কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?



সামাজিক মূল্যবোধৰ আধাৰত সামাজত তিনিধৰণৰ শ্ৰেণী বিভাজন আছে ৷ সেয়া হৈছে ধনী শ্ৰেণী, মধ্যবিত্ত শ্ৰেণী আৰু দৰিদ্ৰ শ্ৰেণী ৷ সেইদৰে সামাজিক নেতৃত্বৰ ক্ষেত্ৰতো তিনিধৰণৰ শ্ৰেণীৰ মানুহ আছে ৷ প্ৰথম শ্ৰেণীটো নেতৃত্বকাৰী , দ্বিতীয়টোয়ে অনুসৰণ কাৰী আৰু নিৰপেক্ষ ৷

প্ৰথম শ্ৰেণীটোয়ে নেতৃত্বপ্ৰদান কৰে , দ্বিতীয়টোয়ে অনুসৰণ কৰে আনটো অৰ্থাৎ তৃতীয়টো নেতৃত্বও নকৰে আৰু অনুসৰণো নকৰে , মাত্ৰ জীয়াই থাকিবলৈ সংগ্ৰাম কৰে ৷ অৱশ্যে এই শ্ৰণীটোৱে পৰিস্থিতি অনুযায়ী অনুসৰণো কৰিব পাৰে ৷

নেতৃত্বপ্ৰদানকাৰী শ্ৰেণী হিচাপে জীৱন যাপন কৰাটো গৌৰৱৰ কথা , সেইবাবে এইটোও নহয় যে অনুসৰণকাৰী শ্ৰেণী হৈ থকাটো লাজৰ কথা ৷ এয়া ভৱাটো অনৰ্থক মাথোঁ, কিয়নো এজন ভাল অনুসৰণকাৰীয়ে এজন উৎকৃষ্ট নেতৃত্ব প্ৰদানকাৰী হ’ব পাৰে ৷ সাধাৰণতে এজন বুদ্ধিমান মানুহে প্ৰথমে অনুসৰণ কৰে , তাৰ পৰা ভাল বেয়া বিশ্লেষণ কৰি চায় , তাৰ পিছতহে ভাল গুণবোৰ গ্ৰহণ কৰে আৰু এটা সময়ত উৎকৃষ্ট নেতৃত্ব প্ৰদানকাৰী হৈ উঠে ৷ অনুসৰণ নকৰা কোনো মানুহ উৎকৃষ্ট নেতৃত্ব প্ৰদানকাৰী হ’ব নোৱাৰে ৷ এয়াও সত্য যে সকলো অনুসৰণকাৰীয়ে নেতৃত্বপ্ৰদানকাৰী শ্ৰেণীৰ সমকক্ষ হ’ব নোৱাৰে ৷ নেতৃত্ব প্ৰদান কৰিবলৈ সেই মানুহজনৰ বিশেষ গুণসমূহ থাকিব লাগিব ৷ এজন সৰ্বগুণ সম্পন্ন নাগৰিকেহে ভাল নেতৃত্ব প্ৰদানৰ গুণকাৰী হ’ব পাৰে ৷ সৃষ্টিশীল নেতাবোৰ চম্বুকৰ দৰে মানুহক আকৰ্ষণ কৰিব পাৰে ৷ প্ৰকৃত নেতা এজন ভাল ব্যক্তিত্বৰ বাবে শ্ৰেষ্ঠ লোক সকলোক নিজৰ ফালে টানি নিয়ে সাগৰৰ দৰে , নৈ সমূহ তাৰ পিনে গতি কৰে ৷

