Posts

Showing posts from August, 2019

শূন্য

Image
          এটা বৃহৎ শূন্য যাৰ মাজত মই সোমাই পৰিলোঁ‌ মানুহে কয় শূন্যৰ পৰিধিত মাথোঁ শূন্যতা মই দেখিলো প্ৰাচীন নগৰ এখন তাত উজ্জীৱীত হয় প্ৰতিটো দিৱসৰ উৎসৱ তাতেই আছে যুগ যুগ ধৰি প্ৰাৰ্থনাৰত এখন অৰণ্য তাৰ মাজেৰে হেজাৰ হেজাৰ খটখটি খটখটিবোৰদিয়ে তললৈ নামি গলোঁ‌ মই যিমনেই নামিলো আন্ধাৰে বৰকৈ গুনগুনালে ইয়াত নাই কোনো পুৱা নাই কোনো গধুলি ইয়াত আছে মাথোঁ‌ অন্ধকাৰ বুকুত ধাৰন কৰা কিছু গছ, শিপাবোৰে মোৰ নাকে কানে সোমাই মগজু শুহিবলৈ ধৰিলে পোহৰ বিচাৰি হাহাকাৰ কৰিলোঁ‌ পোহৰ ইয়াত নিষিদ্ধ শস্যৰ সুবাসিত পথাৰ বা সেউজীয়া গল্প ইয়াত সাধুকথা দূৰৈত ৰিনি ৰিনি বাঁ‌হীৰ  সুৰ সুৰৰ লহৰত খোজ কাঢ়ি গৈ থাকিলোঁ বহুবছৰৰ ক্লান্তিকৰ যাত্ৰাৰ অন্তত দেখিলো এখনি নৈ যাৰ কোনো শব্দ নাই নাই কোনো তৰংগ নৈ পাৰতে পাৰ কৰিলোঁ‌ বহু দিবস হঠাৎ দেখিলোঁ‌ ঘন কলা চুলিৰ ৰহস্যময় যুৱক চকু তাৰ সপ্নীল দৃষ্টিত সঞ্জীৱিত সুধা সেই সুধা পান কৰিলেই আতৰি যায় সৰ্ব ক্লান্তি ওঁ‌ঠত বসন্ত সম্ভাৰ বুকুত মাঘৰ শস্যময় পথাৰৰ সুবাস মই কলো  কতো যুগ ধৰি তোমাক বিচাৰি আছো হা হা কৰি হাঁ‌হি গ'ল সি তাৰ পিছত কলে- মই তোমাৰ

মধুৰিআমৰ বনৌষধি গুণ benefit of guava

Image
মধুৰিআম ফল সকলো মানুৰে প্রিয় আৰু ই ঔষদি গুনেৰে ভৰপুৰ।এই ফল গ্ৰীষ্মকালীন৷ফলবিধ কেচাঁত সেউজীয়া আৰু পকিলে হালধীয়া৷ মাজৰ ভাগ অৱশ্যে বগা থাকে৷ কিছুমান প্ৰজাতি আকৌ মাজৰ ভগ গুলপীয়া বা বেগুনীয়া ৰঙৰ হয়৷ ইয়াৰ ইংৰাজী নাম গুৱেভা। হিন্দীত ইয়াক আমৰূদ আৰু বাংলাত 'চিচৰা” বুলি কয়। মধুৰিআমত প্ৰচুৰ পৰিমানে ভিটামিন‘‘চি’’ আৰু ‘‘এ’’ পোৱা যায়৷ইয়াৰ ওপৰিও ইয়াত যথেষ্ট পৰিমানে ফচফৰাচ ,আইৰণ আৰু কেলচিয়াম, ফাইবাৰ,কাৰ্বহাইড্ৰেড,কেলৰি,প্ৰটিন থাকে৷ মধুৰিআমৰ শিপা আৰু ছালত টানিক এচিড প্রসিদ্ধ। ইয়াৰ পাতত ফেট, ভলেটাইল অইল আৰু মিনাৰেল চল্ট  আৰু মেংগানিজ থাকে।যাৰ বাবেই মধুৰিআমত স্বাস্থৰ বাবে লেখত লবলগীয়া৷ইয়াৰ ঔষদি গুণো বহুত৷ আহকচোন জানোঁ মধুৰিআমত থকা বনৌষধি গুণবোৰ— ১)মাধুৰি আম খালে তেজ পৰিস্কাৰ হয় আৰু শৰীৰে শক্তি পায়৷ ২)মূৰৰ বিষ আৰু কামোৰণিত কেঁচা মধুৰিআম ফলৰ বাকলি থেতালি মিহি কৰি কপালত সানিলে বিষ কমি যায়। ৩)দাঁতৰ বিষত মধুৰিআমৰ পাত ৩-৪ টা মান মুখত লৈ চোবালে বিষ কমে। তদুপৰি পাতৰ ৰস গৰম কৰি কুলি কৰিলেও বিষৰ উপশম ঘটে। ৪)মানসিক চিন্তাৰ ফলত মূৰ বিষালে, কথা-বতৰা পাতোতে মূৰ কামোৰিলে, মূৰ ঘূৰালে মধুৰিআমৰ পাতৰ