Posts

Showing posts from October, 2022

চতুৰ বুঢ়ী আৰু চোৰৰ সাধুকথা

Image
  চতুৰ বুঢ়ী আৰু চোৰৰ সাধুকথা এক দেশত আছিল এক সদাগৰ । সদাগৰৰ ঘৈনিয়েকজনী বৰ চতুৰ । এদিন সদাগৰজনে পুতেকক লগত লৈ বানিজ্য কৰিবলৈ বিদেশলৈ যায়। ঘৰত মাত্ৰ শাহু আৰু বোৱাৰী । সেই কথা এক কান দুই কান কৰি চোৰৰ কানত পৰিল।চোৰে সেই কথা শুনি ফুৰ্তি পালে। এইবাৰ মোটা অংকৰ বস্তু চোৰ কৰিব পাৰিব বুলি মনতে ভাবিলে। তেতিয়াৰ পৰাই চোৰে কেনেকৈ চোৰ কৰিব তাৰ চিন্তা আৰম্ভ কৰিলে। সদাগৰৰ ঘৰৰ চাৰিওফালে ঘোৰাফেৰা আৰম্ভ কৰি দিলে। চোৰৰ অস্বাভাৱিক চলন ফুৰন সদাগৰৰ চতুৰ ঘৈনিয়েকৰ চকুৰ পৰা সাৰি নগল। সেই দেখি শাহুৱেকে গৈ বোৱাৰীক কথাটো কলে । বোৱাৰীজনীও বৰ চতুৰ। পিছদিনা যেতিয়া চোৰে ঘৰৰ কাষেৰে যাবলৈ ধৰিলে তেতিয়া বোৱাৰীয়ে চোৰে শুনাকৈ কলে- 'মা , মই যে আপোনাক গহণা থবলৈ দিছিলোঁ , ক'ত থৈছে ? ' ' আমাৰ যে আখলৰ ছাই পেলাও , সেই ছাইৰ দমত লুকাই থৈছোঁ । কোনেও গম নাপাব। ' কথাষাৰ শুনি চোৰে বেচ আনন্দ পালে । চোৰে ৰাতিলৈ অপেক্ষা কৰি থাকিল। ৰাতিৰ আন্ধাৰ হোৱাৰ পিছত যেতিয়া মানুহবোৰ শুই পৰিছে তেতিয়া চোৰে পাকঘৰৰ পিছফালে থকা বাৰীখনত থৈ দিয়া ছাইৰ দম হাতেৰে লিৰিকি বিদাৰি তহিলং কৰিলে কিন্তু সোণ ৰূপৰ কোনো টোপলা নাপালে। সেইদিনা

চতুৰ চৰাই আৰু বুৰ্বক ৰজাৰ সাধু

Image
  চতুৰ চৰাই আৰু বুৰ্বক ৰজাৰ সাধু এক দেশত এক ৰজা আছিল। ৰজাজন কিছু বৰ্বক আছিল যদিও ধন সম্পত্তিৰ লোভীয়া আছিল। এদিনাখন ৰজাই সাঁচি থোৱা টকাৰ চন্দুক এটা উলিয়াই টকাখিনি গণিবলৈ ধৰিলে। ওচৰতে গছ এটা আছিল । সেই গছত থকা চৰাই এটাই ৰজাৰ টকা গণি থকা দেখা পাই কলে-' ৰজাতকৈ মোৰ ধন বেছি, ৰজাতকৈ মোৰ ধন বেছি, ----' এনেকৈ বাৰ বাৰ ক'বলৈ আৰম্ভ কৰিলে। তাকে শুনি ৰজাৰ খং উঠি গ'ল। লগে লগে ৰজাই সৈন্য সামন্তক মাতি আনি গছৰ চৰাইটোৰ বাহত কি ধন সম্পত্তি আছে সেয়া লৈ আহিবলৈ আদেশ দিলে। ৰজাৰ আদেশমতেই সৈন্য দুজনে গছত উঠি দেখিলে চৰাইৰ বাহত এটা নুপুৰ। কোনো ৰানী বা ৰাজকুমাৰী গা ধুৱতে হয়তো খুলি পৰিছিল , সেইটোকে নি নিজৰ বাহত ৰাখিছে। সৈন্যই নুপুৰটো পাৰি আনি ৰজাক দিলে । চৰাইটিয়ে নিজৰ বাহত আহি নুপুৰ নাপাই ৰজাৰ হাতত দেখি আকৌ কলে - ' ৰজাৰ ধন কম পৰিছে মোৰ ধন চুৰ কৰিছে ---।' এনেকৈ বাৰ বাৰ ক'বলৈ আৰম্ভ কৰিলে । তেতিয়া ৰজাৰ আৰু খং উঠি গ'ল। আকৌ সৈন্যক মাতি আনি চৰাইটোকে ধৰি আনি দিবলৈ আদেশ কৰিলে । চৰাইটোক ধৰি আনিলে ৰজাই ভাজি খাব বুলি জনালে। আদেশ পোৱাৰ লগে লগে সৈন্যই বুদ্ধি পাতি ৰাতিৰ অন্ধকাৰত গছত

