শেহতীয়া লেখা

চৰ-চাপৰিৰ জনপ্ৰিয় খেলসমূহ

মানুহৰ আমোদ-প্ৰমোদৰ অন্যতম মাধ্যম হৈছে খেল-ধেমালি৷ পৃথিৱীৰ সকলো মানুহে ভিন ভিন খেল-ধেমালিৰ জৰিয়তে আমোদ-প্ৰমোদ কৰা দেখা যায়৷ পৃথিৱীৰ সকলো দেশৰ মাজত বা জাতি-জনগোষ্ঠীৰ মাজত নিজৰ নিজৰ থলুৱা ভিন ভিন খেল-ধেমালি থকা আছে৷ অসমতো ইয়াৰ ব্যতিক্রম নহয়৷ অসমতো বহুত জাতি-জনগোষ্ঠীৰ সমষ্টি, প্ৰত্যেক জনগোষ্ঠীৰ মাজতে নিজ নিজ থলুৱা খেল থকা দেখা যায়৷ চৰ-চাপৰিৰ মিঞা (মুছলমান) জনগোষ্ঠীৰ মাজতো বহুত খেল-ধেমালিৰ প্ৰচলন আছে৷ তাৰে কিছু খেল সম্পৰ্কে তলত উল্লেখ কৰা হ’ল—

১। নাও খেল : নাও খেল চৰ অঞ্চলৰ জনপ্ৰিয় খেল৷ এইখেলবিধ বিশেষকৈ আগষ্ট মাহ বা স্বাধীনতা দিৱসত খেলা দেখা যায়৷ নাও খেল বিশেষকৈ চৰ অঞ্চলৰ দেৱানী বা মাতব্বৰসকলৰ মাজত প্ৰতিদ্বন্দ্বিতামূলকভাৱে খেলা হয়৷ বিভিন্ন চৰৰ মাতব্বৰ বা দেৱানীসকল প্ৰতিটো গ্ৰুপৰ প্ৰধান হয়৷ প্ৰতিজন দেৱানী বা গ্ৰুপৰ এটা এটাকৈ নাও থাকে৷ নাওসমূহ কাঠেৰে তৈয়াৰী৷ নাওসমূহক বিভিন্ন ৰঙেৰে সজাই তোলা হয়৷ কিছুমান নাও ময়ূৰ চৰাইৰ দৰে সজা হয়, সেই নাওসমূহক ‘ময়ূৰ পঙ্খী’ নাও বুলি কোৱা হয়৷ নাওবোৰত প্ৰেৰণাদায়ক গীত বা শ্লোগান গোৱাৰ বাবে এজন বা দুজনকৈ মানুহ থাকে, তেওঁক ‘ডাকভাঙ্গা’ বুলি কোৱা হয়৷ এখন নাৱত বহুকেইজন ‘বৈচাৰ’ থাকে৷ বৈচাৰসকলে বৈঠা মৰাৰ লগে লগে ‘ডাকভঙা’ৰ তাতে তালে গীতো গায়৷ নাও খেলত প্ৰচলিত কিছুমান গীত তলত উল্লেখ কৰা হ’ল—

ক) 
আল্লাহ আল্লাহ ৰছুল বলো
মাউ-বোনেৰা কৰবেন দোৱা 
আমৰা যাতে জিততে পাৰিৰে
উৰাল বৈঠা মাৰিয়া যাওৰে...৷

খ)
অ’ প্ৰাণ টিয়া, কি টিয়াৰে
বাসা নলেৰ আগাল
বিন বাতাসে বাসা ঢোলে
অ’ৰে চলো চলো প্ৰাণেৰ বাইছ্যা
নাও খেলাতেই যাই
সোনাৰ মেডেল আনবো আমৰা
কোনো চিন্তা নাই,
................................................৷৷

