সাস্থ্যৰ বাবে অমিতাৰ উপকাৰী গুণসমূহ(health benefits of papaya)


অমিতা( papaya) এবিধ সুমিষ্ট, সোৱাদযুক্ত ফল৷ এই ফল স্বাস্থ্যৰ বাবে বৰ উপকাৰী৷ অমিতা কেচাঁ অৱস্থাত আঞ্জা , চালাড হিচাপে খোৱা হয় আৰু পকিলে ফল হিচাপে খোৱা হয়৷ পকা অমিতাৰ পৰা জাম-জেলি, আইচক্ৰীম, বিভিন্ন ধৰণৰ মিঠাই আদি তৈয়াৰ কৰে৷অমিতাৰ পৰা নিষ্কাষণ কৰা পপেইনৰ পৰা ব্যৱহাৰিকভাৱে ছুইংগাম, টুথপেষ্ট, চেম্পু আৰু ফেচিয়েল ক্রীমত ব্যৱহাৰ কৰে।

অমিতা এডলীয়া গছৰ বহু বৰ্ষজীৱি উদ্ভিদ। ডাল নাথাকে যদিও খাজকটা বহু পাতৰ, দীঘল ঠাৰিৰে, সৰ্পিল আকাৰত বাঢ়ি যোৱা দেখা যায়। ফুলবোৰ বগা সৰু সৰু। ফুল দুবিধ আছে যদিও স্ত্ৰীকেশৰ থকাবোৰহে অমিতা হৈ বৃদ্ধি পায়। অমিতাৰ পাত, ফুল, ফল, শিপা সকলো ঔষধি হিচাপে ব্যৱহাৰ কৰিব পাৰি। অমিতাৰ ভিতৰভাগ ফোঁপোলা আৰু অসংখ্য গুটিৰে ভৰপূৰ।

অমিতাৰ ইংৰাজী Papaya নামটো বিশ্বৰ আন বিভিন্ন ভাষাটো প্ৰচলিত; তাৰে কেইটিমান উদাহৰণ হ’ল – স্পেইন, নৰৱে, জাৰ্মানী,মালটা, চুইডেন, আয়াৰলেণ্ড, হাংগেৰি, ৰোমানিয়া, উজবেক, টাৰ্কি,ফিলিপিনো, ইণ্ডোনেচিয়া আদি দেশৰ ভাষা ৷ ফ্ৰান্সত বুলে – Papaye ৷ টাই ভাষাত মাক কাং, ৰাচিয়া আৰু ইউক্ৰেইনত বুলে – Papayya ৷ বাংলাত পেঁপে, হিন্দীত পপীতা, নেপালিত মেৱা,মধুফল আৰু অমৃতা, মাৰাঠীত পপই, গুজৰাটীত পপায়ু, তামিলত পপালি কাই, তেলেগুত বব্বায়া,মলয়ালমত প’পায়া নামেৰে অমিতা পৰিচিত ৷ আমাৰ অসমীয়াত অমিতাৰ আন নাম হ’ল মধু ফল, অমৃতা, মৈথ ফল, অমৃত ফল ৷ কাৰ্বি ভাষাত মেনচপি আৰু মেংচপি ৷ ডিমাচাত খোফল আৰু গৈফল ৷ টিৱা সকলে বুলে উমৰিদ আৰু উমৰিট ৷
 ইয়াৰ গাৰ পৰা এবিধ বগা আঠা ওলায়। ইয়াৰ পৰা পপেইন পৰা তৈয়াৰ কৰে।অমিতাৰ বগা ৰসটো খহু, কেন্সাৰ, টিউমাৰ, এজমা, ডায়েবেটিছ আদি ৰোগৰ বাবে উপকাৰী বুলি জনা যায়। অমিতাৰ ফুল আৰু শিপা ব্ৰংকাইটিচ, জণ্ডিচ, কিডনিৰ ক’লিক আদিত ব্যৱহাৰ কৰি সুফল পোৱা গৈছে ৷ অমিতাৰ গুটিত Carpaine নামৰ ৰাসায়নিক তত্ব (Alkaloid) থাকে যাৰ ফলত ই লিভাৰৰ চিৰচিচ, কিডনিৰ ৰোগ, বাত বিষ আৰু কৃমিজনিত ৰোগত উপযোগী ৷অমিতাৰ ফুল আৰু কলি ভক্ষণ কৰিলে ইয়াত থকা ফাইবাৰ, ভিটামিন আৰু এন্টিঅক্সিডেন্টৰ বাবে ক’লেষ্টেৰল হ্ৰাস হয় ৷ ভোক লগায় ৷ পাচন ক্ৰিয়াত সহায়ক হয় ৷ কৰ্কটৰোগ প্ৰতিৰোধ কৰে ৷
 শুকান পাতৰ ধোঁৱা সেৱন কৰিলে এজমা ভাল হয় বুলি কোৱা যায়। অধ্যয়ন কৰি পোৱা তথ্য মতে, চাৰি গ্রাম শুকান গুটিৰ লগত মৌৰস মিহলাই খালে কৃমি ভাল হয়৷
ইয়াৰ ওপৰিও অমিতাত বিভিন্ন ধৰণৰ ৰাসায়নিক উপাদানেৰে ভৰপুৰ, সেইবোৰ  হ’ল —
এটা সৰু অমিতাত (১৫২ গ্ৰামৰ) থকা উপাদান সমূহ হ’ল-
কার্বহাইড্রেট -১৫ গ্ৰা.
আঁহ -৫৯ গ্ৰা.
প্ৰ'টিন -১ গ্ৰা.
ফেট, ০.১ শতাংশ,
ভিটামিন এ - ৩৩%RDI
ভিটমিন-চি-১৫৭ % RDI
ভিটমিন-বি৯-১৪% RDI
পটাচিয়াম-১১% RDI
ইয়াৰ ওপৰিও কেলচিয়াম,মেগনেচিয়াম আৰু ভিটামিন বি১,বি৩,বি৫,ই আৰু কে  আদি যথেষ্ট পৰিমাণে পোৱা যায়৷
অমিতাত পেপেইন,কাইমো-ট্ৰিপচিন আদিও থাকে৷
 কেৰোটেনোইড নামৰ এন্টিঅক্সিডেন্ট থাকে৷ এই এন্টিঅক্সিডেন্টবিধ আন ফল -মূল,পাচলিত থকা এন্টিঅক্সিডেন্টতকৈ উত্তম৷ এই এন্টিঅক্সিডেন্টবিধে মেটাবলিজম বঢ়ায় আৰু মানসিক চাপ (ষ্ট্ৰেচ)কমোৱাত সহায় কৰে৷

