ঈদ

   
                                       

 অৱশ দেহাৰে বিল্লালে সন্ধিয়া জামে মছজিদলৈ সোমাই গ’ল ৷ ইফতাৰৰ সময় হৈছে ৷ কষ্ট হ’লেও সি কোনোপধ্যেও এটা ৰজা এৰি নিদিয়ে ৷ ৰিক্সাখন মছজিদৰ ওৱালৰ কাষত থৈ ভিতৰলৈ গৈ অজু কৰি ইফতাৰৰ বাবে বহিল ৷ মহানগৰীত দুখীয়াৰ বাবে মানুহৰ ঘৰৰ দূৱাৰ বন্ধ থাকিলেও মছজিদৰ দুৱাৰ খোলা থাকে সকলোৰে বাবে ৷ তাতে আকৌ ৰজাৰ মাহ ৷ বেল্লালে ইফতাৰ কৰাৰ পিছত নামাজ আদায় কৰি আকৌ ওলাই পৰিল দয়াহীন মহানগৰীৰ বুকুলৈ জীৱন যুদ্ধত ৷
সন্ধীয়াৰ পোহৰ আৰু আন্ধাৰৰ তয়াময়া ৰণত আন্ধাৰৰ চেষ্টা পোহৰক ঢাকি ৰাখিৱলৈ ৷ আন্ধাৰে ক্ৰমশ: নিজকে পিন্ধাই দিলে পৃথিৱীক ৷ ঘৰবোৰতো জমা হয় আন্ধাৰ ৷ আন্ধাৰক প্ৰত্যাহ্বান জনাই মহানগৰীৰ নিয়ন লাইটবোৰ গৰ্বৰে থিয় হৈ থাকে ৷ মহানগৰীৰ একাষৰীয়া থকা বস্তিবোৰত অলপ  সুকীয়া ৷ এনে নহয় যে মহানগৰীৰ পোহৰে চুব পৰা নাই বস্তিবোৰক ৷ অট্টালিকাবোৰৰ পৰা ৰিনি ৰিনি পোহৰ বস্তিবোৰক চুইছে আংশিকভাৱে ৷ ন মান বজাত সেই পোহৰতে বিল্লালে ৰিক্সাখন ঠেলি ঘৰৰ সন্মুখত থকা খালী ঠাই এডোখৰত থৈ নিজৰ কোঠালৈ আগবাঢ়িল ৷ ভাৰা ঘৰ ৷ বাহৰ বেতিৰে  দীঘলকৈ সজোৱা ঘৰটোত বহু কেইটা কোঠা আছে ৷ প্ৰত্যেক কোঠাতেই তাৰ দৰে জীৱন সংগ্ৰাম কৰিবৰ বাবে আশ্ৰয় স্থল হিচাপে লৈছে ৷ টকাৰ বিনিময়ত ৰ’দ বৰষুণৰ পৰা ৰক্ষা কৰে এই ঘৰবোৰে ৷ বিল্লালে তাৰ কোঠাৰ সৰু তলা খুলি দুৱাৰ হেচুকি দিলে ৷
 আন্ধাৰে কোঠাত শুই আছিল , আন্ধাৰে তাক সম্ভাসন জনালে ৷ সি সম্ভাসন গ্ৰহণ কৰি ভিতৰলৈ সোমাই গ’ল ৷ লুঙ্গিৰ কোচত থকা দিয়াশলাই উলিয়াই চাকি জ্বলাই ললে ৷  ৰজা থাকি বিড়ি নাখালেও দিয়াশলাই ৰখা তাৰ অভ্যাস ৷ হাতত থকা চাউলৰ পলিথিন থৈ ককালত টকা থোৱাৰ বাবে বান্ধি থোৱা তবিলটি খুলি লৈ টকা কেইটা গনিলে , দিনটো ঘূৰি মাত্ৰ এশ পঞ্চাশ টকা ৷ এই সামান্য টকা জীৱন যাপনৰ বাবে যথেষ্ট নহলেও পোৱাখিনি লৈয়ে সন্তুষ্ট বিল্লাল ৷ জীৱনৰ আশা আকাঙ্ঘা বহুত আছে ৷ সেইবোৰ দিঠক কৰিৱ নোৱাৰিলেও সি হাৰ মনা নাই ৷ বাল্যকালত দেউতাকক হেৰুৱাৰ পিছৰ পৰাই এজন যোদ্ধাৰ দৰেই যুঁজি গৈ আছে ৷