২। লাঠী বাড়ী খেল : এই খেলবিধো চৰ-চাপৰিৰ মিঞা সমাজৰ জনপ্ৰিয় খেল৷ অৱশ্যে এই খেলবিধ বৰ্তমান সময়ত তুলনামূলকভাৱে কম খেলা দেখা যায়৷ এই খেলত খেলুৱৈসকলে প্ৰশিক্ষণপ্ৰাপ্ত হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে৷ দুজন বা বহুকেইজন খেলুৱৈৰ মাজত এই খেলবিধ খেলা হয়৷ প্ৰত্যেকৰে হাতত এডাল বা দুডাল লাঠী থাকে৷ লাঠীবোৰ ঘূৰোৱাৰ কৌশলবোৰ আকৰ্ষণৰ কেন্দ্ৰ৷ লাঠীবোৰ কৌশলগতভাৱে ঘূৰাই প্ৰতিদ্বন্দ্বীৰ লাঠীত বা শৰীৰত লগাই প্ৰতিহত কৰাটোৱেই খেলৱৈৰ মূল লক্ষ্য৷ এই খেলত দলৰ মূৰব্বীয়ে চিঞৰি চিঞৰি গীত গোৱাও দেখা যায়৷ সেই গীতসমূহৰ এটা উদাহৰণ তলত উল্লেখ কৰা হ’ল—

ওৰে আচিলাম বালুচৰে উঠলাম নায়ে
বাজাইলাম কাটাকাটি
যা কৰে বিধাতাৰে...৷

৩। কট গুটি (খলি গুটি) : চৰ-চাপৰিৰ শিশুসকলৰ মাজত আন এক জনপ্ৰিয় খেল হ’ল কট গুটি খেল৷ এই খেলবিধ বিশেষকৈ তামোলৰ ফুল, আমৰ কলি বা সৰু সৰু শিলগুটিৰে খেলা দেখা যায়৷ এই খেলবিধ খেলিবলৈ মাটিৰ সৰু সৰু দহটা গাঁত (কট) খান্দি প্ৰতিটো কটত পাঁচটাকৈ গুটি দিয়া হয়৷ ইয়াৰ খেলুৱৈ দুজন থাকে৷ প্ৰথমে এজন খেলুৱৈয়ে এটা কটৰ গুটি তুলি প্ৰতিটো কটত দি যাব লাগে৷ শেষত য’ত  খালী কট পায়, সেই খালী কটৰ পিছৰ কটৰ গুটিবোৰ খেলুৱৈজনৰ৷ শেষত যিয়ে গুটি বেছি পায়, সিয়ে খেলত জয়ী হয়৷

৪। বুট্টু বা ফুটকলি : বুট্টু খেল চৰ-চাপৰিৰ সৰু ল’ৰাবোৰৰ মাজত বৰ জনপ্ৰিয়৷ বাঁহৰ জেঙৰ পৰা প্ৰথমে নলিচা এডাল (নলিচাডাল)ৰ দৈৰ্ঘ্য প্ৰায় ৪৯ ইঞ্চি আৰু নলিচাডালৰ মাজৰ ফুটাটোৰ ব্যাসাৰ্ধ প্ৰায় ৫ ছে. মি. কাটি ল’ব লাগে৷ ফুটাটোৰ মাজেৰে সোমাব পৰাকৈ এডাল মাৰি তৈয়াৰ কৰি ল’ব লাগে৷ তাৰ পিছত জোৰা নিমৰ সৰু সৰু গুটি বা কাগজ তিয়াই গুটি আকৃতিৰ সজাই মাজত দি মাৰিৰে জোৰকৈ ঠেলি দিলে বন্দুকৰ দৰে শব্দ হয়, ই শিশুৰ মাজত অতিকে প্ৰিয়৷

