপাৰা কাছাৰিত হুলস্থূল লাগি গ’ল৷ চৌদিশে ধৰ-ধৰ মাৰ-মাৰ ধ্বনিত উত্তপ্ত পৰিস্থতি৷ পুলিচৰ লাঠিচালনা নিৰ্বচাৰে চলিল৷ মানুহৰ জুম ভাঙিবলৈ শূন্যলৈ গুলিও চলিল৷ বহু ছাত্ৰ নেতাক গ্ৰেপ্তাৰ কৰা হ’ল৷ তাৰ ভিতৰত এজন ছাত্ৰ গোলাম মওলা বখশ৷ ঘৰ বেঁকী আৰু চাউলখোৱা নদীৰ চাপৰিত চানমামা গাঁৱত৷ জন্মৰ দুবছৰ পিছতেই পিতৃৰ বিয়োগ হয়৷ যাৰ বাবে শিক্ষাৰ দিশত পিছপৰি ৰয় যদিও নিজৰ একাগ্ৰতাৰ বলত দহ বছৰ বয়সত নিতে তিনি মাইল পথ খোজ কাঢ়ি প্ৰাথমিক স্কুলৰ শিক্ষাৰ পাতনি মেলে৷ এই শিক্ষা সম্পূৰ্ণ হোৱাত ১৯৩৫ চনত মোমায়েকৰ ঘৰত থাকি পূৰ্ববংগৰ ছিৰাজগঞ্জত জুনিয়ৰ মাদ্ৰাচাত অধ্যায়ন আৰম্ভ কৰে৷ ইয়াত সুখ্যাতিৰে উত্তিৰ্ণ হৈ নিজ গাঁৱলৈ ঘূৰি আহিল৷ ঃ শুনিছো গাঁৱৰ কেইজনমানে মিলি স্কুল স্থাপন কৰিব হেনো, হয়নে? – মাকে ভাতৰ কাঁহীখন বখশৰ সন্মুখত দি তাক উদ্দেশ্য কৰি সুধিলে৷ ঃ হয়, ভালেই ভাবিছে সিহঁতে৷ কেইবাখনো গাঁৱৰ মাজত এথনো স্কুল নাই, দূৰৈত আছে যদিও অহা-যোৱাৰ ব্যৱস্থা নাই। সেই কাৰণেই প্ৰয়বোৰ ল’ৰা-ছোৱালী অশিক্ষিত৷ –বখশই হাত ধুই থাকোতে ক’লে৷ ঃ ভালেই হ’ব, শুনিছোঁ তোকো মাষ্টৰি কৰিবলৈ ল’ব হেনো৷ তাতেই সোমাই ল, দু পইচা আহিবও আৰু ঘৰৰ ল’

সন্দেহযুক্ত নাগৰিক

Image
পুৱাৰ ঠাণ্ডাৰ মাজতে লোহা কটা কৰতখনেৰে সৰ্বশক্তি প্ৰয়োগ কৰি লোৰ ৰ’ডবোৰ টুকুৰা টুকুৰ কৰি ল’লে নজৰুলে৷ লোৰ টুকুৰাবোৰ প্ৰয়োজনমতে ভাজ কৰিবলৈ হাতুৰিৰে সঘনাই কোব পেলাব ধৰিলে সি৷ হাতুৰীৰ কোববোৰ লোৰ ৰ’ডৰ ওপৰত যিমান যোৰকৈ আঘাত পৰিছে তাতকৈ যে বেছি তাৰ কলিজাত আঘাত পৰি আছে সেয়া তাৰ লক্ষণীয় নহয়৷ কংক্রিটৰ চহৰখনৰ চৌদিশে পুৱাৰ নিয়ৰযুক্ত বতাহে পৰিৱেশ ঠাণ্ডা কৰি ৰাখিছে৷ নহ’লে চহৰখন সাৰ পাই চহৰৰ যান্ত্ৰিকতা আৰম্ভ হ’লেই হিয়া জুৰ পেলোৱা বতাহজাক নোহোৱা হ’ব৷ গ্ৰীষ্মৰ দিনবোৰতো আৰু অসহ্যকৰ৷ গৰমৰ বাবে গ্ৰীলত থকা যেন লাগে৷ ধনী শ্ৰেণীৰ বাবে কোনো অসুবিধা নাই৷ সিহঁতৰ সকলো ঠাইতে এচি লগোৱা থাকে৷ মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ বাবেহে যন্ত্ৰণাদায়ক৷ তদুপৰি দুৰগোন্ধযুক্ত লেতেৰা বানপানী৷ সেয়েহ এই জাৰকালিটোৱে হয়তো চহৰৰ বাবে বৰদান, যদিও হাড় কঁপোৱা ঠাণ্ডাই দুখীয়াৰ ঘৰ কঁপাই যায় তথাপি সিহঁতে যন্ত্ৰণাময় দিনবোৰৰ কথা ভাবি এই ঠাণ্ডাতেই সুখ অনুভৱ কৰে৷ কৰ্মব্যস্ততাৰ বাবে ঠাণ্ডা অনুভৱ কৰিবলৈও কিছুমানৰ সময়ৰ অভাৱ৷ জীৱনৰ বাটত নজৰুলো তেনে এজন জীৱন যোদ্ধা৷ কুঁৱলী ভৰা বতাহতো নজৰুলে ঘামি গৈছে৷ নিজৰ সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰি ঘাম নিগৰাই আবেগ