পালেং

                 
মহেশ্বৰ ডেকাই বহুপৰ ধৰি পিতলৰ পালেঙখনলৈ ৰ লাগি চাই থাকিল৷ সি ঘৰৰ পিৰালিত পৰি থকা কাঠৰ টুকুৰা এডোখৰ টান মাৰি আনি বৰ কষ্টেৰে বহি পৰিল৷ তাৰ কানত বাজি উঠিল কৰ্কশ ওথচ হিংশ্ৰ যেন লগা ডাবি ধমকিবিলাক-
ঐ গুচ গুচ ইয়াৰ পৰা, দেখা নাই কিমান ভিৰ হৈছে ? ………. ৷ সেই তৰ্জন-গৰ্জনৰ পিছতে ঘটি যোৱা মৰ্মান্তিক ঘটনাটোৰ স্মৃতিয়ে তাক বাৰুকৈয়ে শোকাকুল কৰি তুলিছে৷
আজি এই ওঞ্চলত ডাঙৰ ৰাজহুৱা সভা এখন হৈ আছে আৰু তালৈ মূখ্যমন্ত্ৰীও আহিছে৷ বুকুত এটা ডাঙৰ আশা বান্ধি মন্ত্ৰী ডাঙৰীয়াক লগ কৰিৱলৈ গৈছিল অতি উৎফুল্লিত হৈ৷ সভাত অলেখ মানুহৰ সমাগম হৈছে৷ মানুহৰ সমাগমত বিৰ দি বাট নোপোৱা অৱস্থা৷ বহু চেষ্টা কৰি আগবাঢ়ি গৈ মন্ত্ৰী ডাঙৰীয়াৰ ষ্টেজৰ কাষ পাইছিলগৈ৷ এনেতে কোনোবাই ‘ ঐ গুচ ইয়াৰ পৰা,দেখা নাই…………৷’ একপ্ৰকাৰ মহেশ্বৰ ডেকাক সন্মুখৰ পৰা গতা মাৰি দিলে ভিৰৰ মাজত৷ মানুহৰ ভিৰৰ মাজত কোনোবাৰ লগত লাগি উবৰি(কাৰ্ফাল) খাই পৰি গ’ল৷ বয়সে আৰু দৰিদ্ৰতাই জুৰুলা কৰা তাৰ শীৰ্ণ দেহৰ ওপৰেদি মানুহৰ অবাধ অহা যোৱা চলিল৷ কোনেও কালৈকো চোৱাৰ সময় নাই- যেন প্ৰয়োজনো নাই৷জোতা চেণ্ডেলৰ প্ৰচণ্ড আঘাতত তাৰ হাত ভৰিৰ ওপৰেদি মানুহৰ ভৰিত তেজৰ চেকুৰা বান্ধিলে৷ কোনোমতে নিজক ৰক্ষা কৰি ভিৰৰ মাজৰ পৰা ওলাই বিষে কোপে ঘৰ অভিমুখে খোজ দিলে৷

স্মৃতিবোৰ চকুৰ সন্মুখত থাকোতেই জীয়েকৰ কন্ঠস্বৰ শুনিবলৈ পালে-
‘মা, মই আহিছো’
জীয়েকৰ মাতত সপোনৰ পৰা সাৰ পোৱা মানুহৰ দৰে বাস্তৱলৈ ঘূৰি আহিল৷পিৰালিত  জীৰ্ণ শীৰ্ণ অৱস্থাত বহি থকা বাপেকলৈ চাই  আচৰিত হৈ সুধিল-
: পিতাই, তই ইয়াতে আছ যে? তই জানো মিটিঙলৈ যোৱা নাছিলি?
: গৈছিলো অ আই –সি লাহেকৈ উত্তৰ দিলে৷
: মূখ্যমন্ত্ৰযে কি ক’লে পিতাই –জীয়েকে তাৰ ওচৰ চাপি লৈ বৰ আগ্ৰহেৰে সুধিলে৷ সি একো উত্তৰ নিদিলে৷ মনৰ ৰঙীন কল্পনাৰ চঞ্চল নাচোনত উতলা হৈ তাই অনৰ্গল কৈ গল-মায়ে কৈছিল আমাৰ মূখ্যমন্ত্ৰীয়ে হেনো আমাক সাহায্য দিব, হয়নে পিতাই? তেতিয়া মই ডাঙৰ স্কুলত পঢ়িবলৈ যাব পাৰিম৷ আমাৰো পুৰবীহঁতৰ দৰে পকী ঘৰ হ’ব নহয়নে পিতাই?
