শেহতীয়া লেখা

সত্ৰভূমি বৰপেটাৰ লোক সংস্কৃতি আৰু লোক শিল্প


কৃষি আৰু ক্ষুদ্ৰ শিল্পত চহকী বৰপেটা জিলা বৃহৎ এলেকাজুৰি বিস্তৃত হৈ আছে৷ গুৱাহাটী চহৰৰ পৰা ৯০ কিলোমিটাৰ (৫৬ মাইল) উত্তৰ-পশ্চিম দিশে বৰপেটা জিলাখন অৱস্থিত। ২০০১১ চনৰ লোকপিয়ল মতে বৰপেটাৰ মুঠ জনসংখ্যা ১,৬৯৩,৬২২জন। বৰপেটাৰ গড় শিক্ষিতৰ হাৰ ৮০ শতাংশ, যিটো ৰাষ্ট্ৰীয় শিক্ষিতৰ হাৰ ৫৯.৫ শতাংশতকৈ অধিক। ইয়াৰ ভিতৰত ৫৭ শতাংশ পুৰুষ আৰু ৪৮ শতাংশ মহিলা। মহিলাৰ শিক্ষিতৰ হাৰ বেচি হ’লেও সেই অনুপাতে মহিলা সৱলীকৰণ হোৱা নাই, কাৰণ আমাৰ ভাৰতত প্ৰাথমিক বিদ্যালয়ৰ ডেউনা পাৰ হ’লেই তাক শিক্ষিতৰ হাৰত ধৰা হয়৷ চ’ৰ-চাপৰিত ছোৱালীক সৰুতে বিয়া দিয়াটো এটা প্ৰথাৰ দৰে৷ বৰপেটা জিলাত মুঠ ২৭৭খন চ’ৰ আছে৷ বৰপেটাক মিঞা (অধ্যুষিত) এলেকা বুলি বহুতেই ক’ব খোজে যদিও ইয়াত সকলো জনগোষ্ঠীয়ে মিলিজুলি বাস কৰে৷ বিশেষকৈ বৈষ্ণৱ ধৰ্মই এসময়ত ঠন ধৰি উঠিছিল৷

বৰপেটা থকা সত্ৰসমূহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেখেতৰ প্ৰধান শিষ্য শ্ৰীশ্ৰী মাধৱদেৱৰ কৰ্মৰাজিৰ সাক্ষ্য বহন কৰে। ষোল্ল শতিকাত মহাপুৰুষ মাধৱদেৱ উজনি অসমৰ পৰা বৈষ্ণৱ ধৰ্মৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ ভেঁটি টনকিয়াল কৰাৰ উদ্দেশ্যে বৰপেটা নগৰলৈ আহিছিল। বৰপেটা সত্ৰ আৰু আন আন সত্ৰসমূহ বৰপেটা জিলাৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে৷ বৰপেটা নগৰখন ২২খন হাটীত বিভক্ত হৈ আছে, য’ত সত্ৰ পৰিচালক আৰু ভক্তসকল সপৰিয়ালে বাস কৰে। এই বিশেষত্ব অসমৰ আন কোনো ঠাইতে দেখা নাযায়। বিভিন্ন সত্ৰ আৰু মঠসমূহ বৰপেটা জিলাৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ আছে৷ ইয়াৰে প্ৰধান সত্ৰবোৰ হ’ল– বৰপেটা সত্ৰ, পাটবাউসী সত্ৰ, সুন্দৰীদিয়া সত্ৰ, চূণপুৰা সত্ৰ, গণককুছি সত্ৰ, কনৰা আৰু জনীয়া। ফাকুৱা উৎসৱ (হোলি) ইয়াৰ প্ৰধান উত্সৱ আৰু ইয়াক ধূমধামেৰে পালন কৰা হয়৷ সত্ৰসমূহক আঞ্চলিক সংস্কৃতি, যেনে- নৃত্য-গীত, ধৰ্মীয় শিক্ষা আদিৰ প্ৰশিক্ষণস্থলী হিচাপেও গণ্য কৰা হয়। অঞ্চলটোৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এই সত্ৰসমূহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। সেয়েহ হয়তো অসম বুৰঞ্জীত বৰপেটাক ‘সত্ৰভূমি’ বুলি জনা যায়।

