egg korma


ইগ কোৰ্মা
উপকৰণ- ডিম তিনিটা
১/২ কাপ গাখীৰ
২চামুচ দৈ
৬-৭ টা কিছমিছ
৮-১০টা কাজুবাদাম
২টা সৰু পিয়াজৰ পেষ্ট
১চামুচ আদা পেষ্ট
১চামুচ ঘী
তেল আৰু মচলা
প্ৰথমে বয়েল কৰি বাকলি গুচাই লোৱা ডিমকেইটা ৰঙচুৱাকৈ ভাজি লব।কেৰাহীত থকা তেলতে জিৰা আৰু তেজপাত,ইলাচি,লং ফোৰন দিব।কেচাঁ‌ জলকীয়া কেইটামান দি তাত পিয়াজ পেষ্ট দিব।পিয়াজৰ কেচাঁ‌ গোন্ধ যোৱালৈ ভাজি তাত কাজু কিছমিছ পেষ্ট দিব।তাৰপিছত দৈ দি কিছুসময় মিডিয়াম ফ্লেমত ৰাখি তাত গাখীৰ দিব।১চামুচ জিৰা গুৰি দিব(জিৰা গুৰি নিদিলেও হয়)।নিমখ দিব সোৱাদ অনুযায়ী।ডিম কেইটা দি সকলো মিক্স কৰি ঢাকোনিৰে ঢাকি লো ফ্লেমত কিছুসময় ৰাখি দিব।এতিয়া চেনি অকনমান,ঘী দি কিছুসময় ৰাখি নমাই দিব।
তলত ৰেচিপিৰ লিংক দিছোঁ
https://youtu.be/Wu5gry1aCGg

Popular posts from this blog

সমাজত প্ৰচলিত বাল্য বিবাহ আৰু ইয়াৰ কুফল

কল্যাণকামী ৰাষ্ট্ৰৰ নেতৃত্ব কেনে হোৱা উচিত ?

প্ৰেম(love)