সি জীয়েকৰ চকুয়ে চকুয়ে চাবলৈ সাহস গোটাব নোৱাৰিলে৷ চলচলীয়া চকুহাল আৰু সেমেকি উঠি নিয়ৰৰ কনা যেন হৈ সৰি পৰিব৷
দৰিদ্ৰ সাঁজ পিন্ধি মিটিঙলৈ যোৱাটোৱে ভুল হ’ল তাৰ৷ তাক গতিয়াই দিয়া মানুহজনৰতো ভুল নাই, ইমান ডাঙৰ মানুহৰ মিটিঙত এই নগন্য অভাজনৰ ঠাই ক’ত? তথাপিও সিতো দৰিদ্ৰ সাজ পিন্ধি সাহায্যৰ বাবে যোৱা নাছিল৷ বুকুত বেলেগ এটা আশাৰ বান্ধিহে গৈছিল? ৰাইজৰ সভা ৰাইজে বনোৱা মন্ত্ৰী, ৰাইজে মন্ত্ৰীৰ কাষত গৈ মনৰ কথা কোৱাৰ অধিকাৰ কোন নাই, তেন্তে কেনেকৈ ৰাইজৰ প্ৰতিনিধি? ভাবি ভাবি মৌন হৈ বহি আছিল যদিও ছোৱালীৰ প্ৰশ্নত মৌনতা ভাঙিবলৈ বাধ্য হ’ল৷
: নাই ও মাজনী সেইবোৰ মিটিঙ আমাৰ বাবে নহয়৷ মন্ত্ৰী, এম.এল.এ ওচৰত ডাঙৰ ডাঙৰ মানুহহে শোভা পায় আমাৰ দৰে নগণ্য মানুহৰ ঠাই নাই৷
:তেন্তে পিতাই আমাক সাহায্য নিদিব? মইযে পুৰবীহঁতৰ ঘৰত শুনিছিলোঁ তোমাৰ দৰে কাঁহ পিতলৰ কাম কৰা সকলোকে সাহায্য দিব ?- তাই অসহায়ৰ দৰে দেউতাৰৰ মূখলৈ চাই ৰ’ল৷
: সাহায্য ঘোষোণাও হ’ব আৰু সাহায্যও দিবও কিন্তু সেইবোৰ ধনী বা মধ্যবিত্তৰ ভৰালতহে জমা হ’বগৈ৷

পুৰৱীৰ দেউতাকে পাব কাৰণ –ৰাজনৈতিক নেতা, পালি নেতা দালাল সকলোৰ লগত তেওঁৰ ঘনিষ্টতা আছে৷ তেওঁলোকে পতা জালত পূৰৱীৰ দেউতাক আৰু অইনবোৰে সোমাই পৰিছে৷ উপায়ো নাই কি কৰিব?
 গোটেই দিনটো হাড়ভঙা পৰিশ্ৰম কৰাৰ পিছতো পোৱা সামান্য মাননিৰে পৰিয়াল পোহপাল দিয়াটো জটিল হৈ পৰে আমাৰ দৰে দুখীয়া মানুহৰ৷ সিহঁতৰ পৰা সুদত টকা ধাৰলৈ আনিব লাগে৷ কেচাঁমাল উপলব্ধ নোহোৱা বাবে কলকাতাৰ পৰা কেচাঁমাল আধিক দৰত অনাতকৈ মহাজনৰ পৰা প্ৰতি মাহে কেচাঁমান আনি কম মাননিৰ বিনিময়ত সেইবোৰ বনাই মহাজনক জমা দিয়ে৷ মহাজনবোৰেও সিহঁতক হাতত ৰাখিবলৈ টোপ দি থাকে৷ মই এইবোৰ ভাল নাপাও বাবে মোক সিহঁতে বেয়া পায়৷ মই এজন শিল্পী৷ মই আগতেও কাৰো সাহায্য আশা কৰা নাচিলোঁ এতিয়াও নকৰোঁ৷ যি পাৰোঁ নিজে কৰিম৷
:কি হ’ল পিতাই! তোৰ হাতে ভৰিয়ে তেজৰ চেকুৰাযে ? – হঠাৎ মিনাই লক্ষ্য কৰিলে বাপেকৰ হাতে- ভৰিয়ে তেজৰ চেকুৰা৷ ইমানপৰ পৰে মনৰ উলাহত তাই বাপেকৰ দেহটোলৈ লক্ষ্য নকৰাকৈ কথাবোৰ অনৰ্গল কৈ গৈছিল৷
: একো হোৱা নাই কাম কৰি থাকোতে কৰোবাত লাগিছে৷ প্ৰায়ে দেখোন কাম কৰোতে তেজ ওলায়৷- মহাশ্বৰ ডেকাই আচল কথাটো ঢাকি ৰাখিবলৈ মিছা মাতিলে৷
: কাম কৰি দুখ পালে অকল হাততহে ছাল চিঙে ভৰিত তেজ নলায়৷
:তই সেইবোৰ জানিব নালাগে৷ যা ভিতৰৰ পৰা হালধীগুৰা অকন লৈ আহ৷ পিছফালৰ পৰা মাকে সকলো শুনি কিবা হৈছে  অনুভৱ কৰি মিনাক ভিতৰলৈ পঠাই দি কাষতে বহিলে৷
: সচাঁ কথা কওঁকচোন কি হৈছে?