চুমকি আৰু ফেৰীৱালাৰ সাধু

Image
  চুমকি আৰু ফেৰীৱালাৰ সাধু এক দেশত আছিল এক বুঢ়ি । বুঢ়িৰ ধুনীয়া এজনী নাতিনী  আছিল। নাতিনীজনীৰ নাম চুমকি। চুমকি সৰু থাকোতেই তাইৰ মা দেউতা ঢুকাইছে। সেইকাৰণে আইতাকেই তাইক ডাঙৰ দীঘল কৰিছে। আইতাকে মাক দেউতাকৰ অভাৱ অনুভৱ কৰিব নিদিয়ে যদিও চুমকি যেতিয়া স্কুলত যায় তেতিয়া লগৰীয়াবোৰৰ মাক দেউতাকক চাই তাইৰ মনত বেয়া লাগে। কষ্টত বুকু ভৰি যায় যদিও তাই আইতাকৰ সন্মুখত হাঁহি মাতি থাকে। এনেকৈ এদিন চুমকিহঁতৰ গাঁৱত এজন ফেৰীৱালা আহে । চুমকীৰ লগৰীয়া সকলোৱে কিবা নহয় কিবা কিনে কিন্তু চুমকিৰ টকা নথকা বাবে তাই দূৰৈত অকলে থিয় হৈ থাকে। এনেকৈ দূৰৈত থিয় হৈ থকা চুমকিক কেইবাদিনো লক্ষ্য কৰিলে । সকলোৱে কিবা নহয় কিবা কিনে কিন্তু তাই নিকিনে কথাটো ফেৰীৱালাজনৰ হজম নহল। ফেৰীৱালাজন কেইবাদিনো চুমকীক লক্ষ্য কৰাৰ পিছত এদিন তাইৰ বান্ধবী এজনীক তাইৰ বিষয়ে সুধিলে। বান্ধবীজনে ভাঙি পাতি কলে যে তাইৰ মা দেউতা নাই। আইতাকে কোনোমতে তাইৰ পোহপাল কৰে। কথাবোৰ শুনি ফেৰিৱালাজনে চলে বলে চুমকিৰ ঘৰ কোনটো সেয়াও জানি ললে। সেইদিনা ফেৰীৱালা গ'লগৈ। তাৰ দুদিনমান পিছতে ফেৰীৱালাজনে খাৰু - মালা লৈ চুমকিহঁতৰ ঘৰ পালে। ঘৰৰ সন্মুখত চুমকিক পাই ফেৰীৱালাই পৰ

