Posts

Showing posts from March, 2021

নৈতিক মূল্যবোধ আৰু আদৰ্শ সমাজ

Image
 আদৰ্শবান নাগৰিক আদৰ্শ সমাজ এখনৰ প্ৰতিফলন ৷ আদৰ্শ সমাজ বা ৰাষ্ট্ৰ গঢ়িবলৈ আদৰ্শবান নাগৰিকৰ প্ৰয়োজন৷ সেয়েহ সমাজ বা ৰাষ্ট্ৰৰ আদৰ্শ নাগৰিক গঢ়ি তুলিবলৈ শিশু অৱস্থাৰে পৰা উপয়ুক্ত শিক্ষা দিয়াৰ প্ৰয়োজন৷ শিক্ষাৰ অৰ্থ অকল পাঠ্যপুথিতে সীমাবদ্ধ নহয়৷ পাঠ্যপুথিৰ বাহিৰতো নৈতিক মূল্যবোধৰ শিক্ষা দিয়াটো অত্যন্ত দৰকাৰী৷ মূল্যবোধেই শিশু এটিক সামাজিক ভাৱে পৰিপূৰ্ণ কৰি তোলে তথা সমাজক আলোকিত কৰাত সহায় কৰে৷ মূল্যবোধে মানুহক সহনশীলতা, মমতাময় আৰু পৰিপূৰ্ণ জ্ঞানী হোৱাত সহায় কৰে৷ মূল্যবোধে ব্যক্তিৰ জীৱনক আদৰ্শ জীৱনলৈ উদ্ধৃত কৰে, তেতিয়াই ব্যক্তি এজনে বিশ্বজগত সুন্দৰভাৱে উপলব্ধি কৰিব পাৰে, কিন্তু আধুনিক সমাজ ব্যৱস্থা আৰু সভ্যতা যিমানে আগবাঢ়ি গৈ আছে সিমানে নৈতিক মূল্যবোধৰ অৱক্ষয় বাঢ়ি গৈ আছে৷ ক্ৰমাত বাঢ়িছে সামাজিক অবক্ষয়,ক্ৰমাত বেয়া হৈ গৈ আছে সামাজিক শৃঙ্খলা, সামাজিক সম্পৰ্ক৷  নৈতিক মূল্যবোধহীন সমাজ বৰ্বৰ , ই তীব্ৰ গতিত ধ্বংসৰ ফালে আগবাঢ়ে যাৰ বাবে হত্যা, সন্ত্ৰাস, অপহৰণ, ধৰ্ষণ, দূৰ্নীতি আদি দিনে দিনে বাঢ়ি গৈ আছে সমাজত৷ মানুহৰ নৈতিক মূল্যবোধ কিমান অৱক্ষয় হৈছে সেয়া প্ৰতিদিনে ওচৰে পাজৰে , বৈদ্যুতিক গণ মাধ্যম,বাতৰ

আন্তৰ্জাতিক #নাৰী দিৱসৰ পেক্ষাপটত বৰ্তমান নাৰী

Image
 আন্তৰ্জাতিক নাৰী দিৱসৰ পেক্ষাপটত বৰ্তমান নাৰী ----------- 8 মাৰ্চ 1857 চনত নিউয়ৰ্ক চহৰত বস্ত্ৰ কাৰখানাত জড়িত শ শ নাৰী শ্ৰমিকে তেওঁলোকৰ কৰ্মস্থানৰ অমানৱীয় পৰিৱেশৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল , কামৰ সময়সীমা কমাবলৈ আৰু উপযুক্ত মজুৰিৰ দাবীত 8 মাৰ্চ 1968 চন নিউয়ৰ্ক চহৰত পোন্ধৰ হাজাৰ নাৰীয়ে প্ৰতিবাদী সমদল উলিয়ায় কাম ,ভোটৰ অধিকাৰ আৰু শিশু শ্ৰম বন্ধৰ দাবীত । 1911 চনৰ 25 মাৰ্চত নিউয়ৰ্কত জুই লাগি এশ চল্লিশ গৰাকী নাৰী শ্ৰমিকৰ মৃত্যু ঘটে।এই ঘটনাৰ পিছত আমেৰিকাত প্ৰবল শ্ৰমিক আন্দোলন আৰম্ভ হয় । 8 মাৰ্চ 1913-14 চনত ইউৰোপ আমেৰিকাত এই দিনটোতেই পালিত হ'বলৈ ধৰে আন্তৰ্জাতিক নাৰী দিৱস হিচাপে । এইদৰে ত্যাগ , সংঘাত আৰু প্ৰতিবাদৰ ফলত 1974 চনত 8 মাৰ্চক আন্তৰ্জাতিক নাৰী দিৱস হিচাপে ঘোষণা কৰিছিল ৰাষ্ট্ৰসংঘই । ভাৰতবৰ্ষতো সংবিধানত নাৰীৰ সপক্ষে বহুতো আইন সন্নিবিষ্ট হ'ল , কিন্তু কাৰ্যকৰী হোৱা দেখা নগল বৰ্তমানলৈকে । আজিও নাৰী নিৰ্যাতন চলিয়ে আছে । নিৰ্যাতন কম হোৱাতকৈ দিনে দিনে বাঢ়িহে গৈ আছে । কোৱা হয় নাৰী অৰ্ধ আকাশ, বাস্তৱক্ষেত্ৰত নাৰীৰ স্থান অতি নিম্ন । ৰাতিপুৱাতে খবৰ কাগজ আৰু নিউজ চেনেলৰ হেডলাইন - নাৰী ধৰ্ষণ ,