 বিল্লালে টকাকেইটা খাটৰ ওপৰত থৈ খাটৰ তলত থোৱা পুৰণি সৰু চুটকেচ এটা উলিয়াই আনিলে ৷ খাটৰ ওপৰত বহি চুটকেচটো খুলি কাপোৰৰ ভাজত থোৱা কিছু টকা উলিয়াই লৈ আকৌ হিচাপ কৰাত লাগিল ৷ গোটেইখিনি মিলি এহেজাৰ পঞ্চাশ টকা হ’ল ৷ টকাকেইটা মূল্যবান হীৰাৰ দৰে আকৌ চুটকেচত ভৰাই থলে ৷ কিছুসময় খাটতে শুই টকাৰ অংক মিলোৱাত লাগিল ৷ মাজত মাথোঁ তিনি-চাৰি দিন ঈদলৈ ৷ ঘৰলৈ যাওঁতে আহোতে কমেও পাঁচশ  টকা লাগিব হাত খৰচৰ সৈতে ৷ ঘৰভাৰা পাঁচশ টকা নিদিলেও নহব ৷ কিমান কষ্টেৰে ঘৰ এটি যোগাৰ কৰিছে ৷ আজিকালি মিঞা মানুহক দেখিলেই ভূত দেখা পায় যেন মানুহে ৷ লুঙ্গি পিন্ধা মিঞা মানেই বাংলাদেশী ভাবে বহুতে ৷ ঘৰ থাকিলেও অপমানজনক ভাবে কয় ‘ বাংলাদেশীক ঘৰ ভাৰা নিদিওঁ ’ অথচ মিঞা সকলে নিজৰ তেজ পানী কৰি উৎপন্ন কৰা চাউল , ফল- মূল , শাক- পাচলি , মাহ আদি খাই আছে মহাসুখে ৷ পিছে ভবেন্দ্ৰ চৌধুৰীৰ দৰে মানুহো নথকা নহয় ৷ এওৰ দৰে মানুহে মানুহক মানৱীয় দৃষ্টিৰে চায় ৷তেখেতৰ মতে ‘ মানুহ পৃথিৱীত দুদিনৰ আলহী গতিকে জাতি ধৰ্ম লৈ কাজিয়া কৰি কি লাভ ? আৰু আজিকালি ৰাজনিতিৰ নেতাবোৰে নিজ নিজ স্বাৰ্থত মানুহক বিভাজনৰ বাবে যেনেকৈ বাখ্যা কৰে মানুহে তাকে বিস্বাস কৰে ৷ বাংলাদেশী ভূত সিহঁতৰে উপহাৰ ’ ৷
বিল্লালৰ ভাৱনা ভবেন্দ্ৰ চৌধুৰীৰ চোতাল পালে যদিও আকৌ ঘূৰি আহিল নিজৰ পদূলীলৈ ৷ এই দুই তিনি দিনতনো আৰু কিমান টকা উপাৰ্জন হ’ব ? একো ল’ব নোৱাৰিলেও লৰা ছোৱালীহালৰ বাবে কিবা এটাকৈ ল’ব লাগিব ৷ ডাঙৰ ছোৱালীজনীয়ে ফ্ৰোক এটা আব্দাৰ কৰিছে ৷ কৰিবই বহুদিন হ’ল একো নিদিয়া ৷
খন্তেক আগতে চাই থকা যবেদাৰ মুখৰ উজ্বলতা তাৰ মুঠিত লৈ যোৱা বিষন্নতা সানি লাহে লাহে মলিন হৈ আন্ধাৰত বিলিন হ’ব ধৰিছে ৷ সি অসহায় চাওঁনিৰে চাই ৰ’ল ৷ পিছপালৰ পৰা জোস্না আনন্দত দৌৰি আহি হাতত ধৰি কলে ‘ দেউতা মোৰ বাবে কি আনিছা ঈদ খাৱলৈ ?