সত্ৰৰ লগতে বৰপেটাত কীৰ্তন ঘৰ, মাজাৰ, মছজিদ আৰু মাৰ্কাজ উল্লেখযোগ্য৷ মাৰ্কাজ বৰ্তমান বৰপেটাৰ উল্লেখযোগ্য ধৰ্মীয় শিক্ষা অনুষ্ঠান৷ অৱশ্যে ইয়াক অকল ধৰ্মীয় শিক্ষা অনুষ্ঠান বুলি কলে ভুল হ’ব৷ মাৰ্কাজত বৰ্তমান আধুনিক শিক্ষা দিয়া হয়৷ শিক্ষা অনুষ্ঠানৰ ফালৰ পৰা বৰপেটাখন অসমৰ ভিতৰত উল্লেখযোগ্য৷ বজালী কলেজ, পাঠশালাৰ কলেজ আৰু বিভিন্ন একাডেমি অন্যতম৷ এই শিক্ষা প্ৰতিষ্ঠানসমূহ বৈদ্ধিক বিকাশত অৰিহণা যোগাই আহিছে৷ লগতে প্ৰতিবছবে বৰপেটাৰ বিভিন্ন ঠাইত হোৱা গ্ৰন্থ উৎসৱো বৈদ্ধিক বিকাশত অৰিহণা যোগাই আহিছে৷ বিশেষকৈ কয়াকুছিৰ দৰে ভিতৰুৱা ঠাইত প্ৰতিবছৰে হৈ অহা গ্ৰন্থ উৎসৱে মানুহৰ মাজত শৈক্ষিক পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হৈছে৷
নদী, বিল, পুখুৰীৰে ভৰা বৰপেটাৰ প্ৰাকৃতিক পৰিৱেশ বৰ ধুনীয়া৷ কাজিৰঙাৰ পিছতেই অসমৰ উল্লেখযোগ্য উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যান আৰু অসমৰ একমাত্ৰ ব্যঘ্ৰ প্ৰকল্প বৰপেটা নগৰৰ পৰা মাত্ৰ ৪৪ কিলোমিটাৰ দূৰৈত৷ মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পলৈ যোৱাৰ বাবে বৰপেটাক প্ৰৱেশদ্বাৰ বুলি ক’ব পাৰি। 

বৰপেটা বিভিন্ন ভাষাভাষীৰ মানুহৰ মিলনভূমি হিচাপে বিশেষ গুৰুত্ব পাই আহিছে। ইয়াক তিতাকুছি, পোৰাভিঠা, মথুৰা, বৃন্দাবন, চৌখুঁটিস্থান, নবৰত্ন-সভা, ইচ্ছাকুছি, পুষ্পক বিমান, কামপুৰ আৰু বৰপেটা আদি বিভিন্ন নামেৰে জনা যায়। ইংৰাজ শাসনৰ অধীনলৈ অহাৰ আগেয়ে বৰ্তমানৰ বৰপেটা জিলা কোচ-হাজো আৰু আহোম সাম্ৰাজ্যৰ অবিচ্ছেদ্য অংশ আছিল। 

কোচৰজা নৰনাৰায়ণে তেওঁৰ ৰাজধানী বৰপেটাৰ সমীপতে বৰনগৰত (সৰভোগ) স্থাপন কৰিছিল। যি সময়ত মহাপুৰুষজনাই পাটবাউসীত সত্ৰ পাতি তেওঁৰ ধৰ্মীয় চিন্তাধাৰাসমূহ প্ৰচাৰৰ কামত লাগি আছিল, সেই সময়ত ৰজা নৰনাৰায়ণৰ ৰাজত্ব চলি আছিল। মোগলসকলৰ আগমনৰ পিছত কোচ সাম্ৰাজ্যৰ অন্ত পৰিছিল।

