Posts

Showing posts from June, 2019

খেজুৰৰ উপকাৰীতা benefit of dates

Image
খেজুৰ এবিধ শ্ৰেষ্ঠ পুষ্টিকৰ ফল ৷ খেজুৰ এনে এক ফল য’ত আমাৰ শৰীৰত লাগতীয়াল প্ৰায় সকলো উপোদান আছে৷ এই ফলবিধ আৰৱৰ জনপ্ৰিয় ফল৷ পৃথিৱীৰ সকলো দেশতে খেজুৰৰ গছ দেখা যায় যদিও আৰৱ, ইৰাক ইটালী আদি অঞ্চলৰ জলবায়ুত এই ফল অধিক হোৱা দেখা যায়৷ দেশভেদে খেজুৰৰ গছৰ প্ৰকাৰো বেলেগ বেলেগ দেখা যায়৷ভাৰতৰ জলবায়ুত সিমান ভাল নহয়৷ খেজুৰ গছৰ পৰা খেজুৰ ৰসো উলিওৱা হয়, যি অতি সুস্বাদূ ৷ এই ৰসেৰে বিভিন্ন ধৰণৰ মিঠাই বনোৱা হয় বা এনেও পিঠাৰে, মুৰিৰে খোৱা হয়৷ এই ৰসেৰে খেজুৰ গুৰ তৈয়াৰ কৰা হয়৷ খেজুৰ গুৰৰ পায়স , পিঠা আৰু ৰসগোল্লা অন্যতম। গৰমৰ দিনত জুতিলগা খেজুৰৰ তাৰি দুগিলাছ খালে শৰীৰৰ ভাগৰ আতৰি মনলৈ শান্তি আহে। খেজুৰ বা খাজুৰী এবিধ স্বাস্থ্যৰ পক্ষে উপকাৰী শুকান ফল। খেজুৰ খালে শাৰীৰিক উৎকৰ্ষ সাধনৰ উপৰিও সৌন্দৰ্য বৃদ্ধি হয়। আমি খাই ভালপোৱা খেজুৰত আছে  আহ, ছডিয়াম,পানী, প্ৰটিন,জিংক,ফলিকএচিড, ভিটামিন-এ, ভিটামিন-বি কমপ্লেক্স, ভিটামিন-কে, মেগনেছিয়াম, মেঙ্গানিজ, পেন্টোথেনিক এচিড, কাৰ্বহাইড্ৰেত, কেলছিয়াম, আইৰণ আদি। খেজুৰৰ উপকাৰীতাসমূহ- ১.খেজুৰত অধিক মাত্ৰাত ক’লেষ্ট্ৰল আৰু ছুগাৰৰ মাত্ৰা কম পৰিমাণে থাকে৷ যাৰ বাবে নিয়মীয়া খাদ্য হ

ঈদ

Image
                                             অৱশ দেহাৰে বিল্লালে সন্ধিয়া জামে মছজিদলৈ সোমাই গ’ল ৷ ইফতাৰৰ সময় হৈছে ৷ কষ্ট হ’লেও সি কোনোপধ্যেও এটা ৰজা এৰি নিদিয়ে ৷ ৰিক্সাখন মছজিদৰ ওৱালৰ কাষত থৈ ভিতৰলৈ গৈ অজু কৰি ইফতাৰৰ বাবে বহিল ৷ মহানগৰীত দুখীয়াৰ বাবে মানুহৰ ঘৰৰ দূৱাৰ বন্ধ থাকিলেও মছজিদৰ দুৱাৰ খোলা থাকে সকলোৰে বাবে ৷ তাতে আকৌ ৰজাৰ মাহ ৷ বেল্লালে ইফতাৰ কৰাৰ পিছত নামাজ আদায় কৰি আকৌ ওলাই পৰিল দয়াহীন মহানগৰীৰ বুকুলৈ জীৱন যুদ্ধত ৷ সন্ধীয়াৰ পোহৰ আৰু আন্ধাৰৰ তয়াময়া ৰণত আন্ধাৰৰ চেষ্টা পোহৰক ঢাকি ৰাখিৱলৈ ৷ আন্ধাৰে ক্ৰমশ: নিজকে পিন্ধাই দিলে পৃথিৱীক ৷ ঘৰবোৰতো জমা হয় আন্ধাৰ ৷ আন্ধাৰক প্ৰত্যাহ্বান জনাই মহানগৰীৰ নিয়ন লাইটবোৰ গৰ্বৰে থিয় হৈ থাকে ৷ মহানগৰীৰ একাষৰীয়া থকা বস্তিবোৰত অলপ  সুকীয়া ৷ এনে নহয় যে মহানগৰীৰ পোহৰে চুব পৰা নাই বস্তিবোৰক ৷ অট্টালিকাবোৰৰ পৰা ৰিনি ৰিনি পোহৰ বস্তিবোৰক চুইছে আংশিকভাৱে ৷ ন মান বজাত সেই পোহৰতে বিল্লালে ৰিক্সাখন ঠেলি ঘৰৰ সন্মুখত থকা খালী ঠাই এডোখৰত থৈ নিজৰ কোঠালৈ আগবাঢ়িল ৷ ভাৰা ঘৰ ৷ বাহৰ বেতিৰে  দীঘলকৈ সজোৱা ঘৰটোত বহু কেইটা কোঠা আছে ৷ প্ৰত্যেক কোঠাতেই তাৰ দৰে জীৱন সংগ