ইয়াৰ বিপৰীতে বৰ্তমান দেখা যায় ৰাজনীতিত সকলোৱে মাথোঁ পদবী আৰু ক্ষমতাৰ পিছত দৌৰি ফুৰে , ইয়াৰ এটাই কাৰণ বৰ্তমান সময়ত আমাৰ দেশত উৎকৃষ্ট নেতাৰ অভাৱ ৷ বৰ্তমান নেতৃত্বদান কৰা প্ৰায়ভাগ নেতাই নেতা হোৱাৰ আৰত আছে ক্ৰিমিনেল কেছ , অত্যাধিক ধন সম্পদ , সন্ত্ৰাসবাদী , ৰেপকেছৰ আচামী আদি , গতিকে এইবোৰৰ পৰা আমি দেশৰ বিকাশক কথা চিন্তাই কৰিব নোৱাৰি ৷ ইহঁতে জনতাৰ কি হৈ আছে বা দেশৰ গণতন্ত্ৰ কি হৈ আছে তাৰ প্ৰতি ভ্ৰুক্ষেপ নকৰে ৷ সকলোৱে নিজৰ নিজৰ পদবী আৰু ক্ষমতাৰ বাবে দৌৰ থাকে ৷ যিকোনো মূল্যৰ বিনিময়ত ইয়াক হস্তগত কৰিব বিচাৰে , লাগিলে তাৰ বাবে হত্যা হিংসাই কৰিব নালাগক কিয় ৷ বৰ্তমান আমাৰ দেশতে স্পষ্ট হৈ পৰিছে ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ বাবে ধৰ্মৰ নামত মানুহক উচটাই চৌদিশে হিংসা , হত্যা আদিৰ দৰে অমানবীয় কামবোৰ কৰিবলৈ আৰম্ভ কৰিছে ৷ এফালে কৃষকে খাদ্যৰ অভাৱত আত্মহত্যা কৰি আছে ৷ কৃষকে উৎপাদন সামগ্ৰীৰ নূন্যতম মূল্য এটা নাপাই ঠায়ে ঠায়ে প্ৰতিবাদমূখৰ হৈ পৰিছে ৷ আনফালে দেশৰ নেতাবোৰে দেশৰ বিকাশক বুঢ়া আঙুলি দেখুৱাই জাতি- ধৰ্মৰ নামত বিষবাষ্প বিয়পাই আছে ৷ এইবোৰক মানুহে বা নিজকে নিজে নেতা বুলি আখ্যা দিলেও মই এইবোৰক সৃষ্টিশীল নেতাৰ তালিকাৰ স্থান দিয়াতো দূৰৰে কথা নেতাৰ স্থানতো স্থান দিব খোজা নাই ৷ এইবোৰ নামধাৰী ভণ্ড নেতা ৷ উৎকৃষ্ট নেতা এজনে পদবীকেন্দ্ৰীক ৰাজনীতি নকৰে ৷ অসফলতাৰ মাজতো জনগণৰ প্ৰেৰণা হৈ থিয় দি থাকে ৷ বিপদ – আপদক ভয় নকৰে আৰু লোৱাতকৈ দিয়াৰ ওপৰতহে বিশ্বাস ৰাখে ৷ যিসকলে লোৱাতকৈ দিয়াৰ ওপৰত বিশ্বাস ৰাখে সিহঁতেইহে উৎকৃষ্ট নেতা ৷ উৎকৃষ্ট নেতাই সদায় নিজক প্ৰশ্ন কৰে ‘ মই কিমানখিনি দিব পাৰিছো ?’ ড০ এ.পি.জে. আব্দুল কালামে কৈছে ‘‘ নেতা এজনে অইনে তেওঁক কি কৰিব পাৰিব সেইটো সোধাৰ সলনি তেওঁ অন্যক কি দিব পাৰিব সেই কথাটোহে চিন্তা ৷’’