: ভিৰৰ মাজত পৰি গৈছিলোঁ ও৷ মানুহৰ জোতাৰ গোচকত তেজ ওলাইছে৷
: ভিৰৰ মাজত কিয় সোমাই যাব লাগেনো?
মহাশ্বৰ ডেকাই ঘৈনীয়েকৰ কথাৰ উত্তৰ দিব মাত্ৰ এনেতে ঘৈনিয়েকে মাত কাঢ়ি লৈ কলে- হ’ব বাৰু, হাতখন আগবঢ়াই দিয়ক মিনাই হালধী লৈ আহিছে৷ ডেকাই চুপচাপ হাত ভৰি আগবঢ়াই দিলে৷ ঘৈনিয়েকে হালধীগুৰি হাতত লৈ লগাই দি ভিতৰলৈ গ’ল৷
মিনাই কাষতে বহিয়ে কলে – পিতাই তুমি আৰু যাব নালাগে, মই মিটিঙখন চাই আহোগৈ৷ মন্ত্ৰী মহাশয়ে আমাৰ পালেঙখন চাব বিছাৰিলে মই লৈ আহিম৷ মায়ে কৈছিল যেতিয়া মন্ত্ৰী মহাশয় আহিব আমাৰ পালেঙ চাবলৈ আহি কিনি লৈ যাব৷ পালেংখন বিক্ৰী হ’লেও বহু টকা পাম৷
: নালাগে ও আই ইমান ভিৰৰ মাজত যাব নালাগে৷ আৰু এইখন পালেঙৰ মূল্য ৩০ লাখ টকা যদিও মই সেইখন বিক্ৰিৰ আশাৰে বনোৱা নাই৷ মোৰ সকলো জীৱনপুঞ্জি ব্যয় কৰি মোৰ সকলো কাৰুকাৰ্য্য খটুৱাই এইখন তৈয়াৰ কৰিছোঁ৷ এইখন যদি চৰকাৰে এনেও নি সংৰক্ষণ কৰি মোৰ কৰ্মক স্বীকৃতি দিয়ে সেয়াই যথেষ্ট,বাকী একো নিবিচাৰোঁ৷
মোক যেনেকে কাম কৰা দেখা মোৰ দেউতা, ককাহঁত এনেকি মোৰ পূৰ্বপুৰুষৰ পৰা এই কাম চলি আহিছে৷ যেতিয়া আমাৰ দেশত ৰজা মহাৰজা আছিল তেতিয়াৰ পৰা এই কাম চলি আছে৷ সেই ধাৰা মই বহন কৰি আহিছোঁ, গতিকে চৰকাৰে এই কামৰ মূল্য নিদিলেও স্বীকৃতি দিব বুলি আশা কৰিছিলোঁ৷
: আই ওই হয়নে? কৱাচোন ৰজাৰ দিনৰ কথা৷