বৰপেটাৰ ওচৰে-পাজৰে আহোমসকলে মোগলৰ সৈতে বহুকেইখন যুদ্ধ কৰিছিল। কেইখনমান পৰিচিত যুঁজৰ ভিতৰত জখলিখানা, ভাতেকুছিআৰু ভৱানীপুৰৰ যুঁজ উল্লেখনীয়। পিছত যুঁজত আহোমসকল পৰাস্ত হৈছিল আৰু মোগলে ক্ষমতা লৈ ইয়াৰ প্ৰশাসনিক আৰু কৰ সংগ্ৰহৰ দিশটো প্ৰণালীবদ্ধভাৱে সজাই তুলিছিল। কামৰূপক ‘চৰকাৰ’ পাতি বৰপেটা, ক্ষেত্ৰী, বজালী, বৰনগৰ, বাঁহবাৰী আৰু বিজনী পৰাগনত ভগাই তাকে আৰু সৰু ভাগ কৰি তাপাত বিভক্ত কৰি এজন গোমস্তাক চলাব দিছিল। প্ৰশাসনিক সুচলতাৰ বাবে প্ৰতিটো পৰাগনক তালুক, লট আৰু গাঁওত ভাগ কৰা হৈছিল। পাৰাগনসমূহ বৰবৰুৱা আৰু চৌধুৰীসকলৰ তলত ৰখা হৈছিল। প্ৰতিটো তালুক তালুকদাৰৰ তদাৰকত আছিল আৰু তেওঁক সহায় কৰিবলৈ ঠাকুৰীয়া, পাটোৱাৰী, কাকতি, গাঁও বৰিকা ইত্যাদি আছিল যিয়ে কৰ সংগ্ৰহৰ হিচাপ-নিকাচ ৰাখিছিল। পৰাগনৰ বিচাৰকক শিকদাৰ বুলি কোৱা হৈছিল, য’ত আমিন আৰু কনংগ ভূমি সমীক্ষা, কৰ সংগ্ৰহৰ বাবে দায়ৱদ্ধ আছিল। আজিও এই নামসমুহ বংশগতভাৱে ৰৈ গৈছে৷ বহুতেই নামৰ পিছত এই টাইটেলসমূহ ব্যৱহাৰ কৰি আহিছে৷

বৰপেটাৰ লোক সংস্কৃতি আৰু থলুৱা শিল্পৰ দিশে বৰ উন্নত৷ প্ৰথমে আমি লোক সংস্কৃতিৰ বিষয়ে আলোচনা কৰোঁ৷ বৰপেটাৰ লোক সংস্কৃতি অসম তথা অসমৰ বাহিৰতো নামকৰা৷ অবিভক্ত কামৰূপত স্থানীয় লোকৰ চিন্তা আৰু আৱেগক প্ৰতিনিধিত্ব কৰা জনপ্ৰিয় কামৰূপী লোকগীত বৰপেটাত জনপ্ৰিয়।

পলিগীত প্ৰকৃততে পূৰ্ব বঙ্গৰ লোক সংগীত যিয়ে বৰপেটাত থলুৱা লোকগীতৰ সংমিশ্ৰণত গোৱা হয়। সমাজ জীৱনৰ প্ৰতিচ্ছবি, জীৱনৰ যন্ত্ৰনা, জীৱন যুদ্ধ, সৌন্ধৰ্য্য আদি পলি গীতত স্পষ্টভাৱে তুলি ধৰা হয়৷

বৰপেটাৰ আন এক লোক সংস্কৃতি হ’ল কবিগান৷ ই অতীতৰে পৰা বৰপেটাত প্ৰচলিত হৈ আহিছে, বিশেষকৈ মিঞা সমাজত অতি জনপ্ৰিয় আছিল৷ কবিগানত বিশেষকৈ দুজন উস্তাদ (বায়াতি) থাকে৷ এই দুজনৰ মাজত ছন্দ মিলাই গান গোৱাৰ প্ৰতিযোগিতা হয়৷ ইয়াক পালা গান বুলিও কয়৷