অকল সেয়াই নহয় মই ভাবো এজন উৎকৃষ্ট নেতাৰ বা নেতৃত্বৰ আন বহুতো গুণ থাকিব লাগে ৷ সেইবোৰ হ’ল - ভাল ব্যক্তিত্ব , আত্মনিয়ন্ত্ৰণ , নিৰপেক্ষতা , নৈতিক দায়বদ্ধতা , প্ৰবুদ্ধ , সশক্তকৰণ ক্ষমতা , সৎ - সাহসী , আত্মবিশ্বাস ,ইচ্ছাশক্তি , দূৰদৃষ্টি সম্পন্ন আৰু গঠণমূলক দৃষ্টিভংগী , ন্যায়নিষ্ঠ , সমদৰ্শী , অনুশাসন , মহানুভৱতা , সম দৃষ্টি , প্ৰশংসাকাৰী , দঢ় সংকল্পবদ্ধ , কল্পনা প্ৰৱনতা , স্বাৰ্থহীন মনোভাৱ , শৃঙ্খলাবদ্ধ জ্ঞান , কৃতিত্বৰ ভাগ বটৰাৰ গুণ , প্ৰেৰণাকৰ , মিতভাষী বা অল্পভাষী , যুক্তিসংগত ভষণৰ দক্ষতা ইত্যাদি ৷ এইসমূহ গুণৰ ভিতৰত তলত কিছু আলোচনা কৰিলোঁ ৷

এজন উৎকৃষ্ট নেতা হ’বলৈ হ’লে ভাল ব্যক্তিত্বৰ গৰাকী হ’বই লাগিব ৷ ভাল ব্যক্তিত্ব থাকিলেহে এজন নেতাই আনক আকৰ্ষণ কৰিব পাৰে ৷ যেনেকৈ এটি সুগন্ধিময় ফুল এটিয়ে নিজৰ ভাল সুবাসৰ বলত মৌমাখিবোৰক আকৰ্ষণ কৰে , ঠিক তেনেকৈ এজন নেতা ভাল ব্যক্তিত্বৰ গৰাকী হলে সকলোকে আকৰ্ষণ কৰিব পাৰে ৷ বেয়া ব্যক্তিত্বৰ গৰাকী হ’লে আনক আকৰ্ষণ কৰিব নোৱাৰে . সেইবোৰ নেতাৰ আশেপাশে ভিৰ কৰি থকাবোৰ প্ৰায়ভাগে অৰ্থলালসাত অথবা ভয়ত কাষত থাকে ৷ অন্তৰৰ পৰা সিহঁতে আগবাঢ়ি নাহে , কিন্তু উৎকৃষ্ট ব্যক্তত্বৰ আকৰ্ষণৰ শক্তি অত্যাধিক , স্বতস্ফুৰ্তভাৱেই আগবাঢ়ি আহে জনতা ৷ বৰ্তমান মুছোলিনি , হিটলাৰৰ দৰে এনে বহুতো নেতা আছে যিসকলে ভাল ব্যক্তিত্ব নাই , সিহঁতে জোৰ কৰি বা চক্ৰান্ত কৰি নেতৃত্ব দখল কৰে ৷ কিছুমানে এনেকুৱা পৰিস্থিতি সৃষ্টি কৰিছে যে কিছুসময়ৰ বাবে ভুৱা ব্যক্তিত্বৰ ফালে আকৰ্ষিত হলেও পিছ মুহূৰ্ততে নিজৰ ভুল ধৰিব পাৰি তাৰ পৰা আতৰি আহিছে ৷

যেনেদৰে মুচোলিন, হিটলাৰৰ নেতৃত্ব বেছি দিন টিকি থকা নাছিল, ঠিক তেনদৰে বৰ্তমান নেতাবৰো নাথাকে। ইতহাসত মুচোলিন, হিটলাৰক ধ্বংস মুখি নেতৃত্ব ৰ বাবে যুগ যুগ ধৰি গালি দিয়াৰ দৰে তেনে নেতাবোৰকো ইতিহাসে ক্ষমা নকৰে।