অমিতাৰ আৰু কি কি উপকাৰি গুন আছে জানোঁ আহক-
• হজমশক্তি বঢ়োৱাত সহায় কৰে৷
• কৌষ্ঠ-কাঠিন্য আতৰায় ৷
• কৃমিৰোগৰ বাবে অমিতা হ’ল মহৌষধ ৷
• হৃদযন্ত্ৰৰ বাবে উপকাৰী – বিটা-কেৰটিন,লাইকোপেন, ভিটামিন-এ, ভিটামিন-চি আৰু ভিটামিন-ইৰ উপস্থিতিৰ বাবে ডায়েবেটিক হাৰ্ট ডিজিজ আৰু এথেৰস্কেৰচিচৰ পৰা অমিতাই সুৰক্ষা দিয়ে৷ ষ্ট্ৰ’ক আৰু আন হৃদৰোগ কাষ চাপিব নিদিয়ে ৷
• অপকাৰী ক’লেষ্টৰল হ্ৰাস কৰে ৷
• উচ্চ ৰক্তচাপ কমোৱাত সহায়ক ৷
• ডায়েবেটিজ নিয়ন্ত্ৰণত ভূমিকা – টাইপ -১ আৰু টাইপ-২ দুয়ো ধৰণৰ ডায়েবেটিজতে অমিতা উপকাৰী বুলি প্ৰমাণিত হৈছে ৷ অমিতাৰ ফাইবাৰে তেজৰ চুগাৰ আৰু চৰ্বি হ্ৰাস কৰে ৷ দেহৰ ইনচুলিনৰ সক্ৰিয়তা বঢ়ায় ৷
• দৃষ্টিশক্তিৰ উন্নয়ণ আৰু চকুৰ সুৰক্ষা -কেটেৰেক্ট, গ্ল’কমা আৰু মেকুলাৰ ডিজেনেৰেচনৰ পৰা অমিতাত থকা এন্টিঅক্সিডেন্ট আৰু ভিটামিনে সুৰক্ষা প্ৰদান কৰে৷
• শৰীৰৰ ইমিউনিটি বঢ়ায়  ৷
• ওজন কমোৱাত সহায়ক ৷
• মহিলাৰ ঋতুস্ৰাৱ নিয়মিতকৰণ কৰে৷
• সংক্ৰমণ ৰোধ কৰে  ৷
• কৰ্কট ৰোগৰ পৰা সুৰক্ষা – ফ্লৰিডা ইউনিভাৰ্চিটিৰ কৰা অধ্যয়ণত জনা গৈছে যে অমিতা হ’ল কেঞ্চাৰ প্ৰতিৰোধক গুণযুক্ত ৷ আন আন বিজ্ঞানীৰ মতেও ই বক্ষৰ, পেনক্ৰিয়াজৰ,ক’লনৰ, প্ৰষ্টেট আদিৰ কৰ্কট ৰোধ প্ৰতিৰোধ কৰে ৷
• ছাল সুস্থ্য কৰি ৰাখে আৰু সৌন্ধৰ্য্য বৃদ্ধি কৰে৷
• ছুলিৰ বাবে উপকাৰী৷
• বাত বিষ কমোৱাত সহায় কৰে৷
• দাঁতৰ বিষ কমায় ৷
• দেহত বয়সৰ ছাপ কমোৱাত লোৱা ভূমিকা –ভিটমিন-চি , ভিটমিন-ই আৰু এন্টিঅক্সিডেন্ট বাবে এয়া সম্ভৱ ৷
• জুয়ে পোৰাৰ দাগ অমিতা গছৰ পৰা ওলোৱা বগা ৰস (Latex) লগালে আতৰ হোৱাত সহায়ক হয় ৷
• যিসকল মাতৃৰ স্তনত দুগ্ধৰ উৎপাদন কম, তেনে মহিলাই পকা বা কেঁচা অমিতা খালে উপকৃত হয় ৷
• ডেংগুৰ চিকিৎসাত অমিতা পাতৰ উপকাৰিতা প্ৰমাণিত হৈছে ৷
অমিতাৰ ক্ষেত্ৰত লবলগীয়া সতৰ্কতা :
• গৰ্ভ অৱস্থাত অমিতা খালে গৰ্ভপাত হোৱাৰ সম্ভৱনা থাকে৷
• লেটেক্স এলাৰ্জি – অমিতা গছৰ পৰা ওলোৱা বগা ৰসক (Latex ) অসমীয়াত তৰুক্ষীৰ বুলে ৷ কিছুমান মানুহৰ এই লেটেক্সৰ এলাৰ্জি হব পাৰে ৷
• অত্যাধিক পৰিমানে খালে পেটৰ বেমাৰ, এলাৰ্জি হ’ব পাৰে সেয়েহ সপ্তাহত ৪-৫ দিনহে অমিতা খাব লাগে৷

Comments

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)