: আগৰ যুগত আমাৰ পূৰ্ব পুৰুষে ছমাহ ঘৰত থাকি কাহ পিতলৰ বস্তু বনাই জমা কৰি দূৰ্গা পূজাৰ পিছত ওলাই গৈছিল সেইবোৰ লৈ দেশ বিদেশ বানিজ্য কৰিবলৈ৷ এনেকৈয়ে সৈৰ্থেবাৰীৰ কাহ পিতলৰ কিছু চৰ্চা হয় প্ৰথম৷তাৰোপৰিও প্ৰায় সপ্তম শতিকাত কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাই কনৌজ অধিপতি হৰ্ষবৰ্দ্ধনক দুই ৰাজ্যৰ সম্প্ৰীতি সুদৃঢ় কৰাৰ বাবে এই সৰ্থেবাৰীৰ অথাৎ আমাৰ পূৰ্বপুৰুষে বনোৱা কাঁহৰ পাত্ৰ বনাই লৈ উপহাৰ দিছিল৷ সকলো ৰজাৰ লগতে মহাৰাজ নৰনাৰায়ন আৰু ৰজা ৰুদ্ৰ সিংহ, শিৱ সিংহৰ দিনত আমাৰ ইয়াত কাঁহৰ বস্তু উৎপাদনত বৰ গুৰুত্ব দিছিল৷

আহোম ৰাজত্ব কালত কাঁহৰ বস্তুৰ বৰ গুৰুত্ব আছিল৷ মাইহাং বাটি, মাইহাং কাঁহীত ভাত খাই তৃপ্তি পাইছিল ৰজা মহাৰাজা সকলে ৷ লগতে ধুনীয়া ধুনীয়া বাটি, দুগদুগী, টেমাবাটি, পিকদানী, ভোগজৰা, বটা, বাণকাঁহী আদি ৰাজকাৰেঙৰ জেউতি চৰাইছিল৷ যুদ্ধৰ সা- সৰঞ্জাম, দুৱাৰ, গেট আদিও তৈয়াৰ কৰাই লৈছিল৷  এনেকি নামনি অসমৰ গৌৰিপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু তেওঁৰ পুত্ৰ প্ৰথমেশ বৰুৱাই আমাৰ পূৰ্বপুৰুষৰ হতুৱাই কাঁহ তামৰ বস্তু তৈয়াৰ কৰাই  লৈ ৰাজপ্ৰসাদত জেউতি চৰাইছিল৷ লগতে কাঁহেৰে গঢ়া বিভিন্ন ধৰণৰ শৰাই, টেমাবটা, ভোৰতাল,দুগদুগী-লোটা আদি জাতীয় সম্পদ হিছাপে ৰাজভৱনত সংৰক্ষণ কৰিছিল৷ ইংৰাজ সকলোৰো আমাৰ কাঁহ পিতালৰ বস্তুৰ বিশেষ সমাদৰ আছিল৷ মহাৰাণী ভিক্টোৰীয়াৰ ৰাজত্বকালত কঁহাৰ সকলোক বিশেষ মৰ্যদা দিছিল৷ আজোককাহঁত লণ্ডনৰ বৃহৎ হস্ততাঁত শিল্পৰ প্ৰদৰ্শনীত যোৱাৰ সুবিধা পাইছিল৷ আজোককাৰ বন্ধু পুষ্পৰাম কঁহাৰে সেই প্ৰদৰ্শনীত প্ৰথম পুৰস্কাৰ কঢ়িয়াই লৈ আহিছিল অসমলৈ৷
: এয়াতো আমাৰ বাবে বৰ গৌৰৱৰ কথা নহয়নে পিতাই ?