এজন উৎকৃষ্ট নেতা হ’বলৈ হলে প্ৰবুদ্ধ নাগৰিক হোৱাটো অত্যাধিক দৰকাৰ। ভাৰতৰ বাবে এয়া নিৰাশাজনক কথা যে বৰ্তমান ভাৰতবৰ্ষত প্ৰায়ভাগ নেতাই প্রবুদ্ধ হীন। যাৰ বাবে বিকশিত ৰাষ্ট্ৰ এখনৰ কথা আমি ভবিবলৈ ভয় লাগে। প্ৰায়বোৰেই চালাক চতুৰ যদিও প্রবুদ্ধ নহয়। এজন প্ৰবুদ্ধ নেতা হ’বলৈ হলে সৰ্বদিশৰ জ্ঞান থাকিব লাগিব। সৰ্ব শিক্ষাৰে শিক্ষিত হ’ব লাগিব। কিয়নো জ্ঞান, বিবেক, কৰ্ম দক্ষতা, চৰিত্ৰ আৰু মানসিক বিকাশৰ কাৰণে দিয়া প্ৰশিক্ষনেই শিক্ষা। লগতে প্ৰবুদ্ধ নেতা এগৰাকীৰ দুচকুত স্বপ্ন , নৈতিক দায়বদ্ধতা, চেতনা, মানসিক শক্তি সমৃদ্ধি আৰু প্ৰগতিৰ বাবে কৰ্ম উদ্দীপনা থাকে, সেয়েহে উৎকৃষ্ট নেতৃত্বৰ বাবে প্ৰবুদ্ধ হোৱাটো প্ৰয়োজন।

এজন উৎকৃষ্ট নেতাৰ আত্মনিয়ন্ত্ৰণ ক্ষমতা থাকিব লাগে। আত্মনিয়ত্ৰণে ভাল চৰিত্ৰ গঢ়ি তোলে, লগতে ভাল আভ্যাস গঢ়ি তোলে। যি অভ্যাসে নেতা জনক সুযোগ্য আৰু আত্মবিশ্বাসী কৰি তুলিব। আত্মবিশ্বাসেহে মানুহক শক্তি আৰু প্ৰেৰণা যোগায় নিজৰ লক্ষ্যত উপস্হিত হ’বলৈ । সেয়েহে নেতাজনে প্ৰথমে আত্মনিয়ন্ত্রণ শিকিব লাগে, নিজৰ মন নিয়ন্ত্ৰণ কৰি বিবেকক উচ্চ স্থান দিব লাগে, আবেগ অনুভূতি, লোভ- লালসা দুখ- কষ্ট, কথা- বতৰা আদি সকলো নিজে নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। যেতিয়া নিজক নিয়ন্ত্ৰণ কৰা শক্তি নিজে সৃষ্টি কৰি লব তেতিয়াহে এজন নেতাই উৎকৃষ্ট নেতৃত্বৰ দিশে আগবাঢ়িব পাৰিব। যি নেতাৰ আত্মনিয়ন্ত্রণ নাথাকে তাৰ আনৰ নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা নাথাকে ৷

নিৰপেক্ষতাও এটা ডাঙৰ গুণ ৷ এজন উৎকৃষ্ট নেতা হ’বলৈ হ’লে তাৰ নিৰপেক্ষ গুণ থাকিব লাগিব ৷ সেয়া ধৰ্মৰ ক্ষেত্ৰতেই হওঁক বা ব্যক্তি বিশেষেই নহওঁক কিয় সকলো দিশতে সম দৃষ্টিৰে চাব পৰা হ’ব লাগিব ৷ সকলোকে মানৱীয় দৃষ্টিৰে চাব পাৰিব লাগিব ,কাকো ভেদভাৱৰ দৃষ্টিৰে তুলাচনীত তুলিব নোৱাৰিব ৷ এজন নেতা সদায় নিৰপেক্ষ হ’ব লাগে , নহলে তেওঁৰ অনুগামী সকলোক নিজৰ বশৱৰ্তী কৰি ৰাখিব নোৱাৰে ৷