ধুৱাগানও বৰপেটাৰ মিঞা সমাজত প্ৰচলিত লোক সংস্কৃতি৷ ধুৱাগান আচলতে কৃষি কৰ্মৰ লগত জড়িত৷ ডাঙৰ ফিল্ট বা পথাৰত কেইজনমান মিলি এই গান গায়৷ বিশেষকৈ মৰাপাটৰ কাম কৰোতে এই গান গায়৷এই গানবোৰ আবেগ অনুভুতিৰ জড়িত৷ আল্লাহৰ শক্তি বা দয়া আদিও এই গানত ফুটি উঠে৷ যেনে- ‘
পূৱে ভানু উদয় হয়
পশ্চিমে যায়া অস্ত হয়
ইহাৰ মধ্যে কই মিল আছে
আল্লাহ বইলা দেউ আমাৰে………৷

ইয়াৰোপৰি দৈনন্দিন কাম-কাজৰ লগত জড়িত বিয়াগীত, নাও খেলৰ গীত, ম’হ খেদা গীত, ল’ৰা-ধেমালিৰ গীত, বৰশীবোৱা গীত, নিচুকনি গীত, বিভিন্ন ধৰণৰ বিহুগীত , জাৰী গান আদিও এই অঞ্চলত জনপ্ৰিয়। সত্ৰীয়া নৃত্যও এই অঞ্চলত প্ৰচলিত হৈ আহিছে৷ ওজাপালি নৃত্য এই অঞ্চলত প্ৰচলিত আন এক জনপ্ৰিয় নৃত্য৷

শংকৰদেৱে জনপ্ৰিয় কৰি থৈ যোৱা পৌৰাণিক নাট্য ভাওনা অঞ্চলটোৰ এক আকৰ্ষণৰ কেন্দ্ৰ। ভাওনাত অংশগ্ৰহণকাৰীসকলে বিভিন্ন ৰঙ-বিৰঙৰ পোছাক পৰিধান কৰে। নাটকৰ জনপ্ৰিয়তাৰ লগে লগে আধুনিক নৃত্যয়ো জনপ্ৰিয়তা লাভ কৰি আহিছে। এই নাটসমূহে ব্যৱসায়িক ভ্ৰাম্যমান নাট্যদলৰো জন্ম দিছে এই অঞ্চলত৷

যাত্ৰা নাট এই অঞ্চলৰ এক অন্যতম লোক শংস্কৃতি৷ই থিয়েটাৰ আৰু নাটকৰ পুৰণি ৰূপ। বৰপেটাৰ লগতে সমগ্ৰ জিলাখনতেই প্ৰধানতঃ গ্ৰামাঞ্চলসমূহত এই নাট পৰিৱেশন কৰা হয়। সাংস্কৃতিক মূল্যবোধৰ ফালৰ পৰা এই নৃত্য সম্ভ্ৰান্ত। বৰপেটা মিঞা সমাজত যাত্ৰানাট বৰ জনপ্ৰিয়৷ ৰূপবান, ছহিদ কাৰবালা, ছিৰাজ আদি মিঞা সমাজৰ অন্যতম জনপ্ৰিয় যাত্ৰানাট৷

