Posts

Showing posts from November, 2022

ঘোঁৰাৰ ডিম

ঘোঁৰাৰ ডিম  এক দেশত আছিল এজন বব্বৰ( বুৰ্বক ) মানুহ আৰু এজন আছিল খুব টেঙৰ মানুহ। বুৰ্বক মানুহজনে এদিন ঘোঁৰাৰ ডিম কিনিবলৈ বজাৰলৈ গ'ল। টেঙৰ মানুহজনে এই কথা জানি বুৰ্বক মানুজনক মাতি নি কলে - মোৰ ওচৰত ঘোৰাৰ ডিম আছে। তোমাৰ লাগিলে দিব পাৰোঁ। সেইকথা শুনি বুৰ্বক মানুহজনে খুব আনন্দ পালে। সেই সুজগতে টেঙৰ মানুহজনে হাতত থকা চাল কুমোৰাটো দেখুৱাই কলে- মোৰ হাতত আৰু এটাই আছে ঘোঁৰাৰ ডিম। বৰ্বকজনে পলম নকৰি লগে লগে সেই কোমৰাটো কিনি ললে। কোমোৰাটোকে ঘোঁৰাৰ ডিম বুলি ভাবি মহা আনন্দত ঘৰলৈ ৰওনা দিলে। ঘৰ পাই কোমোৰাটো চৰাইৰ গোৰালৰ সন্মুখত উম দিলে। টেঙৰ মানুহজনে কোমোৰা কিনিলৈ আহোতে কৈ দিছে - ' ঘোঁৰাৰ ডিম উমত দিয়াৰ নিয়ম আছে । সেইমতে নহলে ঘোঁৰাৰ পোৱালী নহয় । গতিকে মই কৈ দিও সেই মতেই উমত দিব। ডিমটো ঘৰলৈ নি প্ৰথমে এটা সৰু ফুটা কৰিব , তাৰ পিছত হাঁহ কুকুৰাৰ গৰালৰ সন্মখত থৈ পাটৰ বস্তাৰে ঢাকি থব। চতুৰৰ কথা মতেই বুৰ্বকজনে কোমাৰাটো ফুটা এটা কৰি গৰালৰ সন্মুখত পাটৰ বস্তাৰে ঢাকি থলে। কেইদিনমান যোৱাৰ পিছত কোমোৰা ভিতৰখন পচি গ'ল। এদিন পাহাৰৰ পৰা শিয়াল নামি আহিল কুকুৰা ধৰিবলৈ। শিয়ালে লাহে লাহে কোমোৰাৰ ওপৰেদি গৈ গ

ডাঙৰ উপহাৰ আৰু ভিক্ষাৰীৰ সাধু

 ডাঙৰ উপহাৰ আৰু ভিক্ষাৰীৰ সাধু  এখন গাঁৱত এজন ব্যৱসায়ী আছিল। এদিনাখন ব্যৱসায়ীজনে হাতত মোনালৈ বজাৰলৈ গৈ আছিল। বাটেৰে অলপ দূৰ যোৱাৰ পিছতে এজন ভিক্ষাৰী লগ পালে। ভিক্ষাৰীজন বৰ ভোকাতুৰ আছিল। দেহত কাপোৰ কানিও ফটা চিটা আছিল। ব্যৱসায়ীজনক দেখি ভিক্ষাৰীজনে কিবা খাবলৈ টকা বিচাৰিলে ।ব্যৱসায়ীজনে অলপ টকা দি বজাৰলৈ গ'ল। পিছদিনাও সেই একে ঠাইতে একে সময়তে ব্যৱসায়ীজনে ভিক্ষাৰীজনক লগ পালে। সিদিনাও অলপ টকা দি গুচি গ'ল। এনেকৈ কেইবাদিনো অলপ অলপকৈ টকা দি সহায় কৰিলে যদিও ভিক্ষাৰীজনৰ কোনো পৰিৱৰ্তন দেখা নগল। আনদিনৰ দৰে ব্যৱসায়ীজনে আকৌ বজাৰলৈ গৈ আছিল । তেনেতে একে ঠাইতে সেই ভিক্ষাৰীজনকে লগ পালে। ব্যৱসায়ী আগৰ দৰেই অলপ টকা দিলে আৰু কলে -' কাইলৈ মোৰ লগত ওলাবা , কাইলৈ মই তোমাক ডাঙৰ উপহাৰ দিম।' কথা মতেই কাম । পিছদিনা ব্যৱসায়ীজনে ভিক্ষাৰীজনক লগতলৈ লাহে লাহে নদীৰ পাৰলৈ গ'ল। নদীৰ পাৰলৈ গৈ ভিক্ষাৰীজনে কলে - কি ডাঙৰ উপহাৰ দিব দিয়ক। ব্যৱসায়ীজনে হাতত থকা জালখন নদীত ফেলালে। পলকতে জালখন নদীৰ পৰা উঠাই আনি ভিক্ষাৰীজনৰ হাতত জালখন দি কলে - জালখন নদীত ফেলোৱা চাবা তোমাৰ ডাঙৰ উপহাৰটো পাই যাবা। ভিক্ষাৰীয়ে জালখন