নৈতিক দায়বদ্ধতা হ’ল উৎকৃষ্ট নেতৃত্বৰ আন এক উপাদান ৷ এজন উৎকৃষ্ট নেতা হ’বলৈ হ’লে তেওঁ প্ৰতি মুহূৰ্ততে নিজৰ দায়বদ্ধতাৰ কথা অনুধাৱন কৰিব লাগিব ৷ নিজৰ সমষ্টি বা দেশৰ প্ৰতি , প্ৰতিজন মানুহৰ অথবা সকলো বিষয়ৰ ক্ষেত্ৰত প্ৰতি মুহূৰ্ততে দায়বদ্ধ থাকিব লাগিব ৷ প্ৰতিটো ভাল – বেয়া কামৰ বাবে তেওঁ দায়বদ্ধ হ’ব লাগিব , নৈতিক দায়বদ্ধতাই এজন মানুহক তেওঁৰ সুযোগ্য অসনলৈ উত্তৰণ কৰায় ৷

সশক্তিকৰণ গুণ হ’ল নেতাৰ আন এক উল্লেখনীয় গুণ ৷ এই গুণটো বৰ্তমান সময়ত অধিক গুৰুত্বপূৰ্ণ বিষয় , যদিও কোনেও গুৰুত্ব দিয়া দেখা নাযায় ৷ বিকশিত ৰাষ্ট্ৰ হিচাপে দেশক আগুৱাই লৈ যাবলৈ হলে সশক্তকৰণৰ গুণ থকা নেতাৰ হাৰ বাঢ়িব লাগিব ৷ এজন উৎকৃষ্ট নেতাৰ মূল্যবান গুণটোৱেই হ’ল সশক্তকৰণ ৷ নেতাজন নিজেও সশক্ত হ’ব লাগিব আৰু আনকো সশক্ত কৰি তুলিব লাগিব ৷ আমাৰ সমাজৰ সকলো বিষয় , যেনে – শিক্ষা , অৰ্থনৈতিক , প্ৰশাসনিক , ৰাজনৈতিক , সমাজনীতি আদি সকলো দিশৰ পৰা মানৱ সম্পদক সশক্তকৰণ কৰাৰ প্ৰয়োজন ৷ এয়া এক উৎকৃষ্ট নেতৃত্বৰ দ্বাৰাহে সম্ভৱ৷ ধৰি লওক এখন প্ৰতিষ্ঠানত এজন মালিক আৰু চাৰিজন কৰ্মচাৰী আছে ৷ এজন উৎকৃষ্ট নেতাই সদায় মন দিব সেই চাৰিজন কৰ্মচাৰীক কেনেকৈ সশক্ত কৰি গঢ়ি তুলিব পাৰি ৷ এনে চেষ্টাৰ ফলত কৰ্মচাৰীকেইজন মালিকৰ অনুগত্য শ্বিকাৰ কৰিব , আনহাতে স্বৰ্থপৰ মালিকে তেনে নকৰে কিয়নো তেওঁ ভাৱে সিহঁতক সশক্ত কৰি তুলিলে মোৰ লগত প্ৰতিদণ্ডিতা কৰিব , সেয়েহ সিহঁতৰ কথা নাভাৱে ৷ যাৰ বাবে এদিন কৰ্মচাৰীৰ মনত বিদ্বেষৰ ভাৱ জন্ম হয় ৷ ‘‘কোনো নেতাই নিজৰ প্ৰতিষ্ঠানত কৰ্মৰত লোকক সশক্ত কৰে , তেতিয়া এনে নেতাৰ জন্ম হয় , যি স্বয়ং ৰাষ্ট্ৰৰ গতি বা সোঁতকো সলনি কৰি দিব পাৰে ৷’’ ড.এ.পি.জে.আব্দুল কালাম ৷

