সাধুকথা - যাদুৰ জাপি

 

যাদুৰ জাপি



এক দেশত আছিল এক সদাগৰ । তাৰ এজনী সুন্দৰী পত্নী আছিল । সদাগৰৰ কাম আছিল দেশ বিদেশ ঘূৰি ব্যৱসায় কৰা । কিন্তু নতুনকৈ বিয়া পতা সুন্দৰী পত্নীক এৰি বানিজ্যলৈ যাবৰ মন নাই , যদিও বহি বহি খাওতে খাওতে আৰ্থিক নাটনি হল । সেয়েহ এদিন সদাগৰ জনে বানিজ্যলৈ যাবলৈ ওলাল । যোৱাৰ সময়ত ঘৈনিয়েকে নিজ হাতে পিঠা তৈয়াৰ কৰি দুটা টোপলা বান্ধি আনি গিৰিয়েকক দিলে বাটত খাবলৈ । এটা টোপলা আগতে খাবলৈ ,এটা টোপলা পিছত খাবলৈ । সদাগৰে টোপলা দুটা মোনাত ভৰাই লৈ বানিজলৈ ওলাল । খোজকাঢ়ি গৈ থাকোতে থাকোতে দুপৰীয়া হ'ল । দুপৰীয়াৰ প্ৰখৰ ৰ'দত খোজ কাঢ়ি কাঢ়ি এটা সময়ত সদাগৰ গৰমত ঘামি গৈছে ।  ভাগৰো লাগিছে । সেইবাবে খন্তেক জিৰণী লোৱা ভাল হ'ব ভাবি গছ এজোপাৰ তলত জিৰণি লবলৈ বহিলে । সেই গছজোপাত দুই ভুত আৰু ভুতিনীয়ে বাস কৰিছিল ।  সদাগৰক ভৰ দুপৰীয়াখন দেখি ভুত ভুতিনীয়ে খুব আনন্দ পালে ,দুয়ো সদাগৰক দেখি খাবলৈ বুদ্ধি কৰিব ধৰিলে । ইপিনে সদাগৰো ভোক লাগিছে । সেয়েহ ঘৈণিয়েকে দিয়া পিঠাৰ টোপলাটো উলিয়াই ললে । তাৰ পিছত সদাগৰে কলে ' ওপৰৰ টো আগত খাম নে তলৰটো আগত খাম '  আচলতে সদাগৰৰ ঘৈনিয়েকে তল ওপৰকৈ  দুটা পিঠাৰ টোপলা বান্ধি দিছিল বাবে  । ইপিনে ভুত ভুতিনীয়ে ভাবিলে সিহঁতক খোৱাৰ কথা কৈছে , কাৰণ সিহঁতৰ এজনে তলৰ ডালত আন এজনে ওপৰৰ ডালত বহি আছিল ।সেয়েহ সিহঁতে ভয়ত পেপুৱা লাগিল । এনে সময়ত সদাগৰ জনে আকৌ কলে ' ওপৰৰটো খাম নে তলৰটো খাম।'

ভুত ভুতনীয়ে আৰু ভয় খালে , শেষত উপায় নাপাই ভুত ভুতিনীয়ে বুদ্ধি এটা কৰি সদাগৰ সন্মুখত আহি হাতযোৰ কৰি কলে - ' হুজুৰ আমাক নাখাব ,আমাৰ পৰিৱৰ্তে আপুনি যি বিচাৰে তাকে দিম ।'

চালাক সদাগৰে কথাটো তৎক্ষণাত বুজি পাই কলে ' ঠিক আছে বাৰু নাখাও ,পিছে ইয়াৰ বিনিময়ত কি দিবা ।'

লগে লগে ভুত ভুতিনীয়ে জাপি এটা আগবঢ়াই দি কলে ' এই যাদুৰ জাপিটো লৈ যাওক । এই জাপিৰ পৰা আপুনি যি বিচাৰিব তাকে পাব । যদি বিশ্বাস নহয় ,এবাৰ চেষ্টা কৰি চাওক । '

