Posts

Showing posts from May, 2021

মাজেৰআলগা চৰৰ বিষয়ে নজনা কিছু কথা

Image
  ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হৈ যোৱা বৃহত্বৰ মাজেৰআলগা(Majeralga char) চৰৰ বিষয়ে নজনা কিছু কথা জানো আহক------ অবিভক্ত গোৱালপাৰা( Goalpara) জিলাৰ চাপৰ ট্ৰাষ্ট ইষ্টৰ অধীনত ডিহী খেলুৱাপাৰা মৌজা ভূতকুৰা পৰগনা চাপৰৰ অন্তৰ্গত বৃহত্তৰ মাজেৰ আলগা অৱস্থিত ।পূবে যোগীঘোপা ( Jogighopa)ৰ  পঞ্চৰত্নৰ পৰা পশ্চিমে চান্দৰ ডিঙা , উত্তৰে ভৈৰৱ পাহাৰৰ পৰা দক্ষিণে পাগলাৰ টেগ , খৰমুজা , ৰামহৰিৰ চৰলৈ এই অঞ্চল বিস্তীৰ্ণ । খেলুৱাপাৰালৈকে ডিম্বু জোতদাৰৰ জোত আছিল । ধনীৰ ডাঙাৰ ঝাউকুৰা প্ৰথম আৰু দ্বিতীয় খণ্ডত ছৈয়দ আলী সৰকাৰৰ জোত আছিল । ভূতকুৰা অঞ্চলটো জমিদাৰৰ নিজৰ অধীনত ৰাখিছিল । পিটাকাটা , ঝাউকুৰা তৃতীয় খণ্ডত নয়ন জোতদাৰৰ জোত আছিল । পঞ্চাছৰ দশকৰ আগলৈ অঞ্চলটো উত্তৰ পাৰৰ লগত প্ৰায় সংলগ্ন আছিল ।দালানি বিলৰ পৰা ওলোৱা নাওঁভাঙ্গীৰ ডেৰা আৰু চম্পাৱতী নদীয়ে অঞ্চলটোক বিচ্ছিন্ন কৰি ৰাখিছিল । 'মাজেৰ' মানে মাজৰ আৰু 'আলগা' মানে মুক্ত । সেয়েহ ব্ৰহ্মপুত্ৰৰ মাজত মুক্ত অৰ্থাৎ সংযোগ বিহীন কাৰণে চৰটোৰ নাম মাজেৰ আলগা নামে নামাকৰণ হয় । সাতশ বিঘাৰ চৰ ,কায়েম মাজেৰ আলগা , পশ্চিম মাজেৰ আলগা , পূব মাজেৰ আলগা ,মাজেৰ আলগা বাৰ্তিক

white fungus কি আৰু ইয়াৰ লক্ষণ সমুহ কি?

Image
  white fungus কি আৰু ইয়াৰ লক্ষণ সমুহ কি জানো আহক সমগ্ৰ পৃথিৱীৰ লগতে ভাৰতবৰ্ষক কৰোণা মাহামাৰীয়ে জৰুলা কৰি ৰখাৰ মাজতে white fungus আৰু  black fungus ৰ দৰে  গুৰুতৰ বেক্টেৰীয়াৰ সংক্ৰমণে দেশযুৰি নতুন আতংকৰ সৃষ্টি কৰিছে। নানা ৰাজ্যত ব্লাক ফাংগাছৰ বহুত কেছ সন্মুখত অহাৰ পাছতে ইয়াকো মহামাৰী ঘোষণা কৰিছে। এই সংক্ৰমণ শেষ হোৱাই নাই আকৌ নতুন এক ৰোগে আতংকৰ সৃষ্টি কৰিছে।সেয়া হল white fungus। এই বেক্টেৰিয়াৰ সংক্ৰমণ ব্লাক ফাংগাছতকৈ বেছি ভংয়ঙ্কৰ,কাৰণ এই বেক্টেৰিয়া অকল এটা বা দুটা অংগ নহয়  হাঁওফাঁও,কিডনী,প্ৰাইভেট পাৰ্ট, মগজুকে ধৰি শৰীৰৰ প্ৰত্যেক অংগতে সংক্ৰমণ হয় । White fungus দূষিত পানী আৰু বনষ্পতিৰ পৰা সংক্ৰমিত হয়।black fungus ৰ দৰে  white fungus ও এবিধ বেক্টেৰিয়া।চিকিৎসকৰ ভাষাত ইয়াক কেনডিডা নামে জনাজাত। এই বেক্টেৰিয়াবিধ নাক বা মুখত লাগিলে সোণকালে সংক্ৰমণ হয় ।এই বেক্টেৰিয়া সংক্ৰামিত কোনো বস্তু দেহত লাগিলেও এই ৰোগবিধ হ’ব পাৰে৷ ইয়াৰ লক্ষণ সমূহ হল-  উশাহ নিশাহ লওতে কষ্ট,মূৰৰ বিষ,বুকুৰ বিষ,বমি,গাঠীত বিষ, চিন্তা শক্তি হ্ৰাস হোৱাৰ লগতে কথা কওতে অসুবিধা, ছালত সৰু সৰু ফোহাৰ দৰে উঠা আদি ৷ শৰীৰত উঠা ফোহাবোৰ বিষয

Black fungus(mocormycosis) কি , এই ৰোগৰ লক্ষণ আৰু প্ৰতিকাৰ কি ?

