নৈতিক মূল্যবোধ আৰু আদৰ্শ সমাজ



 আদৰ্শবান নাগৰিক আদৰ্শ সমাজ এখনৰ প্ৰতিফলন ৷ আদৰ্শ সমাজ বা ৰাষ্ট্ৰ গঢ়িবলৈ আদৰ্শবান নাগৰিকৰ প্ৰয়োজন৷ সেয়েহ সমাজ বা ৰাষ্ট্ৰৰ আদৰ্শ নাগৰিক গঢ়ি তুলিবলৈ শিশু অৱস্থাৰে পৰা উপয়ুক্ত শিক্ষা দিয়াৰ প্ৰয়োজন৷ শিক্ষাৰ অৰ্থ অকল পাঠ্যপুথিতে সীমাবদ্ধ নহয়৷ পাঠ্যপুথিৰ বাহিৰতো নৈতিক মূল্যবোধৰ শিক্ষা দিয়াটো অত্যন্ত দৰকাৰী৷ মূল্যবোধেই শিশু এটিক সামাজিক ভাৱে পৰিপূৰ্ণ কৰি তোলে তথা সমাজক আলোকিত কৰাত সহায় কৰে৷ মূল্যবোধে মানুহক সহনশীলতা, মমতাময় আৰু পৰিপূৰ্ণ জ্ঞানী হোৱাত সহায় কৰে৷ মূল্যবোধে ব্যক্তিৰ জীৱনক আদৰ্শ জীৱনলৈ উদ্ধৃত কৰে, তেতিয়াই ব্যক্তি এজনে বিশ্বজগত সুন্দৰভাৱে উপলব্ধি কৰিব পাৰে, কিন্তু আধুনিক সমাজ ব্যৱস্থা আৰু সভ্যতা যিমানে আগবাঢ়ি গৈ আছে সিমানে নৈতিক মূল্যবোধৰ অৱক্ষয় বাঢ়ি গৈ আছে৷ ক্ৰমাত বাঢ়িছে সামাজিক অবক্ষয়,ক্ৰমাত বেয়া হৈ গৈ আছে সামাজিক শৃঙ্খলা, সামাজিক সম্পৰ্ক৷ 

নৈতিক মূল্যবোধহীন সমাজ বৰ্বৰ , ই তীব্ৰ গতিত ধ্বংসৰ ফালে আগবাঢ়ে যাৰ বাবে হত্যা, সন্ত্ৰাস, অপহৰণ, ধৰ্ষণ, দূৰ্নীতি আদি দিনে দিনে বাঢ়ি গৈ আছে সমাজত৷ মানুহৰ নৈতিক মূল্যবোধ কিমান অৱক্ষয় হৈছে সেয়া প্ৰতিদিনে ওচৰে পাজৰে , বৈদ্যুতিক গণ মাধ্যম,বাতৰি কাকত আদি চালেই বুজা যায়৷ শিশু - মাতৃক বলাৎকাৰ কৰি পেলাই থৈ গৈছে, বৃদ্ধ মা দেউতাক সন্তানে ৰাস্তাত পেলাই থৈ গৈছে৷ অচিনাকী দূৰ্বিত্তই মানুহক গুলিয়াই হত্যা কৰিলে , অমুক বিষয়াই ঘোচ লৈ ধৰা পৰিল, অমুক নেতাৰ সম্পত্তিৰ পাহাৰ … ইত্যাদি ইত্যাদি যিফালেই চোৱা যায় মাথোঁ মানৱতাৰ নৈতিক স্খলন৷

এতিয়া প্ৰশ্ন হয়- কিয় এই নৈতিক স্খলন হৈ আছে আধুনিক যুগত ?

আমাৰ সমাজত পুজিপতিৰ বিস্তাৰ , যান্ত্ৰিকতা , স্বাৰ্থপৰতা , শিক্ষিত বা সমাজৰ উচ্চ স্থানৰ মানুহৰ দূৰ্নীতিৰ প্ৰভাৱ নতুন প্ৰজন্মক প্ৰভাম্বিত কৰে ,দূৰ্নীতিগ্ৰস্থ অভিভৱৰ প্ৰভাৱ , নিৰক্ষৰতা আৰু দৰিদ্ৰতা , ইয়াৰ উপৰিও শিশুৰ নৈতিক মূল্যবোধৰ শিক্ষা নিদিয়াকৈ পাঠ্যপুঠিৰ শিক্ষা সৰ্বোচ্চ নম্বৰ পাবলৈ উৎসাহিত কৰা বা যন্ত্ৰত পৰিণত কৰা বৰ্তমান সময়ৰ গুৰুত্বপূৰ্ণ কাৰণ নৈতিক মূল্যবোধ স্খলনৰ৷ যাৰ পৰিনতিত দেখা যায় শিশুটি ডাঙৰ হৈ টকা ঘটা যন্ত্ৰ হৈ পৰে লাগিলে সেয়া দূৰ্নীতি কৰিয়েই নহওঁক কিয়৷