যিকোনো নেতৃত্বৰ বাবে নেতাজন সৎসাহসী হোৱাটো বাঞ্চনীয় ৷ অদম্য শক্তি আৰু সৎ - সাহসৰ ফলতহে এজন নেতাই সকলো পৰিস্থিতিত আগবাঢ়ি যাব পাৰে ৷ নেতা এজনে সকলো সময় সজাগ থকাৰ প্ৰয়োজন , কাৰণ ৰাজনীতিত নিজৰ অনুসৰণ কাৰীয়েই প্ৰতিদ্বন্দ্বি হৈ উঠিব পাৰে বা যিকোনো পৰিস্থিতি সৃষ্টি কৰি দিব পাৰে , তাৰ সতে মোকাবিলা কৰাৰ শক্তি থাকিব লাগিব নেতাজনৰ ৷ অথবা যিকোনো মুহূৰ্ততে নিজৰ প্ৰতিদ্বন্দ্বিয়ে সৰ্বশক্তি প্ৰয়োগ কৰি তাক ভীতি গ্ৰস্থ কৰাৰ চেষ্টা কৰিব পাৰে , সেয়েহ এজন নেতা সাহসী হোৱাৰ প্ৰয়োজন , কাৰণ ভীতি গ্ৰস্থতাই এজন মানুহক মানসিকভাৱে দুৰ্বল কৰি তোলে , তেতিয়া তাৰ ভাল বেয়া বিচাৰ ক্ষমতা লোপ ৷

দূৰ দৃষ্টি সম্পন্ন আৰু গঠণমূলক দৃষ্টিভংগী থকা নেতাই উৎকৃষ্ট নেতৃত্ব প্ৰদান কৰিব পাৰে ৷ যিমান দূৰলৈ এজন সাধাৰণ মানুহে লক্ষ্য কৰিব নোৱাৰে , তাত তেওঁ লক্ষ্য স্থিৰ কৰিব লাগিব ৷ দূৰদৃষ্টি সম্পন্ন নেতা এজনেহে সঠিক সিদ্ধিন্ত ল’ব পাৰে ৷ উৎকৃষ্ট ভৱিষ্যতৰ প্ৰতি গুৰুত্ব দি নেতৃত্বৰ বাবে সঠিক সিদ্ধান্ত লোৱাটো বহুত ডাঙৰ কাম ৷ তাৰ লগতে এজন নেতাৰ গঠণ মূলক গুনো থাকিব লাগে ৷ গঠণ মূলক নেতৃত্বই দেশ এখনক উন্নয়নৰ পথেৰে দ্ৰুত গতিত আগবঢ়াই নিয়াব পাৰে ৷

নেতা এজন সত্যনিষ্ঠ আৰু ন্যায়নিষ্ঠ নহলে উকৃষ্ট নেতা হ’ব নোৱাৰে তথা উৎকৃষ্ট নেতৃত্বপ্ৰদানকাৰী হ’ব নোৱাৰে ৷ তেওঁৰ সত্যৰ প্ৰতি নিষ্ঠা থাকিব লাগিব ৷ যিকোনো পৰিস্থিতিতে সত্যৰ হৈ থিয় দিব লাগিব ,ন্যায়ৰ পক্ষত মাত মাতিব লাগিব ৷ মিছাৰ আৰত মুখ লুকাই নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰিব নালাগিব ৷ এটা কথা সদায় মনত ৰাখিব লাগিব যে সত্য হ’ল সূৰ্যৰ দৰে , তাৰ প্ৰকাশ কোনেও ঢাকি ৰাখিব নোৱাৰে , কিছুসময়ৰ বাবে আৰালত থাকিলেও ঠিক সময়ত ওলাই আহিবই ৷ সদায় সত্যৰ পথত চলিব লাগিব আৰু ন্যায়ৰ পক্ষত থিয় দিব লাগিব ৷ সদায় বিবেকক প্ৰশ্ন কৰিব লাগিব ‘ যি কৰিলোঁ সেয়া ন্যায়সংগত হৈছেনে ?’ বিবেকেই উত্তৰ দি দিব ৷ ন্যায়ৰ পক্ষত থাকি অন্যায়ৰ বিপক্ষে মাত মাতিব পৰা সাহস থাকিব লাগিব ৷ সমাজৰ ন্যায় প্ৰতিষ্ঠা কৰিব পৰাটোহে উৎকৃষ্ট নেতৃত্বৰ লক্ষণ ৷