 কি আনিছোঁ , কি আনিছোঁ ? ভাবি পকেটত হাত দি খুচৰি চালে ৷ পকেট উদং ৷ এতিয়া কি উত্তৰ দিব তাইক ?কি দিব তাইক ? বিল্লাল শিলৰ দৰে থিয় হৈ ৰ’ল ৷ জোস্নাৰ আনন্দ মাৰ গ’ল ৷
‘ মই তোমাক নামাতো যোৱা  আৰু ঈদতো নাযাওঁ ’-তাই  ফেপুৰি ফেপুৰি কৈ দৌৰি গুচি গ’ল ৷
 ‘ নাযাবি ,নাযাবি ৰ … ’-বেল্লালে চিঞৰিলে ৷
 ছে: ইমান সময় এইবোৰ কি ভাবি আছিল ৷ সি মনতে আওৰালে ৷ কিন্তু ভাবি থকাবোৰেই দেখোন সত্য , তেন্তে . . .?
সি ঈদত ঘৰলৈ নাযায় , ঈদৰ পিছত যাব ৷  টকা কিছু গাঁওৰে মজিদ ৰাজমিস্ত্ৰিৰ হাতত পঠিয়াই দিব ৷ মনে মনে দৃঢ় সিদ্ধান্ত কৰি বিচনাৰ পৰা উঠি গৈ ৰন্ধা কামত লাগিল ৷ মছজিদত ইফতাৰ কৰাৰ বাবে ভোক নালাগিলেও ভাগৰি পৰা শৰীৰৰ শক্তিৰ বাবে খাব লাগিব ৷ সি চাউল ধুই কেৰচিনৰ ষ্টপত তুলি দিলে ৷ চেহেৰীৰ বাবেও একেবাৰে চাউল দি দিলে ৷ ভাত হোৱাৰ কিছু পূৰ্বে দুটা আলু আৰু দুটা কণী সিজিবলৈ দিলে ৷ ৰন্ধা হোৱাত মুখ হাত ধুই আহি খোৱা লোৱা কৰি বিচনাত পৰিল ৷ নিৰ্জনতাৰ সুযোগ লৈ বহু চিন্তাই গুজুৰি গুমৰি ধৰিলেও দিনযোৰা কৰ্মৰ ভাগৰে টোপনীৰ চাদৰ উৰি দিলে ৷
ঈদৰ দিন ৰাতিপুৱা সোণকালে উঠিল বিল্লাল ৷ তেও ভালকৈয়ে জানে দেৰিকৈ উঠিলে হাত মুখ ধুৱলৈ , পায়খানাত যাবলৈও শাৰী পাতিব লাগিব, পিছে আজি বেচিভাগেই ঘৰলৈ যোৱাত ভিৰ কম ৷ ততালিকে গৈ হাতমুখ ধুই ফজৰৰ নামাজ আদায় কৰিয়েই ভাত বনালে ৷ গা ধুৱাৰ আগত এটুকুৰা কাপোৰেৰে ৰিক্সাখন মুচি ললে সজতনে ৷ মুৰি পানী খাই ঈদৰ নামাজলৈ গ’ল ৷
‘ কি হে বিল্লাল আজিও ৰিক্সা লৈ ওলাইছাযে , ঘৰলৈ নোযোৱা নেকি ? ’ –ঈদৰ নামাজৰ পৰা আহি খোৱা লোৱা কৰি ৰিক্সালৈ কৰ্মলৈ যোৱাৰ সময়তেই পদুলিৰ সন্মুখত থকা গেলামালৰ দোকানীজনে সুধিলে ৷ দোকানীজনো বাহিৰৰ ৷ দোকান ভাল চলে বাবে পৰিয়াল সহকাৰে ভাৰাঘৰতে থাকে ৷
:যোৱা নহল ও , দুই এদিন পিছত যাম ৷’ দোকানিজনে বুজি পায় সেয়েহ কিয় যোৱা নহ’ল বুলি নকৈ মাথোঁ কলে ‘ বলা আমাৰ তাতে খোৱা লোৱা কৰিবা ’
