আমাৰ মুছলমান সমাজত নাৰীৰ সম্পত্তিৰ অধিকাৰ -------@ বেগম আছমা আমাৰ মুছলমান সমাজত নাৰীৰ অধিকাৰ সম্পৰ্কে সচেতনতা বা আলোচনা কৰাটো দেখা নাযায় । এইটো এটা গুৰুত্বপূৰ্ণ বিষয় যদিও এই বিষয়টো গুৰুত্ব নাপায় । ইছলাম কিন্তু নাৰীৰ অধিকাৰ সম্পৰ্কে সচেতন । ইচলাম ধৰ্মত নাৰীৰ অধিকাৰ এটা গুৰুত্বপূৰ্ণ বিষয় অথচ আমাৰ সমাজত সেই বিষয়টো তল পৰি থাকে বা তল পেলাই থোৱা হয় । ইচলামত নাৰীৰ অধিকাৰ দিয়াটো কল্যাণকৰ কৰিছে । যিয়ে নাৰীৰ( মা , পত্নী, পুত্ৰী , ভগ্নী) লগত ভাল সম্পৰ্ক ৰাখে , তাৰ বাবে অৰ্থ ব্যয় কৰে তাৰ বাবে আল্লাহ তালাই ৰিজিক আৰু ৰুজি প্ৰশস্থ কৰিছে, কিন্তু আমাৰ সমাজত ইয়াৰ ওলোটা চবিহে দেখা যায় । আল্লাহ তালাই কাৰ ভাগ্যত কি লিখিছে কোনেও ক'ব নোৱাৰে । তেনে ক্ষেত্ৰত ছোৱালীৰ গোটেই জীৱন অনিশ্চয়তা থাকি যায় । আৰ্থিক ভাৱে স্বাৱলম্বি ছোৱালীৰ কথাটো বেলেগ । হাউচ অৱাইফ অৰ্থাৎ গৃহিণীৰ জীৱন বেলেগ । আমাৰ সমাজত কিন্তু হাউচ অৱাইফে বেছি । এই ক্ষেত্ৰত বৃহৎ অংশই অনিচ্ছয়তাত দিন কটাব লগীয়া হয় । আল্লাহ তালাই প্ৰত্যেকজন নাৰীকে অৰ্থনৈতিক আৰু সম্পত্তিৰ অধিকাৰ দি ৰাখিছে কিন্তু সমাজত ইয়াৰ ওলোটা ৰূপহে দেখা যায় । ছোৱালী বিয়ালৈকে এখন