সদাগৰজনে তেওঁলোকৰ পৰা জাপিটো লৈ ভাল ভাল খাদ্য বিচাৰিলে । লগে লগে সদাগৰৰ সন্মুখত ভাল ভাল  হাজিৰ ।সদাগৰে সেইবোৰ সন্তষ্টিৰে খাই বৈ জাপিটো লৈ আনন্দমনে ঘৰলৈ যাত্ৰা কৰিলে ।  ঘৰ পাই সুন্দৰী ঘৈণিয়েকক জাপিটো দেখুৱাই বাটত ঘটা সকলো ঘটনাই বিবৰি কলে । তেতিয়া দুয়ো মিলি জাপিক আদেশ কৰিলে ভাল ভাল খাদ্য দিবলৈ কলে । লগে লগে জাপিৰ পৰা খাদ্য ওলাই আহিল । তেওঁলোকে পৰম তৃপ্তৰি খাদ্য খাই উঠিল । এনেকৈ সিহঁতৰ আদেশ অনুসৰি জাপিয়ে টকা পইচা ,সোণ ৰূপ দিবলৈ আৰম্ভ কৰিলে । সেই সম্পদৰ বাবে কিছুদিনৰ ভিতৰতে সদাগৰ আৰু সদাগৰণী ধনী হৈ পৰিল । দুয়ো পৰম সুখেৰে ৰজা ৰাণীৰ দৰে সংসাৰ কৰিবলৈ ধৰিলে । এদিন সেই ৰাজ্যতে থকা এটা চোৰে সেই খবৰ পালে । চোৰটোৱে খবৰ পাইয়ে জাপিটো কেনেকৈ চুৰি কৰি অনা যায় তাৰ বুদ্ধি পাঙিলে । সেইমতেই এদিন ৰাতি চোৰটোয়ে সদাগৰৰ ঘৰৰ পৰা জাপি চুৰি কৰি লৈ আহে । জাপিটো পাইয়ে পৰম আনন্দত আত্মহাৰা হৈ পৰে ।চোৰটোয়ে ঘৰ পাইয়ে পলম নকৰি ঘৰৰ সকলো বস্তু সোণৰ কৰি দিবলৈ জাপিক আদেশ কৰে ।আন্ধাৰত জাপিয়ে চোৰক নিজৰ আকা বুলিয়ে ভাবিলে , সেয়েহ লগে লগে জাপিয়ে ঘৰৰ সকলো বস্তু সোণৰ কৰি দিলে । চাৰিওফালে সোণ আৰু সোণ দেখি চোৰটোয়ে আনন্দৰ সীমা নোহোৱা হৈ পৰিল । বহু ৰাতি হোৱাত তেওঁ সোণৰ পালেংখনতে শুই পৰিল , কিন্তু গাৰুও সোণৰ হোৱাত তাৰ টোপনি নাহিল । এটা সময়ত ৰাতি পুৱাল । চোৰে অনুভৱ কৰা তাৰ বহুত ভোক লাগিছে । সি পাক ঘৰলৈ গল । পাকঘৰত গৈ আচৰিত হ'ল কাৰণ পাকঘৰৰ সকলো বস্তুও সোণৰ হৈ পৰিছে । লাহে লাহে সি পাগল হ'ব ধৰিলে । সি দৌৰি জাপিৰ ওচৰত গৈ আদেশ কৰিলে সকলো বস্তু আগৰ দৰে কৰিবলৈ ।কিন্তু জাপিয়ে কাম নকৰিলে । কাৰণ তেতিয়া জাপিটোয়ে বুজি পাইছে চোৰ টোৱে তেওঁৰ আকা নহয় । চোৰটোয়েও বুজি পালে যে অতি লোভেই যে পাপ আৰু যি আছে তাৰ মাজতে সন্তুষ্ট থাকিব লাগে ।

নিজৰ ভুল বুজিব পাৰি চোৰে জাপিটো নি সদাগৰৰ ওচৰত ওভোতাই দি নিজৰ ভুল শ্বিকাৰ কৰিলে । চোৰটোয়ে নিজৰ ভুল বুজিব পৰা দেখি সদাগৰ সন্তুষ্ট হৈ বহুত টকা পইচা উপহাৰ দিলে , লগতে জাপিক আদেশ কৰিলে তাৰ সকলো বস্তু আগৰ দৰে হ'বলৈ । চোৰটোৱে টকা পইচাখিনি লৈ আনন্দমনে গুচি গল । ইপিনে সদাগৰ আৰু সদাগৰণীও মহাসুখে বাস কৰিবলৈ ধৰিলে ।।


Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)