মাজেৰআলগা চৰৰ বিষয়ে নজনা কিছু কথা

 



ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হৈ যোৱা বৃহত্বৰ মাজেৰআলগা(Majeralga char) চৰৰ বিষয়ে নজনা কিছু কথা জানো আহক------

অবিভক্ত গোৱালপাৰা( Goalpara) জিলাৰ চাপৰ ট্ৰাষ্ট ইষ্টৰ অধীনত ডিহী খেলুৱাপাৰা মৌজা ভূতকুৰা পৰগনা চাপৰৰ অন্তৰ্গত বৃহত্তৰ মাজেৰ আলগা অৱস্থিত ।পূবে যোগীঘোপা ( Jogighopa)ৰ  পঞ্চৰত্নৰ পৰা পশ্চিমে চান্দৰ ডিঙা , উত্তৰে ভৈৰৱ পাহাৰৰ পৰা দক্ষিণে পাগলাৰ টেগ , খৰমুজা , ৰামহৰিৰ চৰলৈ এই অঞ্চল বিস্তীৰ্ণ । খেলুৱাপাৰালৈকে ডিম্বু জোতদাৰৰ জোত আছিল । ধনীৰ ডাঙাৰ ঝাউকুৰা প্ৰথম আৰু দ্বিতীয় খণ্ডত ছৈয়দ আলী সৰকাৰৰ জোত আছিল । ভূতকুৰা অঞ্চলটো জমিদাৰৰ নিজৰ অধীনত ৰাখিছিল । পিটাকাটা , ঝাউকুৰা তৃতীয় খণ্ডত নয়ন জোতদাৰৰ জোত আছিল ।

পঞ্চাছৰ দশকৰ আগলৈ অঞ্চলটো উত্তৰ পাৰৰ লগত প্ৰায় সংলগ্ন আছিল ।দালানি বিলৰ পৰা ওলোৱা নাওঁভাঙ্গীৰ ডেৰা আৰু চম্পাৱতী নদীয়ে অঞ্চলটোক বিচ্ছিন্ন কৰি ৰাখিছিল । 'মাজেৰ' মানে মাজৰ আৰু 'আলগা' মানে মুক্ত । সেয়েহ ব্ৰহ্মপুত্ৰৰ মাজত মুক্ত অৰ্থাৎ সংযোগ বিহীন কাৰণে চৰটোৰ নাম মাজেৰ আলগা নামে নামাকৰণ হয় ।

সাতশ বিঘাৰ চৰ ,কায়েম মাজেৰ আলগা , পশ্চিম মাজেৰ আলগা , পূব মাজেৰ আলগা ,মাজেৰ আলগা বাৰ্তিক চৰ , উত্তমপূৰ, দীননাথপুৰ , খৰচিমাৰি চৰ খণ্ড ১,২,৩,৪, নয়শবিঘা চৰ , ঝাউকূড়া খণ্ড- ১,২,৩, খৰচিমাৰি নন কে , খৰচিমাৰি এনচি , উচঙ্গাৰ চৰ খণ্ড-১,২,৩, , খেলুৱাপাৰা , ঈশ্বৰঝাৰি খণ্ড - ১,২,,ঈশ্বৰঝাৰি নন কে , পিটাকাটা ,ধীৰেৰ চৰ,বিৰসিঙেৰ চৰ , মতিহাৰি পাৰা , আদি ৭০ খন চৰ গাঁও আছিৰ বৃহত্তৰ মাজেৰ আলগাত ।

১৯৫০ চনৰ বৰ ভূঁকপৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ গতি উত্তৰ দিশলৈ সলনি হয় আৰু ঘনে ঘনে দিশ পৰিৱৰ্তন কৰি প্ৰবল গৰাখহনীয়াৰ সৃষ্টি কৰি অঞ্চলটোৰ স্থায়িত্ব নষ্ট কৰে ।

১৯৫৯ চনৰ পঞ্চায়তী ৰাজ ব্যৱস্থাত অঞ্চলটো চাৰিটা গাওঁ সভাত বিভক্ত হয় ।১, হাটখোলাপাৰা গাঁও সভা  ২,কায়েম মাজেৰ আলগা গাঁও সভা ৩,ধনীৰ ডাঙা গাঁও সভা ৪, খানখোৱাৰ চৰ গাঁও সভা ।

খানখোৱাৰ চৰ গাঁও সভা বাদ দি বাকী তিনিখন গাওঁ সভাৰ অধীনত ৩৩ খন ৰাজহ গাঁও আছিল । এই গাঁও সমুহ ১৯৬২ চনৰ জৰীপ মতে স্থায়ী গাঁও হিচাপে গন্য কৰা হৈছিল । জমিদাৰী প্ৰথাৰ বিলুপ্তিৰ পৰিপেক্ষিতত ভূমিৰ গৰাকীক চৰকাৰে ম্যাদী পট্টা প্ৰদান কৰাৰ ব্যৱস্থা কৰে । পিছত প্ৰজাস্বত্ব আইনৰ আওতাত আৰু দহখন নন্ কেডেষ্টল গাঁওত ম্যাদি পট্টা প্ৰদান কৰে ।১৯৭২ চনৰ পঞ্চায়তী আইনৰ জৰিয়তে বৃহৎ মাজেৰ আলগাত এখন পঞ্চায়ত গঠন হয় । পিছলৈ বৃহৎ গাঁও পঞ্চায়ত ভাঙি তিনিখন গাঁও পঞ্চায়ত হয় ।১, মাজেৰ আলগা পূৱ ২, মাজেৰ আলগা পশ্চিম আৰু ৩, খানখোৱা

ইয়াৰে মাজেৰ আলগা পূব আৰু পশ্চিম গাঁও পঞ্চায়ত দুখন বঙাইগাঁও (Bongaigaon) জিলাত অন্তৰ্ভক্ত হয় আৰু খানখোৱা গাঁও পঞ্চায়ত খন গোৱালপাৰাত জিলাত সংলগ্ন হয় ।

পঞ্চাছৰ দহকত অঞ্চলটো কৃষি ক্ষেত্ৰত সমৃদ্ধিশালী আছিল । অন্যান্য খেতিৰ উপৰি মৰাপাট আৰু  বাও ধানৰ খেতি আছিল এই অঞ্চলৰ বিশেষ খেতি ।

বৰ্তমান গৰাখহনীয়াই অঞ্চলটোৰ ভৌগলিক অৱয়ৱৰ সম্পূৰ্ণ পৰিৱৰ্তন ঘটাইছে । পঞ্চাছৰ দহকত প্ৰতিষ্ঠিত আৰক্ষী চকীখন ঔডুবীলৈ , পুৰণি এম .ই, স্কুলখন খেৰ পুঁজী গাঁওলৈ , আৰ, আৰ, প্ৰাইমাৰী স্কুলকেখন যোগীঘোপা পঞ্চায়তলৈ , হাই স্কুলখন চাপৰৰ ওচৰত ঝাউকুৰা প্ৰথম খণ্ডলৈ , নুৰুল উলুম মাদ্ৰাছাখন ভৈৰৱ পাহাৰৰ নামনীলৈ , পূৱ মাজেৰ আলগা গাঁও পঞ্চায়ত কাৰ্য্যালয় আৰু মাজেৰ আলগা সমবায় সমিতিখন কচুদোলালৈ ( ঔডুবী গাঁও পঞ্চায়ত) স্থানান্তৰ কৰিব লগা হৈছে ।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)