পৰস্পাৰিক শ্ৰদ্ধা, আস্থা,বিশ্বাস আদি প্ৰায় বিলুপ্ত৷ অতীতৰে পৰা দেখি অহা সমন্বয়ৰ সাকোঁখনো ভাঙো ভাঙো৷ খুব কম সংখ্যক গাঁওতহে সমন্বয়ৰ সাকোঁখন এতিয়াও মজবুত৷ বাকী সকলো ঠাইতে জাতি ধৰ্ম, বৰ্ণ, লৈ সাম্প্ৰদায়িক বিষবাস্প বিয়পি গৈছে৷ ইয়াৰ প্ৰধান কাৰণ হ’ল সাম্প্ৰদায়িক ৰাজনীতি৷ এই ৰাজনীতি বৰ্তমান ঘৰে ঘৰে সোমাই পৰিছে৷ শিশু এটিয়ে সৰুৰে পৰা ঘৰখনত যি দেখে তাকে অনুকৰণ কৰে৷ সিহঁতক যদি সৰুৰে পৰা সাম্প্ৰদায়িক বিষ ঢালি দিয়া হয় , সিহঁতেও এটা সময়ত সাম্প্ৰদায়িক বিষ বৃক্ষ হৈ উঠিব৷ সেয়েহ আমি সাম্প্ৰদায়িক ৰাজনীতি এৰিব লাগিব, সুস্থ সমাজ এখন গঢ়াৰ মনস্তাপ কৰিব লাগিব , তাৰ বাবে পৰিয়ালৰ পৰা ৰাজনীতি দূৰত ৰাখিব লাগিব ৷ তাৰ পিছত পৰিয়াল বা সমাজৰ পৰাই আৰম্ভ কৰিব লাগিব সুশৃঙ্খলতা আৰু নৈতিক মূল্যবোধৰ শিক্ষাৰ আখৰা৷ আমি জানো ঘৰ এখনেই হৈছে শিশুৰ উৎকৃষ্ট বিদ্যালয় , আৰু পিতৃ – মাতৃ হৈছে উৎকৃষ্ট শিক্ষক৷ সেয়েহ ঘৰখনৰ পৰাই আৰম্ভ কৰিব লাগিব উৎকৃষ্ট সমাজ তথা কল্যানকামী ৰাষ্ট্ৰ গঢ়াৰ আখৰা৷

 আমাৰ সমাজবোৰক নিচা জাতীয় দ্ৰব্যই পঙ্গু কৰি গৈছে দিনে দিনে৷ যাৰ ফলত যুৱ সমাজৰ মাজত উশৃঙ্খলতা বৃদ্ধি হৈছে৷ নিচা সেৱনৰ বাবেই হত্যা, চুৰি-ডাকাইতি আদিৰ দৰে জঘন্য কাণ্ড এতিয়া নিত্য নৈমিত্য ঘটনাত পৰিনত হৈছে৷ ধৰ্মৰ নামত বিভাজন,হিংসা,হত্যা ইত্যাদি লক্ষ্য কৰিলেই বুজিব পাৰি আমাৰ সমাজ কিমান কুলষিত হৈছে৷ সমাজ বা জাতি এটাই যেতিয়ালৈকে নৈতিক মূল্যবোধেৰে আগবাঢ়ি যাব নোৱাৰে তেতিয়ালৈ সেই সমাজ অনগ্ৰসৰতাই পিছফালে টানি ধৰি থাকে৷ নৈতিক মূল্যবোধেৰে আগবাঢ়ি যাব পাৰিলেহে সমাজ বা জাতিয়ে সৰ্বোত্ৰে মূৰ দাঙি থিয় দিব পাৰে৷