উৎকৃষ্ট নেতা প্ৰেৰণাকৰ হ’ব লাগে ৷ সেই নেতা জনক চাই আন দহজনে যাতে প্ৰেৰণা পায় বিকাশৰ দিশে আগবাঢ়িবলৈ ৷ সেই নেতাজনে বিপদৰ সময়ত সকলকে প্ৰেৰণা দি আশাৰ বাটেৰে আগবঢ়াই লৈ যাব পৰা ক্ষমতা থাকিব লাগিব ৷ সমস্যাৰ মাজতে সম্ভৱনা সৃষ্টি কৰিব পাৰিব লাগিব ৷ বিপদ আপদৰ মাজেৰেই দৃঢ় পদক্ষেপ ল’ব লাগিব সম্ভাৱনাৰ দিশে আগবাঢ়ি যাবলৈ , তেতিয়া অনুগামী সকলেও প্ৰেৰণা পাব সমস্যাৰ মাজত কেনেকৈ দৃঢ় পদক্ষেপ ল’ব লাগে ৷

স্বাৰ্থহীন মনোভাৱে এজন নেতাক উৎকৃষ্ট নেতালৈ উদ্ধৃত কৰে ৷ নেতাজনে সদায় নি:সাৰ্থভাৱে কাম কৰি যোৱা উচিত ৷ কেতিয়াও নিজৰ স্বাৰ্থৰ কথা ভাবিব নালাগে ৷ মানুহৰ বাবে নিস্বাৰ্থ ভাৱে কাম কৰি গলে মানুহেও তাক বুকুত ধাৰণ কৰি লয়৷ গতিকে নেতাই নিস্বাৰ্থভাৱে ৰাইজৰ সেৱা কৰি গলে ৰাইজেও সেই নেতাক উচ্চ অসনত বহুৱাব ৷ আজিকালি নেতাবোৰে নিৰ্বাচন অহাৰ আগে আগে হে ৰাইজৰ কাষত যায় আৰু সুতা – কম্বল , কেইটামান টকা দি ৰাইজৰ কাৰাৰ অভিনয় কৰে ৷ এইবোৰে জনমানসত নেতাজনৰ স্থান অৱনমিত কৰে ৷ গতিকে নেতা এজনে সদায় ৰাইজৰ সেৱা কৰিবলৈ প্ৰস্তুত থাকিব লাগে আৰু সাধ্য মতে ৰাইজৰ সেৱা কৰি যাব লাগে ৷

ওপৰত উল্লেখ কৰা সকলোবোৰ গুণ নেতৃত্ব প্ৰদানকাৰীৰ মাজত থাকিলেহে তাক আমি উৎকৃষ্ট নেতৃত্বকাৰী বুলি ক’ব পাৰোঁ ৷ এনে উৎকৃষ্ট নেতাই মানৱ কল্যানৰ হকে কাম কৰিব পাৰে আৰু ৰাষ্ট্ৰক কল্যাণকামী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগে ৷ বৰ্তমান এনে নেতৃত্বৰ অভাৱ যদিও আমি আশাবাদী এদিন ৰাষ্ট্ৰই ভাল নেতৃত্বপ্ৰদানকাৰী পাব ৷ সেয়েহ আমি গুৰুত্ব দিব লাগিব উৎকৃষ্ট নেতৃত্ব সৃষ্টি কৰাত ৷ বৰ্তমান যিকোনো কামৰ বাবে উপযুক্ত শিক্ষাৰ প্ৰয়োজন হয় কিন্তু যি নেতৃত্বই সমগ্ৰ ৰাষ্ট্ৰযন্ত্ৰ নিয়ন্ত্ৰণ কৰে তাৰ ওপৰত আমি গুৰুত্ব নিদিও , যাৰ ফলত সময়ে সময়ে ৰাষ্ট্ৰতন্ত্ৰ অচল হৈ পৰে ৷ কল্যানকামী ৰাষ্ট্ৰৰ সপোন দেখিবলৈ হ’লে প্ৰথমে আমি উৎকৃষ্ট নেতৃত্বপ্ৰদানকাৰী সৃষ্টি কৰিব লাগিব ৷

@বেগম আছমা খাতুন

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

প্ৰেম(love)