Posts

Showing posts from February, 2020

প্ৰেম পত্ৰ ৬

Image
২১ কিয় লাগে প্ৰেমৰ বাবে নিদৃষ্ট দিন প্ৰেমৰ বাবে প্ৰতিটো মুহূৰ্তই দেখোন প্ৰেমৰ উৎসৱ প্ৰেম এনেকুৱায় নিৰ্জন মূহুৰ্ততো উৎসৱৰ মৃদাং বজায়৷ ২২ পাৰ হোৱা সময়বোৰ আছিল এটি ভাটৌ চৰাই যি গুছি গ’ল আৰু উভতি নাহে ধোৱা খুলিয়া ধৈয়াল নৈখন উঠাই লৈ যায় সোনোৱালী নাওঁখন৷ ২৩ আকাশত প্ৰেমৰ আবিৰ চটিয়াই নৈৰ বুকুৰে সোণোৱালী নাওঁত উঠি যাওঁ ব’লা সাগৰৰ দিগন্তলৈ মাতাল সন্ধ্যাৰাগত তোমাৰ বুকুত শুই উৎযাপন কৰিম বহু প্ৰেমৰ   দইবআ নিশা৷ ২৪ নিৰ্জন দিগন্তত প্ৰেমৰ আবিৰ সানি সাগৰৰ বুকুত মিলিছে আকাশ আহানা আমিওঁ কবিতাৰ চাদৰ উৰি দিগন্তত হেৰাই যাওঁ আমাৰ উশাহৰ ভৰত পাৰ হওঁক শতিকা৷            (আগলৈ.