কামিজ
গাড়ীৰ পৰা নামিয়েই দোকানবোৰৰ সন্মুখত আয়শাই অলপ থতমত খালে৷ বহুদিন হ’ল বজাৰ নকৰা, একপ্ৰকাৰ কবলৈ গ’লে তিনি চাৰি বছৰৰ পৰা বজাৰ কৰিবলৈ এৰি দিছে আয়শাই৷ এতিয়া আকৌ ককালৰ বিষটোয়ে মাজে মাজে আয়শাক বিৰক্তি কৰে৷ তাৰোপৰি বৰ্তমান কাশ্মিৰৰ পৰিস্থিতিও ভাল নহয়৷ কাৰ গুলিত কাৰ নাম লিখা থাকে ঠিক নাই ৷ ঘৰৰ পৰা ওলালে আকৌ ঘৰত সশৰীৰে ঘূৰি যাব পাৰিব নে নাই তাৰ কোনো ঠিক নাই, তথাপি নিজৰ মনৰ তাগিদাত আজি বজাৰ কৰিবলৈ আহিছে৷ বাছৰ পৰা নামিয়েই আয়শাই লক্ষ্য কৰিলে এই কেইবছৰত বজাৰৰ বহুখিনি পৰিবৰ্তন হৈছে৷ পুৰণি দোকানবোৰৰ মাজে মাজে নতুন দোকান কিছুমানৰ জাক জমকতাত বাৰুকৈয়ে চকুত চমক লগায়৷ সেই চমকে মানুহক টানিলৈ যায় দোকানলৈ৷ আয়শাও দুখোজমান দি আকৌ ৰৈ গ’ল৷ ‘অচিনাকি দোকানিবোৰে যদি ঠগন দিয়ে? দাম বেচিকৈ লয় যদি?’ নিজকে নিজে প্ৰশ্ন কৰি আয়শাই আকৌ পিছুৱাই গ’ল চিনাকি দোকান এখন বিচাৰি৷ দৃষ্টি ঘূৰাই থাকোতে পুৰণি চিনাকী ঠাইত চিনাকি দোকান এখন বিচাৰি পালে৷ এইখন দোকানো উন্নত কৰিছে৷ সু-সজ্জিত গ্লাছ- শ্বকেজেৰে নানা ৰঙৰ কাপোৰ ওলমাই ৰাখিছে৷ দোকানীজনক নেদেখা হ’লে চিনাকি দোকান নহয় বুলি কিজানি ঘূৰিয়েই আহিলহেঁতেন আয়শাই৷ আগৰ দৰে কলা ফ্ৰেমৰ