Posts

Showing posts from December, 2018

সত্ৰভূমি বৰপেটাৰ লোক সংস্কৃতি আৰু লোক শিল্প

Image
কৃষি আৰু ক্ষুদ্ৰ শিল্পত চহকী বৰপেটা জিলা বৃহৎ এলেকাজুৰি বিস্তৃত হৈ আছে৷ গুৱাহাটী চহৰৰ পৰা ৯০ কিলোমিটাৰ (৫৬ মাইল) উত্তৰ-পশ্চিম দিশে বৰপেটা জিলাখন অৱস্থিত। ২০০১১ চনৰ লোকপিয়ল মতে বৰপেটাৰ মুঠ জনসংখ্যা ১,৬৯৩,৬২২জন। বৰপেটাৰ গড় শিক্ষিতৰ হাৰ ৮০ শতাংশ, যিটো ৰাষ্ট্ৰীয় শিক্ষিতৰ হাৰ ৫৯.৫ শতাংশতকৈ অধিক। ইয়াৰ ভিতৰত ৫৭ শতাংশ পুৰুষ আৰু ৪৮ শতাংশ মহিলা। মহিলাৰ শিক্ষিতৰ হাৰ বেচি হ’লেও সেই অনুপাতে মহিলা সৱলীকৰণ হোৱা নাই, কাৰণ আমাৰ ভাৰতত প্ৰাথমিক বিদ্যালয়ৰ ডেউনা পাৰ হ’লেই তাক শিক্ষিতৰ হাৰত ধৰা হয়৷ চ’ৰ-চাপৰিত ছোৱালীক সৰুতে বিয়া দিয়াটো এটা প্ৰথাৰ দৰে৷ বৰপেটা জিলাত মুঠ ২৭৭খন চ’ৰ আছে৷ বৰপেটাক মিঞা (অধ্যুষিত) এলেকা বুলি বহুতেই ক’ব খোজে যদিও ইয়াত সকলো জনগোষ্ঠীয়ে মিলিজুলি বাস কৰে৷ বিশেষকৈ বৈষ্ণৱ ধৰ্মই এসময়ত ঠন ধৰি উঠিছিল৷ বৰপেটা থকা সত্ৰসমূহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰধান শিষ্য শ্ৰীশ্ৰী মাধৱদেৱৰ কৰ্মৰাজিৰ সাক্ষ্য বহন কৰে। ষোল্ল শতিকাত মহাপুৰুষ মাধৱদেৱ উজনি অসমৰ পৰা বৈষ্ণৱ ধৰ্মৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ ভেঁটি টনকিয়াল কৰাৰ উদ্দেশ্যে বৰপেটা নগৰলৈ আহিছিল। বৰপেটা সত্ৰ আৰু আন আন সত্ৰসমূহ বৰ

সুখ আৰু দুখ

Image
ৰ’দ আৰু মেঘ পৰস্পৰৰ নগ্ন ৰূপ, দুয়ো আকাশৰ হৃদমণি আকাশে মেঘক বুকুত সামৰে বৰষুণত বেলিয়ে স্নান কৰে ৰ’দৰ আঙুলিত ধৰিয়ে সঞ্জিৱীত হ’য় পৃথৱী৷ সুখ আৰু দুখ পৰস্পৰৰ নগ্ন ৰূপ দুয়ো অন্তৰৰ জ্যোতিস্কাৰক অন্তৰে দুখক ধাৰণ কৰে চকুলোত হাঁহিয়ে স্নান কৰে ওঁঠৰ শিপা খামুচিয়ে আনন্দআগমন জীৱনত৷ দুখৰ সাম্ৰাজ্য যিমান বহল সুখৰো সিমানেই বিচৰণ।.