শেহতীয়া লেখা

শূন্য



         










এটা বৃহৎ শূন্য
যাৰ মাজত মই সোমাই পৰিলোঁ‌
মানুহে কয় শূন্যৰ পৰিধিত মাথোঁ শূন্যতা
মই দেখিলো প্ৰাচীন নগৰ এখন
তাত উজ্জীৱীত হয়
প্ৰতিটো দিৱসৰ উৎসৱ
তাতেই আছে
যুগ যুগ ধৰি প্ৰাৰ্থনাৰত এখন অৰণ্য
তাৰ মাজেৰে হেজাৰ হেজাৰ খটখটি
খটখটিবোৰদিয়ে তললৈ নামি গলোঁ‌
মই যিমনেই নামিলো
আন্ধাৰে বৰকৈ গুনগুনালে
ইয়াত নাই কোনো পুৱা
নাই কোনো গধুলি
ইয়াত আছে মাথোঁ‌
অন্ধকাৰ বুকুত ধাৰন কৰা কিছু গছ,
শিপাবোৰে মোৰ
নাকে কানে সোমাই
মগজু শুহিবলৈ ধৰিলে
পোহৰ বিচাৰি হাহাকাৰ কৰিলোঁ‌
পোহৰ ইয়াত নিষিদ্ধ
শস্যৰ সুবাসিত পথাৰ
বা সেউজীয়া গল্প ইয়াত সাধুকথা
দূৰৈত ৰিনি ৰিনি বাঁ‌হীৰ  সুৰ
সুৰৰ লহৰত খোজ কাঢ়ি গৈ থাকিলোঁ
বহুবছৰৰ ক্লান্তিকৰ যাত্ৰাৰ অন্তত
দেখিলো এখনি নৈ
যাৰ কোনো শব্দ নাই
নাই কোনো তৰংগ
নৈ পাৰতে পাৰ কৰিলোঁ‌ বহু দিবস
হঠাৎ দেখিলোঁ‌
ঘন কলা চুলিৰ ৰহস্যময় যুৱক
চকু তাৰ সপ্নীল
দৃষ্টিত সঞ্জীৱিত সুধা
সেই সুধা পান কৰিলেই
আতৰি যায় সৰ্ব ক্লান্তি
ওঁ‌ঠত বসন্ত সম্ভাৰ
বুকুত মাঘৰ শস্যময় পথাৰৰ সুবাস
মই কলো  কতো যুগ ধৰি
তোমাক বিচাৰি আছো
হা হা কৰি হাঁ‌হি গ'ল সি
তাৰ পিছত কলে-
মই তোমাৰ কাষতেই আছিলোঁ‌
তুমি ইমান বছৰ টোপনিত নাছিলানে?
আহ! অসহ্যকৰ ,
এই চোৱা মোৰ চুলি,ভৰিত
এতিয়াও লাগি আছে
আন্ধাৰৰ টুকুৰাবোৰ
সি কেছুৱা এটিৰ দৰেই
অন্ধাৰৰ টুকুৰাবোৰ এৰুৱাই
নিমজ চুমা এটি ওঁঠত গুজি দিলে
আত্মতুষ্টিত দুচকু বন্ধহৈ আহিল
দুচকু খুলিয়েই দেখো যুৱকজন
হেৰাই গ'ল অন্তহীন অৰণ্যত
আৰু মই
চিৰিৰ ভগ্নৱশেষৰ তলত পৰাই
বিচাৰি থাকিলোঁ . . . . . . . . . . . .।।