:হয় ও মাজনী৷
: তেন্তে পিতাই এই কাম মই শিকিব নোৱাৰোনে? এদিন ময়ো ভাল বস্তু বনাই পুৰস্কাৰ  জিকি অসমলৈ গৌৰৱ কঢ়িয়াই আনিম৷
: ঘৰৰ কামবন এতিয়াও নিশিকিলে, তাই কাঁহাৰৰ কাম শিকিব! দুদিন পিছতে আনৰ ঘৰত যাব লাগিব, ভাত ৰান্ধিব নাজানি কাঁহাৰৰ কাম জানিলে ভাত নিদিয়ে গিৰিয়েকে৷- গিৰিয়েকৰ বাবে পানী এগিলাচ আনি দিবলৈ লওতেই পিতাক-জীয়েকৰ কথা শুনি মাকে ইতিকিং সুৰত কথাষাৰ কলে৷
:মই বিয়া নহও, মই আগলৈ পঢ়িম৷- মিনাই মাকক উদ্দেশ্যি খঙেৰে কলে৷
:তোক পঢ়াই পঢ়াই ঘৰৰ খুটা বনাম নহয়৷- কৈ মাকে আকৌ ভিতৰলৈ গুচি গ’ল৷ ডেকাই ঘৈনীয়েকলৈ লক্ষ্য কৰিলে৷ মলিয়ন কাপোৰ আবৃত দেহ, কষ্টই কঙাল কৰা মুখত বিৰক্তিৰ চাপ৷ ডেকাই প্ৰতি উত্তৰত একো নকলে৷ কাষতে বহি থকা জীয়েকলৈ লক্ষ্য কৰিলে৷ মিনাই মুখত চাউল তিয়াইছে৷ ডেকাই জীয়েকৰ মুৰত মৰমৰ হাত বুলাই কলে-
‘খং নকৰিবা ও মাজনী, মায়ে সেইবোৰ এনেই কৈছে৷ মই তোমাক পঢ়াম নহয়৷’
: হ’ব হ’ব নিশিকালা নাই৷- অভিমানি সুৰত কলে৷
:মাজনী সেইবোৰ বৰ কষ্টকৰ কাম৷ কাঁহ এবিধ ৰাসায়নিক মিশ্ৰ ধাতু৷ইয়াৰ প্ৰস্তুতকৰণ প্ৰনালী সুকীয়া৷ ৰাং(tin ) আৰু তাম(copper)এই দুবিধ মিশ্ৰণ গলাই কাঁহ তৈয়াৰ কৰা হয়৷ এক কাঁহৰ বাচন-বৰ্তন তৈয়াৰ কৰা বিশেষ কৌশল আছে৷
: কি ও পিতাই?
: তই দেখা নাই জানোঁ?
: দেখিছোঁ বহুত বাৰ কিন্তু স্কুলত থকাৰ বাবে গোটেইখিনি দেখা নাই নহয় আৰু বুজাও নাই৷ বুজাই দিয়াচোন৷
:ঠিক আছে তেন্তে আমাৰ গঢ়শালত বল৷
দুয়ো উঠি গৈ ঘৰৰ পিছফালে থকা গঢ়শালত সোমাল৷ গঢ়শাল বুলিবলৈ বাহৰ বেতেৰে দিয়া বেৰ আৰু ওপৰত কেইখনমান টিনপাত ,সন্মুখৰ বেৰখন নাই৷ গঢ়শালৰ ভিতৰত এচুকত আছে চিমেন্টেদি গঢ়া পাট এখনৰ ভিতৰত পানী, জুই জ্বলাবলৈ এটা গাত আৰু কাষতে আছে বাকী সা সঁজুলি৷ ভাইগা কঁহাৰ সতে বহিবলৈ ব্যৱহাৰ কৰা বস্তাবোৰো এচুকত গোটাই থোৱা আছে৷ মিটিঙখনৰ বাবে আজি বন্ধ ৰখা হৈছিল৷
ডেকাই ভিতৰত সোমাইয়ে হুমুনিয়াহ এৰিলে আৰু মনে মনে আওৰালে ’এনেই দিনটো গ’ল’৷ তাৰ পিছত নিয়াৰি, হাতুৰী,ছেনা,অ’ৰ আদি জীয়েকক দেখুৱাই ললে৷
: চিনিলোঁ এইবোৰ, এইবোৰেৰে কেনেকৈ তৈয়াৰ কৰা হয় তাকে কোৱা৷
