Posts

Showing posts from August, 2020

অন্তিম বিদায়

Image
তোমাৰ চকুয়ে যিদিনাই মোৰ বুকুত চুৰিকাঘাত কৰিছিল সেইদিনাৰ পৰাই আহত মই যন্ত্ৰণাকাতৰ বুকুৰ পৰা  টোপাটোপে সৰি গল বহু তেঁজ তেঁজৰ টোপালবোৰ ৰক্তবীজ এটি এটিকৈ কবিতাহৈ জন্ম হয় মোৰ উশাহ বন্ধ হ'ব ধৰাতে কবিতাবোৰ মোৰ উশাহ হয় , উশাহবোৰ তোমাৰ বাবে সাঁচি ৰাখিছোঁ, কিছুদিনৰ পৰা বুকুৰ বিষ বাঢ়ি আহিছে কলিজাতো ঘাডোখৰ বাঢ়িছে আজি অতদিনৰ পৰা কবিতা এটা জন্ম লোৱা নাই উশাহবোৰ ক্ৰমে চুটি হৈ অহি আছে হয়তো চিৰদিনৰ বাবে স্তব্ধ হ'ব তাৰ বাবে আক্ষেপ নাই মোৰ বাবে  সেই মৃত্যুও সৌভাগ্য প্ৰিয় কবিয়ে কৈছিল 'মৃত্যু এক শিল্প ।' মোৰ বাবে মৃত্যু এক সুমধুৰ গজল যাৰ ৰাগিত মগ্ন হৈ গুচি যাম চিৰদিনলৈ মোৰ বাবে তুমি  নজ্বলাবা মমবাতি অথবা এটি দিয়া মোৰ নামত এটোপাল অশ্ৰু হৃদয়ত  ৰাখিবা সজতনে অন্তিম বিদায়ৰ দিনা সেই অশ্ৰুৰেই জনাবা অন্তিম বিদায় ।

#sayeri

Image
1)dard e lamhe bit jate rahe apki yad ati rahe yeh nahi ki ap meri pass nahi ho apto meri har ehsash mai ho par jish khanjar e akhone mujhe ghayel kiya ush akhon ki didar keliye tarashti hu 2)dard e lamhe ko ginke bethi thi ahsash ko bunte huye beti thi duwa ashman mai jate the u vhir lout ke ate the par duwa ko kobul hote huye  aj mene  dekha he

#eyes#তোমাৰ চকু

Image
দুচকু যুৰি স্থিৰ, কিন্তু সাগৰৰ দৰে, আকস্মাতে মৌনতা গিলি থয়। ইশচঞ্চল হৈ পৰে। সুউচ্চ ঢৌ তুলি পাহাৰৰ বুকু তিয়াই দিব পাৰে। পাৰৰ বালিৰাশিকো পলসুৱা কৰিব পাৰে। ফুলাব পাৰে উপত্যকাতে নানা ৰঙৰ ফল। ফুলৰ সুবাসত মুখৰিত হৈ পৰে চৌদিশ । সেই সুবাসেইতো পৃথিৱীখন ইমান মনোমোহা কৰি ৰাখিছে। এই ফুলৰ সুবাস নাথাকিলে পৃথিৱী হৈ পৰিলহেতেন দুৰ্গন্ধময়। আমি সকলোৱে সুগন্ধ ভাল পাওঁ। দুৰ্গন্ধত নাক কোচাই লওঁ । কিন্তু কিমানজনে যত্ন কৰে পৃথিৱী খন সুগন্ধি ময় কৰি ৰাখিবলৈ? তথাপি আমি সকলোৱে সুগন্ধি---!  এতিয়া মোক যদি সুধা হয় মানুহৰ শৰীৰৰ আকৰ্ষনীয় অংগ কি? মই কম চকু। মানুহৰ সমগ্র সত্য চকুৰ মাজতে লুকাই আছে। চকুয়ে হাঁহিব জানে, চকুয়ে কান্দিব জানে, চকুয়ে অভিমান কৰিব জানে। চকুয়ে চকুয়ে খং কৰিব জানে, চকুয়ে ভ্ৰমণ কৰিব জানে, চকুয়ে স্পৰ্শ কৰিব জানে, এনেকি চকুয়ে কথা কৱ জানে। মুখেৰে বুজাব নোৱাৰা কথা চকুয়ে সাহসেৰে কৈ দিব পাৰে।  চকু দক্ষ সৈনিক। এই সৈনিক জনে বিপ্লৱ আনিব পাৰে যিকোনো মুহূৰ্ততে। যিকোনো মুহূৰ্তত ধ্বংস কৰিব পাৰে এখন চহৰ। যিকোনো মুহূৰ্তত গঢ়িবও পাৰে এখন আটকধুনীয়া চহৰ। সেয়েই হয়তো কোনো শায়েৰে চকুক তীক্ষ্ণ তৰোৱাল বুলি কৈছে।

শিলৰ আদি কথা

Image
©©©©©©© সৰবজান, পানীত বুৰি থকা শিলবোৰলৈ চোৱা উশাহবোৰ ক্ৰমে চুটি হৈ আহিছে বুৰবুৰণি তুলিছে দৃষ্টিভ্ৰম হৈছে জীৱনলৈ নৈ তলৰ মাটি খামোচি ধৰি সময়ৰ গতি সলাব বিচাৰিছে, দিনৰ উষাত অন্ধকাৰ  নামে ৰাতিৰ বুকুত চিতা জ্বলে উঠি ভাহি যায় নক্ষত্ৰমণ্ডল সৰবজান, ইয়াত বেলি শামুকৰ খোলত আবদ্ধ আবদ্ধ তাৰ  . . . . . . ..!! তিমিয়ে গিলে শিলবোক পিত্তৰসত চূৰ্ণ বিচূৰ্ণ শিলবোৰ বমিৰ লগত ওলাই আহে সৰবজান, তুমিতো জানাই মাটিৰ পৰা শিল হোৱাৰ আদি কথা শিলৰো চকু আছে ; আছে হৃদয় সেয়েহ নৈৰ আঘাতত চকুপানীৰে বহু ৰক্তাক্ত যুগ সমুত্তীৰ্ণ কৰে সময়ৰ পাৰত চকুপানীৰ সাগৰ  হয়, সৰবজান, সেই সাগৰত ডুবিলেই দেখো জুয়ে পৰা হাড়বোৰ যিবোৰক লৈ স্থূলীয় হাংগৰবোৰে বিশেষজ্ঞৰ আখৰা পাতে কিছুমানে হাতচাপৰি দিয়ে সৰবজান, কালিদাসৰ কাহিনীটো শুনিছিলানে? ডালত বহি গুৰিত কাটে ইহঁতেও ধ্বংসযজ্ঞ কৰি উন্নয়নৰ আখৰা পাতে, সৰবজান, তুমিতো জানাই শিলৰ মৈথুনেৰে কেনেকৈ জীয়াই ৰাখিছে নৈ আৰু নৈ পৰীয়া সভ্যতা ইতিহাসত ৰেখাঙ্কিত নাথাকিলেও সময়ৰ গৰ্ভত এতিয়াও ভ্ৰূণ , এই অৰণ্যত উৎসৱ নাই, তেজোত্তপ নাই আচলতে শিলবোৰৰ নাক;কান ;কন্ঠ নাই যাৰ বাবে