 বিভিন্ন জাতিৰে গঠিত দেশ এখন ঐক্যবদ্ধ ভাৱে মূৰ দাঙি থিয় দিলেহে বিশ্বৰ বুকুত সেই দেশ গৌৰৱউজ্বল চানেকি দাঙি ধৰিবলৈ সক্ষম হয়৷ আমাৰ ভাৰত এখন গণতান্ত্ৰিক দেশ; যদিও বৰ্তমান গণতন্ত্ৰণৰ নামত ভেকো ভাওঁনাহে চলা দেখা গৈছে৷ গণতন্ত্ৰৰ মৰ্য্যদা কোনেও দিব পৰা নাই৷ কেন্দ্ৰৰ পৰা ৰাজ্যলৈ, সংসদৰ পৰা বিধান সভালৈ,প্ৰশাসনৰ পৰা প্ৰশাসকলৈ, শিক্ষা অনুষ্ঠানৰ পৰা শিক্ষক শিক্ষয়েত্ৰীলৈ সকলোৰ মাজতে দূৰ্নীতি৷

উচ্চ স্তৰৰ দূৰ্নীতিৰ প্ৰভাৱ সৰ্বসাধাৰণৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই পৰিছে৷ যাৰ বাবে ভূক্তভোগী জনতাই নিৰাপত্তাহীনতাত ভূগিও কন্ঠ ৰুদ্ধ কৰি ৰাখিছে৷ নৈতিক মূল্যবোধৰ অৱক্ষয় চাইয়ো হাতে হাত সাৱটি বহি আছে৷ সেয়েহ তীব্ৰ গতিত অসুস্থ মানসিকতা, দূৰ্নীতি আদি ভাইৰাচৰ দৰে বিয়পি গৈ আছে৷ এতিয়া আৰু হাত সাৱটি বহি থকাৰ সময় নাই৷ সামাজিৰ প্ৰতি প্ৰত্যকৰে দায়িত্ব আৰু কৰ্তব্য আছে৷ প্ৰত্যকেই নিজৰ নিজৰ দায়িত্ব পালন কৰিব লাগিব৷

সময়ৰ সতেই সভ্যতা গতিশীল৷ এই গতিশীলতাৰ সতে সমাজৰ সমাজৰ নৈতিক মূল্যবোধ জাগ্ৰত কৰিব নোৱাৰিলে আমাৰ সভ্যতাক সময়ে উপহাস কৰিব৷ নৈতিক মূল্যবোধৰ শিক্ষা দিলেহে সমাজৰ নানা কূকৰ্ম ৰোধ হ’ব৷ যাৰ মনত নৈতিক মূল্যবোধৰ  পোহৰ থাকে সি কেতিয়াও অন্যায় কৰিব নোৱাৰে৷ নৈতিক মূল্যবোধে মানুহক বিবেকবান,ন্যায়বান হ’বলৈ শিকায়৷ মানুহ আৰু মানৱতাৰ হকে মঙ্গলজনক কাম কৰিবলৈ উৎসাহিত কৰে৷

সমাজৰ তীব্ৰ উন্নয়নৰ বাবে প্ৰয়োজন সামাজিক সু-শৃঙ্খলতা৷ সমাজৰ সু-শৃঙ্খলতা বজাই ৰাখিবলৈ হ’লে মানুহৰ মাজত নৈতিক মূল্যবোধৰ চৰ্চা আৰু বিকাশ সাধন কৰা অতি প্ৰয়োজন৷ নৈতিক মূল্যবোধৰ চৰ্চা আৰু বিকাশ সাধন কৰা অতি প্ৰয়োজন৷ নৈতিক মূল্যবোধতেই লুকাই থাকে সততা,কৰ্তব্য,ধৈৰ্য,শিষ্টাচাৰ, উদাৰতা, দেশপ্ৰেম, সহমৰ্মিতা, ত্যাগ , কল্যানবোধ, পাৰস্পাৰিক মমতা আদি৷

সেয়েদ আমাৰ দেশৰ বিকাশ তথা সু-সৃঙ্খলতাৰ বাবে প্ৰতিঘৰৰ পৰা আৰম্ভ কৰি স্কুল-কলেজ, বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠান আদিত নৈতিক মূল্যবোধৰ শিক্ষা দিয়া আৱশ্যক৷


Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

সমন্বয় আৰু বহাগ বিহু