Image
  Black fungus কি  আৰু  এই ৰোগ কেনেকৈ সংক্ৰমণ হয় , ইয়াৰ লক্ষণ আৰু প্ৰতিকাৰ কি ,এইবিষয়ে জানো আহক৷ #Black fungus হৈছে এক গুৰুতৰ বেক্টেৰিয়া অৰ্থাৎ ফাংগেল সংক্ৰমণ। যাক মুকৰ্মাইচিটেইছ(#Mucormycosis) বুলিও কোৱা হয়। দেশত কৰোণা মহামাৰীয়ে বিভিষিকাৰ সৃষ্টি কৰাৰ সময়তে Black fungus( কলা বেক্টেৰীয়া)ই আতংকৰ সৃষ্টি কৰিছে।দেশত কৰোণা মহামাৰী প্ৰতিদিনে বাঢ়ি থকা সময়তে এই বেমাৰে নতুন প্ৰত্যাহ্বান হৈ থিয় দিছে। এই বেমাৰ প্ৰতিদিনে বাঢ়ি গৈ আছে । মহাৰাষ্ট্ৰ , মধ্যপ্ৰদেশ, গুজৰাট,দিল্লীৰ পিছত এতিয়া উত্তৰ প্ৰদেশ , অসম লগতে বাকী প্ৰদেশ সমূহতো  বিয়পি আছে । এই বেমাৰৰ ভয়াবহতা ইমানে বাঢ়ি গৈছে যে বহুতৰে মৃত্যু হৈ আছে । এতিয়া আহক আমি জানো এই black fungus আচলতে কি? আচলতে Black fungus বেক্টেৰীয়াৰ সংক্ৰামণ। বিশেষজ্ঞ সকলৰ মতে এইবিধ  পৰিৱেশত প্ৰাকৃতিকভাৱে থকা  মুকৰ্মইকোচিছ নামৰ ভেকুৰৰ এটা গোটৰ পৰা এই ৰোগ হয় । এই ৰোগ ইমান ভয়ংঙ্কৰ নহয় যদিও শৰীৰৰ ইমুউনিটি চিষ্টেম দূৰ্বল থাকিলে ভয়ঙ্কৰ ৰূপ লব পাৰে , যাৰে বাবে ৰোগীৰ মৃত্যু হ'ব পাৰে । মধুমেহ (ডায়েবেটিচ) ৰোগী সকলৰ ওপৰত ইয়াৰ প্ৰভাৱ বেছিকৈ পৰে । এই ৰোগ ছাল , চকু,নাক আদিত প্ৰথমে প্

জীয়াই আছো কিছু অস্থিৰতাৰ সৈতে

Image
  জীয়াই আছো কিছু অস্থিৰতাৰ সৈতে --------' @ #Begum Asma জীয়াই আছো কিছু অস্থিৰতাৰ সৈতে নৈৰাস্য আৰু শোকাগ্নি গুনগুনাই আছে মোৰ তেজৰ মৰাসূতিত ইয়াত গছ আৰু পাতবোৰ বিষন্নতাত জঠৰ লাগিছে সেয়েহ উশাহত এআকাশ শূণ্যতা ঘড়ীটো সলনি হৈ গৈ থাকে সলনি নহয় বস্তিৰ ঘড়ীটো ঘড়ীৰ টিক টিক শব্দবোৰ মাজৰাতি হাতুৰীৰ টং টং শব্দ হৈ বাজি থাকে এই দেশত ধৰ্ষিতা কন্যাৰ যোনিত সভ্যতাৰ আত্মবিলাস ৰক্তমাখা পতাকাত জাতীয় সংগীত বিহীন অজশ্ৰ শিশুৰ মুখ নাভীমূলৰ ক্ষতত স্বাধীনতা অঙ্কিত নাৰীৰ স্তনত বিপ্লৱৰ নিচান পিতৃৰ কান্ধত দুপৰীয়াৰ বেলি হাতত জ্বলি যোৱা পথাৰ চৌদিশে বতাহত পোৰা গোন্ধ ৰাজপথত নিলাম দেশ এতিয়া ফেক্টৰী, জুহাল সকলোতে ধৰ্মঘট নাঙলৰ সীৰলুতো ধৰ্মঘট অথচ মোৰ পিতৃয়ে মাজৰাতি সাৰ পাই শুনে সাম্যবাদ প্ৰতিষ্ঠাৰ জয়ধ্বনি মাতৃৰ চকুত  উৰি থকে পতাকা তলত এজাক উন্মুক্ত শিশু  ।