‘  বেয়া নাপাব ,মই মাত্ৰ খাই ওলাইছোঁ ৷ এতিয়া আহোঁ ৷-কৈ বিল্লাল মনত ধুমুহা এজাক লৈ যাত্ৰা আৰম্ভ কৰিলে চহৰৰ মাজেৰে ৷
চহৰত উৎসৱ মুখৰ পৰিৱেশ ৷ আবেলি মানত মানুহ এজনক নমাই দি আহোতে বাটত থিয় হৈ থকা দুগৰাকী ভদ্ৰ মহিলাৰ এজনে হাতৰ ইংগিতেৰে ৰখিব কলে ৷ লগত আঠ-ন বছৰীয়া ধুনীয়া ছোৱালী এজনী ৷ বিল্লাল কাষত গৈ ৰখিলে ৷ দুয়োগৰাকী মহিলাই বেচ অট্যবন্ত ঘৰৰ সম্ভৱ ৷ দেখাতো বৰ ধুনীয়া ৷ চানগ্লাচ লগোৱা মহিলাজনীলৈ চকু পৰাত সি দৃষ্টি আতৰাব নোৱাৰিলে ৷ সৌন্ধৰ্য্যৰ বাবে নহয় ৷ মহিলাজনীক বেচ চিনাকী যেন লাগিল ,কিন্তু ক’ত দেখিছে মনত পেলাব নোৱাৰিলে নাইবা চানগ্লাচ থকাৰ বাবে ভালকৈ ধৰিব পৰা নাই ৷ এনেকৈ চাই থকা ঠিক নহয় ভাবি দৃষ্টি আতৰালে ৷ সিহঁত উঠাৰ পিছত সি ৰিক্সাৰ চেডে্ লত বহি সুধিলে –কলৈ যাব বাইদেউ ? 
: হাতিগাঁও চাৰি আলি যোৱা ৷
বিল্লালে বিৰামহীন ভাবে পূৰ্ণ গতিত  ৰিক্সা চলাই গ’ল ৷
 ‘মা আমি সেই পোপী থকা আন্টিহঁতৰ ঘৰত যামনে ? - কিছু মূহুৰ্ত  বিৰাজ কৰা নিৰৱতা ভঙ্গ কৰি সৰু ছোৱালীজনীয়ে  মাকক প্ৰশ্ন কৰিলে ৷
 ‘ ও মাজনী   ’- মাকে উত্তৰ দিলে ৷
: ভালে হ’ব , মই পোপীৰ লগত খেলিম ৷ মা তেনেকুৱা পোপী এটা মোকো কিনি দিবা হা ৷
: হ’ব দিম দিয়া ৷ এতিয়া মনে মনে থাকা ৷  - ছোৱালীজনীক মনে মনে থাকিবলৈ কৈ লগৰ ভদ্ৰ মহিলাজনীৰ উদ্দেশ্যে কলে -
: কি ৰ’দ দিছে চাইচানে ? গাড়ীখন থকা হ’লে আৰামত যাব পাৰিলোহেঁতেন ৷ এখেতে কৰবালৈ ওলাই গ’ল ৷
: ও আমাৰ এখেতেও বন্ধু এজনৰ ঘৰত গ’ল , মোকো লগ ধৰিলে যাবলৈ পিছে মই ৰিমাক আগতে কথা দি থৈছিলোঁ ৷ ৰিমাৰ তাতে বেচ জমিব নহয় , আমি বান্ধবি কেইটাই ল’গ হ’ব পাৰিম ৷
: ও , পিছে কিছুসময় থাকিব পাৰিলে আড্ডাটো ভালকৈ জমিলেহেঁতেন , পিছে ৰিক্সা .. . . ৷
বিল্লালৰ যাবেদাৰ কথা মনত পৰিল ৷‘ যবেদা ’ সি মনতে নামটো আওৰাই সন্তুষ্টি পালে ৷ তাইযে কি কৰি আছে লৰা ছোৱালী হালক লৈ ৷ ঈদৰ দিনটোও হয়তো এমুঠি খাব পৰা নাই শান্তিৰে ৷ লৰা ছোৱালীহাল !