লোক সংস্কৃতি বা থলুৱা শিল্পৰ দিশতো বৰপেটা চহকী৷ জন জীৱনৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী সামগ্ৰীসমুহ প্ৰায়ভাগ বৰপেটাৰ থলুৱা শিল্পি সকলে প্ৰস্তুত কৰে৷ বৰপেটাৰ থলুৱা শিল্পৰ ভিতৰত বাঁহ- বেতেৰে সজোৱা দৈনন্দিন ব্যৱহাৰ্য আহিলাসমূহৰ উপৰিও সৌন্দৰ্যবৰ্দ্ধক আহিলা, ফাৰ্ণিচাৰ, উপহাৰ সামগ্ৰী আদি গ্ৰামাঞ্চলৰ শিল্পীসকলে প্ৰস্তুত কৰে। ইয়াৰ উপৰি মাছ ধৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি যেনে- জাকৈ, খালৈ, পল, চেপা, ঘণী, খোকা, দলঙা, বাণ, জাল পাতিবলৈ পেং, পাঁৱৰি আদি বিভিন্ন সজুলি নিৰ্মাণ কৰে৷ তদুপৰি কৃষি কাৰ্যত ব্যৱহাৰ হোৱা সঁজুলি যেনে- ধানথোৱা ভঁৰাল, ডুলি, পাচি, খৰাহি, ধান থোৱা দোণ,জাপি তথা ঘৰৰ কামত ব্যৱহাৰ হোৱা কুলা, চালনী, ডলা, ঢাৰি, বাঁহৰ বিচনী, বাঢনী আদি বস্তুৰ প্ৰস্তুত কৰা দেখা যায়৷ বৰপেটাত বেতেৰে বিভিন্ন বস্তু প্ৰস্তুত কৰা সৰু সৰু উদ্যোগো দেখা যায়৷ বেতেৰে সজা জপা, বেতৰ শঁৰাই, মূঢা, বেগ, মেজ, চকী, আৰামি চকী, চোফা,দোলনা, বাকচ, ফুলৰ পাত্ৰ, আদি বেত শিল্প দেখা যায়।

বৰপেটা আন এক প্ৰচলিত শিল্প হ’ল মৃৎ শিল্প৷ এই শিল্প হীৰা সম্প্ৰদায়ৰ লোকসকলৰ পেচা।ইহতক কুমাৰ বুলি কোৱা হয়৷ দৈনন্দিন ব্যৱহাৰ্য ঐতিহ্যপূৰ্ণ আচবাব সমূহ কুমাৰসকলে তৈয়াৰ কৰে।মাটিৰ কলহ, খৰাহি, খুটি, মাটিৰ হাৰি,হাণ্ডি, ধান ধোৱা কোলা, মুৰি ভাজিবলৈ হাৰি, পিঠা ভাজিবলৈ খলা, ঢাকোন, চাকি আদি শিল্পবোৰ বৰপেটাৰ সমাজ জীৱনত জনপ্ৰিয়৷

কাঠৰ শিল্পও বৰপেটাৰ লোক শিল্প৷ কাঠেৰে নিৰ্মিত বিভিন্ন ধৰণৰ সৌন্দৰ্যবৰ্দ্ধক সামগ্ৰীসমূহে কাঠৰ শিল্পীসকলৰ কৌশলী শিল্পকলাক প্ৰতিফলিত কৰে। শিল্পীসকলে বিভিন্ন কাৰুকাৰ্য খোদিত, পৌৰাণিক চৰাই আৰু জীৱজন্তুসমূহৰ নক্সা কাঠত খাজ কাটি বিভিন্ন আচবাব তৈয়াৰ তৈয়াৰ কৰে।

বৰপেটাৰ আন এক উল্লেখযোগ্য শিল্প হৈছে কাঁহ-পিতলৰ৷ বৰপেটাৰ সৰ্থেবাৰী কাঁহ-পিতলৰ শিল্পৰ বাবে বিখ্যাত। দৈনন্দিন ব্যৱহাৰ্য আহিলা-পাতিৰ উপৰিও শিল্পীসকলে প্ৰস্তুত কৰা আহিলাসমূহো প্ৰতিজন অসমীয়া মানুহৰ ঘৰতে বিদ্যমান। ইয়াত প্ৰস্তুত কৰা বেচ জনপ্ৰিয় আহিলাসমূহৰ ভিতৰত শৰাই আৰু আলহীক পাণ-তামোল যাঁচিবলৈ ব্যৱহাৰ কৰা বঁটা উল্লেখযোগ্য। অসমৰ প্রাচীন হস্ত শিল্প সমূহৰ ভিতৰত কাঁহ শিল্প উল্লেখযোগ্য। ই অসমৰ এক প্রাচীন কুটীৰ শিল্প। আহোম ৰাজত্ব কালত সৰ্থেবাৰীত নিৰ্মিত কাঁহৰ বাচনে জনসাধাৰণৰ প্রয়োজন পূৰণ কৰাৰ লগতে ৰজাঘৰীয়া সমাদৰো লাভ কৰিছিল।

