পালেং
মহেশ্বৰ ডেকাই বহুপৰ ধৰি পিতলৰ পালেঙখনলৈ ৰ লাগি চাই থাকিল৷ সি ঘৰৰ পিৰালিত পৰি থকা কাঠৰ টুকুৰা এডোখৰ টান মাৰি আনি বৰ কষ্টেৰে বহি পৰিল৷ তাৰ কানত বাজি উঠিল কৰ্কশ ওথচ হিংশ্ৰ যেন লগা ডাবি ধমকিবিলাক- ঐ গুচ গুচ ইয়াৰ পৰা, দেখা নাই কিমান ভিৰ হৈছে ? ………. ৷ সেই তৰ্জন-গৰ্জনৰ পিছতে ঘটি যোৱা মৰ্মান্তিক ঘটনাটোৰ স্মৃতিয়ে তাক বাৰুকৈয়ে শোকাকুল কৰি তুলিছে৷ আজি এই ওঞ্চলত ডাঙৰ ৰাজহুৱা সভা এখন হৈ আছে আৰু তালৈ মূখ্যমন্ত্ৰীও আহিছে৷ বুকুত এটা ডাঙৰ আশা বান্ধি মন্ত্ৰী ডাঙৰীয়াক লগ কৰিৱলৈ গৈছিল অতি উৎফুল্লিত হৈ৷ সভাত অলেখ মানুহৰ সমাগম হৈছে৷ মানুহৰ সমাগমত বিৰ দি বাট নোপোৱা অৱস্থা৷ বহু চেষ্টা কৰি আগবাঢ়ি গৈ মন্ত্ৰী ডাঙৰীয়াৰ ষ্টেজৰ কাষ পাইছিলগৈ৷ এনেতে কোনোবাই ‘ ঐ গুচ ইয়াৰ পৰা,দেখা নাই…………৷’ একপ্ৰকাৰ মহেশ্বৰ ডেকাক সন্মুখৰ পৰা গতা মাৰি দিলে ভিৰৰ মাজত৷ মানুহৰ ভিৰৰ মাজত কোনোবাৰ লগত লাগি উবৰি(কাৰ্ফাল) খাই পৰি গ’ল৷ বয়সে আৰু দৰিদ্ৰতাই জুৰুলা কৰা তাৰ শীৰ্ণ দেহৰ ওপৰেদি মানুহৰ অবাধ অহা যোৱা চলিল৷ কোনেও কালৈকো চোৱাৰ সময় নাই- যেন প্ৰয়োজনো নাই৷জোতা চেণ্ডেলৰ প্ৰচণ্ড আঘাতত তাৰ হাত ভৰিৰ ওপৰেদি মানুহৰ ভৰিত তেজৰ চ