: মাকৰ ঘৰলৈ নোযোৱা নেকি এইবাৰ?
:নাযাও এইবাৰ, ল’ৰা-ছোৱালীৰ স্কুল বন্ধ নাই তাতে এই গৰমত লৰা ছোৱলীহালৰো অৱস্থা নাথাকে গাঁওত ৷  – মাইনাজনীৰ মাকে  কলে ৷
: হয় ও ইমান গৰমত কতো যাব মন নাযায়৷
সিহঁতৰ কথা শুনি বিল্লালৰ মনত আকৌ খুন্দা মাৰি ধৰিলে ৷ তাৰমানে তাই গাঁওৰ ছোৱালী , তাইয়ে মৰিয়ম নহয়তো ৷ মৰিয়মতো সৰুতে মাইনাজনীৰ দৰেই দেখাত ধুনীয়া আছিল ৷ সুধি চাব নেকি ? নাই নাই, যদি নহয় তেন্তে ?
টিং টং টিং টং. . . . . হঠাং তাৰ পকেটত সৰু মবাইলটো বাজি উঠিল ৷ সি উলিয়াই চালে চুবৰীয়া এজনৰ ফোন  নং ৷ এই নম্বৰতে ফোন কৰি ঘৰৰ খা খৱৰ লয় সি ৷ তাৰ বুকুত চাৎ মাৰি উঠিল ৷ সি ৰিক্সাৰ গতি কমাই মবাইল উলিয়াই ৰিচিভ কৰিলে ৷
: হেল্ল
: হেল্ল .মই যাবেদা ৷ আপুনি ভালে আছেনে  ? কিবা খাইছেনে ? – যাবেদাৰ মাত শুনিয়ে বিল্লালৰ মাত হেৰাল ৷ কি ক’ব এতিয়া ?
: ও , ভালে আছোঁ ৷ মাংস ভাত বনাই খাইছোঁ ৷ তোমালোকে খোৱালোৱা কৰিছানে ?  - বিল্লালে মিছা কথা কওঁতে কষ্ট হৈছিল যদিও বাধ্য হ’ল ৷
: দেউতা আমি খাইছোঁ ৷ মায়ে চাউলৰ নাস্তা বনাই দিছিল আৰু আইতাৰ ৰঙা চৰাই  এটা আছিল যে সেইটো জবাই কৰিছে ৷ আপোনাৰ বাবেও মায়ে থৈ দিছে ৷ আপুনি আহক দেউতা ৷
 মায়ে কৈছে – মই কাপোৰ বিচৰাৰ বাবে আপুনি আহা নাই ৷ দেউতা মোক কাপোৰ নালাগে আপুনি আহিলেই হ’ব ৷ আহিবনে ? – মাকৰ পৰা ফোনলৈ জোস্নাই কলে ৷
: হ’ব মা , মই তোমাৰ বাবে কাপোৰ লৈ আহিম ৷ – বিল্লাল থোকাথুকি মাতেৰে কলে ৷
: এই ৰিক্সা ইয়াতে ৰাখা ৷ – পিছফালৰ পৰা মাত দিয়াত ফোনকল কাটি থৈ ৰিক্সা ৰখালে ৷ ইমান পৰে সিহঁতে কি আলোচনা কৰিছিল তাৰ কানত পৰা নাই ৷
: সন্ধিয়ালৈ ৰখিবানে ? সেইমতে ভাৰা দিম ৷
: হ’ব বাইদেউ ৷