:ঠিক আছে শুন তেন্তে৷ প্ৰথমে কাঁহখিনি আফৰৰ জুইত মুহৰি ভিতৰত থৈ গলাই লোৱা হয়৷ তাৰ পিছত গলিত ধাতুখিনিত আঁকৰ ঢালি দিয়া হয়৷ চেঁচা হোৱাৰ পিছত কঠিন হৈ পৰে৷ এইবোৰক তপতাই লৈ নিয়াৰিত থৈ হাতুৰীৰে কোবাই কোবাই প্ৰজনীয় বাচনৰ গঢ় দিয়া হয়৷ ওজা কঁহাৰে ইয়াক সঁৰাহেৰে টানকৈ ধৰি ঘূৰাই থাকে বাকী পালি কঁহাৰে হাতুৰীৰে কোবাই থাকে৷ ইয়াৰ পিছত পানীত কিছুসময় জুবুৰীয়াই চেঁচা কৰি তাক অ’ৰে ঘঁহি মিহি আৰু চাফা কৰা হয়৷ আকৌ কুন্দত দি গুণা টানি প্ৰয়োজনমতে মিহি কৰা হয়৷ শেষত তাৰ ওপৰত ছেনাৰ সহায়ত কাৰুকাৰ্য খচিত কৰা হয়৷
: ময়ো বনাম চাবা ডাঙৰ হৈ৷
: তই অকলে নোৱাৰিবি নহয় আইজনী ৷ এইবোৰ এজনে কৰা কাম নহয়৷ ৮-১০জনে মিলিহে কাম কৰিব লাগে৷
:তুমি চিন্তা নকৰিবা, চাবা মই মোৰ লগৰীয়াবোৰক গোটাই লম৷
: হয়নে? পাগলী কৰবাৰ৷ – উচ্চ স্বৰে হাঁহি মীনাৰ মূৰত হাত বুলাই ডেকাই কলে৷
: মীনা, মীনা…….( বাহিৰৰ পৰা মীনাৰ সমনীয়াৰ মাত আহিল)
: পিতাই পুৰৱীয়ে মাতিছে, মই এতিয়াই গৈ এতিয়াই আহিমগৈ৷- কৈ মীনাই দৌৰি গুচি গ’ল৷
তাইৰ খোজৰ গতিবোৰ চাই ডেকাই নতুন উদ্যাম পালে৷ কিবা ভাবি ডেকাই কান্ধত মেৰিয়াই লোৱা গামচাখন সযতনে পদুলিৰ কাপোৰ শুকোৱা ৰছিডালত খুলি থৈ যাওতে হেঁপাহৰ পালেংখনলৈ চালে৷ পালেঙখন ইমান দামৰ তথাপিও মূল্যহীন হৈ পৰি আছে৷ কিমানযে হেপাঁহেৰে তৈয়াৰ কৰিছিল এই সপোনৰ পালেঙখন৷ বহু মূল্যবান পালেঙখন পিৰালীতে থব লগা হৈছে ঘৰৰ অভাৱত৷ পিৰালি বুলিবলৈ মাথোঁ ওপৰৰ চালিখন৷ ঘৰখনৰো তেনেই অৱস্থা৷ ভিতৰৰ পৰা বাহিৰ আৰু বাহিৰৰ পৰা ভিতৰত বতাহ সোমাই – ওলাই যাব পাৰে বাহ আৰু মৰাপাটৰ বেৰৰ ফাঁকেৰে৷ ঘৰ অবিহনে পদুলিতে থোৱা বাবে ধুলি বালি পৰিছে৷ পুৰণা কাপোৰ এখনেৰে হেঁপাহৰ পালেংখন মৰমেৰে মছিবলৈ ধৰিলে৷ নিতে পুৱাত উঠয়ে কামফেৰা সামৰে যদিও আজি আকৌ মিটিংৰ বাবে বাদ পৰি ৰৈছিল৷ পালেঙখন মছি থাকোতেই ভাবিছিলে চৰকাৰে লৈ গৈ সংৰক্ষণ কৰিব ……৷ দাসে মনতে কথাবোৰ ভাবি দীঘলকৈ হুমনীয়াহ এটা এৰি আকৌ গঢ়শাললৈ গ’ল৷ বহিবলৈ পাটৰ বস্তা এটা মাটিত পাৰি ললে৷ ছেনা আৰু হাতুৰী আনি ৰেডি কৰি থৈ নিজৰ কোঠালৈ গ’ল৷ ভিতৰৰ পৰা তামৰ ডাঙৰ ফলি এখন লৈ আহি বস্তাৰ ওপৰত লৈ নিজে বহি নিজৰ শিল্প-শৈলীৰে কাৰুকাৰ্য খোদিত কৰিবলৈ আৰম্ভ কৰিলে৷ মনতে ভাবিলে ‘ আনৰ প্ৰতি আশা কৰি লাভ নাই, নিজৰ কাম নিজে কৰি যোৱাই ভাল৷ 
এনেতে পদুলিত মিনাৰ উচপনি শুনা গ’ল……৷

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)