#eyes#তোমাৰ চকু


দুচকু যুৰি স্থিৰ, কিন্তু সাগৰৰ দৰে, আকস্মাতে মৌনতা গিলি থয়। ইশচঞ্চল হৈ পৰে। সুউচ্চ ঢৌ তুলি পাহাৰৰ বুকু তিয়াই দিব পাৰে। পাৰৰ বালিৰাশিকো পলসুৱা কৰিব পাৰে। ফুলাব পাৰে উপত্যকাতে নানা ৰঙৰ ফল। ফুলৰ সুবাসত মুখৰিত হৈ পৰে চৌদিশ । সেই সুবাসেইতো পৃথিৱীখন ইমান মনোমোহা কৰি ৰাখিছে। এই ফুলৰ সুবাস নাথাকিলে পৃথিৱী হৈ পৰিলহেতেন দুৰ্গন্ধময়। আমি সকলোৱে সুগন্ধ ভাল পাওঁ। দুৰ্গন্ধত নাক কোচাই লওঁ । কিন্তু কিমানজনে যত্ন কৰে পৃথিৱী খন সুগন্ধি ময় কৰি ৰাখিবলৈ? তথাপি আমি সকলোৱে সুগন্ধি---! 
এতিয়া মোক যদি সুধা হয় মানুহৰ শৰীৰৰ আকৰ্ষনীয় অংগ কি? মই কম চকু। মানুহৰ সমগ্র সত্য চকুৰ মাজতে লুকাই আছে। চকুয়ে হাঁহিব জানে, চকুয়ে কান্দিব জানে, চকুয়ে অভিমান কৰিব জানে। চকুয়ে চকুয়ে খং কৰিব জানে, চকুয়ে ভ্ৰমণ কৰিব জানে, চকুয়ে স্পৰ্শ কৰিব জানে, এনেকি চকুয়ে কথা কৱ জানে। মুখেৰে বুজাব নোৱাৰা কথা চকুয়ে সাহসেৰে কৈ দিব পাৰে।
 চকু দক্ষ সৈনিক। এই সৈনিক জনে বিপ্লৱ আনিব পাৰে যিকোনো মুহূৰ্ততে। যিকোনো মুহূৰ্তত ধ্বংস কৰিব পাৰে এখন চহৰ। যিকোনো মুহূৰ্তত গঢ়িবও পাৰে এখন আটকধুনীয়া চহৰ। সেয়েই হয়তো কোনো শায়েৰে চকুক তীক্ষ্ণ তৰোৱাল বুলি কৈছে। সচাকৈয়ে চকু তীক্ষ্ণ তৰোৱাল। মুহূৰ্ততে সন্মুখৰজনক আঘাত কৰিব পাৰে। বুকু ভেদি পাৰাপাৰ কৰি দিব পাৰে। ৰণক্ষেত্ৰত সকলো সৈনিককে ধাৰাসায়ী কৰি দিব পাৰে। সৈনিকৰ মুহূৰ্ততে শ্বাস-প্ৰসাশ ফুলি উঠিব পাৰে। ওৰে ৰাতি বিষত চটফটাই মৃত্যুৰ কোলাত ঢলি পৰিব পাৰে। অৱশ্যে সেই মৃত্যু শিল্প। এই শিল্পই মানুহক চিৰ দিনৰ বাবে অমৰ কৰি ৰাখিব পাৰে। আত্মাক বগা চৰাই এটালৈ ৰূপান্তৰ কৰিব পাৰে। বগা চৰাইটিয়ে আকাশৰ পৰা এটুকুৰা নীলা অথবা তৰা এটি আনিব পাৰে।
 অৰণ্যৰ পৰা অৰণ্যলৈ কঢ়িয়াই লৈ ফুৰে সেউজীয়া। অৰণ্যক ঠোটেৰে টানি আনিব পাৰে কংক্ৰিটৰ চহৰলৈ। চহৰখনকো পাৰে অৰণ্য সজাবলৈ। চহৰক শিকাব পাৰে অৰণ্যৰ গান এটি গুনগুনাবলৈ। চহৰৰ বাটবোৰত নিজৰা বোৱাই দিব পাৰে। বাটৰ দাতিত পলাশ, মাদাৰ, সোনাৰু ফুৰাব পাৰে। চহৰৰ মাজেৰে বোৱাই আনিব পাৰে নৈবোৰক। চন পৰা পথাৰত ঠোটেৰে সিচি দিব পাৰে অৰণ্যৰ বীজ। চকুয়ে পৃথিৱীখনত আনিব পাৰে নতুন ৰাতিপুৱা, ধ্বংসও কৰিব পাৰে বেলিৰ পোহৰ। নোমাই আনিব পাৰে ঘোৰ অন্ধকাৰ। সেই ৰাতিপুৱাৰ স্বিগ্ধ কোমল পোহৰক অনুভৱ কৰা জনেই হয়তো কবি হৈ পৰে। সকলোৱে অনুভৱ লিখিব পাৰে কিন্তু সকলোৱে কবি হ'ব নোৱাৰে। অৱশ্যে পৃথিৱীৰ সকলোৱে একো একো কবি। তাৰ মাজতে কিছু ব্যতিক্ৰম আছে। যিসকলে কাৰোবাৰ দুচকুৰ মায়াত নতুন ৰাতিপুৱাৰ স্বিগ্ধ পোহৰত স্নান কৰিছে। সিহঁতেপ্ৰকৃত কবিত্ব অৰ্জন কৰিছে। নিজৰ পৃথিৱীখন নতুনকৈমহি পিটি নতুনকৈ সজাই তুলিছে। সিহঁতেই অনুধাৱন কৰিব পাৰিছে জীৱনৰ ৰহস্য। পৃথিৱীৰ সমস্ত ৰহস্য, সমস্ত যাদু যেন সেই দুচকুতেই নিহিত হৈ আছে। এই যাদুৰ কোনো নিৰাময়ৰ ব্যৱস্থা নাই। যন্ত্ৰণাৰ পাহাৰ এখন বুকুত পেলাই দিব পাৰে। এই যন্ত্ৰণাৰো আমেজ আছে। এই যন্ত্ৰণাৰ মাজতেই জীৱনবাটত আগবাঢ়ি যোৱাৰ শক্তি উৎপন্ন হয়। যি শক্তি প্ৰেৰণাই হাত ধৰি মানুহক জীৱন বাটত আগবঢ়াই লৈ যায়। চকু সুনিপুন শিল্প কৰ। চকুয়ে সাঁকো গঢ়িব পাৰে। সেই সাঁকোৰে চকুমুদি দিগন্তলৈ আগবাঢ়ি যাব পাৰে বাটৰুৱা। চকুয়ে প্ৰেৰণাৰ সূৰ্য্য হৈ হাতৰ আঙুলি ধৰি আগবঢ়াই যাব পাৰে সু উচ্চ শিখৰলৈ। কেতিয়াবা পেলাই দিব পাৰে। কাইটিয়া কুঞ্জুলতা মেৰিওৱা গোলাপ বাগিছাত। চকু হব পাৰে সুখৰ এখনি হাত। কষ্টৰ সময়ত সুখৰ হাত বুলাই দিব পাৰে। দুখৰ চকুলো শুহি লব পাৰে।

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)