মহিলা দুয়ো গৰাকী নামি সন্মুখৰ অট্টবন্ত ঘৰলৈ সোমাই গ’ল ৷ সৰু ছোৱালীজনী তালৈ এবাৰ ঘূৰি চালে ৷ তাৰ চকুপানী তাইৰ পৰা লুকাব নোৱাৰিলে ৷ তিনি চাৰিখন গাড়ী ৰখোৱা আহল বহল চৌহদৰ কাষতে ৰিক্সাত বহি অপেক্ষা কৰি ৰ’ল ৷ কিছুসময় সময় পিছতে সৰু ছোৱালীজনী বিলাতি কুকুৰৰ পোৱালীৰ সতে ওলাই আহিল  চৌহদত খেলিৱলৈ ৷ লগত সমবয়সীয়া লৰা এজন আৰু দহ-বাৰ বছৰীয়া ছোৱালী এজনী ৷ ছোৱালীজনীৰ নিশ্চিতভাবে বন কৰা ছোৱালী ৷ কাপোৰকানি পুৰণি , মুখত অৱশ ভাৱ ৷ হয়তো আলোহীৰ আলপৈছান ধৰোতে , কাহি-বাটি ধুই , লৰাজনক ছোৱাচিতা কৰোতে কৰোতে ভাগৰি পৰিছে , তথাপিও চলি আছে কাৰণ মালিকৰ ঘৰত ঈদ ৷
 কিন্তু তাইৰ ঈদ ? নাই নাই তাইৰ ঈদ নাই কাৰণ তাই দৰিদ্ৰ ৷ যেন কোনোবাই বিল্লালৰ কানত চিঞৰিলে ৷ বিল্লালে আকৌ ছোৱালীজনীলৈ চালে ৷ জ্যোস্না –আচৰিত হৈ আওৰালে ৷ ছোৱালীজনীৰ মাজত জ্যোস্নাক দেখা পালে ৷ সি একেথৰে চাই ৰ’ল ৷ ঘৰত থকা জ্যোস্নাজনী নে এই চৌহদত থকা জ্যোস্নাজনী ? ইমান ভিৰৰ মাজত জ্যোস্নাজনীয়ে এটুকুৰা পিঠা , এবাটি মিঠাই পাইছেনে ? নে আনৰ আধৰুৱাখিনিয়ে তাইৰ ভাগ্যত ? নাই তাই জ্যোস্না নহয় ৷ জ্যোস্না পঢ়ি লিখি ডাঙৰ মানুহ হ’ব ৷ হয় ডাঙৰ মানুহ , তাক লিখাই পঢ়াই ডাঙৰ কৰিম ৷এইবোৰ মনে মনে ভাৱতে ভাৱতে আবেলিৰ বেলিটিয়ে পোহৰ সামৰি সন্ধিয়াৰ আন্ধাৰে ৰহস্যৰ আচ্ছাদনেৰে ঢাকি দিলে পৃথিৱীক ৷ ৰহস্যৰ আচ্ছাদন ভেদি নিয়ন লাইটৰ পোহৰ ভৰি পৰিল মহানগৰীত ৷ এতিয়াও মানুহবোৰ যন্ত্ৰৰ দৰে ঘূৰিয়ে আছে ৷
সন্ধিয়া সাতমান বজাত মাইনাহঁতে ওলাই আহিল ৷ ৰিক্সাত উঠিয়ে যাবলৈ নিৰ্দেশ দিলে ৷ বিল্লাল পূৰ্ণ গতিত ৰিক্সা চলাই গ’ল ৷ চকা ঘূৰাৰ দৰে ঘূৰিল তাৰ মন৷