৫। হাডুডু বা কাবাদী : কাবাদী খেল ভাৰতৰ সকলো জনগোষ্ঠীৰ মাজতে জনপ্ৰিয়৷ এই খেল সাধাৰণতে কিশোৰ বা প্ৰাপ্তবয়স্ক সকলো ল’ৰা বা ছোৱালীয়েই খেলিব পাৰে৷ এই খেল চৰ-চাপৰিৰ জনপ্ৰিয় খেল৷ এই খেলৰ একোটা দলত ৭জনকৈ সদস্য থাকে, অতিৰিক্ত মিলি ১২জন খেলুৱৈ থাকে৷ এই খেলত দুজন বা এজন আম্পায়াৰ থাকে৷ এই খেলত সমতল ভূমিত ২ মিটাৰ  ৮ মিটাৰ আকৃতিৰ ব্লক বনোৱা হয়৷ দুয়োফালে সমানকৈ মধ্যৰেখা টনা হয়৷ মধ্যৰেখাৰ দুয়োফালে দুটা দল থাকে৷ টছ অনুযায়ী যি দলে টছ পায়, সেই দলে প্ৰথমে কাবাদী, কাবাদী বুলি চি দিয়ে৷ এক উশাহতে চি দি প্ৰতিপক্ষ দলৰ সদস্যক চুই ঘূৰি আহিব লাগে৷ উশাহ ল’লে বা খেলুৱৈজনক প্ৰতিপক্ষৰ দলে ধৰি ৰাখিব পাৰিলে খেলুৱৈজন খেলৰ পৰা বাহিৰ হয়৷ এনেকৈ এই খেল খেলা হয়৷ 

৬। বাট্টা খেল বা চণ্ডি বাড়ী খেল : বাট্টা খেল চৰ-চাপৰিৰ সৰু সৰু ল’ৰাবোৰৰ মাজত জনপ্ৰিয়৷ এই খেলক টাংগুটি খেলো কোৱা হয়৷ খেলসমূহ বিশেষকৈ খোলা পথাৰত বা বহল ঠাইত খেলা হয়৷ এই খেলত ৬ ইঞ্চিমান দীঘল বাঁহৰ মাৰি থাকে৷ প্ৰতিজন খেলুৱৈৰ হাতত এডালকৈ মাৰি থাকে৷ মাটিত ৪ ইঞ্চিমান দ’ গাঁত এটা কৰি লোৱা হয়৷ গাঁতৰ ওপৰত সৰু এডাল বাঁহৰ বাট্টা বনাই গাঁতৰ ওপৰত দি লাঠীৰে মাৰি দিয়া হয় ওপৰলৈ, যাতে প্ৰতিপক্ষ দলে বাট্টাক লাঠীৰে চুব নোৱাৰে৷ চুলে খেলুৱৈজন আউট হ’ব, চুব নোৱাৰিলে যিমানদূৰ বাট্টা যায় তাৰ পৰা লাঠীৰে জুখি গাঁতৰ ওচৰত যায়৷ যাৰ যিমান দূৰত্ব হয়, সি সিমানে পইট পায়৷

৭। চোখ পলাটি খেল : এই খেল বহুকেইজনৰ মাজত খেলা হয়৷ এজনক এজন খেলুৱৈয়ে চকু বন্ধ কৰি ৰাখে, সন্মুখৰ খেলুৱৈসকলৰ মাজৰ পৰা এজনে আহি কপালত আঙুলিৰে টোক মাৰি দিয়ে৷ চকু খুলি দিয়াৰ পিছত ক’ব লাগিব কোনে টোক মাৰিলে৷ ক’ব পাৰিলে সেই খেলুৱৈজন জয়ী হয়৷