যাদুগৰ ফকিৰৰ সাধুকথা

Image
যাদুগৰ  ফকিৰৰ  সাধুকথা এক দেশত এজন ৰজা আছিল । ৰজাজন বৰ দয়ালু , দানবীৰ আছিল । ৰজা হলেও তেওন সাধাৰণ প্ৰজাৰ দৰেই বসবাস কৰিছিল । ৰজাৰ এক ৰানী আৰু এজনী জীয়ৰী আছে ।জীয়ৰীজনীৰ দুবছৰমান হৈছে বিয়া হ'বৰ এনেতে এদিন ৰজাজন ঢুকাল । দেউতাৰ মৰাৰ খবৰ পাই জীয়েকে কান্দি কাটি অস্থিৰ হৈ আহি মাকৰ ঘৰ পালেহি । তেতিয়াৰ পৰাই কিছুদিনৰ বাবে মাকৰ ঘাৰত থাকিব বুলি সিদ্ধান্ত ললে কাৰণ তাইৰ মাকজনীও অকলশৰীয়া । সেইমতেই তাই মাকৰ ঘৰতে থাকিবলৈ ললে। আইতাকেও নাতিয়েকক পাই দুখ কষ্টবোৰ পাহৰি থাকিল । এদিন ৰানীয়ে ৰাজ্যৰ কামত বাহিৰলৈ যাব লগা হ'ল । এনে সময়তে এদিন এজন যাদুগৰ মানুহ ফকিৰৰ বেশ ধৰি সেই ৰজাৰ ঘৰলৈ আহে। পদুলিমুখত আহি ভিক্ষা বিচাৰিলে। চোতালত সৰু ল'ৰাজন অকলে খেলি আছে। মাকে ভিতৰৰ পৰা ভিক্ষা আনি আগবঢ়াই দিওতে ভিক্ষাৰীজনে ৰজাৰ জীয়েকৰ বগা ফুলফুলীয়া হাতখন চাই তাইৰ ৰূপ লাবন্যৰ কথা গম পায়। ভিক্ষাৰীয়ে আৰবেৰৰ পিছৰ পৰা ভিক্ষা নলৈ আৰু অলপ আগবাঢ়ি আহি দিবলৈ কলে। তাই আৰু অলপ আগবাঢ়ি আহিল । ভিক্ষাৰীজনে আৰু আগবাঢ়ি আহিবলৈ কয় । এনেকৈ যেতিয়া ৰজাৰ জীয়েকে এখোজ এখোজকৈ ভিক্ষাৰীজনৰ ওচৰ পায় তেতিয়া ভিক্ষাৰীজনে যাদু কৰি তাইক কুকুৰ বনাই লগত লৈ

সাধুকথা - যাদুৰ জাপি

Image
  যাদুৰ জাপি এক দেশত আছিল এক সদাগৰ । তাৰ এজনী সুন্দৰী পত্নী আছিল । সদাগৰৰ কাম আছিল দেশ বিদেশ ঘূৰি ব্যৱসায় কৰা । কিন্তু নতুনকৈ বিয়া পতা সুন্দৰী পত্নীক এৰি বানিজ্যলৈ যাবৰ মন নাই , যদিও বহি বহি খাওতে খাওতে আৰ্থিক নাটনি হল । সেয়েহ এদিন সদাগৰ জনে বানিজ্যলৈ যাবলৈ ওলাল । যোৱাৰ সময়ত ঘৈনিয়েকে নিজ হাতে পিঠা তৈয়াৰ কৰি দুটা টোপলা বান্ধি আনি গিৰিয়েকক দিলে বাটত খাবলৈ । এটা টোপলা আগতে খাবলৈ ,এটা টোপলা পিছত খাবলৈ । সদাগৰে টোপলা দুটা মোনাত ভৰাই লৈ বানিজলৈ ওলাল । খোজকাঢ়ি গৈ থাকোতে থাকোতে দুপৰীয়া হ'ল । দুপৰীয়াৰ প্ৰখৰ ৰ'দত খোজ কাঢ়ি কাঢ়ি এটা সময়ত সদাগৰ গৰমত ঘামি গৈছে ।  ভাগৰো লাগিছে । সেইবাবে খন্তেক জিৰণী লোৱা ভাল হ'ব ভাবি গছ এজোপাৰ তলত জিৰণি লবলৈ বহিলে । সেই গছজোপাত দুই ভুত আৰু ভুতিনীয়ে বাস কৰিছিল ।  সদাগৰক ভৰ দুপৰীয়াখন দেখি ভুত ভুতিনীয়ে খুব আনন্দ পালে ,দুয়ো সদাগৰক দেখি খাবলৈ বুদ্ধি কৰিব ধৰিলে । ইপিনে সদাগৰো ভোক লাগিছে । সেয়েহ ঘৈণিয়েকে দিয়া পিঠাৰ টোপলাটো উলিয়াই ললে । তাৰ পিছত সদাগৰে কলে ' ওপৰৰ টো আগত খাম নে তলৰটো আগত খাম '  আচলতে সদাগৰৰ ঘৈনিয়েকে তল ওপৰকৈ  দুটা পিঠাৰ টোপলা বান্ধি দিছিল