মৰিয়ম , চঞ্চল পখিলাৰ দৰে ধুনীয়া  ছোৱালীজনী ৷ সকলোৰে লগত হাঁহি ফুৰ্তি কৰি কথা কৈছিল ৷ সিহঁতৰে খেলৰ লগৰীয়া আছিল ৷ দুয়োৰে বৰ আন্তৰিকতা আছিল ৷ মৰিয়ম দৰিদ্ৰ ঘৰৰ হ’লেও  তাই স্কুলত গৈছিল সৰুৰ পৰাই , সকলোৰে চকুত পৰাকৈ ধুনীয়া আছিল যাৰ বাবে এদিন গুৱাহাটিস্থ গাঁওৰে ইঞ্জিনিয়াৰ  এজনে বিয়া পাতি আনিছিল ৷  বিল্লাল ঘৰৰ খেতিৰ কামত স্কুলত যাব পৰা নাই ৷ বিল্লাল হতে আৰ্থিকভাবে চলমান আছিল যদিও দেউতাৰ কেঞ্চাৰ হোৱাত সকলো মাটি বিক্ৰি কৰিও জীয়াই তুলিব নোৱাৰিলে মাথোঁ এতিয়া জীৱন যুদ্ধৰ বাবে ঘৰ এৰিব লগা হ’ল ৷
:ৰাখিব ৰাখিব পূৰ্বৰ স্থান পাওঁতে লগৰ মহিলাজনী ৰিক্সা ৰাখিবলৈ কলে৷ ৰিক্সা ৰখাত মহিলাজনী নামি গ’ল ৷ মইনাহঁতে আৰু কিছুদুৰ যোৱাৰ পিছত এটা ফ্লেটৰ সন্মখত ৰখাৱলৈ নিৰ্দেশ দিলে ৷ নামিয়ে মহিলা গৰাকীয়ে ভাৰাৰ কথা সুধিলে ৷
‘ বাইদেউ দুশ পঞ্চাশ টকা দিয়ক ৷’
: ইমান বেচিকৈ কলেই হ’বনে ? দুশ টকা দিম , তাতকৈ এটকাও বেচি নিদিও ৷
:বাইদেউ বহুত সময় ৰখি আছিলোঁ , তাতে আজি ঈদৰ দিন ৷
‘খুঢ়া , আপুনি মোৰ পাঁচশ টকা লওঁক ৷ মোক পুৱাতে পাপাই দিছে ৷ –বিল্লালৰ কথা শেষ নহওতেই মাজনীয়ে কলে ৷
: নালাগে আই , তুমিয়ে কিবা কিনি খাবা ৷ দীৰ্ঘায়ু হোৱা , ডাঙৰ হৈ ভাল মানুহ হ’বা –বিল্লালে কৈ মাইনাক আশিৰ্বাদ দি সেই দুশ টকা লবলৈ মুখ তুলি চাওঁতে জঠৰ হৈ পৰিল ৷ মৰিয়ম !
চানগ্লাচহীন মুখত নিয়ন লাইটৰ পোহৰ পৰি জ্বিলিকি উঠিছে ৷ বিল্লালে কোনোমতে টকাটো লৈ বকুত এজাক ধুমুহা লৈ ৰওঁনা দিলে ৷ তাই তাক চিনি পোৱা নাইনে ? তেন্তে সকলোৰে লগত কথা কোৱা সেই মৰিয়মজনী মাত এষাৰ দিবলৈ ইমান টান পালেনে ? কিয় বাৰু ? দৰিদ্ৰতাৰ পোচাক খুলি ভদ্ৰ চহকী পোচাকযোৰ পিন্ধা বাবেইনে ? নে চহৰৰ বতাহে পৰিবৰ্তন কৰিলে ?‘ যাবেদা’ এক পৰিবৰ্তনহীন মুখ , তাৰ বাবে অপেক্ষা কৰি আছে ৷ আন্ধাৰ পোহৰৰ খেলৰ পথাৰেৰে বিল্লাল পেডেল মাৰি গ’ল নিজৰ বাসস্থান অভিমুখে ৷





Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)