সৰ্থেবাৰীৰ প্রায় সকলো লোকেই কাঁহ শিল্পৰ লগত জড়িত। কাঁহ কোবোৱাৰ ঠনঠননি শব্দই সৰ্থেবাৰীৰ আকাশ বতাহ মুখৰিত হৈ থাকে। বেচিভাগ গঞা লোকেই এই শিল্পৰ ওপৰত নিৰ্ভৰ কৰি চলে। ইয়াত তৈয়াৰ হোৱা নিত্য প্রয়োজনীয় সামগ্রীৰ ভিতৰত কাঁহৰ বাটি, কাঁহী, বানবাটি, বানকাঁহী, বঁটা, তাল, ভোৰতাল, ঘণ্টা; সেইদৰে পিতলৰ ঘটি, লোটা, টৌ, জাপি, চাকিগছা, পূজাৰ থাল, শৰাই, সঁফুৰা আদিয়েই প্রধান।এইবোৰ প্ৰস্তুতৰ বাবে পশ্চিমবঙ্গ, পাকিস্তান আদিৰ পৰাও কেঁচামাল আমদানি কৰা হয়। কঁহাৰ সকলে এনে কাঁহ শালত পেলাই লৈ ৰঙাকৈ তপত হৈ থকা অৱস্থাতে হাতুৰীৰে কোবাই-পিটি প্রয়োজনীয় ৰূপ দিয়ে৷ নিৰ্দিষ্ট গঢ় দিয়াৰ পিছত চাফা কৰা, পলিচ কৰা আৰু শেষত ফুল কটা কামটো থাকে। শিল্পী সকলৰ নিপুণ হাতৰ পৰশত বিভিন্ন আকৃতিৰ সুন্দৰ সামগ্রীয়ে প্রাণ পাই উঠে। এই সামগ্ৰীসমুহ বৰপেটাৰ লগতে সমগ্ৰ অসম তথা অসমৰ বহিৰতো সমানে জনপ্ৰিয়৷

ইয়াৰ ওপৰি বৰপেটাত হাতিদাঁত শিল্প,বয়ন শিল্প, মুখা শিল্প, আ-অলঙ্কাৰ আদি শিল্পৰ শিল্পীসকলে অতীতৰ পৰা নিজৰ হাতৰ নিপুনতা দেখাই আহিছে৷

অসমৰ ভিতৰত বৰপেটা জিলাৰ কুটিৰ শিল্প চহকী যদিও চৰকাৰী ভবে এই শিল্পবোৰ উন্নত কৰিবলৈ কোনো ব্যৱস্থা লোৱা নাই৷ চৰকাৰে এই শিল্পবোৰৰ উন্নত কৰিবলৈ ব্যৱস্থা লোৱাৰ প্ৰয়োজনতা আহি পৰিছে৷ লগতে বৰপেটাৰ লোক সংস্কৃতিসমুহ জীয়াই ৰখাৰ ব্যৱস্থা কৰা উচিত৷ বৰপেটা জিলাত বৰ্তমান শিক্ষা দিক্ষাত কিছু আগবাঢ়িলেও বিকাশৰ অগ্ৰগতি অতি লেহেমীয়া৷ গতিকে উচ্চ শিক্ষাৰ লগতে সমাজৰ বিকাশৰ বাবে চৰকাৰে ব্যৱস্থা লোৱা উচিত৷