Posts

Showing posts from October, 2023

ভাৰতত প্ৰথম স্বাধীনতা বিপ্লৱ

ভাৰতৰ প্ৰথম স্বাধীনতা বিপ্লৱ ।  ১৫৯৯ খ্ৰীষ্টাব্দ । "ইষ্ট-ইণ্ডিয়া কোম্পানী" প্ৰতিষ্ঠা কৰে ১৬০০ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা প্ৰাচ্যৰ সতে বেহা-বেপাৰ কৰিবলৈ ১৫ বছৰৰ বাবে অনুমতি পত্ৰ লাভ কৰিছিল । কিন্তু, ভাৰতত বেহা-বেপাৰৰ বাবে মোগল সম্ৰাটৰ অনুমতিৰ প্ৰয়োজন আছিল । ১৬০৯ খ্ৰীষ্টাব্দত তেনে এক অনুমতি লাভৰ বাবে কেপ্টেইন উইলিয়াম হকিন্সক মোগল সম্ৰাট জাহাংগীৰৰ ওচৰলৈ পঠিওৱা হৈছিল যদিও পৰ্টুগীজ সকলৰ প্ৰভাৱত সম্ৰাটৰ পৰা অনুমতি নাপালে । ১৬১৩ খ্ৰীষ্টাব্দত আন এজন ইংৰাজ ছাৰ থমাচ ৰোৱে জাহাংগীৰৰ দৰবাৰত তিনি বছৰ থাকি আগ্ৰা, চুৰাট, আহমেদাবাদত বাণিজ্যৰ কোঠ পাতিবলৈ অনুমতি লাভ কৰিছিল । ১৬১৩ খ্ৰীষ্টাব্দতেই প্ৰথম কুঠী স্থাপিত হয় সুৰটত । সেই সময়তে ফ্ৰান্সিস্ ডেই নামৰ এজন ইংৰাজ বেপাৰীয়ে মাদ্ৰাজ চহৰখন কিনি লৈ তাত ফোৰ্ট চেন্ট জৰ্জ নামৰ এটা কাৰখানা স্থাপন কৰিছিল ।  পিচে চাৰ্লছে সেইখন আকৌ ইষ্ট ইণ্ডিয়া কোম্পানীক পঞ্চাশ হাজাৰ ঋণৰ বিনিময়ত হস্তান্তৰ কৰিছিল । ১৬১৬ খ্ৰীষ্টাব্দত টমাছ ৰো নামৰ এজন ইংৰাজ ৰাজনীতিজ্ঞ ইংলেণ্ডৰ দূত হিচাপে ১৬১৬ খ্ৰীষ্টাব্দত উপস্থিত হয় সম্ৰাট জাহাঙ্গীৰৰ ৰাজসভাত । জাহাঙ্গীৰৰ বাবে

সুধা- মৃত্যু

            সুধা- মৃত্যু স্পন্দনহীন এক চহৰত ছলনাময় আকাশৰ ছাঁ‌ত সুধাৰ সন্ধানত চুম্বন -অলেখ বিষপাত্ৰ সুদূৰ প্ৰান্তত ৰহস্যৰ ইন্দ্ৰজালত আলোকসজ্জাৰ ঝলমল পোহৰৰ নিচাত ক্ৰমশঃ আলিঙ্গন-মৃত্যুৰ হাত।

ভেকুলী আৰু ৰাজকুমাৰৰ বিয়া

Image
  ভেকুলী আৰু ৰাজকুমাৰৰ বিয়া  এক দেশত আছিল ৰজা । ৰজাজনৰ এজনেই ল'ৰা আছিল । দেখা শুনাত বৰ ধুনীয়া । ৰাজ উত্তৰাধিকাৰী হিচাপেও তেওঁ ভৱিষ্যতৰ এজন যোগ্য ৰজা । ৰাজকুমাৰৰ সৌন্দৰ্য্য দেখি নানা ৰাজ্যৰ ৰাজকুমাৰীবোৰ স্বামী হিচাপে পাবলৈ আশা কৰে । কাষৰীয়া ৰাজ্যৰ ৰজাবোৰেও হবু ৰজা এজনক জোৱাই হিচাপে পাবলৈ বৰ হেঁপাহ । তাৰ বাবেই বিভিন্ন ৰাজ্যৰ পৰা ৰাজকুমাৰলৈ বিয়াৰ প্ৰস্তাৱ আহিবলৈ ধৰিলে । এতিয়া ৰজা বিমোৰত পৰি গ'ল । কাক হা ক'ব কাক না ক'ব ভাবি নাপালে ।   ৰজাই বহুত ভবা চিন্তা কৰিলে কিন্তু ভাবি একো নাপালে । তেনেকৈ এসপ্তাহ গ'ল । ৰজাৰ চিন্তা বাঢ়ি গৈ থাকিল । তেনেকৈ এদিন ৰাতি ৰজাই শুই শুই ভাবি থাকোতেই হঠাৎ বুদ্ধি এটা মনলৈ আহিল । বুদ্ধিটো মনলৈ অহাত সেই ৰাতি শান্তিত টোপনি আহিল । পিছদিনা ৰাতিপুৱাই ৰজাই ৰাজদৰবাৰ মাতি ৰজাৰ সিদ্ধান্ত জনালে যে ৰাজকুমাৰৰ বিবাহৰ বাবে সয়ম্ভৰ পতা হ'ব । সেই সিদ্ধান্ত মতে ৰজাই প্ৰত্যেক ৰাজ্যত এই খবৰ প্ৰচাৰ কৰিবলৈ মন্ত্ৰীসকলোক ব্যৱস্থা কৰিবলৈ ক'লে । সেইমতে মন্ত্ৰী সকলে ঢোল নাগাৰা বজাই ৰাজকুমাৰৰ সয়ম্ভৰৰ জাননি দিলে। দূৰৰ ৰাজ্যবোৰলৈ দূত পঠিয়াই দিলে । সয়ম্ভৰৰ নিৰ্ধাৰিত দি