৮। হাইস্পিৰিড খেল : এই খেল সৰু সৰু বা কিশোৰ-কিশোৰীৰ মাজত জনপ্ৰিয়৷ বহুকেইজন ল’ৰা-ছোৱালী লগ হৈ খেলে৷ এই খেলত এজনে হাউলি থাকে, তাৰ পিঠিৰ ওপৰত হাতেৰে ভৰ দি জাম্প কৰিব লাগে৷ জাম্প কৰোতে ভৰি লাগিলে খেলুৱৈজন আউট হয়, আউট হোৱাজনে তেতিয়া হাউলি থাকিব লাগে৷ এই খেল আন ধৰণেও খেলা হয়৷ যেনে দুজন খেলুৱৈয়ে দুফালে বহি দুয়োৰে ভৰি লগ লগাই ভৰিৰ বুঢ়া আঙুলিৰ ওপৰত হাতৰ আঙুলিবোৰ মেলি ধৰা হয়, তাৰ ওপৰেৰে জাম্প কৰিব লাগে৷
৯ চট্টু বা আগল খেল : এই খেলবিধ চৰ-চাপৰিৰ ছোৱালীসকলৰ মাজত অতি জনপ্ৰিয় খেল৷ এই খেলত পাঁচটা শিলগুটি থাকে৷ শিলেৰে ঢাপে ঢাপে খেলি থকা হয়৷ এই খেলত শিলগুটি ওপৰলৈ ঢাপ দি মাটিৰ পৰা শিল তুলিব লাগে৷ কোনো ঢাপত ওপৰৰ শিল পৰি গ’লে বা মাটিৰ পৰা শিল তুলিব নোৱাৰিলে হাৰি যায়৷

১০। দৰা-কইনা বা পুতলা খেল : এই খেল চৰ-চাপৰিৰ সৰু সৰু ল’ৰা-ছোৱালীৰ মাজত জনপ্ৰিয়৷ মৰাপাটৰ সৰু এটা টুকুৰাৰ এফালে সূতা কিছুমান বান্ধি ধুনীয়াকৈ মুখ আৰু চুলি বনাই কাপোৰৰ টুকুৰা পিন্ধাই কইনা সজোৱা হয়, দৰা সজোৱা হয়৷ দৰা-কইনা সাজি দুটা ভাগ হৈ দৰাঘৰীয়া, কইনাঘৰীয়া হৈ বিয়া পাতি দিয়ে৷

১১। গুলাচি খেল : এই খেলবিধত দুটা দল থাকে৷ প্ৰত্যেকটো দলত ৬-৭জন সদস্য থাকে৷ এটা দল এটা গোলৰ ভিতৰত থাকে৷ আন এটা দলৰ সদস্য বাহিৰত থাকে৷ গোলৰ ভিতৰত থকাসকলৰ পৰা এজনে চি দিব লাগে৷ এক উশাহে চি দি প্ৰতিপক্ষৰ সদস্যক চুই দিলে প্ৰতিপক্ষৰ সদস্যজন আউট হয়৷ যদি গোলৰ ভিতৰত থকা সদস্যসকলৰ কোনোবা সদস্য আউট হৈ থল বা গোলৰ বাহিৰত থাকিব লগা হয়; কিন্তু যেতিয়া প্ৰতিপক্ষ দলৰ কোনোবা সদস্য আউট হয়, তেতিয়া থল বা গোলৰ বাহিৰত থকা সদস্যজন আকৌ থল বা গোলৰ ভিতৰত সোমাবলৈ সুবিধা পায়, অন্যথা নোৱাৰে৷

ইয়াৰ উপৰি ধাৰিকুটি খেল, লুকাভাকু খেল, মাৰ্বল খেল, পানীত পাৰত, সাঁতোৰ খেল, ৰছীটনা খেল, হাড়ী ভঙা খেল, কুট-কুট খেল, কচু খেল, বচ্ছু খেল, আম পাক্কা খেল, পেটু খেল ইত্যাদি চৰ-চাপৰিৰ ল’ৰা-ছোৱালীৰ মাজত জনপ্ৰিয়৷ বৰ্তমান চৰ-চাপৰিত ক্রিকেট, ফুটবল, ভলীবল, হকী আদি খেল জনপ্ৰিয় হৈ উঠিছে৷ কিন্তু উপযুক্ত প্ৰশিক্ষণৰ অভাৱত চৰ-চাপৰিৰ শিশুসকল আগবাঢ়িব পৰা নাই৷ উপযুক্ত প্ৰশিক্ষণ আৰু প্ৰয়োজনীয় সা-সুবিধা উপলব্ধ হ’লে চৰ-চাপৰিৰৰ শিশুসকলেও খেলৰ জৰিয়তে বিশ্ব দৰবাৰত নাম উজলাব পাৰিব৷
@ বেগম আছমা