Posts

Showing posts from May, 2020

egg korma

Image
ইগ কোৰ্মা উপকৰণ- ডিম তিনিটা ১/২ কাপ গাখীৰ ২চামুচ দৈ ৬-৭ টা কিছমিছ ৮-১০টা কাজুবাদাম ২টা সৰু পিয়াজৰ পেষ্ট ১চামুচ আদা পেষ্ট ১চামুচ ঘী তেল আৰু মচলা প্ৰথমে বয়েল কৰি বাকলি গুচাই লোৱা ডিমকেইটা ৰঙচুৱাকৈ ভাজি লব।কেৰাহীত থকা তেলতে জিৰা আৰু তেজপাত,ইলাচি,লং ফোৰন দিব।কেচাঁ‌ জলকীয়া কেইটামান দি তাত পিয়াজ পেষ্ট দিব।পিয়াজৰ কেচাঁ‌ গোন্ধ যোৱালৈ ভাজি তাত কাজু কিছমিছ পেষ্ট দিব।তাৰপিছত দৈ দি কিছুসময় মিডিয়াম ফ্লেমত ৰাখি তাত গাখীৰ দিব।১চামুচ জিৰা গুৰি দিব(জিৰা গুৰি নিদিলেও হয়)।নিমখ দিব সোৱাদ অনুযায়ী।ডিম কেইটা দি সকলো মিক্স কৰি ঢাকোনিৰে ঢাকি লো ফ্লেমত কিছুসময় ৰাখি দিব।এতিয়া চেনি অকনমান,ঘী দি কিছুসময় ৰাখি নমাই দিব। তলত ৰেচিপিৰ লিংক দিছোঁ https://youtu.be/Wu5gry1aCGg

পাগলী

Image
        মহানগৰৰ পৰা পোহৰহীন চহৰলৈ পুৰণি সভ্যতা এটাৰ দৰেই পাগলিজনী ৰৈ আছে এই হাঁ‌হিছে এই কান্দিছে পাউৰুটিৰ টুকুৰাটো চিঙি এটুকুৰা এটুকুৰাকৈ ভগাইছে আমাৰ মাজত বহু যুগৰ ব্যৱধান তাই হাতখন বঢ়াই দিলে 'ভোক লাগিছে?আহা খোৱাহি ,আহা.. .' নাই,মোৰ ভোক লগা নাই 'তেন্তে টকা লাগে . . ? চৰাইৰ ঠোঁটৰ দৰে আঙুলিকেইটাই জীৰিলি মোনাৰ পৰা খুচুৰি খুচুৰি উলিয়ালে এমুঠি জীৱনৰ টুকুৰা এই এশ টকা ফুলুৰ মাকৰ এই এশ টকা জিতুৰ মাকৰ . . . . . . জানা,সিহঁতে বহুদিন হ'ল কাম কৰিব পৰা নাই বাচ্চাবোৰ নাখাই মৰিব সিহঁতক এশ টকাকৈ দিম আৰু এই এশ টকা তুমি লোৱা এশ টকা নহয় -এটকাহে 'নহয় এশটকা,পাগল পাগল-'তাই হাঁ‌হিলে বহুত হাঁ‌হিলে,হাঁ‌হি হাঁ‌হি কান্দোঁন জুৰিলে চহৰৰ খটখটিয়েদি আহোঁতে চচমাযোৰ খুলি থৈ আহিবা,তেতিয়া .. . ইয়াত চেনিটাইজ কৰা অৰ্ধজীৱিত জীৱনৰ উশাহ লওতেও কৰ দিব লাগে তুমিও গুচি যোৱা,গুচি যোৱা ইয়াত মহামাৰী লাগিছে,ভোকৰ মহামাৰী গছে গছে ওলমি আছে কৃষকৰ শৱ বৃদ্ধা এগৰাকী জুপুৰিৰ পৰা চিঞৰিলে জুপুৰিটো কপি আছে ভিতৰত বেমাৰীৰ গলৰ গেৰগৰনি আৰু কেচেমা কেচেম গোন্ধ ভাহি আহিছে জুহালত