অৱহেলিত অপেক্ষা

Image
অৱহেলিত অপেক্ষা ------------ চহৰৰ গলি এটিত সদায় ৰৈ থাকো তোমাৰ বিপ্লৱী চুমা এটাৰ অপেক্ষাত যি চুমায় মোক বিপ্লৱী কৰি তুলিব বুকুত বিপ্লৱৰ স্ফুলিঙ্গ জ্বলিব আকাশে বতাহে বাজিব স্বাধীনতাৰ গান হাতৰ মুঠিত অনা সূৰ্যৰ  ৰংবোৰ আলফুলে বুলাই দিবহি ওঁঠত দিন শেষত অৱহেলিত আপেক্ষাবোৰ এটি এটিকৈ সৰি পৰে ৰাতিৰ বুকুত সেয়েহ সূৰ্যৰ ৰঙা ৰঙখিনি বুলোৱা নহয়গৈ ওঁঠত স্বাধীনতাৰ পতাকাটিও উঠি থিয় নহয় সেয়েহ হয়তো মোৰ চহৰখনে উচুপি উঠে মাজৰাতি অশান্ত মনলৈ নিজ অলিয়ে গলিয়ে বাউলৰ দৰে ঘূৰি ফুৰে চহৰৰ খোজে প্ৰতি বাজি উঠে ঘৰবোৰত হেঁচি ৰখা অসংখ্য চিৎকাৰ জাগ্ৰত চকুবোৰৰ সুপ্ত ইতিহাস ভৰিত বন্ধা শিকলিৰ ঝংকাৰ যন্ত্ৰনাত দগ্ধ চহৰখনে আত্মগোপন কৰিবলৈ অন্ধকাৰৰ দিশে আগবাঢ়ে ক্লান্ত চহৰখনে বৈ থকা নৈ দেখি কিছুসময় নৈৰ পাৰত বহে নৈখনলৈ চাই থাকোতেই ছোৱালী এজনী আহে নৈ ঘাটলৈ চহৰখনলৈ চাই হাঁহে ফাগুনৰ ৰং বুলোৱা ওঁঠ চকু ভৰা কাজল আউলি বাউলি মেঘালী চুলি ভৰিত নুপুৰৰ ৰুণ-জুন লাহে লাহে তাই নদীত নামে জোনাকী পোহৰত নিজ ইচ্ছামতে সাতুৰি থাকে শেষ ৰাতি পোহৰক মেঘে ঢাকতেই অন্তৰ্ধান হৈ যায় অন্ধাৰৰ বুকুত পুৱা ৰক্তাক্ত উৰনাখন উদ্ধাৰ হয় উৰণাখনেই জানে তাইৰ জীৱনৰ শেষ উশাহ ন

চ’ৰ চাপৰিৰ আ-অলংকাৰ ( #অসমীয়া গহণা )

Image
                                     চ’ৰ চাপৰিৰ আ-অলংকাৰ (অসমীয়া গহণা ) অসমৰ চ’ৰ – চাপৰিৰ অধিকাংশ লোকেই কৃষিজীৱি৷ অতীতৰ পৰা এইসকল মানুহে নাঙলৰ ভৰত নিজৰ মেৰুদণ্ড কেতিয়াও পোনাব পৰা নাই৷ বৰ্তমানো ইয়াৰ ব্যতিক্ৰম নহয়৷ যিসময়ত মানুহে চন্দ্ৰত বসবাসৰ কথা ভাবি আছে সেই সময়ত চ’ৰ চাপৰিৰ মানুহে অন্ন-বস্ত্ৰ-বাসস্থানৰ তাগিদাত চহৰত গৈ দিন হাজিৰা, ঠেলা চালক, ৰিক্সা চালক মিস্ত্ৰি আদি বিভিন্ন কামত নিয়োজিত হৈ আছে৷ চ’ৰ-চাপৰিৰ বহু নাৰী চহৰলৈ ওলাই আহি শ্ৰমিকা,যোগালি,বাচন-বৰ্ত্তন,কাপোৰ ধোৱা আদি কামত নিয়োজিত হৈছে৷ চ’ৰ- চাপৰিৰ মহিলাই পুৰুষৰ কান্ধত কান্ধ মিলাই কৃষি কৰ্ম কৰাৰ লগতে বাঁহ-বেতৰ কাম যেনে-বিছনী,চালনী,ঢাৰি,পাচি,ধিয়াৰ আদি বনায়৷ ইয়াৰ ওপৰিও ৰচী,কাঁথা,শিকিয়া,জাল আদি তৈয়াৰ কৰি বিক্ৰী কৰি পোৱা টকাৰে দৈনন্দিন লাগতীয়াল সামগ্ৰী কিনাৰ লগতে নিজৰ সপোন,হেঁপাহ পূৰণ কৰে৷ প্ৰতিজন নাৰীৰ নিজকে সজাই পৰাই ৰখা আৰু বিভিন্ন আ-অলংঙ্কাৰ পিন্ধি নিজৰ শোভা বৰ্ধন কৰিব বিছাৰে৷ চ’ৰ-চাপৰিৰ প্ৰত্যেক গৰাকী নাৰীয়েই নিজৰ সাধ্যমতে বিভিন্ন ধৰণৰ গহণা পিন্ধা দেখা যায়৷ চ’ৰ চাপৰিত বিয়াত কইনা ঘৰৰ পৰা লগতে দৰাঘৰৰ পৰাও আ-অলংকাৰ দিয়া পৰম্পৰা অথবা