সন্ধানহীন

Image
মোৰ মাজত মোক বিচাৰি পোৱা নাই কিছুদিনৰ পৰা সন্ধানহীন হৈ আছে বহুদিন আগতে মাজৰাতি উজাগৰে সপোন দেখিছিল কংক্ৰিটৰ চহৰত প্ৰেমৰ বৃক্ষ হোৱাৰ বালিচাপৰিৰ মাজৰে নৈ হৈ বৈ যোৱাৰ হঠাৎ জানো কি হ'ল! এনে দুৰ্দিনত পলাই গল মোক বিচাৰি বিজ্ঞাপন এটাও দিছিলোঁ‌ কোনোবাই খবৰ দিলে দূৰ এক আপোন পৃথিৱীৰ গোন্ধত পানীপৰুৱাৰ দৰে শ্ৰমিকৰ মিচিলত খোজ কাঢ়ি আছোঁ‌ বতাহবেগে গৈ দেখিলোঁ‌ শ্ৰমিকৰ ভৰিৰ পানীজোলাৰ ৰক্তপুঞ্জই লিখি গৈছে বঞ্চনাৰ ইতিহাস সিহঁতে হাতে গঢ়া চহৰখনে আভিজাত্যৰ পোচাক পিন্ধিছে ৰাজতন্ত্ৰই বহি বহি বীণা বজাইছে মূৰত বোজা কোলাত শিশু লৈ পৃথিৱী এটিয়ে দিগন্তলৈ যাত্ৰা কৰি থাকোতেই সম্ভ্ৰান্ত চহৰৰ চাৰ্টাৰ্ড ফ্লাইট পাৰ হৈ গল অসহায় চাৱনিবোৰ আকাশৰ বহ্নিত জ্বলিল সিহঁতৰ ক্লান্ত চাৱনিত দগ্ধ হৈ থকা মোক বস্তাত মেৰিয়াই লৈ আনিলো কেতিয়া যে পলাই গল! মাজৰাতি খবৰ পালোঁ‌ ভিক্ষাৰীৰ লগত ফুটপাথত শুই আছে খালী উদৰ লৈ নিদ্ৰাহীনতাত চটফটাইছে অন্ধকাৰ বাটেৰে গৈ টানি চোচৰাই আনি 'উনিচম'খুৱাই শুৱাই দিলোঁ‌ ৰাতিপুৱাৰ ব্ৰেকিং নিউজ খাদ্যৰ অভাৱত ভিক্ষাৰীৰ মৃত্যু হৈছে মৰা মাছৰ দৰে অসহায় চকুবোৰত

ধৰ্ম

Image
হাজাৰ ব্যস্ততাৰ মাজতো মানুহে মানুহৰ সংগ বিচাৰে,মানুহৰ মৰম বিচাৰে।প্ৰেমত পঢ়ে।প্ৰেমৰ পিছে পিছে ঘূৰে বিশ্ব ব্ৰাহ্মণ্ড।আজি সেই প্ৰেমত ঘুণে ধৰিছে।যিটো সময়ত আবিদ মাষ্টৰে এক সুখী জীৱন কটাব লাগিছিল। সুখৰ জীৱন থাকিব লাগিছিল।মুক্তমনে ঘূৰি ফুৰিব লাগিছিল।অৱসৰ জীৱনটো ঘূৰি পকি তীৰ্থ ভ্ৰমণ কৰাৰ সময় কিন্তু সময়ে সেয়া কাঢ়ি লৈছে। এক অস্থিৰতাই গ্ৰাস কৰিছে সকলোতে। আবিদ মাষ্টৰে খিৰিকীৰ কাষত থকা কাঠৰ পালেঙখনত শুই টোপনি আহিবলৈ চেষ্টা কৰি আছে।ফুলৱাল কৰা ঘৰটোত এখন টেবুল,কাঠৰ পুৰণা আলমাৰি আৰু এটা আলনা আছে।দেৱালত মক্কা-মদিনাৰ ছবি, কোৰানৰ আয়াত কিছুমানৰ আলপনা আৰি থোৱা আছে। আহল বহল কোঠাটোৰ দুৱাৰৰ কাষত মজিয়াতে বহি ঘৈণীয়েকে আধা শুকান তামোলকেইটা কাটি আছে।শকত আৱত মানুহজনী ঘামি গৈছে।বাহিৰত প্ৰখৰ ৰ'দ। গৰমো পৰিছে কিছু।হাই প্ৰেচাৰ থকা বাবে গৰমত চটফটাইছে।ওপৰত ফেনখন ঘেৰ ঘেৰ শব্দ কৰি ঘূৰিছে। ফেনখন বহুত পুৰণি হোৱা বাবে ঘূৰো নুঘূৰোকৈ ঘূৰি আছে।বতাহৰ গতি বঢ়াব পৰা নাই।পোন্ধৰ- বিশ বছৰ ধৰি এই ফেনখনেই দুয়োকে শীতল কৰি ৰাখিছে।ল'ৰাই বদলাই দিব বিচাৰিলেও বদলাব নালাগে বুলি কৈ দিয়ে মাষ্টৰে।মেকাৰ এজন মাতি আনি ঠিক কৰিলে নতুনৰ দৰে ন